( কাৰ মৃতদেহ উদ্ধাৰ হ'ল ৰিয়ানৰ নেকি ? অবৈধ সন্তানৰ পৰিচয় ওলাবনে ?
- কোৱা আকৌ আমাৰ ৰিয়ানৰ একো হোৱা নাইতো ?
- আপোনালোকৰ বোৱাৰী নম্রতাৰ মৃতদেহ উদ্ধাৰ হৈছে |- কি !
ৰিয়ানৰ মাকৰ হাতৰ পৰা মোবাইল সৰি পৰিলে | ( Assamese Storyboard )
- হেৰি,শুনিছে নম্রতা হেনো এইখন পৃথিৱীত নাই |
ৰিয়ানৰ মাকে কান্দি কান্দি দেউতাকক কথা খিনি জনালে |
- কি , মই এইবোৰ শুনিছো |- আমাৰ ৰিয়ানৰ কি হব এতিয়া,তাক পুলিছে ধৰি নিয়ে ! ভগবান আমি কি অপৰাধ কৰিছিলো | যাৰ পৰিনতিত তুমি আজি আমাক এইবোৰ খেল দেখুৱাইছা |
জীৱন বৰ অনুপম | কিন্তু কেতিয়াবা জীৱনৰ ৰং বোৰ হয় বিবৰ্ণ | এখন ধুনীয়া ঘৰৰ সপোন কোনে নেদেখে | নিজৰ সন্তানৰ বাবে এজনী ধুনীয়া বোৱাৰী কোনে নিবিচাৰে ?ৰিয়ানৰ মাক দেউতাকে সপোন দেখিছিল | কিন্তু সকলো সপোন আজি চূৰমাৰ | এজাক ধুমুহাই সকলো ভাগি চূৰমাৰ কৰিলে | সুখ কাৰো চিৰস্থায়ী সম্পদ নহয়,দুখ ও নহয় কাৰো চিৰদিনৰ লগৰী |
নিশাৰ মহানগৰীত ফুটপাথৰ কাষত পৰি আছে গৰ্ভৱতী নম্রতাৰ মৃতদেহ | কাষত দুৰ্ভগীয়া ৰিয়ান | চাৰিওঁফালে মানুহে আগছি ধৰিছে |
- নম্রতা ! কিয় গুছি গ'লা তুমি ? এটা কথা কি জানা এটা অবৈধ সন্তান গৰ্ভত থকা বুলি জানিলে সকলোৱে খং কৰিব | যদিওঁ তোমাক মই নাৰাখিলো হেতেন তোমাৰ সম্পূৰ্ণ খৰছ মই বহন কৰিলো হৈ | ভুল মানুহৰে হয় মই বুজি পাওঁ |মইটো আৰু দানৱ নাছিলো |
সি কান্দিছিলে,তাৰ চকুপানী বোৰ নম্রতাৰ উকা কপালত পৰিছিলে | ৰিয়ান ভাগি পৰিছে আজি | সি এটা জীৱনক লৈ কেতিয়াওঁ হেতালি খেলিৱ বিচৰা নাছিলে | সি এটাৰ লগত দুটাৰ জীৱন ধংস কৰিব খোজা নাছিলে | সি মাথো জ্বলিছিল নম্রতাৰ পেটত কাৰ অবৈধ সন্তান | যাৰ কাৰনে তাৰ বহু প্রতীক্ষাৰ ৰাতিটো হৈ পৰিছিল " অভিশপ্ত ফুলশয্যা " | তথাপি সি তাই কেতিয়াওঁ মৰি যোৱাটো বিচৰা নাছিলে |
- ৰিয়ান
তাৰ মাক ,দেউতাক আহি পাইছিল |মানুহৰ জুম ভাগি ভিতৰত সোমাই আহিছিল |
- মা তাই চিৰদিনৰ বাবে শুই গ'ল অ | তাইক জানো ইমান সাস্তি দিছিলো ? মা সেই অবৈধ সন্তানৰ পিতৃ পৰিচয় আমি নাপামে চাগে |
তেনেতে ঘটনা স্থলীত আৰক্ষী উপস্থিত হ'ল | সকলো মানুহ দূৰলৈ আতৰি গ'ল | পুলিছে ৰিয়ানক সুধিলে |
- আপুনি কোন হয় ?
- মই তাইৰ স্বামী |
- আচ্ছা, মৃতদেহটো প'ষ্ট মৰ্টেম কৰাৰ ব্যৱস্থা কৰক | আৰু আপুনি আমাৰ লগত থানালৈ বলক |- কিন্তু মোৰ ল'ৰাৰ অপৰাধ ?
- সেয়া পিছটো জানিৱ | এয়া আত্মাহত্যা নে মাৰ্ডাৰ জানি লওঁ | কাৰন মৃতদেহত কোনো ধৰনৰ আঘাটৰ চিন দেখিবলৈ পোৱা নাই,আজি কালি সমাজ খনত বোৱাৰীৰ ওপৰত অত্যাচাৰ বোৰ বাঢ়ি গৈছে | হয়টো এয়া আত্মাহত্যাই হব |
- নহয় অফিচাৰ | তাইক আমি বহুত মৰম কৰিছিলো,আজি বিয়া যাৱৰ মাত্র বিছ দিন হ'ল | কিন্তু তাইৰ পেটত তিনিমহীয়া সন্তান |
- হোৱাট ?
- হয় অফিচাৰ |
- হয়টো সেই কাৰনে প্রতিশোধ লবলৈ আপোনাৰ সন্তানে তাইক মাৰ্ডাৰ কৰিলে |
- নহয় নাই,,,,, নাই মই কিয় মাৰিম | নাই মই নহয় হে মা কোৱা না মই নহয় বুলি,হেই দেউতা মই হত্যা কাৰী নহয় বুলি কোৱা না | ৰাইজ আপোনালোকে কওঁকচোন | মই থানালৈ নাযাওঁ মোৰ বহুত ভয় লাগে |
সি পাগলৰ দৰে হ'ল,কোনোদিন এইবোৰত সোমাই নপৰা ল'ৰাজন আজি পুলিছৰ আলহী |
- অফিচাৰ মই আপোনাক হাতজোৰ কৰিছো,আপোনালোকে উচিত বিচাৰ কৰক | কোনে বোৱাৰীক হত্যা কৰিলে | কোনে তাইৰ পেটত অবৈধ সন্তানৰ বীজ সিছি দিলে |
ৰিয়ানৰ দেউতাকে হাতজোৰ কৰি পুলিছক অনুৰোধ কৰিলে |
- হব আমি চেষ্টা কৰিম | কিন্তু প্রথম জেৰাৰ সন্মুখীন হব আপোনাৰ সন্তান | প্রথম বিচাৰি উলিয়াম আমি হত্যাকাৰী তাৰ পাছত অবৈধ সন্তানৰ পিতৃ |
- বলক !
ৰিয়ান নাযায় কিন্তু পুলিছে তাক জোৰদাবস্তি গতিয়াই লৈ গ'ল | এজন শান্ত ল'ৰাৰ জীৱনত আজি অজানিতে আজি কি হৈ গ'ল |
- মই বিয়া পাতি ডাঙৰ ভুল কৰিলো | মই থানালৈ নাযাওঁ ,মই হত্যাকাৰী নহয় বিশ্বাস কৰক আপোনালোকে মোক মই নাযাওঁ,,,,দেউতা মোক লৈ যোৱা না ,,,,,,,,,,,,
এফালে ৰিয়ানক লৈ গ'ল থানালৈ,অন্যফালে মৃতদেহটো লৈ গ'ল প'ষ্টমৰ্টেমৰ বাবে |
হঠাত ঘটনাস্থলীতে মাটিত ধলি পৰিল ৰিয়ানৰ দেউতাক |
- নাই,,,,,,,,,
এটা বিকট চিঞঁৰ,সকলো ফালে প্রতিধ্বনি হ'ল |
- আহ!
- কি হৈছে আপোনাৰ ? কিয় এনেকুৱা এনেকুৱা খন কৰিছে ? বাবাক পুলিছে একো নকৰে চিন্তা নকৰিব |
মানুহ জনৰ মাত নোহোৱা হ'ল |
- হেৰি শুনিছে নাই আপুনি ? কিয় আপুনি একো কথা নকয় কিয় ? ৰাইজ প্লীজ আপোনালোকে মোক অকমান সহায় কৰক চোন | মোৰ মানুহজনৰ কি হ'ল চাওঁকচোন,,,,,,,
কিন্তু নাই এজন এজনকৈ সকলো মানুহ আতৰি গ'ল | যেন ৰিয়ানৰ ঘৰ খন আজি অপৰাধীৰ ঘৰ |
- আপোনালোকক মই ভীক্ষা খুজিছো | মোক অকমান সহায় কৰক প্লীজ | আমি বেয়া মানুহ নহয় ,আমি বোৱাৰী হত্যাকাৰী নহয় অ আমি প্রমান দিম |
এজনী অসহায় মহিলাৰ সহায়ৰ ভীক্ষা,হৃদয় ভঙা আৰ্তনাদ,অন্যফালে পুত্র শোকত এজন মানুহ সংজ্ঞাহীন |
- হেৰি,বলক আমি দুয়ো একেলগে মৰি থাকিম,লগতে বাবাক ও লৈ যাম | সি অকলে থাকিলে,,, ,
- খুড়ী ! হাৰে খুড়াৰ কি হ'ল,,,,,,
- ৰঞ্জন তুমি ! চোৱাচোন খুড়াই মোক নামাতে নাচায় | কিবা এটা কৰাচোন,,,,,,
- ৰব,,,,
ৰঞ্জনে দেখিছিল অন্য এটা ভয়ংকৰ বিপদে যেন সিহতক হাত বাউলি দি মাতিছে |এইফালে ৰাতি বহুত হৈছিল | তেনে এটা কাণ্ড দেখি ৰিয়ানৰ মাক দেউতাকক লৈ অনা গাড়ী খন ও গুছি গ'ল | এই ৰাতি গাড়ী ক'ত পাই বাৰু,,,,
- অট'
নাই গাড়ী খন নৰখালে | সি ও যেন ধৰ্য্য হেৰাই পেলাইছে | ৰিয়ানৰ অনুপস্থিতিত সি সিহতৰ ঘৰৰ দ্বিতীয় জন সন্তান | তেনেস্থলত তাৰ কৰনীয় আজি বহুত |( Assamese Storyboard )
- অট'
গাড়ী খন ৰৈছিল | আহক চোন |
সি ড্রাইভাৰ জনৰ লগত ৰিয়ানৰ দেউতাক গাড়ীত উঠালে |
- বলক জলদি মেডিকেল |
যদি জীৱনৰ ৰং বোৰে
লুকা ভাকু খেলে
যদি আশাৰ পাপৰি
উমি উমি জ্বলে
তথাপিতো বন্ধু আগুৱাই যাবা
পাছলৈ ঘূৰি নাচাবা
ইতিমধ্যে প'ষ্ট মৰ্টেমৰ ৰিপ'ৰ্টত ওলালে | নম্রতাক হত্যা কৰা হৈছিল ,পেটত আঘাট কৰা হৈছিল তাইক | আৰু তাই গৰ্ভৱতী আছিলে |
- তুমি হত্যা কৰিছা ?- নাই নাই ছাৰ মই নম্রতাক হত্যা কৰা নাই |আপোনালোকে বিশ্বাস কৰক | মই হত্যাকাৰী নহয় ছাৰ |
- হত্যাকাৰী নহয় ! ঠিক আছে যদি হয় বুলি আমি প্রমান কৰো | তেতিয়া ?
- মই নহয় |
পুলিছৰ জেৰা ৰিয়ানক | সি কাহানিওঁ এনে সপোন দেখা নাছিলে |
- ডাক্তৰ !
- ৰঞ্জন আপুনি অলপ শুনক |
- ছাৰ , তেখেত ভাল হবনে ছাৰ ? তেখেত অবিহনে আমি শুন্য ছাৰ | এইফালে মোৰ ল'ৰাটোৰ খৱৰ এটাওঁ ৰাখিৱ পৰা নাই ,কিবা হৈছে তাৰ !
- খুড়ী সকলো ঠিক হৈ যাৱ চিন্তা নকৰিব |
ৰঞ্জনে ডাক্তৰৰ লগত অকমান আতৰত আহিলে |
- ডাক্তৰ কওঁক চোন খুড়া ভালে আছে নহয় ?
- আই এম চৰি
- মানে
- আমি নোৱাৰিলো ,বহুত কষ্ট কৰিলো | তেখেত হাৰ্ট এটেকতে ঢুকালে |ৰঞ্জন নিশ্চুপ হৈ বহি ৰ'ল | কেনেকে বাৰু খৱৰটো দিব খুড়ীক | কেনেকে শেষ হৈ গ'ল বাৰু এখন ঘৰ | সেই মৰমিয়াল খুড়া জন | কিমান মৰম ,বিশ্বাস কৰিছিল সিহতক |
সি এখোজ দুখোজকৈ ৰিয়ানৰ মাকৰ ওচৰত গ'ল |
- খুড়ী !
- ৰঞ্জন ,তুমি কান্দিছা ?
- খুড়া হেনো গ'লগৈ !
- নাই,,,,,,,,,,
ৰিয়ানৰ মাকে পাগলীৰ দৰে দৌৰ মাৰিলে মেডিকেলৰ ভিতৰলৈ |থানাত গৈ উপস্থিত হ'ল | ৰিয়ান,নম্রতাৰ দেউতাক আৰু ককায়েক |
- ছাৰ, মোৰ জোৱাইক এৰি দিয়ক |
- কি আপোনাৰ ছোৱালী হত্যা কৰিছে আৰু আপুনি এৰি দিব দিছে ?
- মোৰ জোৱাই হত্যাকাৰী নহয় ছাৰ | সেয়া মোৰে দুৰ্ভাগ্য | ইতিমধ্যে তাৰ দেউতাক ও ধুকাইছে,,,,,
- ঠিক আছে ,কিন্তু আমি বিচাৰিলে আহিব লাগিব |
সিহতে ৰিয়ানক থানাৰ পৰা লৈ আহিলে |কিন্তু তাক কোনেওঁ কোৱা নাছিলে যে তাৰ দেউতাক ঢুকাইছে,,,,,,
ৰঞ্জনৰ হিয়া খন ভাগিছিলে,বেচেৰাই গাড়ীৰ চিটত গোটেই দেহটো পেলাই দিছিলে | হয়টো তাৰ শোকে দুখে ভাগৰ লাগিছে |
কিছু সময় পাছত সিহতে আহি পালে |
- ৰিয়ান আহ নামি আহ,,,,,,
সি নামি আহিছিল ,মুখৰ এটা শব্দ ও নিগ্রত হোৱা নাছিলে | ৰঞ্জনে তাক ধূতি খন পিন্ধই দিছিলে |
- ৰঞ্জন এইখন কিয় পিন্ধিৱ লাগে |
- নম্রতাক মুখাগ্নি কৰিব নালাগিব তই !
সি সৰু ল'ৰাৰ দৰে মোৰটো জোকাৰিছিলে |
- ব'ল এতিয়া
- কলৈ
- শ্মশানলৈ ,,,,,,,,
উপস্থিত সকলোৱে তাৰ ফালে চাই চকুলো টুকিছিল | হাঁহি থকা ,শান্ত ল'ৰা জনৰ চকুত আজি চকুপানী | সি গৈ আচৰিত হ'ল,,,,,
- ৰঞ্জন দুখন চিতা কাৰ ?- এখন
- ক'
- এখন খুড়াৰ অ,,,,,,,
- কি ? দেউতা,,,,,,,,,,,,
সি বলিয়াৰ দৰে দৌৰি গৈছিল | দেউতাকৰ চিতাৰ কাষলৈ |
সৰু ল'ৰা এজনৰ দৰে ফেকুৰী কান্দিছিল |
- দেউতা তুমি ক'ত গুছি গ'লা ? মোক খং কৰিছা ন ? কিন্তু দেউতা মই হত্যাকাৰী নাছিলো | ইমান যদি বেয়া পাইছিলা মোক ত্যাজ্যপুত্র কৰিব লাগিছিলে |কিন্তু তুমি কিয় আতৰি গ'লা | মা আৰু মই কেনেকে থাকিম অ দেউতা |
- ল' ,আৰু মুখত অগ্নিসংযোগ কৰ |
ৰঞ্জনে জুইকুৰা তাৰ হাতত তুলি দিছিলে | জুইৰ পোহৰৰ ছাপ তাৰ মুখত পৰিছিল,জুইৰ দৰে ৰঙা হৈ পৰিছিল সি |
সি দেউতাকৰ চিতাৰ জুই কুৰাৰ মাজত দেখিছিল দেউতাকে হাঁহি হাঁহি তাক মাতি আছিলে | সি যেন দেউতাকৰ বুকুৰ মাজত সোমাৱ |
অ পখিৰাজ ঘোৰা
খট খটকৈ দৌৰা
মোৰ ককাল কতা
পাখি দুখন কতা
- আহ ৰিয়ান নম্রতাৰ মুখত অগ্নিসংযোগ কৰ
সি আগুৱাই গৈছিল তাইৰ চিতাৰ কাষলৈ | আৰু সি তাৰ পত্নীক জ্বলাই দিছিলে | ফুলশয্যা নিশা অবিহনে তাই আতৰি গ'ল | সি মাত্র চকু দুটা মুদি দিলে |
তেনেতে শ্মশান স্থলীত পুলিছ আহি উপস্থিত হ'ল |
- আমি নম্রতা বৰুৱাৰ হত্যাকাৰী পাই গ'লো |
সকলোৱে পুলিছ অফিচাৰ জনৰ ফালে চালে |
- হত্যা স্থলীত আমি এই আঙুঠিটো উদ্ধাৰ কৰিলো |
পুলিছে ৰিয়ানৰ সন্মুখত আঙুঠিটো দেখাই দিলে | আঙুঠিটো তাৰ আঙুঠি য'ত স্পষ্টকৈ লিখা আছিল " ৰিয়ান "
তাৰ বুকুখন ধিপিং কৈ মাৰিলে | এইবাৰ কি হব ! আঙুঠি উদ্ধাৰ হ'ল !
ক্ৰমশ,,,,,,
প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html
পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_557.html
ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_577.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
কাহিনীটো আধৰুৱা হৈ ৰল যে আচল কালপিতটোক উলংগ কৰি ৰাইজৰ সন্মুখত উপস্তাপন কৰিব লাগিছিল
ReplyDeleteসপ্তম খণ্ড কেতিয়া পাম
ReplyDelete7 Khandra pabloi opakha korilu
Delete৭নঃ খণ্ড কেতিয়া পাম
ReplyDelete13 no keriya pam kio আধৰুৱা কৰি থৈছে
ReplyDelete