আমাৰ ভাৰতীয় সংস্কৃতিত শুভ-অশুভ এনেধৰণৰ কথাবোৰক বহুত মহত্ব দিয়া হয়। আমাৰ জ্যোতিষ শাস্ত্ৰ ইমানেই সমৃদ্ধ যে প্ৰতিটো কথাৰ পাছত লুকাই থকা ৰহস্য বিস্তাৰ ৰূপত কব পাৰে( Assamese Fact )। আমাৰ ওচৰে পাজৰে যিবোৰ ঘটনা ঘটি থাকে সেইবোৰৰ সম্বন্ধ আমাৰ নিকটৱৰ্তী ভবিষ্যতৰ লগত আছে। আমাৰ শৰীৰৰ গঠন, তিল আদিৰ পিছতো কিবা নহয় কিবা অৰ্থ লুকাই আছে। ঈশ্বৰে প্ৰতিজন মানুহক বেলেগ বেলেগ ধৰণে সৃষ্টি কৰিছে। ৰং-ৰূপ, স্বভাৱ, বিচাৰ বিবেচনা আদি সকলোৰে পৰা ভিন্ন হয়। সমুদ্ৰ শাস্ত্ৰ আমাৰ বৈদিক সংস্কৃতিৰ এটা অংগ হয়।
সমুদ্ৰ শাস্ত্ৰত আমাৰ শৰীৰত নিহিত থকা এই চিহ্ন বোৰৰ তথা গঠন শৈলীৰ ওপৰত অধ্যয়ন কৰি মানুহৰ অতীত , বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে কোৱা হয়। আমাৰ শৰীৰত থকা বিভিন্ন চিহ্নৰ দ্বাৰা আমি বহুত কথা জানিব পাৰো। তাৰেই কিছুমান চিহ্ন আমাৰ বাবে ভাল অৰ্থাৎ শুভাগ্যশালী হোৱাৰ কাৰণ বুলিও কোৱা যায়। আৰু কিছুমান চিহ্ন দুৰ্ভাগ্যৰ কাৰণ বুলিও জনা যায়।
এইকেইটা চিহ্ন আমাৰ শৰীৰত থকাটো বহুত ভাগ্যৰ কথা -
১/ প্ৰথমে আমি আমাৰ শৰীৰৰ গঠন শৈলীৰ ভিত্তিত কব পাৰো , যিবোৰ লোকৰ মুখ গোলাকাৰ হয় তেওঁলোক বহুত ভাগ্যশালী হয়। তেওঁলোকে ভাল চাকৰি, জীৱনত সফলতা আৰু ভাল জীৱন সংগী পোৱাটো তেওঁলোকৰে ভাগ্যত নিশ্চয় লিখা থাকে।
২/ দীঘল নাক আৰু তাত তিল থকা ব্যক্তিকো ভাল বুলি কোৱা হয়। যিসকল লোকৰ কান সামান্য ডাঙৰ হয় তেওঁলোক অত্যন্ত ভাগ্যশালী হয়।
৩/ দীঘল আৰু ওখ মূৰৰ ব্যক্তি যাৰ কপালত অলপ কোচ খাই যোৱাৰ দৰে চিন বহে তেওঁলোকৰ বহুত সুভাগ্য হয়।
৪/ মূৰত চুলি নথকা অৰ্থাৎ তপা সুন্দৰতাৰ দৃষ্টিৰ পৰা চালে বেয়া দেখা যায় কিন্তু জ্যোতিষ শাস্ত্ৰৰ মতে যিসকল লোকৰ মূৰত চুলি নাথাকে তেওঁলোক বেছি ভাগ্যশালী হয় ।
৫/ যিসকল মহিলাৰ শিৰ পোন হয় তেওঁলোকক ভাল বুলি জনা যায়।( Assamese Fact )
৬/ আমাৰ শৰীৰত যিবোৰ অংশত জন্মৰ পৰাই তিল থাকে সেইবোৰৰ শৰীৰৰ স্থিতি অনুসাৰে বেলেগ বেলেগ অৰ্থ থাকে। দুয়োজুৰ চেলাউৰীৰ মাজত যদি তিল থাকে তাক শুভাগ্যৰ প্ৰতীক বুলি কোৱা হয়।ঠিক এনেদৰেই সোঁহাত, সোঁগাল আৰু সোঁচকুত থকা তিলো ভাল বুলি কোৱা হয়।
৭/ বগা আৰু চাফা দাঁত সকলোৱে পছন্দ কৰে তাৰোপৰিও যদি দাঁতৰ মাজত কোনোধৰণৰ ফাঁক নাথাকে তেন্তে দেখিবলৈ আৰু ভাল লাগে। কিন্তু সমুদ্ৰ শাস্ত্ৰ অনুসাৰে যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে তেওঁলোক বেছি শুভাগ্যশালী হয়। তেওঁলোক আর্থিকভাৱেও সবল হয় আৰু চাকৰিক্ষেত্ৰত উচ্চপদস্থ হয়। ঠিক সেইদৰে যিসকল ব্যক্তিৰ দাঁত সামান্য বাহিৰলৈ ওলোৱা হয় তেওঁলোক অলপ জিদ কৰা আৰু বেছি কথা কোৱা স্বভাৱৰ হয়। কিন্তু এওঁলোক ভাগ্যশালিও হয়।
৮/ হাত আৰু তাৰ তলুৱা যদি সদায় কোমল আৰু অলপ গুলপীয়া ৰঙৰ হয় আৰু সমতলীয় হয় আৰু যদি হাতৰ ৰেখাবোৰ স্পষ্ট হয় তেন্তে সেইসকল ব্যক্তি ভাগ্যশালী হয়। হাতত ত্ৰিভুজৰ চিহ্ন থকা ভাগ্যশালি হোৱাৰ প্ৰতীক। দীঘল আৰু পাতল আঙুলিও ভাগ্যৰ দৃষ্টিৰ পৰা ভাল বুলি মনা হয়। ভৰিৰ তলুৱাত সূৰ্য্য, চন্দ্ৰ , নক্ষত্ৰ, শংখ, চক্ৰ, কমল আদিৰ দৰে যদি চিহ্ন থাকে তেন্তে তেওঁলোক অত্যন্ত ভাগ্যশালী হয়।
৯/ যিসকল স্ত্ৰী আৰু পুৰুষৰ নাভি ভিতৰলৈ সোমোৱা তেওঁলোক বহুত ভাগ্যশালী হয়।
১০/ সমুদ্ৰ শাস্ত্ৰ মতে আমাৰ চকুৰ দ্বাৰাও ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। ক'লা আৰু ডাঙৰ চকু যাৰ থাকে সেইসকল লোক বুদ্ধিমান আৰু ধনবান হয়। সেইদৰেই যিসকল ব্যক্তিৰ চেলাউৰী ঘন আৰু জোৰা লগোৱা হয় তেওঁলোকো সুভাগ্যৰ গৰাকী হয়।
( উৎস - ইণ্টাৰনেট )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
দাতত ফাক থাকিলে কি বুলি কোৱা হয় সভাগ্য নে দুৰভাগ্য
ReplyDelete