ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 15, 2021

ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়:


(নম্রতাৰ বিয়াৰ দিনটো আহি পালে | )


সি ফোন কাতি দিছিল । তাই দিকবিদিক হেৰুৱাই পেলাইছিল । কি যে চক্ৰবেহুত সোমাই পৰিল তাই ! আকৌ ব্লেকমেইল ..... তাই বাৰু এইবোৰৰ পৰা কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব নেকি ? এবোৰচন কৰিলে , তাইৰ নগ্ন ভিডিঅ নেটত এৰি দিয়াৰ ভাবুকি দিছে সি । সি তাইক কোনোমতেই নিজৰ কৰিও নলয় আকৌ বিয়া হ'বলৈও কয় । তাৰ সন্তান নষ্ট কৰিবলৈ নিদিয়ে সি । কেৱল অশান্তি ....... অশান্তি ...... অশান্তি ......


                    গৰ্ভত এজনৰ সন্তান লৈ আন এজনৰ লগত বিয়াত বহাতো সম্ভাৱ নে ? ই এক ব্যভিচাৰ , এক অক্ষমণীয় অপৰাধ । তাই অপৰাধী , নতুন ঘৰখনৰ , নিৰপৰাধী ল'ৰাজনৰ । তাই বাকৰুদ্ধ , কাৰোৰে আগত প্ৰকাশ কৰিব নোৱাৰে তাইৰ দুৰ্দশা । মন খুলি কান্দিবও নোৱাৰে তাই ...... অনিশ্চিত ভৱিষ্যতৰ অশনি সংকেত কঢ়িয়াই লৈ ফুৰিছে তাইৰ গৰ্ভত ...... ভাৰাক্ৰান্ত মনটোৱে আজিকালি তাই প্ৰায়েই বিছনাতেই পৰি থাকে।ককাইয়েকৰ মাততহে তাইৰ তন্ময়তা ভাঙিল 

- কি হ'ল ভন্তী 

- একো নাইহোৱা দাদা

- দিন - দুপৰতে কিয় বিছনাত পৰি আছ ?

- নাই দাদা এনেইহে 

- মোক ফাঁকি নিদিবি ভন্তী , আমাক এৰি যোৱাৰ কথা ভাৱি তোৰ মন বেয়া লাগিছে হয়নে ? /p>

- দাদা

-  ব'ল ভন্তী , অলপ ফুৰি আহোঁ 

- তই যা দাদা , মোক নকবি 


                    ৰাংঢালী ভনীয়েকৰ এই ৰূপ তাৰ বাবে অসহনীয় । যিকোনো উপায়েৰে তাইৰ মন ভাল লগাবলৈ চেষ্টা কৰিছিল সি । তাইক জোকাবৰ বাবে  বিছনাৰ পৰা গাৰু এটা কেঁচুৱাৰ দৰে কৰি কোলাত তুলি লৈছিল 

- ভন্তী, মোৰ যেতিয়া ভাগিন হ'ব , মই এইদৰেই  কোলাত লৈ ওমলাম । চা ভন্তী , মই তাক কোলাত লৈ গান গাম ,


                  "আমাৰ মাইনা শুলে-শুলে 

                         জগত নিজান-জান " 


কিন্তু  তাইৰ একো প্ৰতিক্ৰিয়াই নকৰিলে । আনদিনা হোৱা হ'লে তাই , তাক মাৰিবলৈ খেদি গ'লহেঁ‌তেন , কিন্তু আজি তাই যেন আবেগ - অনুভূতিহীন শিলৰ মূৰ্তিহে ! 


- ভন্তী , মই যে কিবা কৈ আছো । তই জানো শুনা নাই

- শুনিছো দাদা 

- তেন্তে কিয় একো কোৱা নাই 

- তই বেছি আশা কৰিছ দাদা 

- বেছি আশা কৰিলো ! তোৰ বিয়া হ'ব , মোৰ ভাগিন হ'ব । এইবোৰ সাধাৰণ কথা ভন্তী । সকলোৱেই দেখে এই সপোন

- ভৱিষ্যতে কালৈ কি আনিব তই - মই কব নোৱাৰো দাদা । কোনো জানে ? মোলৈ কিজানি বিষাক্ত ভৱিষ্যতেই ৰৈ আছে

- ভন্তী , তোৰ হৈছে কি , কথাবোৰ আজি এইদৰে কিয় কৈছ ? 

- নাই অ দাদা , এনেইহে কৈছো । তই ভাবি নাথাকিবি 


               মৰমৰ ভনীয়েকৰ এই ৰূপ তাৰ বাবে অচিনাকী , তাৰ মনটোৱে হাহাকাৰ কৰিছিল , অন্তৰে কান্দিছিল , তাইৰ এই ৰূপ দেখি 


- ভন্তী , তোৰ বাৰু ল'ৰাজন পচন্দৰ নহয় নেকি ? ক ভন্তী এতিয়াও সময় আছে , তোৰ অমতত আমি বিয়া নাপাতো 

- নাই দাদা , তেনেকুৱা একো কথা নাই । তহঁতৰ পচন্দই মোৰো পচন্দ ।


           তাৰ দুচকু সেমেকি উঠিছিল । তাইৰ পৰা নিজকে লুকুৱাবলৈ , সি ৰূমৰ বাহিৰলৈ ওলাই গৈছিল ........ জন্মঘৰ খনক এৰি আন এখন ঘৰলৈ যোৱাৰ যন্ত্ৰণাই কোঙা কৰা ভনীয়েকক সি চাব পৰা নাছিল 


                  " ভাগিন ".......  তাই হুমুনিয়াহ কাঢ়িছিল । তইতো নাজান দাদা । তোৰ ভাগিনক মই মোৰ গৰ্ভত কঢ়িয়াই ফুৰিছো । যি ভাগিনক লৈ তই ইমান সপোন দেখিছ ...... 

কিন্তু মোৰ গৰ্ভত থকা , তোৰ এই ভাগিন অনাকাংশিত , পৰিচয়বিহীন । সমাজত তাৰ পৰিচয় মাথোঁ এটাই ...... " জাৰজ " .....

 সি কেতিয়াও নাপাব তাৰ পিতৃৰ পৰিচয় । ওলাই আহিব খোজা তাইৰ কান্দোনটো চেঁ‌পা আৰ্তনাদ হৈ  বাগৰি গৈছিল " দুচকুৰে" ........ 


    দেউতাক সোমাই আহিছিল তাইৰ কোঠালৈ 

- মাজনী 

- দেউতা

- উঠচোন আইজনী , তোৰ লগত দুটামান কথা আছিল

- কওঁক দেউতা

- মাজনী , তোৰ বিয়াখন মই বৰ ধুমধামেৰে পাতিম । তোৰ জড়িয়তেই মই অতীতৰ দুখবোৰ পাহৰি থাকিবলৈ চেষ্টা কৰোঁ ।

- দেউতা

- অ মাজনী । তোৰ সুখেই আমাৰ ঘৰখনৰ সুখ । তোক ভালদৰে ওলিয়াই দি , তোৰ সুখৰ সংসাৰখন চাবলে পালেই আমি মাৰ - বাপেৰ হাল শান্তিৰে মৰিব পাৰিম আই ।

- মৰাৰ কথা নকব দেউতা  

- নকওঁ‌ আই , নকওঁ‌ । আইজনী কাইলৈ তোৰ বিয়াৰ বজাৰ কৰিবলৈ যাম । কচোন তোক কি - কি লাগিব ? 

- মোক একো নালাগে দেউতা 

- তেনেকৈ নকবি আই । তোক মই হেঁপাহ পলুৱাই বস্তু দিম । তোৰ বিয়াৰ আনন্দইহে নুমুৱাব মোৰ বুকুত জ্বলি থকা জুইকুৰা

- দেউতা , মোৰ ক'ব লগা একো নাই । আপোনাৰ ইচ্ছাৰে সকলো কৰক দেউতা


             তাইক লৈ দেউতাৰ আশা - সপোনবোৰৰ কি হ'ব ? কি কৰিব তাই , তাই যে মৰিবও নোৱাৰে ।  উফ ! জীয়াই থকাৰো যে ইমান যন্ত্ৰণা .......


              ভিনিহিয়েক আহিছে বিয়াৰ খবৰ ল'বলৈ । দেউতাকৰ লগত আলোচনা কৰিছে বিয়াৰ ইটো - সিটো । নম্ৰতা ওলায়ে অহা নাই ভিনিহিয়েকৰ ওচৰলৈ । তাই ভিতৰি ভিতৰি জ্বলি গৈছে |সেয়ে তেখেতই গৈছে নম্ৰতাৰ কাষলৈ

- নম্ৰতা

- কওঁক

- আমাক এৰি গুছি যাবা , নতুন ঘৰখন পাই আমাক চাগে পাহৰিয়ে যাবা । বৰ আশাৰে ৰৈ আছিলো তোমাৰ বিয়াখনলৈ জানানে ? মোৰ একমাত্ৰ মৰমৰ খুলশালী জনীৰ বিয়ালৈ ........

- মই চাহ কৰোগৈ

কোঠাৰ পৰা ওলাই গৈছিল নম্ৰতা


                " আহিছে জোৰোণ খন

                   বহিছে বাজত ,

                   নম্ৰতাই কান্দিছে 

                    মাকৰ ৰুমত । " 


                       

আজি ৰিয়ান - নম্ৰতাৰ বিয়া ।  উদুলি - মুদুলি কইনা ঘৰ । দ'ৰা আহি পাবৰ সময় হৈছে ।  দ'ৰাঘৰীয়াক আদৰাৰ প্ৰস্তুতিত ব্যস্ত সকলো । নম্ৰতা ! ভয় - শংকা আৰু দুঃচিন্তাই বিৰ্বণ কৰিছে তাইৰ মুখৰ ৰং । কইনাৰ ওৰণিৰ তলত বাৰে - বাৰে কঁ‌পি উঠিছে দুটিওঁ‌ঠ । আয়তিৰ জাত - জাত বিয়া নামৰ মাজেৰে হুমৰ গুৰিত বহাইছে কইনাক । পুৰোহিতৰ মন্ত্ৰ - আয়তীৰ মঙ্গল ধ্বনিৰে মুখৰিত ৰভাৰ তল । p>


             বিশ্বাসঘাতকতাৰ অগ্নিত দগ্ধ নম্ৰতা । হুমৰ জুইকুৰাৰ সমানে - সমানে তাইৰ বুকুত জ্বলিছে আন একুৰা জুই । তাই জানিশুনি  ভুল কৰিছে , যাৰ শাস্তি ভোগ কৰিব লাগিব , নিৰপৰাধী ৰিয়ানে , তাইৰ ঘৰখনে । তাইৰ দুচকুৰে সপোন দেখা , মাক - দেউতাকে হয়তো তাইৰ বাবেই হেৰুৱাব লাগিব সৰ্বস্ব ! 


        " দ'ৰা - কইনা থিয় হ'ব লাগে "। 

পুৰিহিতৰ মাততহে তাইৰ তন্ময়তা ভাগিল । 

আৰম্ভ হ'ল কইনাৰ বিদায় পৰ্ব


                 " যা যা যা মাজনী দুৰণিলৈ

                   দীঘলীকৈ ওৰণি মূৰতেলৈ "


                            ক্ৰমশঃ

প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html


দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html


তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html


চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_986.html


পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_557.html


ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_577.html


সপ্তম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_990.html


অষ্টম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_575.html


নৱম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_626.html


দশম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-https://www.smj24.in/2021/01/blog-post_32.html


একাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_22.html


দ্বাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_29.html


ত্ৰয়োদশ খণ্ডৰ লিংক-  https://www.smj24.in/2021/01/blog-post_78.html


চতুৰ্দশ খণ্ডৰ লিংক - https://www.smj24.in/2021/01/blog-post_88.html


বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages