কোন পুত্রই সহ্য কৰিব নিজ মাতৃক পৰপুৰুষে ভোগ কৰা : Assamese story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 8, 2021

কোন পুত্রই সহ্য কৰিব নিজ মাতৃক পৰপুৰুষে ভোগ কৰা : Assamese story

Assamese story


- আহ ! মৰিলো | মৰিলো ঐ |

মাতিত বাগৰি পৰিল| তেজেৰে ৰাঙলী অহংকাৰী ,চৰিত্রহীন নিৰ্মল চলিহাৰ নিঠৰ দেহ | ( Assamese story )

- ৰন | কি কৰিলি এয়া তই | পাগল হ'লি তই |সকলো শেষ কৰি পেলালি |

মাকে ৰনক সাবতি চিঞৰি চিঞৰি কান্দিব ধৰিলে | সি মাত্র একেথৰে নিৰ্মল চলিহাৰ চতফতাই থকা নিঠৰ দেহটোলৈ চাই ৰ'ল |

ৰন ৰ চিৰৰুগীয়া দেউতাকে সকলো দৃশ্য দেখি মাত্র বিছনাতে চতফতাইছে |

আকৌ যেন আৰম্ভ ৰন ৰ ৰনশিঙা | সি উপৰ্যপুৰী নিৰ্মল চলিহাৰ ডিঙিত ঘপিয়ালে |এটা সময়ত নিৰ্মল চলিহাৰ মূৰটো চিগি গ'ল| নিৰ্মল চলিহাৰ বিষাক্ত ৰক্ত ৰনৰ মুখত চিতিকি পৰিল | কি ভয়ংকৰ এক দৃশ্য |সি তাৰ বাওঁ হাত খনৰে চলিহাৰ মূৰটো আৰু সোহাত খনৰে হেংদাঙ খন হাতত লৈ বাহিৰলৈ ওলাই আহিল |

ইতিমধ্যে তাৰ সেই ভয়ংকৰ ৰূপ দেখি মাক বাকৰুদ্ধ হৈ পৰিল |

সিহতৰ চিঞৰ বাখৰ বোৰ শুনি ইতিমধ্যে সিহতৰ পদুলিলৈ গাওঁৰ মানুহবোৰ ওলাই আহিছিল | সকলোৱে ৰনৰ এক ভয়ংকৰ দৃশ্য দেখি চক খাই উঠিলে | কোনেওঁ তাক একো কব পৰা নাই | সি মাত্র খোজ দিছে কাৰো ফালে তাৰ ভ্রক্ষেপ নাই | মানুহে দেখিলে তাৰ হাতত থকা মূৰটো নিৰ্মল চলিহাৰ | তাৰ সেই ৰূপ দেখি গাওঁখনৰ কিছু কিছু মহিলা অচেতন হৈ বাগৰি পৰিল |

সকলো আচৰিত | ৰনৰ দৰে ল'ৰা এজনে গাওঁ খনৰ ভিতৰত চহকী ব্যক্তি নিৰ্মলৰ মূৰ এনেকে কাতি লৈ গৈছে | এটা সময়ত সি আৰক্ষী চকীত উপস্থিত হ'ল | তাৰ সেই ৰূপ দেখি আৰক্ষী চকীৰ কৰ্মী সকল স্তম্ভিত হ'ল| 

- ছাৰ , এয়া নিৰ্মল চলিহাৰ মুণ্ড

ৰনে o/c চেতিয়াক ক'লে |

- কি ! তই এয়া কি কৰিছ গম পাইছনে ?>

- পাইছো ছাৰ, মই অপৰাধ কৰিছো | কিন্তু মই বাধ্য |

- তোৰ ঘৰ ?

- দেওঁদুৱাৰত ছাৰ |

- ছাৰ, ইয়াক লকআপত ভৰাই থওঁ |

মাজতে মেজৰ ৰহমানৰ চেতিয়াক প্রশ্ন |

- ৰ'বা | অপৰাধী নিজে আহি আমাৰ ওচৰ পাইছে যেতিয়া এই হত্যাকাণ্ডৰ ৰহস্য আছে | শৰ্মা গাড়ী সাজু কৰক | আমি দেওঁদুৱাৰ যাম | লগতে তাক ওঁ লওঁক | আৰু মুণ্ডটো বস্তা এটাত ভৰাই থওঁক |

চেতিয়াৰ কথামতে শৰ্মাই মুণ্ডটো এটা বস্তাত ভৰাই থলে আৰু ৰনক লৈ আৰক্ষী সহ দেওঁদুৱাৰলৈ যাত্রা কৰিলে |


ইতিমধ্যে হত্যাকাৰী ৰনৰ ঘৰত ৰাইজে আৰম্ভ কৰিছিলে ধংস যজ্ঞ | উপুৰ্য্যপুৰী শিলাবৰ্ষন | ৰাইজৰ আক্রমনত আংশিক ভাবে আঘাট প্রাপ্ত হৈছিল ৰনৰ মাতৃ নিজৰা|আৰু বিচনাত নিঠৰ হৈ পৰি থকা ৰনৰ দেউতাক প্রদীপ ও সাৰি যোৱা নাছিলে আক্রমনৰ পৰা |

এটা সময়ত আৰক্ষী আহি পালে | ৰাইজ আৰু প্রসাসনৰ মাজত হ'ল তুমুল বাক বিতণ্ডা |

- ৰাইজ এই হত্যাকাণ্ডৰ উচিত বিছাৰ কৰিবলৈ আমি আছো | আপোনালোকে আইন হাতত তুলি লবলৈ চেষ্টা নকৰিব | আমি আইনৰ ৰক্ষক | আপোনালোকক কথা দিলো আমি অপৰাধীক উচিত সাস্তি দিম |

ৰাইজ নিয়ন্ত্রনত আহিল | আৰক্ষীয়ে মুণ্ডবিহীন নিৰ্মল চলিহাৰ মৃতদেহটো পোষ্টমৰ্টেমৰ বাবে পঠাই দিলে | চেতিয়াই এবাৰ ৰনৰ দেউতাকৰ কাষলৈ গ'ল| বেচেৰা মানুহজনে নিঠৰ হৈ পৰি আছে | মুখেৰে কিবা কব খোজে কব নোৱাৰে |মাত্র বৈ আছে চকুপানী | ৰাইজৰ আক্রমনত চিৰৰুগীয়া ব্যক্তিজনৰ কপালৰ পৰা বৈ আহিছে তেজ |

আৰক্ষীয়ে ৰনৰ লগতে তাৰ মাকক গাড়ীত উঠালে আৰু ওচৰ চুবুৰীয়া আফজালক ৰনৰ দেউতাকৰ দায়িত্ব দি গ'ল|

- হত্যাকাৰীক ফাঁচি দিয়ক

- ফাঁচী দিয়ক ফাঁচী দিয়ক |

- আমাক ন্যায় লাগিবই

- লাগিব লাগিবই |

- অপৰাধী হুচিয়াৰ

- হুচিয়াৰ হুচিয়াৰ

আৰক্ষী চকীৰ সন্মুখত ৰাইজৰ প্রতিবাদ | অৱস্থা বহুত যটিল হৈ গৈছে |নিৰপাওা বেষ্টনী অধীক কতকতীয়া কৰা হৈছে | ৰাইজৰ বেহু ভাঙি ৰন আৰু নিজৰাক আৰক্ষীচকীৰ ভিতৰলৈ লৈ যোৱা হ'ল |

- ছাৰ অপৰাধীয়ে আমাৰ সন্মানীয় ব্যক্তি নিৰ্মল চলিহাক কিয় হত্যা কৰিলে সেয়া ৰাইজৰ আগত কব লাগিব |

গাওঁবুঢ়া শংকৰ শইকীয়াই চেতিয়াক ক'লে

- হয় হয় আমাৰ আগতে কব লাগিব |

গোটেই ৰাইজে সমৰ্থন কৰিলে |

- হব হব ৰাইজ | আপোনালোকে বিচৰা ধৰনে হব | মাত্র আপোনালোক সান্ত হওঁক |

- ছাৰ, মই হত্যা কৰিছো সেই মানুহ জনক | মই অপৰাধ কৰিছো,মোক ফাঁচী দিয়ক |

নিজৰাৰ কোৱাৰ লগে লগে ৰনে চিঞৰি উঠিল ,,,,,,

- নহয় ছাৰ, সেই মানুহজনক মোৰ মা নহয় মই হত্যা কৰিছো |

নিজৰাই ৰনক ইংগিতেৰে বুজাই দিছে যে মই হত্যা কৰা বুলি ক' বাপু |

কোন মাকে নো বিচাৰিব নিজৰ সন্তানে শাস্তি পাওঁক |

- এতিয়া যিজনে হত্যা কৰিছা সেইজনে কোৱা কিয় হত্যা কৰা হ'ল নিৰ্মল চলিহাক

চেতিয়াৰ আদেশ |

ৰনে কবলৈ আৰম্ভ কৰিলে,,,,

- হয় ছাৰ,মই হত্যা কৰিছো | মই অপৰাধী ছাৰ | শুনক ৰাইজ কিয় হত্যা কৰিলো নিৰ্মল চলিহাক ,,,,,,,

আপোনালোকে জানে আমাৰ ঘৰখনত মা,দেউতা আৰু মই|আমি তিনিটাই ঘৰ খনৰ প্রানী | মই তেতিয়া অকমান ডাঙৰ হৈছো |

দিন হাজিৰা কৰা প্রদীপ আৰু নিজৰাৰ জীৱনলৈ আহিছিল ৰন | সৰু ঘৰখনত সুখৰ নৈ বৈছিল | ঘৰ বুলিবলৈ আছিল মাত্র সিহতৰ এটা উৰুখা পজা | ৰাতি হ'লে আকাশৰ তৰা দেখি | বৰুষুন আহিলে হয় ঘৰৰ ভিতৰত বানপানী |

- মা মোৰ ঠাণ্ডা লাগিছে

বৰুষুনত তিতি গৈছে ৰন | ( Assamese story )

- চাওঁ সোণ মোৰ বকুৰ মাজত আহ |

মাক আৰু দেউতাকৰ বকুৰ মাজত শুই বিষাদৰ ৰাতি পাৰ কৰিছিল সি |

কিন্তু মানুহৰ জীৱনত অজানিতে আহে ধুমুহা | এঘৰ মানুহৰ ঘৰত কাম কৰি থকা অৱস্থাত ধলি পৰিছিল প্রদীপ | মেডিকেলত ভৰ্ওি কৰা হৈছিল প্রদীপক | প্রদীপৰ অৱস্থা সংকটজনক | উচ্চৰক্তচাপ জনীত কাৰনত  ষ্ট্র'ক হৈছিল প্রদীপৰ | বহুত পইচাঁৰ প্রয়োজন হৈছিলে | কিন্তু নিজৰাই কত কি কৰিব|সাঁচতীয়া টকা বুলিবলৈও সিহতৰ একোৱে নাই এইফালে স্বামী প্রদীপক হেৰুৱাৰ ভয় | শেষত বহুত ভাবি চিন্তি গাওঁৰ চহকী ব্যক্তি নিৰ্মলৰ পৰা ধাৰলৈ আনিছিল কিছু ধন | শেষত ডাক্তৰে কৈছিল মানুহজন সম্পূৰ্ন সুস্থ হোৱাৰ আশা ক্ষীন| কিন্তু চকুৰ সন্মুখত কেইদিন মান থাকিব | সেয়াই যেন নিজৰাৰ সন্তুষ্ট মানুহ জন থাকিলে হ'ল |

আৰম্ভ হ'ল নিজৰাৰ সংগ্রামী জীৱন | ইঘৰ সিঘৰৰ ঘৰত কাম কৰি পেত প্রবৰ্তন কৰিৱ লগা হ'ল নিজৰাই |

- মা, সদায় সদায় মই নিমখ তেলেৰে কিমান ভাত খাম |

- বাবা খাছোন | নাপায় নহয় | মই পইচাঁ পালে মাংস আনিম দে,,,,,

- নাখাওঁ মই ভাত |মোৰ লগৰ সকলোৰে মাক-দেউতাকে যি লাগে তাকে দিয়ে মোক হে নিদিয়ে,,,,,

খং কৰি ৰন ভাতৰ সন্মুখৰ পৰা উঠি গৈছিল|

নিজৰাৰ হিয়া খন ভাগি গৈছিল | কি কৰিব তাই উপায় বিহীন হ'ল | তাই দেখিছিলে প্রদীপৰ দুচকুৰে চকুপানী বৈ আহিছিলে |

- কিয় কান্দিছা তুমি | মইটো মৰি যোৱা নাই তুমি নাকান্দিবা,এয়াই আমাৰ ভাগ্য |

নিজৰাই প্রদীপৰ চকুপানী খিনি মছি দিছিল|

সময়বোৰ গৈ আছিল তেনেকে |ৰন লাহে লাহে ডাঙৰ হ'ল |

- নিজৰা, অ নিজৰা

বাহিৰত নিৰ্মল চলিহাৰ মাত শুনি নিজৰা বাহিৰলৈ ওলাই আহিল |

- অ আপুনিহে | আহক আহক বহক |

নিৰ্মলে আহি বহিলে |

- নিজৰা মোৰ পইচাঁ খিনি ?

- দিম ৰব| অকমান সময় লাগিব |

- হব হৱব | পিছে তোমাৰ গাভৰু দেহাটো এনেকে ৰাখিবা নেকি ?

- মানে ?

- তুমি এটা কাম কৰা, এই ৰনক কৰবাৰ হোটেলত থোৱা | পঢ়ি নো কি কৰিব | তেতিয়া তোমাৰ ও ভাল হব অলপ পইচাঁ ইনকাম কৰিব পাৰিবা | পিছে ই থাকিলে নোৱাৰিবা নহয় |

ৰনে কথাবোৰ বুজা হৈছিল | নিৰ্মলৰ কথা শুনি তাৰ বহুত খং উঠিল |

- মোক ভুল নুবুজিবা নিজৰা, তুমি কথাবোৰ ভাবিবা মই আহো |

নিজৰাই আজি উচুপি উচুপি কান্দিছে | এজনী অসহায় নাৰীৰ কোমল মঙহৰ ওপৰত হে কিয় চকুপৰে এচাম কামাতুৰ পৰুষৰ | কিয় সুবিধা বিছাৰে |

বহুদিনৰ মুৰত আকৌ নিৰ্মল ৰন হতৰ ঘৰত আহিলে |

নিজৰাই সিহতৰ কোঠালিতে বহিবলৈ দিলে |কোঠালি বুলিবলৈ সিহতৰ এটাই কোঠালি | দুখন বিছনা আৰু এখন চকী | ৰনে মজিয়াত বহি পঢ়ি আছে |

নিজৰাই ৰনক ৰঙা চাহকাপ দি নিৰ্মলক চাহ একাপ আগবঢ়াই দিলে |

- লওঁক চাহ একাপ খাওঁক |

নিৰ্মলে চাহলোৱাৰ চলেৰে নিজৰাৰ হাত খনত ধৰি আলফুলাই থাকিলে |

- বৰ কোমল | নিজৰা

নিজৰাই একপ্রকাৰ জোৰকৈ হাত খন তানি আনিলে | ৰনৰ যেন খংঙে চুলিৰ আগপালে |

- মোৰ পইচাঁ খিনি ?

- অকমান সময় দিয়ক মোক,,,,,

- এটা কাম কৰা,ঐ তই অকমান বাহিৰত যাচোন,,,,

- যা বাবা,,,,

আপওি চত্বেও ৰনে মাকৰ কথাত বাহিৰত আহিলে | কিন্তু সি নিৰ্মলৰ কথা শুনিবলৈ বাহিৰত ৰৈ থাকিল |

- তুমি মোক আজি অকমান সুখ দিব লাগিব

- কি কৈছে আপুনি !

- আৰু যদি নিদিয়া এতিয়াই মোক পইচাঁ লাগিব |

- কি ! এতিয়াই

- অ এতিয়াই , নহলে মই নুঠো আজি,,,,

কি কৰিব তাই |আজি সচাঁকে বিৰক্তি আহিল তাইৰ জীৱনত |তাই নিৰুপায় হ'ল এতিয়া কৰ পৰা পইচাঁ দিব ! নিদিলে নিৰ্মল নুঠিব উপায়হীন হৈ সেই পন্থা লবলৈ প্রস্তুত হ'ল তাই |

- মোক ক্ষমা কৰিবা,তোমাৰ আগত আজি মই যি কৰিব লৈছো মই পাপত ডুবি মৰিলো,কিন্তু মোৰ উপায় নাই তুমি চকু মুদি দিয়া

তাই প্রদীপৰ ভৰিদুখন সাবতি হিয়া ধাকুৰী কান্দিলে | প্রদীপে চকুমুদি দিলে বৈ আহিল চকুলো |

- নিজৰা দৰ্জাখন বন্ধ কৰি দিয়া |

নিজৰাই দৰ্জা খন দুখমনৰে বন্ধ কৰি দিলে |তাই আজি অপকৰ্ম কৰিবলৈ বাধ্য হ'ল |এয়া কি তাই যেন সংসাৰৰ মায়ামোহ সকলো ত্যাগ কৰিলে | তাই নিজে চাদৰৰ আছল খন গুছাই দিলে |নিৰ্মল আনন্দত আত্মাহাৰা | 

- আহা নিজৰা কাষলৈ আহা |

কি বেদনাদায়ক দৃশ্য | কাষত নিজৰ স্বামী সয্যাগত | আৰু পৰপুৰুষক দিব লাগিব আনন্দ |ঘৃননীয় | এই সকলোবোৰ ৰনে দৰ্জাৰ ফাকেৰে চাই আছিলে |

- ইমান সময় নকৰিবা আহা না,,,,,

নিৰ্মলে জোৰকৈ নিজৰাক বকুৰ মাজত তানি আনিলে | ৰনৰ আৰু সহ্য নহল | নিজৰ মাতৃক কোনোবাই,,,নাই হিংস্র হৈ উঠিল | সি হেংদাঙ খন হাতত ল'লে আৰু দৰ্জা ভাঙি ভিতৰত সোমায় গ'ল | নিৰ্মলৰ ওপৰত তাৰ মাক | সি আৰু চাই থাকিব নোবাৰিলে |

- ৰন তই কিয় সোমাই আহিছ ?

- তুমি মনে মনে থাকা মা,,,,ইয়াক মই 

- নাই নাই এই ৰন মোক মাৰিলে কিন্তু তোৰ কথা বেয়া হব দে,, ,,,,

- হয় নেকি আহ তেন্তে

ৰনৰ মুৰ্তি দেখি নিজৰা ভয় লাগিল | 

ৰনে নিৰ্মল ৰ ডিঙিত হেংদাঙ বহাই দিলে |

- ৰন !!! নিজৰাৰ চিঞৰ |

এয়াই কাহিনী ছাৰ,কোন পুত্রই সহ্য কৰিব নিজৰ মাকক পৰপুৰুষে ভোগ কৰা দেখিলে|

সকলো ৰাইজে চকুলো তুকিলে | চেতিয়াৰ ও হিয়া খন ভাগি গ'ল |সকলো নিস্তব্ধ হৈ গ'ল |নিজৰাই মাত্র চাদৰ খনৰে মুখত ধৰি হুকহুকাই কান্দিছে |

- ৰাইজ, মই অপৰাধ কৰিছো মোক ফাঁচী দিয়ক |

চেতিয়াই ৰনৰ চুলি খিনিত আলফুলাই 

- ৰাইজ, ই এটি সৰু ল'ৰা | আপোনালোকে কওঁক এনেকুৱা আপোনালোকৰ লগত ঘটিলে আপোনাৰ সন্তানেও জানো এয়াই নকৰিলে হৈ | হয় সি অপৰাধ কৰিছে সি মানুহ এজনক হত্যা কৰিছে | কিন্তু তাৰ শাহস ৰ পৰিচয় দিছে এচাম স্বাৰ্থলুভী কামাতুৰ পৰুষৰ বিৰুদ্ধে | 


এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


ৰাইজে প্রতিবাদ এৰি ৰনক চেলুত জনাই কলে ছাৰ অপৰাধ মাৰ্জনা কৰিব নোৱাৰিনে ???


Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages