আমাৰ নখত থকা এই অৰ্ধজোনৰ চিনটো কি? কেতিয়াবা আমাৰ দেহৰ অংগবোৰ দেখিলে আচৰিত লাগে যে সৃষ্টিকৰ্তাই আমাক কিদৰে সৃষ্টি কৰিলে ( Assamese Fact )। হাতৰ ৰেখাই মানুহৰ ভৱিষ্যতৰ বিষয়ে কয়। মানুহৰ আঙুলি দেখি ব্যক্তিত্বৰ বিষয়ে কব পাৰি।আমাৰ নখৰ তলৰ ভাগত ভালদৰে চালে দেখা যায় যে তাত এটা আধা জোনৰ দৰে চিন আছে।এই অংশ বগা ৰঙৰ হয়। আপুনি কেতিয়াবা ভাবিছে নে এই চিন মানুহৰ নখত কিয় পোৱা যায়। আধা জোনৰ দৰে দেখা পোৱা এই চিনটো নখৰ এটা গুৰুত্বপূৰ্ণ অংশ।নখৰ তলৰ অংশত এই চিনটো পোৱা যায় যিটো নখৰ বাকীবোৰ অংশতকৈ বগা দেখা যায়। এই আধা জোনৰ দৰে অংশটোক লেটিন ভাষাত ইয়াক 'লুনুলা'(lunula) বুলি কোৱা হয়। এই লুনোলা কেৱল এটা চিন নহয় ই আপোনাৰ স্বাস্থ্যৰ বিষয়েও বহুত কথা কয়
যদি আপোনাৰ ১০ তা আঙুলিৰ ভিতৰত ৮ টা আঙুলিতেই এই আধা জোনৰ চিনটো আছে তেন্তে আপোনি সুস্বাস্থ্যৰ অধিকাৰী বুলি গম পোৱা যায় আৰু তেতিয়া আপুনি স্বাস্থ্যৰ বিষয়ে চিন্তা কৰিব নালাগে। যদি আপোনাৰ আঙুলীবোৰৰ পৰা এই আধা জোনৰ দৰে চিনটো নাইকিয়া হৈ গৈছে অথবা কেৱল বুঢ়া আঙুলিতহে ইয়াক দেখা যায় তেন্তে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বহুত সজাগ হোৱাৰ দৰকাৰ। এনে হলে আপোনাৰ স্বাস্থ্যৰ সোনকালেই কিবা অৱনতি ঘটিব আৰু আপোনি সোনকালেই বেমাৰত পৰিব।
যিবোৰ মানুহৰ আঙুলিত এই আধা জোনৰ চিনটো অধিক বগা হয় সেই সকল লোকক মানসিক আৰু শাৰীৰিক ৰূপে সুস্থ বুলি জনা যায়। জ্যোতিষ শাস্ত্ৰমতে যিসকল লোকৰ নখ পাতল আৰু চাফা হয় সেইসকল লোকে আৰ্থিকভাবে উন্নতি কৰে । যিসকল স্ত্ৰীৰ নখ ধুনীয়া আৰু অলপ ৰঙা হয় সেইসকল বহুত শুভাগ্যশালী হয়। যিসকল পুৰুষৰ নখ গোল হয় সেইসকল পুৰুষে সফলতাৰ নতুন শীৰ্ষত উপনীত হয়। যিসকলৰ নখ চুটি হয় তেওঁলোকৰ গলৰ সম্বন্ধীয় ৰোগ হোৱাৰ সম্ভাৱনা থাকে। চুটি আৰু হালধীয়া ৰঙৰ নখৰ ব্যক্তি এলেহুৱা বুলি ধৰা হয়। যিসকলৰ নখ গোলাকাৰ হয় তেওঁলোকে যিকোনো নিৰ্ণয় সোনকালে লয় আৰু সক্ৰিয় হৈ থাকে।পাতল আৰু দীঘল নখৰ গৰাকীয়ে সোনকালে নিৰ্ণয় লব নোৱাৰে আৰু এই প্ৰবৃত্তিৰ বাবে তেনে ব্যক্তিয়ে বহুত লোকচানৰ সন্মুখীন হব লগা হয়।এনে ব্যক্তি নিচাসক্ত হয় আৰু এনে ব্যক্তিৰ ঘৰৰ পৰিয়ালৰ মানুহে তেওঁলোকৰ কামবোৰৰ পৰা বহুত অশান্তি পায়। ( Assamese Fact )
যিসকলৰ নখ চুটি হয় আৰু অলপ ভাঁজ থকা হয় তেনে ব্যক্তিয়ে নিজৰ জীৱন সংগীক আঙুলি মূৰত ধৰি নচোৱাই বুলি কোৱা হয়। অৱশ্যে এওঁলোক চৰিত্ৰৰ ফালৰ পৰা ভালেই হয় কিন্তু এওঁলোকৰ ওপৰত সম্পূৰ্ণ ৰূপে বিশ্বাস কৰিব নোৱাৰি। টান নখৰ গৰাকী বহুত কাজিয়া কৰা স্বভাৱৰ হয় আৰু নিজৰ জিদ যিকোনো প্ৰকাৰে পূৰণ কৰে। এওঁলোকে যি কৰিম বুলি ভাবে সেইটো কৰিয়েই এৰে লাগিলে সেইয়া ভুল হওক বা শুদ্ধ। তেওঁলোকে কোনো কথাৰ চিন্তা নকৰে। বুঢ়া আঙুলিত থকা এই আধা জোনৰ বগা দাগটোৱে প্ৰেমত পোৱা সফলতাৰ ইঙ্গিত দিয়ে কিন্তু বহুতবাৰ ই বদনামৰ ও সংকেত দিয়ে।
বহুত মানুহৰ নখ চাফা হয় আৰু নখত কিছুমান বগা দাগ দেখা যায়। আৰু কেতিয়াবা ই সম্পূৰ্ণ বগা হৈ পৰে। নখৰ এই বগা ৰঙে লিভাৰ আৰু হৃদপিণ্ডৰ ৰোগৰ সংকেত দিয়ে। বাহিৰলৈ ওলোৱা নখে কলিজাত হোৱা বিষ আৰু হৃদয়ৰ অতিৰিক্ত সমস্যাৰ সংকেত দিয়ে।
হালধীয়া নখ তথা দুৰ্বল নখে হৃদয় সম্বন্ধিত ৰোগ তথা এনিমিয়া , কো-পোষণ আৰু লিভাৰ ৰোগৰ সংকেত দিয়ে।ফাঙ্গল ইনফেক্সনৰ বাবে গোটেই নখ হালধীয়া হৈ পৰে। বহুতবাৰ জণ্ডিচ, থাইৰয়ডৰ দৰে ৰোগত নখ এনেদৰে হালধীয়া হৈ পৰে। যদি নখ হালধীয়া আৰু শকত হয় তথা লাহে লাহে বাঢ়ে তেন্তে ই কলিজা সম্বন্ধীয় ৰোগৰ সংকেত দিয়ে।
শৰীৰত অক্সিজেনৰ সঞ্চাৰ ভালদৰে নহলে নখ অলপ নীলা পৰিবলৈ ধৰে। নখৰ এই নীলা ৰঙে নিম'নিয়া তথা হৃদয়ৰ ৰোগৰ প্ৰতিও সংকেত দিয়ে।
যেতিয়া নখবোৰ চামুচৰ দৰে হৈ পৰে । যেতিয়া শৰীৰত তেজৰ অভাৱ হয় আৰু আনুবংশীক ৰোগৰ বাবেও নখৰ আকাৰ চামুচৰ দৰে হৈ পৰে আৰু বাহিৰৰ ফালে ওলাই পৰে।নখত থকা গভীৰ ৰঙা ৰঙে উচ্চ ৰক্তচাপৰ সংকেত দিয়ে আৰু জামুনি ৰঙৰ নখে নিম্ন ৰক্তচাপৰ সংকেত দিয়ে। আধা বগা আৰু আধা গুলপীয়া ৰঙৰ নখে 'চিৰ'চিচ ' অৰ্থাৎ কলিজা বিকল হোৱাৰ সংকেত দিয়ে।
( উৎস - ইণ্টাৰনেট )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24



No comments:
Post a Comment