সপোনত সাপ দেখাৰ ফলাফল জানো আহক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 29, 2021

সপোনত সাপ দেখাৰ ফলাফল জানো আহক : Assamese Fact

Assamese Fact

প্ৰকৃতিয়ে সকলো ধৰণৰ জীৱ-জন্তুৰ সৃষ্টি কৰিছে। তাৰে ভিতৰত এটা বিষাক্ত জীৱ হৈছে  সৰ্প। সামান্য মানুহে যেতিয়া সাপৰ সন্মুখীন হয় তেতিয়া তেওঁ ভয় কৰে( Assamese Fact )। সর্পলৈ ভয় কৰাৰ কাৰণ হৈছে তাৰ বিষ আৰু আমাৰ মৃত্যু। কিন্তু যেতিয়া এই সৰ্প মানুহে সপোনত দেখা পায় তেতিয়া তাৰ ফল বেলেগ হয়।

সপোনত সৰ্প বা নাগ দেখা পোৱাৰ ফলাফল এনেধৰণৰ- 

১/ সপোনত যদি  সৰ্প বা ক'লা ৰঙৰ নাগ  ফেট তুলি বহি থকা দেখি পায় তেন্তে তাক বহুত শুভ বুলি মনা হয়। এইয়া হঠাৎ ধন প্ৰাপ্তিৰ সংকেত হয়।


২/ সপোনত যদি নীৰৱ হৈ পৰি থকা নাগ দেখা পোৱা যায় তেন্তে ভৱিষ্যতে কাম সুখৰ প্ৰাপ্তি সম্ভাৱনা থাকে।

৩/ সপোনত নাগ হত্যা কৰা দেখা পোৱা বা তাৰ ওপৰত প্ৰহাৰ কৰা দেখা পালে সন্তানৰ দুখ হোৱাৰ সম্পূৰ্ণ সংকেত দিয়ে।

৪/ যদি সপোনত কিবা খান্দি থাকোতে বা চাফা কৰি থাকোতে নাগ দেখা পোৱা যায় তেন্তে ই সামান্য ৰূপত শুভ হয়। ৰৈ যোৱা কাম সম্পূৰ্ণ হয়।( Assamese Fact )

৫/ সপোনত যদি নাগ গাতৰ ভিতৰলৈ সোমাই যোৱা বা গাতৰ পৰা ওলাই অহা দেখা পোৱা যায় তেন্তে সেইয়া হঠাৎ লাভৰ সংকেত। আৰু আহিবলগীয়া সময়ত ব্যৱসায় বৃদ্ধি হয়।


৬/ যদি সপোনত নাগে দংশন কৰা দেখা পোৱা যায় তেন্তে ই প্ৰথম কোটাৰ শুভ সপোন বুলি মনা হয়। এনেধৰণৰ সপোন দেখা ব্যক্তিৰ ভাগ্য শীঘ্ৰেই ফলিয়াই। আহিবলগীয়া সময়ত তেওঁ সমাজত মান সন্মান প্ৰাপ্তি হয়।

৭/ যদি সপোনত নাগে ৰাস্তা পাৰ হৈ যোৱা দেখা পোৱা যায় তেন্তে সেই ব্যক্তিজনৰ সন্মুখত শত্ৰুৱে সেও মানি দিয়ে লাগিলে সেই শত্ৰুতা কিমান গভীৰ নহওক কিয়।

৮/ সপোনত নাগ পূজা কৰা দেখা পালে ৰৈ যোৱা গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পূৰ্ন হৈ উঠে। ঘৰত সুখ শান্তিৰ বাতাবৰণ হয়।


৯/ যদি সপোনত কোনোবাই নাগফণী দেখে বা সেইটো ছিঙি আনে তেন্তে আহিবলগীয়া সময়ত তেওঁৰ সকলো দুখ, সকলো সংকট সমাপ্ত হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

1 comment:

Advertisement

Pages