( নম্রতাৰ গৰ্ভত সন্তান থকাৰ পাছতো তাই কিয় বিয়াত বহিবলৈ মান্তি হ'ল | )
তাই দৌৰি আহি বাৰাণ্ডাত মুখত হাত খন দিলে ! বমি বমি ভাৱ হৈছে তাইৰ | তাইৰ পাছে পাছে মাক ও দৌৰি আহিছিল |
- কি হৈছে মাজনী ?
মাকৰ প্রশ্নত তাই লুকুৱাব চেষ্টা কৰিলে !
- নাই মা গেছৰ প্রব্লেম যেন পাইছো |
- ৰহ !
মাকে ঘৰৰ ভিতৰত সোমাই গ'ল | তাই গম পালে আচলতে এয়া কিহৰ লক্ষন |তাইৰ বুকুখন কঁপি উঠিলে | কি কৰিব তাই এতিয়া ! কাক কব |
- মাজনী পানী ল'
তাই মাকৰ হাতৰ পৰা পানী গ্লাছটো লব লওঁতে তাইৰ হাত খন কঁপিছিল !
- তোৰ হাত কঁপিছে যে !
- নাই মা গাটো দুৰ্বল লাগিছে |
মাকে তাইক শোৱনি কোঠালৈ লৈ গ'ল | আৰু বিচনাত শুৱাই থৈ মাক কোঠাৰ পৰা ওলাই আহিলে |
তাই বিচনা খনত অলস দেহাটো এৰি দিছিলে | কিমান ভয়ংকৰ সেই ৰাতিবোৰ |
কাৰোবাৰ কঠোৰ হাতৰ নিষ্ঠুৰ আক্ৰমন | যন্ত্রনা চেপা আৰ্তনাদ | কোমল দুই ওঁঠত কামোৰ | তথাপি সকলো নিৰৱে সহ্য কৰিছিল তাই | আজি তাইৰ গৰ্ভত যে থিতাপি ল'লে এই সন্তান ! তাই কেনেকে কব মাক - দেউতাকক | নাই নাই তাই এই কথা মাক দেউতাকক কব নোৱাৰে,তাই মৰিব ও নোৱাৰে ! আগতে দুখত ভাগি পৰা মাক - দেউতাকক তাই পুনৰ দুখ দিব নোৱাৰে |তাই তাক ফোন লগাইছিলে !যি পাষণ্ডৰ কামনাৰ বলি হৈ তাইৰ গৰ্ভত থিতাপি লৈছিল সন্তান |
- হেল্ল'
- মই নম্রতাই কৈছো !
- অহ, কোৱা !
- মোৰ গৰ্ভত সন্তানে থিতাপি লৈছে |
- কি !
- অ, এতিয়া মই কি কৰিম কওঁক |
- কিবা এটা কৰিব লাগিব ৰবা |
- আপুনি এইবোৰ মোৰ লগত কি কৰিলে | মোক কিয় বদনামী কৰাৰ ষড়যন্ত্র কৰিলে |
- কাৰন তোমাক ভাল লাগে ! তোমাক পাব বিচাৰো !
- কিন্তু আপুনি মোক ভোগ কৰিলে,মোৰ পৱিত্র দেহ অপৱিত্র কৰিলে ! সকলো মাত্র মই বাধ্য হৈ কৰিছিলো,কাৰন মই মোৰ উলংগ দেহ বজাৰত উলিয়াই দিব নোৱাৰো | কওঁক আপুনি মোক এতিয়া নিজৰ কৰিব নে ?
- তুমি জানা যে মই বিবাহিতা |
- তেতিয়া হ'লে বিবাহৰ পাছত আপোনাৰ নিজৰ পত্নীক এৰি কিয় অইনৰ শৰীৰত দৃষ্টি পৰে ?
- নাজানো !
সি ফোন কাতি দিছিলে | কি কৰিব তাই এতিয়া , লাহে লাহে তাইৰ শৰীৰৰ আকৃতিৰ পৰিবৰ্তন হব | তেতিয়া যদি মাক-দেউতাক বা সমাজৰ চকুত পৰে তাই কি উত্তৰ দিব !
- মাজনী !
মাকৰ মাতত তাই ঘূৰি চাইছিল |
- অ মা
- কাইলৈ তোক ল'ৰা এজনে চাৱ আহিব |
- কিন্তু মা,,,,
- কি হ'ল মাজনী !
- মই এতিয়াই বিয়া হব নোখোজো |
- ধেত এইজনী | এতিয়া তোৰ বিয়াৰ উপযুক্ত বয়স হৈছে | গতিকে তোক আমি এঘৰলৈ উলিয়াই দিব পাৰিলে আমাৰ কিছু দায়িত্ব শেষ |
কথা খিনি কৈ মাক ওলাই গ'ল | উফ! বিপদ যেতিয়া আহে সকলো ফালৰ পৰা আহে | ইমান দিনে মাত্র ঘৰখনত আলোচনা হে চলিছিল | কিন্তু কাইলৈ ল'ৰা ঘৰৰ মানুহ আহিব | কিন্তু তাই গৰ্ভত আনৰ সন্তান লৈ কেনেকৈনো বিয়াতবহে ! নাইবা তাই কেনেকৈনো ক'ব যে তাইৰ গৰ্ভত সন্তান আছে ! কি কৰিব তাই , নাই তাই এবোৰচন কৰিব নেকি ! তাই আকৌ তালে ফোন লগালে,,,,,
- হেল্ল'
- মই এতিয়া কি কৰিম ! কাইলৈ ল'ৰা ঘৰৰ মানুহে মোক চাব আহিব !
- বঢ়িয়া,,,,
- কি ! বঢ়িয়া ,,,,
- উম,তুমি সোনকালে তাৰ তাত বিয়াত বহিলে প্রমান হব যে তোমাৰ গৰ্ভৰ সন্তানটো তাৰ সন্তান |
- কি ক'লে আপুনি,আপুনি পাৰিলে হয় , এজনী ছোৱালীয়ে গৰ্ভত আনৰ সন্তান লৈ আপোনাৰ লগত বিয়াত বহাৰ পাছত আপুনি গ্রহন কৰিব !
-কি যে কোৱা নম্রতা ,তুমি এতিয়াও আকৰি হৈ আছা | পাশ্চাত্য দেশ বোৰৰ কথা এবাৰ ভাবাচোন কাৰ সন্তান ৰ বাপেক কোন ! চলি যায় বুজিছা !
- বন্ধ কৰক | এইখন অসম হয়,এইখন কোনো পাশ্চাত্য দেশ নহয়,আমাৰ সমাজ খনৰ ৰিতি নীতি বেলেগ |
সি আকৌ ফোন কাতিছিলে ! তাই উচুপি উঠিছিল | তাইৰ চকুুপানী বোৰ বুকুৰ মাজেৰে সোমাই গৈছিল ,যেন সেই চকুপানীয়ে তাইৰ কলিজাঁ চুইছিল |তাই কিয় আজি এনেকুৱা বিপদত পৰিলে,কি ভুল আছিলে তাইৰ ! কিন্তু তাইটো আজি ধৰ্ষিতা |
কোনোবা বিদগ্ধ পণ্ডিতে এষাৰ কথা কৈছিলে যে, আমাৰ পৃথিৱী খনত এটা নিশাত কিমান জনী নাৰী ধৰ্ষিতা হয় তাৰ হিচাপ নাই | কাৰণ বহু পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে বহু পুৰুষে ৰাতি পত্নীৰ লগত কামনা সিদ্ধি কৰে |মনৰ বিৰুদ্ধে কামনা সিদ্ধি কৰা মানে ধৰ্ষণ | ঠিক তেনেকৈ অন্য এজন পুৰুষৰ হাতত আজি নম্রতা ও ধৰ্ষিতা হ'ল |/p>
আজি দৰাঘৰৰ মানুহ আহিব , সেয়েহে মাকে তাইক সাজি - কাচি ধুনীয়াজনী হ'বলৈ কৈ আছে বাৰে - বাৰে । আইনাৰ সন্মুখত বহিলৈ তাই সাজোন - কাচোনত ব্যস্ত হৈছে । নিজকে আজি দোকানত সজাই থোৱা পুতলাৰ দৰে লাগিছে তাইৰ। বৰ অসহায় হৈ পৰিছে তাই । এফালে ঘৰত বিয়াৰ আলোচনা , আনফালে গৰ্ভত পৰ পুৰুষৰ সন্তান । তাই নিৰুপায় ....... ভাৱত বিভোৰ নম্ৰতাৰ ককায়েকৰ মাততহে সম্বিৎ ঘূৰি আহিল
- তোক বৰ ধুনীয়া লাগিছে অ ভন্তী । তোক দেখিলে দৰাই আজিয়েই বিয়া কৰাওঁ বুলি ক'ব ।
- দাদা
- কি হ'ল ভন্তী
- মই বিয়া নহও দাদা
- তেনেকৈ নকবি ভন্তী । এতিয়া তোৰ বিয়াৰ উপযুক্ত বয়স
তাই ককায়েকৰ ওচৰত আহি তাৰ বুকুত হাত খন থৈ মূৰটো গুজি দিলে |
- মই তহঁতৰ পৰা আতৰি থাকিব নোৱাৰো দাদা
- বিয়া হ'লেই তই আতৰ হৈ যাবি নেকি ? তই মাতিলেই মই গৈ ওলামগৈ নহয় !
- দাদা , তোৰ যে চকুত চকুপানী !
- নহয় অ ভন্তী , চকুত কিবা এটা পৰিছিল ।
- মোৰ পৰা তই কথা লুকুৱাব নোৱাৰ দাদা
- তই গুছি গ'লে মই বৰ অকলশৰীয়া হৈ পৰিম অ ভন্তী ,কাক জোকাম ! কোনে মোক খং কৰিব ! কোনে মোক মাৰিবলৈ খেদি আহিব | তোৰ বিয়াৰ পাছত মই এই কোঠাতোত সোমাৱ নোৱাৰিম | মৰম লগা মইনা জনী নহ'লে কাৰ লগত উমলিম অ,,,,,,কোনে আহি মোক কব চাওঁ লেটেৰা স্পৰ্টিংটো খুলি দে |
তাৰ দুচকুৰে ধাৰাসাৰে বাৰিষাৰ ধল নামিছিল |
- মই বিয়া নহওঁ দাদা
- মই ধেমালীহে কৰিছো
- মই সঁচাকৈয়ে কৈছো দাদা , মই বিয়া নহওঁ |
" মাজনী - মাজনী , তামোলৰ বঁটাতোলৈ ওলাই আহ , তেখেতসকল পালেহি , মই বহিবলৈ দি আহিছো " .....
মাকৰ কথা কেইষাৰ তাইৰ বুকুত শেলে বিন্ধাদি বিন্ধিছিল । কিমানজনক বিশ্বাসঘাতকতা কৰিবলৈ ওলাইছে তাই ! কিমানজনৰ আবেগৰ সৈতে খেলিবলৈ ওলাইছে তাই ! ভয়ত - অপৰাধবোধত তাইৰ অন্তৰআত্মা কঁপি উঠিছিল ।
নম্ৰতাক দেখাৰ লগে - লগেই ল'ৰাৰ মা - দেউতাকৰ মুখত সন্তোষৰ হাঁহি বিৰিঙিছিল । তেওঁলোকে ল'ৰাৰ বাবে এনে এজনী ৰূপৱতী কন্যাৰ সন্ধানতেই আছিল অতদিনে । কিমান যে ধুনীয়া নম্ৰতাজনী , যেন কোনো নিপুণ খনিকৰৰ হাতৰ পৰশত প্ৰাণ পায় উঠা প্ৰতিমা ! ল'ৰাৰ মাকে তাইক কাষতে বহুৱাই লৈছিল
- মাজনী , তোমাক দেখিয়েই আমাৰ পচন্দ হৈছে । আমাৰ ঘৰখনৰ বাবে তুমি উপযুক্ত বোৱাৰী হ'বা । তোমাৰ সন্মতি পালেই আমি আগবাঢ়িব পাৰিম ।
- মা - দেউতাৰ মতামতেই মোৰ মত ।
- সঁচাই মাজনী , তুমি বৰ লক্ষ্মী ছোৱালী । তোমাৰ দৰে ছোৱালী ভাগ্যৰ বলতহে পোৱা যায় ।
সিহঁত দুটাক কথাপতাৰ সুবিধা দি নম্ৰতা আৰু ৰিয়ানৰ মা - দেউতাক আতৰি গৈছিল
- মই ৰিয়ান
- মই নম্ৰতা
- তোমাক মোৰ অপচন্দ হোৱাৰ কোনো কাৰণেই নাই । কিন্তু তুমি বা কি কোৱা ?
- মোৰ এতিয়াই বিয়া হোৱাৰ ইচ্ছা নাই । মাথোঁ মা - দেউতাৰ কথা ৰাখিবৰ বাবেহে মই বিয়াত মত দিছো ।
- তোমাৰ ইচ্ছাৰ বিৰুদ্ধে বিয়াত .......
- আপুনি চিন্তা নকৰিব , মই বিয়াত বহিম
- নম্ৰতা , মই তোমাক এদিন লগ পাব বিছাৰো । তোমাৰ ভাললগা - বেয়ালগা সকলোবোৰ জানিব বিছাৰো ।
- বেয়া নাপাব , বিয়াৰ আগতে মই আপোনাক লগ কৰিব নোৱাৰো ।
ৰিয়ানৰ ভাল লাগিছিল । নম্ৰতাৰ সংস্কাৰী মন আৰু স্পষ্টবাদিতাই তাক মুদ্ধ কৰিছিল । তাৰ হ'ব লগা পত্নী অকল সুন্দৰীয়ে নহয় সংস্কাৰীও , তাৰ মনোকাশ ঢৌৱাই গৈছিল এজাক শীতল পচোৱাই .......
অন্তদণ্ডই জুৰুলা কৰিছিল নম্ৰতক । তাই এতিয়া কি কৰে ? কাকো ক'ব নোৱাৰা এবুকু বোজা কঢ়িয়াই লৈ ফুৰিছে তাই , দুঃচিন্তাত কটাইছে প্ৰতিতো পল ......
তাইৰ অপৱিত্ৰ শৰীৰটোৰে কিদৰে আগুৱাই
এজন নিৰ্দোষী ল'ৰাৰ জীৱনলৈ ........
মাক - দেউতাকৰ অন্তৰতো তাই দুখ দিব নোৱাৰে , তাইৰ ভুল ক'ত ? নাৰী হৈ জন্মলোৱাতোৱেই তাইৰ অপৰাধ নেকি ? তাই কি কৰিব এতিয়া .....
নম্ৰতাই পুনৰ তালৈ ফোন কৰিলে
- মই কৈছো নম্ৰতাই
- কোৱা
- মোৰ বিয়া থিক হ'ল
- বৰ ভাল খবৰ , তোমাৰ বিয়াত মই এটা ভাল উপহাৰ দিম
- কি ক'লে আপুনি উপহাৰ ! মোৰ গৰ্ভত আপুনি এটা ডাঙৰ উপহাৰ দি থৈছে দেখোন | শুনক কাইলৈ ওলাৱ |
- ক'লৈ ?
- ডাক্তৰৰ ওচৰলৈ
- কিয় ?
- মই এবোৰচন কৰিম
- ............
তাৰ কথা ষাৰ শুনাৰ লগে লগে তাইৰ আকৌ এবাৰ বুকুখন কপিছিল |
- কি ????
ক্ৰমশঃ
প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html
চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_986.html
পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_557.html
ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_577.html
সপ্তম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_990.html
অষ্টম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_575.html
নৱম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_626.html
দশম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-https://www.smj24.in/2021/01/blog-post_32.html
একাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_22.html
দ্বাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_29.html
ত্ৰয়োদশ খণ্ডৰ লিংক- https://www.smj24.in/2021/01/blog-post_78.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment