কেন্সাৰৰ প্ৰাথমিক লক্ষণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 9, 2022

কেন্সাৰৰ প্ৰাথমিক লক্ষণ : Assamese Health Tips

Assamese Health Tips


কেন্সাৰ হোৱা আগতে আমাৰ শৰীৰে ইয়াৰ সংকেত ৰূপে কিছুমান লক্ষণ দেখাব। যদি আপুনিও শৰীৰত এনেকুৱা দেখা পায় তেনেহলে অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব। ( Assamese Health Tips )


আহকচোন আমি জানো আমাৰ শৰীৰেনো কেন্সাৰ হোৱাৰ পূৰ্বে কেনেধৰনৰ লক্ষণেৰে কেন্সাৰৰ সংকেত দিয়ে।

 

#পাকস্হলীৰ_সমস্যাঃ- পাকস্হলীত সামান্য সমস্যা হোৱাতো বৰ বেছি চিন্তনীয় বিষয় নহয়। কাৰন সকলো ব্যক্তিৰেই কিবা নহয় কিবা সৰু সুৰা সমস্যা থাকেই। কিন্তু অনবৰত পাকস্থলীত সমস্যাল হৈ থকাতো Colonia colorectal কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। ডায়েৰিয়া আৰু ডিচেন্তি আদি সমস্যা সমূহে এই লক্ষণ প্ৰকাশ কৰে। ইয়াৰ কাৰনে পেটত গেছ আৰু পিঠিৰ বিষৰ সমস্যা হব পাৰে। 


#ৰক্ত_স্ৰাৱ_হোৱাঃ-অনবৰতে ৰক্ত স্ৰাৱ উলাই থকাতো কেন্সাৰৰ লক্ষণ হব পাৰে। যদি কেন্সাৰৰ সম্ভাৱনা থাকে তেনে হলে অন্তত হোৱা ঘাঁৰ পৰা মলাশয়ৰ দ্বাৰা তেজ বাহিৰ হৈ থাকে। বিশেষকৈ কলন কেন্সাৰ সম্ভাৱনা থাকিলে এনেকুৱা সমস্যা হব পাৰে। ইয়াৰ লগতে শৌচ প্ৰস্ৰাৱ কৰা সময়ত যদি কষ্ট বা মুত্ৰৰ লগত তেজৰ মিশ্ৰণ পোৱা যায় তেনেহলে পষ্ট্ৰেত কেন্সাৰ অথবা ডিম্বগ্ৰন্থী কেন্সাৰৰ লক্ষণ হব পাৰে। 


মহিলা সকলৰ মাহেকীয়া ঋতুস্বাৱৰ পাছতো যদি স্ৰাৱ বন্ধ নহয় তেনেহলে এই সমস্যাটো গুৰুত্ব সহকাৰে লব লাগে। কাৰন এইটো কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। গতিকে শীৰ্ঘ্ৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।


#ৰাতি_অত্যাধিক_ঘমাঃ-

যদি ৰাতি শুৱাৰ সময়ত ঘাম অত্যাধিক উলাই তেনেহলে এইয়া কোনো ঔষধৰ খেৱন কৰাৰ বাবে শৰীৰত পৰা প্ৰভাব বা অন্তত হোৱা সংক্ৰমনৰ সংকটো হব পাৰে। যদি এই সমস্যা ধাৰাবাহিক ভাৱে কেইবা সপ্তাহলৈ হৈ থাকে আৰু শৰীৰৰ ঘাম উলোয়া বন্ধ নহয়। তেনে হলে আপুনি যিমান সোনকালে পাৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।


#গাৰ_বিষ_হোৱা_আৰু_দূৰ্ব্বল_অনুভৱ_হোৱাঃ- বেয়া কৈ খোৱা বা দিঘলীয়া সময় ধৰি অসুবিধা জনক ভাবে বহি থাকিলে পিঠিৰ বিষ হোৱাটো স্বাভাৱিক কিন্ত কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি পিঠিত বিষ হোৱাটো colorectal বা প্ৰষ্টেত কেন্সাৰৰ কাৰন হব পাৰে। ইয়াৰ উপৰিও কঁকালৰ উচৰৰ মাংস পেশী বোৰতো বিষ হোৱা, কোনো ধৰনৰ শ্ৰম নোহোৱাকৈ সুউব ভাগৰুৱা অনুভৱ কৰা আদিক কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে গন্য কৰা হয়। ( Assamese Health Tips )


#ওজন_কমি_যোৱাঃ- কোনো ধৰনৰ কাৰণ নোহোৱোকৈ দেহৰ ওজন কমি যোৱাটো কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষন হব পাৰে। ভোক নলগা খাদ্য খাবলৈ ইচ্ছা নকৰা বা যথেস্থ পৰিমানৰ খাদ্য খাব নোৱাৰাটোও কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। একেৰাহে কাঁহ হোৱা আৰু খাদ্য খাওঁতে বিষ অনুভৱ কৰা ঠাণ্ডা আৰু ফ্লুৰ উপৰিও ধূ্ম্ৰপ্ৰান কৰা লোকৰ কাহ আহে কিন্তু যদি কোনো কাৰন নোহোৱাকৈ একেৰাহে কাহিঁ থাকে তেনে হলে ই হাওঁফাওঁ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। যদি কাঁহৰ সৈতে তেজ উলাই আহে তেনেহলে ডাক্তৰৰ কাষ চাপিব। ডি়ঙিৰ বিষ হলে খাদ্য খাবলৈ কষ্ট পালে আপুনি নিশ্চিত ভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক। 


#বুকুৰ_জ্বলাপোৰা_হোৱা_আৰু_বদহজমিঃ-বুকুৰ জ্বলা পোৱা হোৱা আৰু বদহজমি এই দুই সমস্যা সৰ্ব সাধাৰনতে হৈ থকাটো এক সাধাৰন সমস্যা। কেতিয়াবা বেছিকৈ খাদ্য খালে, মচলা যুক্ত খাদ্য খালে এনেকুৱা হয়। এইটো এটা সাধাৰন সমস্যা কিন্ত যদি এই সমস্যা ধাৰাবাহিক ভাৱে হৈ থাকে তেনেহলে খাদ্য নলিত বা পাকসস্হলীত কেন্সাৰ হোৱা সম্ভাৱনা থাকে। গতিকে এনে সমস্যা হলে অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।


#সঘনাই_জ্বৰ_হোৱা_আৰু_ইনফেকচ্চন_হোৱাঃ- দীৰ্ঘ সময় ধৰি জ্বৰত ভুগি থকাতোওঁ অথবা ইনফেকচন হৈ থকাতো কেন্সাৰ কাৰণ হব পাৰে। 


অত্যাধিক ভাগৰ অনুভৱ কৰাঃ-সাংঘাতিক ভাৱে একেৰাহে দূৰ্বল হৈ থকা অথবা ভগৰুৱা অনুভৱ কৰাতো বিভিন্ন ধৰনৰ কেন্সাৰৰ কাৰণ হব পাৰে।


#উশাহ_চুটি_হোৱাঃ- শ্বাস প্ৰশ্বাস ঘনাই লব লগা হলে আৰু বকুত ঘেৰঘেৰনী শব্দ হোৱাটোও হাঁওফাঁওৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে ।


#জণ্ডিচঃ- দীৰ্ঘদিন ধৰি লিভাৰ আৰু গল্ডব্লাডৰৰ সমস্যা হৈ থকা বা জণ্ডিচ হোৱা আৰু চকুৰ মনিৰ বগা অংশ হালধীয়া হৈ যোৱাতো কেন্সাৰৰ লক্ষণ হব পাৰে 


শৰীৰৰ যিকোনো থাইত টেমুনা হোৱাঃ-মহীলা স্তন, ডিঙি, পেট, কাষলতি আদিত দীৰ্ঘদিন ধৰি টেমুনা হৈ থকাতোও কেন্সাৰৰ লক্ষণ হব পাৰে। 


#শৰীৰত_হোৱা_তিলৰ_পৰিৱৰ্তনঃ- সাধাৰনতে শৰীৰত থকা তিলে কোনো ধৰনৰ সমস্যা সৃষ্টি নকৰে কিন্তু যদি এই তিলৰ পৰিৱৰ্তন আহি পৰে আৰু পাছত বিষ হবলৈ ধৰে তেতিয়া বুজিব লাগিব যে ই কেন্সাৰলৈ পৰিৱৰ্তন ঘটিব পাৰে।


#নখৰ_পৰিৱৰ্তনঃ- কোনো কাৰন নোহোৱাকৈ যদি নখৰ পৰিৱৰ্তন হয় তেনে হলে বুজিব লাগিব যে আমাৰ দেহত নিশ্চয় কিবা নহয় কিবা পৰিৱৰ্তন ঘতিছে। যদি নখৰ ৰং মুকুটাৰ দৰে হয়, নখৰ মাজত ৰেখাৰ সৃষ্টি হয়, নখৰ ৰং পৰিৱৰ্তন হৈ মটীয়া হয় তেতিয়া অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে। কাৰণ এই লক্ষণ লিভাৰ, হাঁওফাওঁ আৰু চালৰ কেন্সাৰ ৰোগৰ সংকেট হব পাৰে। 


#পেটৰ_বিষঃ- ককাঁল আৰু তল পেতৰ বিষ হলে কেতিয়াও অৱহেলা নকৰিব। কাৰণ এনে লক্ষণ অভাৰি, স্তন, কলন আৰু গুহ্যদ্বাৰ কেন্সাৰৰ সংকট হব পাৰে।


#আবৰ্ণনীয়_বিষঃ- ধাৰাবাহিক ভাৱে হোৱা অৱৰ্ণনীয় বিষ যদি এক মাহতকৈও বেছি দিন ধৰি হৈ থাকে তেনে হলে ই হাৰ্ট বা টেষ্টিকল কেন্সাৰৰ সংকেট হব পাৰে।


সংগ্ৰহীত

#ডা_হৰিকান্ত_দাস।

ঘোগামুখ, ধেমাজি।

৯৯৫৪৩৪০১০২


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

3 comments:

  1. আপোনাৰ লিখনিটো সৰ্বোৎকৃষ্ট মানদণ্ডৰ হৈছে কিন্তু বহুত শব্দৰ বানান ভুল হ'ল। ধন্যবাদ। বহুতৰে উপকাৰ হ'ব। আগলৈ আৰু এনেধৰণৰ জটিল ব্যাধী(বেমাৰৰ) বিষয়ে লিখনি পাম বুলি অপেক্ষাত থাকিলোঁ।

    ReplyDelete
  2. Apuni jiman khini kotha likhile,, aibur dexun normally manuhor hoi thoka bemar.. manuhe dexi voi khai jabo

    ReplyDelete
  3. অসমীয়াত শিখা অভ্যাস নাই আপোনাৰ।
    পৰামৰ্শ খিনি ভাল। অলপ চুটি হলে পঢ়ুবৈয়ে পঢ়িবলৈ বেছি ভাল পাব।

    ReplyDelete

Advertisement

Pages