হয় শেষত নম্রতাৰ ব্রটৰ আৰৰ ৰহস্য ফাদিল হ'ল |
ৰিয়ানে বন্ধু ৰঞ্জনৰ পৰামৰ্শ মতে তাইক দিয়া মোবাইলতে ৰেকৰ্ডিংৰ ব্যৱস্থা কৰি থৈছিল আৰু সেই ৰেকৰ্ডিং শুনি সি গম পালে তাই যে গৰ্ভৱতী ( Assamese Storyboard )|সি আৰু আজি ধৰ্য্য ধৰিব নোৱাৰে | আজি তাৰ ক্ষোভৰ উদগীৰণ হব | আজি সি সকলো ৰহস্য ফাদিল কৰিব- হেল্ল'
- দাদা , আপুনি আৰু দেউতা সোনকালে আমাৰ ঘৰত আহক |
- কিয় নম্রতাৰ কিবা হ'ল নেকি ?
- নাই হোৱা তাই ঠিকে আছে | বিশেষ কথা এটাৰ বাবে হে ,,,,,,,
- ঠিক আছে গৈ আছো |
সি নম্রতাৰ ককায়েক আৰু দেউতাকক ফোন কৰি মাতি পঠিয়ালে | সি আজি চিঞৰি চিঞৰি কান্দিৱ নেকি বাৰু !
কিয় তাৰ জীৱনত এনেকুৱা হ'ল ! কিমাম সপোন দেখিছিল সি ! কিন্তু তাই সকলো থানবান কৰি পেলালে | ফুলশয্যা নিশা নহওঁতে ন-কইনাৰ গৰ্ভত সন্তান | কিন্তু কাৰ সন্তান সি ! আজি ৰহস্যৰ উদঘাটন |ইতিমধ্যে নম্রতাক এতিয়ালৈ একো কোৱা নাই | আৰু দেউতাক হত আহি নোপোৱালৈ নকয় |- আপুনি দিউটিত নাযায়?
- নাযাওঁ
- কিয়
- গাটো ভাল নাই !
- অ
কিন্তু তাই এবাৰ ও নুসুধিলে,কিয় আপোনাৰ গা বেয়া ! চাওঁ আপোনাৰ কপাল খন চাওঁ |
নাই তাৰ সেই ভাগ্য নাই | সি দুৰ্ভগীয়া | মাক দেউতাকৰ মৰমৰ মাজত থকা ল'ৰা জনে আজি উচুপি উচুপি কান্দিৱ লগা হৈছে | সেয়াই ভাগ্য |
কোনে জানে
তোমাৰ সপোন
হবনে পূৰণ
আকাশতে থকা জনে
লিখে কপালৰ লিখন |
- ৰিয়ান তোৰ দিউতি ?
- নাযাওঁ মা , মই,,,,,,,
- ক' কি হ'ল
- মই হাৰি গ'লো মা,,,,,
- ৰিয়ান
সি আজি বহুদিনৰ পাছত মাকৰ কোচত সোমাইছে | মাকক সাৱতি হুকহুকাই কান্দিছে |
সেই সৰু ল'ৰা জনৰ দৰে |- কি হ'ল বাবা ন-কইনাৰ লগত কিবা লাগিলি নেকি ?
- নাই অ মা , বৰ কষ্ট পাইছো আজি |
- কচোন মোক কি হ'ল
- কম মা অপেক্ষা কৰা | সেই সময় আহি আছে |
ল'ৰাৰ চকুত চকুপানী দেখি মাকৰ হিয়া খন ভাগি গ'ল | কোনো দিন নকন্দা ল'ৰা জনে আজি কান্দিছে ! কিন্তু কিয়,,,,,,,,,
- অ মাজনী
- দেউতা তুমি ! হঠাত আহি ওলালা যে
- ভন্টি
- হাৰে দাদা তই ও
- উম আমাক দেখোন ৰিয়ানে মাতি পঠালে !
- কি ! ৰিয়ানে মাতি পঠাইছে ,অথচ মই গম নাপাওঁ |
সি বাৰু কথা বোৰ গম পালে নেকি ? নাই নাই সি গম পালেটো প্রথম তাইকে সুধিলে হৈ | আৰু ৰিয়ানে ক'ত গম পাব | তাইটো নম্বৰ ডিলিট কৰি থয় |
- মাজনী কি হ'ল ?
- নাই নাই দেউতা একো হোৱা নাই আহা বহা |
- ভন্টি ৰিয়ানক আমি অহা বুলি জনাই দে |
- উম ঠিক আছে |
তাই ভিতৰলৈ সোমাই গ'ল |
- দাদা আৰু দেউতা আহিছে,আপোনাক মাতিছে |
সি বিচনা খনৰ পৰা উঠিলে |
- শুনক চোন কথা এটা সোধো
- সোধা
- আপুনি দাদা আৰু দেউতাক কিয় মাতি পঠাইছে ?
- অপবিত্র নিৰ্মালী উভতাই দিবলৈ |
- অপবিত্র নিৰ্মালী !
সি ইতিমধ্যে কোঠাৰ পৰা ওলাই গ'ল | নম্রতাৰ ককায়েক আৰু দেউতাক বহি থকা কোঠালৈ তাৰ মাক দেউতাকক মাতি আনিলে |
- নম্রতা ,নম্রতা
তাই,ভিতৰৰ পৰা মাতি দিলে |
- অ কওঁক
- অকমান ওলাই আহা |
- ৰব গৈছো |
কিন্তু কোনেওঁ বুজি নাপালে ৰিয়ানে কি কৰিব লৈছে বা কি হব গৈ আছে | তাই কোঠাত সোমাই আহিছিল |
- বাৰু ৰিয়ান কোৱাচোন তুমি ইমান জলদি আমাক কিয় মাতিলা ?- আপোনালোকে মোৰ লগত এই খন কি খেল পাতিলে ?
- কোন খন ?
- কি অপৰাধ কৰিছিলো মই যে মোক চৰম শাস্তি দিব ওলাইছে ?
শান্ত ৰিয়ানৰ কথাত সকলোৰে চকু কপালত উঠিলে |কি কৈছে সি এইবোৰ |
- ছিঃ ছিঃ আপোনালোক মানুহৰ যোগ্য নহয় পশু হয় আপোনালোক |
- ৰিয়ান |
খংত মাকে ৰিয়ানৰ গালত সোধালে এটা প্রচণ্ড চৰ |
- কি হ'ল তোৰ হা ? এজন বয়সস্থ মানুহ তথা তোৰ শহুৰক ঘৰলৈ মাতি আনি অপমান কৰিব লৈছ যে ? তই সামন্য শিষ্টাচাৰ খিনি ও পাহৰি গলি নেকি ? এখন ভদ্র ঘৰৰ মানদণ্ড খিনি ও নুবুজা হ'লি !
সি মাকৰ হাত দুখন মুঠি মাৰি লৈ নিজৰ গালত লগাই দিছিলে |
- মাৰা না মা আৰু মাৰা ,মাৰি মাৰি শেষ কৰি পেলোৱা মোক | কিন্তু মই যি কম সেয়া সঁচা কম | এজনী কলংকিনীৰ কাহিনী কম,এজনী ডাইনীৰ কাহিনী কম |( Assamese Storyboard )
নম্রতাই ৰিয়ান ৰ ওচৰ চাপি আহিছিল | তাৰ কান্ধত হাত খন দি কৈছিল |
- আপুনি কিয় উত্তেজিত হৈছে ?
- ঐ চুপ | আৰু হাত এৰা মোক স্পৰ্শ নকৰিবা তুমি | আজি মই ও ব্রটত আছো |
নম্রতাৰ দেউতাকৰ বুকু খন কপিব ধৰিছিল কি হ'ল বাৰু ৰিয়ানৰ |
হঠাত সি হাতজোৰ কৰি আঠুকাঢ়ি নম্রতাৰ দেউতাকক কৈছিল |
- কিয় মোক শাস্তি দিলে আপোনালোকে | কিয় মোৰ জীৱনটো ধংস কৰাৰ ষড়যন্ত্র কৰিলে ?
- কি হ'ল তুমি চিধাকে কোৱাচোন |
- এজনী পেটত অবৈধ সন্তান লৈ থকা ছোৱালীক মোৰ লগত বিয়া পাতি দিলে |
- কি !
যেন ধুমুহা গাজনিৰে বজ্র পৰিলে,সকলো বহাৰ পৰা উঠি ল'লে |
- মিছা কথা,আপুনি মোৰ ওপৰত মিছা অপবাদ জাপি দিব চেষ্টা কৰিছে নহয় |
- অপবাদ ! ঠিক আছে তোমাৰ মোবাইলটো দিয়া |
- মোৰ মোবাইল আপোনাক কিয় লাগে ?
- প্রশ্ন নকৰিবা |
তাই ভয় ভয়কৈ তাৰ হাতত মোবাইলটি দিলে | সি ৰেকৰ্ডিং কেইটা উলিয়াই সকলোকে শুনাই দিলে |
নম্রতাৰ দেউতাকে বহাৰ পৰা উঠিলে | আৰু তাইৰ গালত প্রচণ্ড চৰ সোধালে |
- ঐ কুলক্ষনী,কলংকিনী,ডাইনী,ব্যাভিচাৰিনী আমাৰ বংশ মৰ্য্যাদা শেষ কৰি পেলালি তই | তোক মই কাতি টুকুৰা টুকুৰ কৰি সোৱনশিৰিত পেলাই দিব লাগিছিল | কিয় ! কিয় এইদুখন হাতেৰে মই তোক তুলি তালি ডাঙৰ দীঘল কৰিলো | হেই ৰিয়ান মোৰ এই হাত দুখন তুমি কাতি দিয়া না |
এজন বৃদ্ধ মানুহে আজি হুকহুকাই কান্দিছে নিজ সন্তানৰ কু-কৰ্মৰ বাবে |
- আপোনালোকে বিশ্বাস কৰক | মই এইবোৰ একো জনা নাছিলো ,মই এইবোৰ কথা মাকক কেনেকে কম ! আৰু এই পাপৰ বোজা মই কেতিয়াওঁ লব নোৱাৰো |
- এতিয়া আপুনি তাইক সোধক ,এই সন্তানৰ পিতৃ কোন !
- সুধিম বোপা সুধিম,এই অবৈধ সন্তানৰ পিতৃ কোন | ঐ তই কচোন ! এই যে তোৰ গৰ্ভত এটা নিস্পাপ শিশু আকৃতি আৰম্ভ হৈছে সেই শিশুৰ পিতৃ কোন ?
তাই এটা শিলৰ ভাস্কৰ্য্যৰ দৰে থিয় হৈ ৰ'ল |
- যি ফুলশয্যা নিশা বিবাহিতা মানুহৰ বিশেষ দিন ,সেই ফুলশয্যা নিশা মোৰ অভিশপ্ত |তুমি কোৱা তোমাৰ গৰ্ভৰ সন্তানৰ পিতৃ কোন ?
নাই তাইৰ মুখৰ কোনো শব্দ নাই | তাইৰ ককায়েক অধৈৰ্য্য হ'ল সি আহিয়ে তাইৰ গালত আকৌ এটা দিলে প্রচণ্ড চৰ | এইবাৰ তাই আৰু ৰৈ নাথাকিল | চিধা সিহতৰ কোঠালৈ দৌৰ মাৰিলে আৰু দৰ্জাৰ খিলি বন্ধ কৰি দিলে |
তাই তাইৰ গৰ্ভত থকা সন্তানটোক কৈছিলে |
" দেখিলি ! কিমান যন্ত্রনা মানুহ হৈ জীয়াই থকাৰ | তই এইখন পৃথিৱীত আহিৱ নোৱাৰিবি | মানুহে তোক চাই হাঁহিৱ |
মোক জোকাৱ | পৰিচয় কি দিবি যদি তোক সোধে তোৰ পিতৃ কোন ? কিয় জীয়াই আছো মই ,কি আশা লৈ কি সপোন লৈ ! মই যে একো কব ও নোৱাৰো | এয়া কি পাপৰ সাস্তি !" তাই উচুপি উচুপি কান্দিলে |বহু সময় হ'ল তাই দৰ্জা খোলা নাই,সকলোৰে ভয় লাগিলে,তাই ভিতৰত কিবা অঘটন ঘটোৱা নাইটো |
- নম্রতা যুদ্ধ কৰা,যুদ্ধ ক্ষেত্র এৰি নপলবা |
নাই তাইৰ কোনো উত্তৰ নাই,তেন্তে নম্রতা এইখন পৃথিৱীত নাই নেকি !
ক্ৰমশ.....
প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html
চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_986.html
পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_557.html
ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment