"মোৰ জীৱনৰ এটা গোপন সত্য কাহিনী" : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 11, 2021

"মোৰ জীৱনৰ এটা গোপন সত্য কাহিনী" : Assamese Storyboard

Assamese Storyboard


(আপোনালোকৰ মতামত বিচাৰিয়ে আজি আমি আমাৰ কাহিনীটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছো। অনুগ্ৰহ কৰি সম্পূৰ্ণকৈ নপঢ়াকৈ আপোনালোকে কমেণ্ট নকৰিব প্লিজ।।)
           
     হয়। 
এয়াই সঁচা। 
মোৰ প্ৰেয়সী এগৰাকী বোৱাৰী। আপোনালোকে ভাবিব পাৰে যে তেওঁ বিধৱা। নহয়, ভুল ভাবিছে। তেওঁ বিধৱা নহয়( Assamese Storyboard )। তেওঁৰ স্বামী আছে, তেওঁলোকৰ বিবাহ হোৱা আজি ১০ বছৰ হৈ গৈছে। আৰু আমাৰ ভালপোৱা ৬ বছৰৰ আগৰ পৰা চলি আছে। 
        আজি মোৰ এই গোপন কথা যিসকল বন্ধুৱে জানে তেওঁলোকে এতিয়াও কয়, "এতিয়াও তুমি ১০ জনী ছোৱালীক প্ৰপজ কৰিলে ১০ জনীয়েই yes দিব। কিন্তু তুমি কিয় সেই বোৱাৰীজনীৰ পাছত লাগি আছা? নিজৰ মান-সন্মানবোৰ বিক্ৰি কৰি তুমি কি তোমাতকৈ এবছৰ ডাঙৰ সেই বোৱাৰীজনীক হে বিয়া পাতিবা? হয় তাই ধুনীয়া, কিন্তু তোমাৰ মান-সন্মানতকৈ ধুনীয়াটোয়ে ডাঙৰ হ'ল নেকি???"
মই একোৱেই প্ৰত্যুত্তৰ নিদিও। জানো, সকলোৱে তেনেকৈ ক'ব।
সকলোৱে ক'ব পাৰে। কিন্তু আচল কথাবোৰটো কোনেও নাজানে , আৰু জানিলেইবা কেইজনে বুজিব আমাক? এইয়া মিছা বুলি উৰুৱাই দিব। সেয়েহে কাৰো আগত খুলি কোৱা নাছিলো ইমানদিন।
   আচলতে কিয় এয়া হ'ল?
  মই আজি আপোনালোকৰ আগত মোৰ জীৱনৰ এই সত্য কাহিনীটো শ্বেয়াৰ কৰিব ওলাইছো।এবাৰ পঢ়ি চাওঁক আমাৰ জীৱনৰ এই ভাবিব নোৱাৰা পৃষ্ঠাকেইটা।
          
          সম্বন্ধত তাইক মই বৌ বুলি মাতিব লাগিছিল। পিছে আমাৰ দুয়োৰে ঘৰ দুখন পৃথক জিলাত। দেউতাৰ চাকৰিসূত্ৰে মই সৰু হৈ থকাৰ পৰাই বেলেগ ঠাইতেই আছো। এদিন সম্পৰ্কীয় খুড়া ঘৰত মই বিয়া খাবলৈ গৈছিলো। তাতেই তাইক দেখিছিলো। মই লগত DSLR কেমেৰাটো নিছিলো। বহুতৰ ফটো ক্লিক কৰিব পাইছিলো। গাঁৱৰ ছোৱালীবোৰৰ লগত সিদিনা তাইয়ো আছিল, সঁচাকৈয়ে সকলোৰে মাজত তাই জিলিকি আছিল বাবে মোৰো চকুত পৰিছিল।
Assamese Storyboard
তাই অকলশৰীয়াকৈ ফটো একপি তুলি দিব কৈছিল। মই তুলি দিছিলো। মোৰ সম্পৰ্কীয় ভাইটিটোৱে কৈ আছিল, "সেইজনী আমাৰ বৌ হয়, কলেজত পঢ়ি আছে, চোকা হয় তাই। আৰু জাননে তাই মোৰ বৌ হিচাপে Crush হয়।"
       বিয়া শেষ হ'ল। ঘৰলৈ আহিলো। সকলোকে ফটো দিলো। কিন্তু তাইৰহে ফটোখন দিব পৰা নাছিলো। সঁচাকৈ ফটোখনত খুউব ধুনিয়া লাগিছিল তাইক যিখন মোৰ এতিয়াও বহুত প্ৰিয়। 
     ভাইটিটোলৈ মেছেজ কৰি ক'লো, "বৌজনী ফেচবুকত আছে নে? নামটো ক'চোন মই ফটোখন দি দিম।"
        আপোনালোকে ছাগে ভাবিছে মই তেতিয়াই তাইৰ প্ৰেমত পৰিলো। যদি ভাবিছে সম্পূৰ্ণ ভুল ভাবিছে। বিশ্বাস কৰক মই এটাও মিছা কথা লিখা নাই আৰু নিলিখো। আমাৰ এই লিখনিটো এটা সময়ত আমাৰ চিনাকী সকলোৱেই পঢ়িব যিদিনাখন আমাৰ কথা সকলোৱে গ'ম পাব।


        এটা কথা, তাইক ভাল দেখিছিলো সঁচা কিন্তু তাইক যে কেতিয়াবা ভাল পাম সপোনতো ভবা নাছিলো। আৰে তাইতো বোৱাৰী ন' ভবাটোৱে অসম্ভৱ, আৰু মোৰ তেতিয়া গাৰ্লফ্ৰেণ্ডো আছিল স্কুলৰ দিনৰ পৰাই চাৰিবছৰৰ ভালপোৱা। 
        ফেচবুকত বৌজনীলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলো। তাই একচেপ্ট কৰিছিল mutual friend ত একেখন গাঁৱৰ ল'ৰা-ছোৱালীবোৰ দেখি। তাৰ পাছত মেছেঞ্জাৰত মই তাইৰ ফটোখন Send কৰিছিলো। কিন্তু বহুদিন হৈ যোৱাৰ পাছতো তাই seen নকৰিলে। অৱশেষত উপায় নাপায় ফটোখন ভাইটিটোকে send কৰিলো তাইক দি দিবলে।
      এদিন ঘপক্‌কৈ দেখিলো ফেচবুকত তাই সেই ফটোখন আপলোড দি কেপচন লিখিছে, "কেমেৰামেন কোন নাজানো কিন্তু ফটোখন পালো সেয়ে আপলোড দি দিলো।" মই দেখাৰ লগে লগে কমেণ্ট কৰিছিলো,"ফটোখন ক্লিক আৰু এডিট মইয়ে কৰিছিলো।" কোনো কমেণ্টৰ ৰিপ্লাই নকৰা তাইজনীয়ে আচৰিত হৈ মোক ৰিপ্লাই কৰিছিল আৰু মোৰ প্ৰফাইল চেক কৰিছিল কোন হয়নো চাবলৈ। কিন্তু তাই মোক চিনি নাপালে । তাৰ পাছতে মেছেঞ্জাৰত তাইৰ ফটোখন দি থোৱা দেখি সিদিনা ৰিপ্লাই কৰিছিল,"ছৰি মই seen কৰাই নাছিলো"। মই একো নাই হ'ব দিয়া বুলি কৈ থৈছিলো। সিমানেই আছিল তাইৰ লগত মোৰ চিনাকী। তাৰ পাছত আমি কোনোধৰণৰ কথা পাতি থকা নাই। কিন্তু আজি অনুভৱ কৰো, মই যদি এদিন এটা সঠিক সময়ত তাইৰ লগত কথা নহ'লোহেতেন তেন্তে মই কেতিয়াও গম নাপালোহেঁতেন তাইৰ জীৱনৰ কোনেও নজনা গোপন সত্যবোৰৰ কথা, তাইৰ মাজত লুকাই থকা এন্ধাৰ পৃথিৱীখনৰ কথা। তাই হাঁহি হাঁহি ক্লিক কৰা ধুনীয়া ফটোবোৰ দেখি মই কল্পনাই কৰিব নোৱাৰিছিলো যে সেই হাঁহি থকা ছোৱালীজনীৰ মনৰ মাজত কিমান ডাঙৰ এখন যুদ্ধ চলি আছিল, যি যুদ্ধত তাই হাৰি গৈ এদিন নিজকে হত্যা কৰিবও লৈছিল....... হয়তো নেদেখাজনেই আমাক সঠিক সময়ত মিলাই দিছিল। কাৰণ সেই সময়তেই মোৰ গাৰ্লফ্ৰেণ্ডক ঘৰৰ পৰা চাকৰি কৰা ল'ৰা পাই বিয়া দিব ওলাইছিল। তেতিয়া মোৰ আৰু গাৰ্লফ্ৰেণ্ডৰ বয়স সমান আছিল ১৯ বছৰ। ১৯ বছৰ বয়সতেই চাকৰি কৰা ল'ৰা পালে বুলিয়েই কোনোবা ছোৱালীক ঘৰৰ পৰা বিয়া দিব লয়নে?
মই আৰু সেই অতীতক সোঁৱৰিব নিবিচাৰো যি অতীতে আমাৰ ৫ বছৰৰ ভালপোৱাক শেষ কৰাৰ লগতে মোকো একেবাৰেই শেষ কৰি গৈছিল। তাই এবাৰলৈ হ'লেও মোৰ কথা কৈ ঘৰত বাধা দিব নোৱাৰিলে। এয়াই আছিল ভালপোৱা! 
প্ৰায় ডিপ্ৰেচনত গুচি যোৱা মোৰ কথা আৰু মই বেলেগকৈ আজি ক'বও নিবিচাৰো। লগৰবোৰে কিমান বুজাইছিল, কিমান সান্তনা দিছিল! যি মোৰ মূৰত কোনোদিন একো  নোসোমাইছিল। 
       বহুদিনৰ মূৰত এদিন দেখিলো বৌজনীয়ে এখন ধুনীয়া ফটো ফেচবুকৰ story ত দিছে। মই মেছেজ কৰি দিলো ধুনীয়া লাগিছে বুলি। তায়ো ৰিপ্লাই কৰিলে। 
আপোনালোকে হয়তো এতিয়া ভাবিছে যে গাৰ্লফ্ৰেণ্ডে এৰি যোৱাৰ দুখতে মই বোৱাৰীজনীক ভাল পালো। কিন্তু সেয়া একেবাৰেই নহয়। বহুত গোপন কথা লুকাই আছে যিবোৰ আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছো। মই এইকাৰণেই তাইৰ লগত ব্ৰেকাপ হোৱাৰ কথা লিখিছো যে কাৰণ ব্ৰেকাপ নোহোৱা হ'লে মই কাৰো লগত মেছেজেই নকৰিলোহঁতেন আৰু বৌজনীকো। আৰু সেয়েহে এয়া নেদেখাজনেই মিলাই থৈছিল বুলি মই আজিও মানি লওঁ।
        সেই যে ধুনীয়া লাগিছে বুলি মেছেজ কৰিছিলো সিদিনাই প্ৰথম চিনাকী হৈছিলো তাইৰ লগত। মই তেতিয়া দিল্লীত ইঞ্জিনিয়াৰিঙ পঢ়ি আছিলো আৰু তাই বি. এ. কৰি আছিল তেওঁলোকৰ ওচৰৰে এখন কলেজত। সেই যে চিনাকী হ'লো তাৰ পাছত তাই কেতিয়াবা ফটো দিলে মই ৰিপ্লাই কৰো তায়ো "থেংক ইউ" দিয়ে "ভাইটি" বুলি কয়। বৌ হিচাপে তাইক ভাল লাগিছিল বাবেই কেতিয়াবা মেছেজ কৰিছিলো। দিনটো ব্যস্ত থাকো, ৰাতি শুবৰ সময়ত Ex লৈ মনত পেলাই কান্দো আৰু কেতিয়াবা বৌজনীলৈ মেছেজ কৰো। এনেকৈয়ে এটা বছৰ গুচি গৈছিল । ৰিজাল্ট আগতকৈ বেয়া হৈছিল মোৰ, ঘৰৰ পৰা বহুত বেছি গালি খাইছিলো। তাৰ পাছতেই লাহে লাহে বুজি উঠিছিলো যি মোক এৰি গ'ল গ'লেই, সেইবোৰৰ কথা ভাবিও লাভ নাই কান্দিও লাভ নাই। কেৱল নিজৰ লোকচানৰ বাহিৰে আন একো নহয়। তেতিয়াৰ পৰা নিজকে অলপ সাহসী কৰি তুলিছিলো। 


             এদিন বৌজনীক আকৌ এখন ফটোৰ ৰিপ্লাই দিছিলো। কিন্তু তাই ৰিপ্লাই নিদিলে বহুদিন হৈ যোৱাৰ পাছতো মেছেজ Seen নকৰিলে। আৰু তাই অনলাইনো নাথাকে। সঁচা কৈছো কিয় নাজানো মোৰ অলপ ভয়ো লাগিছিল তাইৰ কিবা হৈছে নেকি বুলি। কিন্তু কি কৰিম উপায়টো নাই। বহুদিনৰ পাছত এদিন ৰিপ্লাই আহিল "আছো ভালেই" বুলি। ইমানদিন কিয় ৰিপ্লাই দিয়া নাছিলা বুলি মই সুধাত তাইৰ সেইটোৰ উত্তৰ নিদি মোক কৈছিল, "পঢ়িছানে নাই? ভালকৈ পঢ়িবা দেই। মই পঢ়িবই পৰা নাই জানা। ৰিজাল্ট বেয়া হ'লে মোৰ যে কি হ'ব" বুলি কৈ কান্দি থকা এটা ইমজি দিছিল। মই আচৰিত হৈ কি হৈছে বুলি বাৰে বাৰে সুধিছিলো। কিন্তু মেছেজৰ ৰিপ্লায়ে নকৰিলে তাই।  তাৰ পাছত মই আকৌ এদিন মেছেজ দিলো কি কৰিছা বুলি। তেতিয়া তাই আকৌ এটা কান্দি থকা ইমজি দিলে। কি হৈছে সুধিলেও নকয়। অৱশেষত মই বহুত লাগি থকাৰ পাছত তাই মোৰ আগত খুলি দিছিল তাইৰ জীৱনৰ আন কোনেও নেদেখা পৃষ্ঠাবোৰ..তাইৰ সপোনবোৰ যে কেনেকৈ কোনোবাই ধ্বংসৰ গৰাহলৈ থেলি দিছিল সেই নিষ্ঠুৰ সত্যবোৰ.... মই বাকৰুদ্ধ হৈ গৈছিলো সিদিনা। কেনেকৈ তাইৰ দৰে এগৰাকী সহজ-সৰল ছোৱালীক মৃত্যুৰ মুখলৈ থেলি দি মানুহে ৰং চাব পাৰে। কেনেকৈ মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰে?? তাই যুঁজি যুঁজি অৱশেষত এদিন হাৰি গৈছিল আৰু উপায়ন্তৰ হৈ 70ত গৈ থকা চলন্ত বাইকৰ পৰা জপিয়াই দিছিল। এতিয়াও তাইৰ শৰীৰত আঘাতৰ বহুতো চিন, চিলাই কৰাৰ চিন... যিটোৱে মোৰ সহ্যৰ সীমা পাৰ কৰি দিছিল সিদিনা।।
            তাইৰ বিয়া হৈছিল মেত্ৰিক পাছ কৰাৰ পাছতেই। পলাই বিয়া পাতিছিল ভালপোৱাজনৰ লগত। আৰু তাতেই কৰি পেলাইছিল তাই জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো। যিটো ভুলৰ শাস্তি তাই আজিও ভুগি আছে। 
             পলাই বিয়া পতাৰ পাছতেই তাইক মাকৰ ঘৰলৈ আৰু যাব দিয়া হোৱা নাছিল। তাইৰ সেই ভুলৰ বাবে দেউতাকে খঙত কৈ দিছিল বি.এ. পাছ নকৰালৈকে তাইক আৰু ঘৰলৈ আহিব নিদিও, ভুল কৰিলে শাস্তি ভুগিবই লাগিব। তাই পঢ়িবই লাগিব যেনেকৈ হ'লেও। লাগিলে তাৰ বাবে যিমান টকা লাগে সেয়াও দিম, কিন্তু ঘৰলৈ অহা-যোৱা বন্ধ।
         তাই জানিছিল তাইৰ দেউতাক বহুত খঙাল আৰু যি কয় সেয়াই কৰে। সেয়ে উপায় নাপায় তাই তেনেকৈয়ে মানি লৈছিল। পিছে তাইৰো পঢ়াত খুউব মন। পলাই আহোতে বেগত H.S. 1st year ৰ কিতাপহে লৈ আহিছিল আকৌ পঢ়িম বুলি। বয়স ক'ম আছিল বাবে তাই সংসাৰৰ কথা একোৱে বুজি পোৱা নাছিল। মাথো কিছুমান কাৰণত বাধ্যত পৰি তাই সৰুতেই পলাই আহিব লগীয়া হয়। কিন্তু তাৰ পাছতেই আৰম্ভ হৈছিল তাইৰ শাহুৱেকৰ ঘৰখনৰ অকথ্য অত্যাচাৰ যিবোৰ তাই কেতিয়াও কল্পনাই কৰিব পৰা নাছিল। যিখন ঘৰৰ বাবে যিজন মানুহৰ বাবে নিজৰ ঘৰখন একেবাৰেই এৰি তাই গুচি আহিছিল, সেইখন ঘৰেই তাইক কৰিলে বিশ্বাসঘাতকতা। অৱশ্যে হাজবেণ্ডে তাইক প্ৰথম খুবেই মৰম কৰিছিল। কিন্তু পাছলৈ মাকৰ প্ৰৰোচনাত পৰি সিও সলনি হৈ গ'ল। তাইক দাসীৰ দৰে ব্যৱহাৰ কৰিবলৈ ল'ল। আকৌ পঢ়িবলৈ দিবলৈ শাহুৱেকৰ ঘৰখনৰ মন নাছিল তাইৰ দেউতাকৰ কথাত পঢ়িবলৈ দিব লগা হ'ল। কিন্তু এটা কথা তাই আজিও ক'ব যে তাইৰ যদিও পঢ়িবলৈ মন আছিল দেউতাকে সেই চৰ্ততো নিদিয়া হ'লে তাই কেতিয়াও আৰু পঢ়িব  নোৱাৰিলেহেঁতেন। সদায় চকুত চকুপানী লৈ, কেটেৰা-জেঙেৰা মাত শুনি, ঘৰৰ সমস্ত কাম কৰিও হাজবেণ্ডৰ মাৰ-কিল খাই কোনো বোৱাৰীয়ে পঢ়িব নোৱাৰে। কেতিয়াও নোৱাৰে। 
কিন্তু তাই পাৰিছিল। 
কাৰণ এটাই, নহ'লে যে তাইক ঘৰলৈ যাব নিদিব, তাইৰ যে মৰমৰ মাতৃগৰাকীক আৰু কেতিয়াও লগ কৰিব নোৱাৰিব। কাৰণ তাইৰ দেউতাক যেনেকুৱা মানুহ কোৱামতে কথা নহ'লে কেতিয়াও মানি নলয়। কিন্তু দেউতাকে তাইক এনেকুৱাও যে শাস্তি দিব পাৰিব সপোনতো ভবা নাছিল। সেয়ে তাই কান্দি কান্দি টোপনি খতি কৰি হ'লেও পঢ়িছিল। সিফালে হাজবেণ্ডে তাই ৰোগীয়া হ'লেও তাইৰ শৰীৰটো উপভোগ কৰিছিল। এনেকৈয়ে হাজবেণ্ডে বিচৰা নাছিল যদিও ভুলক্ৰমে এদিন তাই প্ৰেগনেণ্ট হৈ গৈছিল। কিন্তু তাই পঢ়ি আছিল বাবেই সেয়া কোনেও ৰাখিব নিবিচাৰিলে আৰু সন্তানটি নষ্ট কৰি পেলোৱা হ'ল। 

Assamese Storyboard

          শাহুৱেক আৰু হাজবেণ্ডে তাইক যিমান অত্যাচাৰ কৰিলে মই আৰু জীৱনত তেওঁলোকৰ মুখ চাব নিবিচাৰো, হয়তো দেখাৰ লগে লগেই মোৰ মাৰি পেলাবৰ মন যাব। তাই কছাৰী ছোৱালী,শাহুৱেকে নিন্দা কৰে পুতেকক তই কছাৰী মাইকীহে পালিগৈ নেকি বুলি। সাধাৰণ এটা ভুল কৰিলেই তাইক গোটেই দিনটো গালি শুনায়। তাই ভুল নকৰিলেও কেৱল খুত বিচাৰি ফুৰে। ঘৰৰ ভিতৰৰ কামবোৰৰ উপৰিও তাইক বাৰীত খৰি কাটিবলৈ পঠায়, তাইক অকলে অকলে বাগানত চাহপাত চিঙিব পঠায় । শাহুৱেকে খং উঠি থাকিলে তাই দিয়া চাহকাপ দলিয়াই দি নিজে বনাই খায়। পুতেকক শিকায় "পইচা এটকাও নিদিবি তাইক যেনেকৈ পঢ়ে পঢ়ক, মোৰ ঘৰত যে থাকিবলৈ পাইছে সেইটোৱে বহুত।" 
তাইৰ মাকে তাইলৈ দেউতাকে গম নোপোৱাকৈ বেলেগৰ হাতত তাইৰ প্ৰয়োজনীয় যিমান কাপোৰ লাগে সকলো দি পঠাইছিল, নহ'লে তাই ছাগে ভালকৈ পিন্ধিবও নাপালেহেঁতেন। আজিও তাই ঘৰৰ পৰা দিয়া কাপোৰেই পিন্ধে। 
      তাইক সদায় শাহুৱেকে শুনাইছিল ঘৰৰ পৰা কি দিছে নো তাইক, অকল কাপোৰখিনি আৰু পঢ়িবলৈ পইচাকেইটা  বেলেগ বস্তু দিবলৈ টকা-পইচা নাইয়ে ছাগে মাক-বাপেকৰ। ফাল্টু ছোৱালী ছাগে সেইকাৰণে ভাল নাপায় কোনো তাইক, সেইকাৰণে ঘৰৰ মানুহ কোনো নাহে, বোৱাৰী হৈ পঢ়ি ফালিব আহে ইয়াত, পঢ়িব মন আছিলে যদি ঘৰতে নপঢ়িলি কিয় ইত্যাদি ইত্যাদি.... পুতেকৰ লগত মাকৰ অলপ কথাৰ কটাকটি হ'লেই শাহুৱেকে চিধাই সকলোকে শুনাই শুনাই চিঞৰে এজনী কৰ পৰা নো আহিলে ঘৰখনত জুই লগাবলৈ আহিছে , কথা লগাই লগাই কাজিয়া লগাব আহিছে, ওলাই যাবি ঘৰৰ পৰা তই মাহাৰ বাপেৰৰ ঘৰলেতো যাব নোৱাৰই ক'ত যাৱ যাবি। তাৰ পাছত মাকৰ কথা শুনি হাজবেণ্ডে তাইকেই মাৰিছিল যেতিয়াই তেতিয়াই। কিন্তু তাই হাজবেণ্ডক একোৱেই নকৈছিল, সকলোকে ভয় কৰি মাত এষাৰো নামাতিছিল। তথাপিও বদনাম সকলোবোৰ তাইৰ গাতেই পৰে। ঘৰলৈ যিমান মানুহ আহে সকলোকে তাইৰে বদনাম গায়। এনেবোৰ কাৰণতেই ছাগে তাইৰ হাজবেণ্ডৰ ককায়েকৰ ঘৈণিয়েকজনীও মাকৰ ঘৰলৈ একেবাৰেই গুচি গৈছিল। কিন্তু তাইটো কেতিয়াও যাব নোৱাৰে মাকৰ ঘৰলৈ। তাই কয় "ঘৰতো বহুত প্ৰব্লেম আছে সেয়ে মই মৰি গ'লেও ঘৰ যাব নোৱোৰো। আৰু মই নিজ ইচ্ছাৰে পলাই আহি কোনখন মুখেৰে ঘৰলৈ যাম। হিংসাকুৰীয়া মানুহবোৰে ভাল পাব, হাঁহিব আৰু মই কোনটো নাক লৈ মানুহৰ আগত ওলাই ফুৰিম। মই নোৱাৰো , মই এনেকৈয়ে থাকিম লাগিলে মাৰ খাই মৰিয়ে যাম।"( Assamese Storyboard )

            এদিন শাহুৱেকে চাহ বনাব কৈছিল আৰু তাইৰ অলপ দেৰি হোৱাৰ বাবেই তাইক খুব গালি পাৰিছিল। তাই মাত্ৰ সিদিনা এষাৰ কথা কৈছিল, "মইনো কি ভুল কৰিলো" লগে লগেই শাহুৱেকে জ্বলি উঠিল "তই মুখে মুখে কথা ক'ব পৰা হ'লিগৈ বুলি। পঢ়ি -শুনি ইয়াকেই শিকিছ হাৰামজাদী বোৱাৰী ওলাই যাবি ঘৰৰ পৰা, মোৰ ঘৰৰ বিচনাত নুশুবি নিজে আনি ল'ব নোৱাৰিলে। ক'ত থাক থাকিবিগৈ। ৰূমত সোমাই সোমাই পঢ়াৰ ৰিজাল্ট দেখিম নহয় যিদিনা ফেইল কৰিবি সিদিনা দেখিম তোৰ নাক ক'ত থাকে।" ইয়াৰ পাছতেই হাজবেণ্ডেও তাইক খুউব চৰিয়ালে মাকৰ মুখে মুখে কথা কোৱাৰ বাবে।           সিদিনা আৰু তাই সহ্য কৰি থাকিব নোৱাৰিলে। কান্দি কান্দি চাইকেলখন লৈ ওলাই গ'ল স্কুল যাবৰ বাবে। তাই সেইবাৰ হায়াৰ চেকেণ্ডাৰী ফাইনেল দিব। স্কুলৰ পৰা ঘুৰি আহোতে তাই সিদিনা ঘৰলৈ ঘূৰি নগৈ বান্ধৱী এগৰাকীৰ ঘৰত থাকিল। কিন্তু বান্ধৱীগৰাকীকো তাই একো কোৱা নাছিল। ক'বলৈ কোনোৱেই নাছিল তাইৰ। মাকৰ ঘৰখনেওটো তাইক এৰিয়েই থৈছে। সেয়েহে এটা দিন বান্ধৱীজনীৰ ঘৰতেই থাকিল পাছদিনালৈ কি হ'ব তাই একো ভ'বাও নাছিল। গধূলিলৈকে ঘৰলৈ নোযোৱা দেখি হাজবেণ্ডে তাইলৈ ফোন কৰিলে, তাই ক'ত আছে কৈ দিলে। তাৰ পাছতেই সি তাইক আনিবলৈ গ'ল। তাই সিদিনা থাকিম বুলি ভাবিছিল যদিও গুচি আহিব লগা হ'ল। বাইকত আহি থাকোতেই হাজবেণ্ডে তাইক কৈছিল, "ঘৰলৈ গৈ লওঁ ৰহ্‌ মাই তোক আজি পিঠি ফালিব নহ'লে জ্বলাই দিব.... বাক্যটো শেষ হ'বলৈ নাপাওঁতেই তাই সহ্য কৰিব নোৱাৰি জপিয়াই দিছিল বাইকৰ পৰা।
     আমি ছুইছাইড কৰা মানুহক কাপুৰুষ বুলি কওঁ নহয়নে? কিন্তু যিয়ে ছুইছাইড কৰে তেওঁৰ কথা এবাৰলৈ হ'লেও ভাবোনে যে তেওঁ কিমান অসহায় হ'লে নিজক শেষ কৰাৰ সিদ্ধান্ত লৈ লয়....! তাইৰো একেই হৈছিল। তেনেই ক'ম বয়সতেই তাইক জীয়াই জীয়াই শেষ কৰি পেলোৱা হৈছিল। সেয়ে তাই জপিয়াই দিছিল আৰু একো নভবাকৈয়ে। শিলগুটিৰ ৰাস্তাটোত তাই তেজেৰে ৰাঙলী হৈ পৰিছিল। কিন্তু ভগৱানে তাইক বচাই দিলে আৰু তাই আজি ঘূণীয়া হ'ব লগা নোহোৱাকৈয়ে বাচি গ'ল। ১৫ দিনৰ পাছত তাই বিচনাৰ পৰা উঠিব পাৰিছিল। বেলেগ মানুহক আচল কথাটো লুকুৱাই এক্সিডেণ্ট হ'ল বুলি জনালে ঘৰৰ মানুহে।
কিন্তু তাই ঘৰৰ দেউতাকলৈ মেছেজ লিখিলে যে "দেউতা মোৰ এক্সিডেণ্ট হোৱা নাছিল জপিয়াই দিছিলো মই বাইকৰ পৰা, আপোনালোকে যদি সঁচাকৈ আৰু আমাৰ ঘৰলৈ নাহে তেন্তে Next বাৰ কিন্তু মই জীয়াই নাথাকিম দেউতা। আপোনালোক নাহে বাবেই মই মৰিব লৈছিলো" আচল কথাটো লুকুৱাবলৈ তাই দেউতাকক তেনেকৈ কৈ থৈছিল নহ'লে যে তাইক কাৰণ সুধিব আৰু তাই কেনেকৈ ক'ব ইমানবোৰ কথা। তাই কেতিয়াও ক'ব নিবিচাৰে তাইৰ নিজৰেই বিপদ হ'ব বুলি।
           তাৰ পাছতেই দেউতাকে মাকক পঠাই দিছিল পাছত দেউতাকো আহিছিল। আৰু এমাহ পাছতেই আছিল ফাইনেল পৰীক্ষা। তাই এমাহ অলপ ভালকৈ পঢ়িয়েই ৩ খনত লেটাৰ লৈ Frist division পাইছিল। হাজাৰ বাধা - বিঘিনিয়েও সিদিনা তাইৰ সফলতাক ৰুধিব নোৱাৰিলে। কাৰণ ভাল ৰিজাল্ট কৰাটো তাইৰ লক্ষ্য আছিল। মনে-প্ৰাণে চেষ্টাও কৰিছিল। আৰু তাৰ সুফল তাই পাইছিল। তাইৰ দেউতাকে সিদিনা খুউব আনন্দ পাইছিল ডাঙৰকৈ পাৰ্টী দিছিল সিদিনা তেওঁ নিজৰ ঘৰত।
        এজনী বোৱাৰীয়ে যেতিয়া ভাল ৰিজাল্ট কৰে আমাৰ মানুহবোৰে কি কয়?? আমাৰ মানুহবোৰে কয়, "ভাল ঘৰ এখন পাইছে, হাজবেণ্ডৰ ঘৰৰ পৰা চব ফ্ৰি দি দিছে সেয়েহে পঢ়িব পাৰিছে।" কিন্তু সেয়া সম্পূৰ্ণ ভুল  বুলি প্ৰমাণ কৰি দেখুওৱাৰ সাক্ষী হিচাপে আজি তাই আমাৰ লগত আছে।
           তাৰ পাছত তাই কলেজত বি. এ. ত এডমিশ্যন ল'লে। ইতিমধ্যে তাইৰ ঘৰৰ পৰা সামাজিকভাৱে তেওঁলোকৰ বিয়াখনো পাতি দিলে। অহা-যোৱা আৰম্ভ হ'ল। কিন্তু তাইৰ সেই দুখৰ দিন-ৰাতিবোৰ আৰু শেষ নহ'ল। আচল দুখৰ দিনবোৰ তাইৰ তেতিয়াহে আৰম্ভ হৈছিল। কলেজত এডমিশ্যন ল'লে কিন্তু তাইক কিতাপ এখন কিনিবলৈকো টকা নিদিয়ে, ঘৰৰ পৰা টকা খুজি থাকিবলৈ তাইৰ লাজ লগা হ'ল। কিমান খুজিব আৰু, কিন্তু শেষত তাই মাককেই ক'ব লগা হয় নহ'লে যে আৰু উপায় নাই। আপোনালোকে জানেই হায়াৰ ছেকেণ্ডাৰীতকৈ বি.এ. পঢ়াটো কিমান টান , কিমান কষ্ট। সেয়েহে তাই আগতকৈটো বেছিকৈ পঢ়িবই লাগিব। তাতে তাই এনেই পাছ কৰোটো বিচৰা নাছিল, কলেজৰ  Topper হোৱাৰো সপোন দেখিছিল তাইক কষ্ট দিয়া মানুহবোৰক দেখুৱাই দিবলৈ। কিন্তু তাই বাৰে বাৰে বিফল লৈছিল কাৰণ অলপ পঢ়িবলৈ ৰূমত সোমালেই শাহুৱেকে কয় "অকল ৰূমটোতে সোমাই থাকে, পঢ়ো বুলি শুই থাকিব আক আৰু আো কি কৰিব, আৰাম কৰাৰ দিন আহিছে যে।"         আপোনালোকেই কওঁক ইমান কথা শুনি শুনি তাই কেনেকৈ পঢ়িছিল বাৰু?? হাজবেণ্ডে তাইক যেতিয়াই তেতিয়াই মাৰ-পিট কৰে। একো প্ৰতিবাদ নকৰি তাই নীৰৱে থাকে, মুখ খুলিব নোৱাৰে তাই, নহ'লে যে তাইৰে বিপদ। তাই নিজৰ ভাগ্যকেই দুখ দিয়ে উপায় নাই। কিন্তু এদিন সি তাইক মাকৰ লগত কাজিয়া কৰি ইমানেই মাৰিলে যে তাইৰ শৰীৰত দুখ নোপোৱা ঠাই নোহোৱা হৈছিল সিদিনা। তাইৰ গোটেই মূৰটোত য'তে ত'তে ফুলি গৈছিল। বিষত থাকিব নোৱাৰি তাই ভয়তেই সিদিনা কলেজ যাওঁ বুলি ওলাই গৈ কলেজৰ বান্ধৱী এগৰাকীক সকলো কৈ তাইৰ লগত ডাক্টৰৰ ওচৰলৈ গ'ল। তাৰ পাছত বান্ধৱীগৰাকীয়ে তাইক তাইৰ ঘৰলৈ লৈ গ'ল। বান্ধৱীগৰাকীৰ মাক-দেউতাকে সকলো শুনি তাইক ক'লে "আজিৰ পৰা আমাৰ ঘৰত থাকিয়েই তই পঢ়িবি, আজিৰ পৰা আমাৰ দুজনী ছোৱালী আছে বুলি ধৰি ল'ম। ঘৰলৈ যাব নিদিও তোক, কোনে নিবলৈ আহে চাম। ইয়াত থাকিয়েই দুইজনীয়ে পঢ়িবি।" সেইঘৰ মানুহ তাইৰ বাবে সেই সময়ত ভগৱান হৈ আহিছিল কাৰণ তাই অসহায় হৈ মাথো সেই হাজবেণ্ডৰ ঘৰখনৰ বাহিৰে বেলেগ ক'ৰবাত অলপ আশ্ৰয় বিচাৰিছিল । আৰু সেই অলপ আশ্ৰয় বিচাৰি পাই তাই তাতেই থাকিবলৈ লৈছিল। আপোনালোকে ভাবি চাওঁক কিমান বেছি ভাল হ'লে এঘৰ মানুহে আন এজনী ছোৱালীক নিজৰ ছোৱালী হিচাপে ৰাখিব পাৰে। সেইঘৰ মানুহৰ ওচৰত তাই সদায় চিৰকৃতজ্ঞ। ইমান মৰম নিজৰ মা-দেউতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে বুলি তাই আজিও ক'ব। এমাহ ধৰি তাই তাতেই আছিল তেতিয়া হাজবেণ্ডে সেইঘৰ মানুহৰ পৰা তাইক লৈ যাবলৈ সাহস কৰা নাছিল। তাইৰ মাকৰ ঘৰতো জনা নাছিল যে তাই বেলেগৰ ঘৰত আছে বুলি। মাকে ফোন কৰিলে কয় ঘৰতেই আছো বুলি। তাই পঢ়িছিল সেইকেইদিন। আশা কৰিছিল তাই পঢ়ি-শুনি এটা চাকৰি কৰিব আৰু সকলো নিজে-নিজে ঠিক হৈ যাব। কিন্তু এদিন তাইৰ মাক আৰু দেউতাক হাজবেণ্ডৰ ঘৰত সোমাওঁতে তাইক নেদেখাত শাহৱেকে ক'লে যে লগৰ এজনীৰ ঘৰলৈ গ'ল তাই। মাকে তাইলৈ ফোন কৰি সুধিলে তাই ঘৰত কিয় নাই বুলি। তেতিয়া তাই ফোনটো কাটি থৈ দিলে, বাৰে বাৰে ফোন কৰিছিল যদিও তাই ৰিচিভ নকৰিলে। অৱশেষত উপায় নাপাই বান্ধৱী গৰাকীৰ মাকে তাইৰ মাকলৈ ফোন কৰি সকলো কৈ দিলে আৰু ক'লে যে আপোনাৰ ছোৱালী কিমান কষ্টত আছে এবাৰ চাই যাওঁকহি।
          তাৰ পাছতেই মাক-দেউতাক আহি তাইৰ ঘৰ পালে আৰু অৱশেষত তাইক ঘৰলৈ লৈ যোৱাৰ  সিদ্ধান্ত ল'লে। কিন্তু তাই ক'লে যে তাই নাযায়। তাইৰ মান-সন্মানৰ কথা আছে, লগতে দুয়োখন ঘৰৰ মান-সন্মানৰ কথা আছে,গাৱৰ  মানুহে তেওঁলোকক পাছত যেনেকৈ ঘূৰি ঘূৰি চাব সেই চাৱনিবোৰ তাই সহ্য কৰিব নোৱাৰে আৰু তাই হাজবেণ্ডকো এৰি যাব নোৱাৰে কাৰণ তাই তাক বহুত ভাল পায়, যি বিয়া হ'ল হ'ল আৰু উভতি নাযায় বুলি তাই স্পষ্টকৈ কৈ দিলে। তেতিয়া মাক-দেউতাকে তাইক সুধিলে তেন্তে তাই কি বিচাৰে বুলি। তাই ক'লে যে  মই লগৰজনীৰ ঘৰতেই  থাকি পঢ়িম। কিন্তু দেউতাকে তাইক আনৰ ঘৰত থাকিব নিদি এটা ভাড়া ৰূম চাই দিলে।
       তাই ভাড়াঘৰত থাকিবলৈ ল'লে। কিন্তু তেতিয়াও হাজবেণ্ডৰ ঘৰৰ মানুহৰ পৰা তাই নিতৌ মানসিক অত্যাচাৰ ভুগিব লগা হৈছিল। তাই বেলেগ ল'ৰাৰ লগত থাকে বুলি লেতেৰা লেতেৰা কথা কৈ তাইক ফোন কৰি সদায় গালি পাৰিছিল। তাই একো নকয়, তাই জানে যে তাই কেনেকুৱা সেইটোৱে বহুত। মাথো ৰাতি ৰাতি কান্দিছিল তাৰ বাহিৰেটো বেলেগ উপায় নাই। 
       এমাহৰ বন্ধত তাই এবাৰ ঘৰলৈ গৈছিল । আৰু সেইবাৰ তাই জীৱনৰ আটাইতকৈ ডাঙৰ দুখটো পাইছিল। যি আছিল একেবাৰেই অবিশ্বাস্য, কিন্তু অবিশ্বাস্য হ'লেও সত্য। 
      বিশ্বাসঘাতকতা কৰিলে তাইৰ হাজবেণ্ডে তাইক। 
তাই কেইমাহমান ঘৰত নাথাকোতেই সম্পৰ্ক গঢ়িলে আন নাৰীৰ লগত।
তাই এই কথা কেতিয়াও গ'ম নাপালে হয় যদিহে এদিন তাই হাজবেণ্ডৰ মোবাইলটো চাৰ্জ দি থওঁতে এটা মেছেজ অহাৰ শব্দ নুশুনিলে হয়। এনেই তাই হাজবেণ্ডৰ মোবাইল নুচুৱে, সেই কথা তাইৰ হাজবেণ্ডেও জানে। মেছেজ অহাৰ শব্দ এটা শুনি সিদিনা এনেই ফোনটো  চাবলৈ খুলোতেই এটা মেছেজ দেখি তাই অবাক হৈ পৰিছিল। এগৰাকী বিশেষ ব্যক্তিৰ পৰা সিদিনা এটা মেছেজ আহিছিল আৰু তাত লিখা আছিল ঠিক এনেদৰে,"অলপতেই মই আজি ধৰা পৰি যাওঁ নহয়, হাজবেণ্ডে মোৰ ফোনটো চেক কৰিব লৈছিল, মই কোনোমতে বুদ্ধি কৰি ফোনটো লৈ মেছেজবোৰ ডিলিট কৰি তাক দিছো সেয়েহে তোমালৈ ইমান দেৰি ৰিপ্লাই কৰা নাছিলো।"       তাই লগে লগে বাকী মেছেজবোৰো পঢ়িছিল, হয়তো উশাহ ল'বও পাহৰি গৈছিল তাই সিদিনা। বহু আগৰ পৰা মেছেজ আছিল, তাত লগ পোৱা দিনবোৰৰ কথাওঁ পতা হৈছিল। তাই নিজৰ মোবাইলত হাজবেণ্ডৰ মেছেজবোৰ উলিয়াই ভিডিঅ' কৰি ৰাখিছিল আৰু আজিও আছে তাইৰ ওচৰত সেই ভিডিঅ'। 
         তাই সিদিনা কন্দা নাছিল। তাই কেতিয়াও কল্পনা কৰিবই পৰা নাছিল যে ইমান ডাঙৰ এপাত শেলে তাইৰ বুকুত বিন্ধিবহি পাৰে বুলি। মানুহবোৰ কেনেকৈ ইমান স্বাৰ্থপৰ হয়। তাই দুদিনমান ঘৰত নথকাৰ বাবেই হাজবেণ্ডে আনৰ wife ৰ লগত সম্পৰ্ক গঢ়িলে?
কি আচৰিত! 
ছিঃ ঘিণ লাগিছিল তাইৰ। সিদিনাও তাইৰ মৰি যাব মন গৈছিল কিন্তু পৰা নাছিল। এই বিষয়ে কাকো একো নোকোৱাকৈ দুটামান কাম আছে বুলি কৈ সিদিনাই তাই পুনৰ ৰূমলৈ গুচি গৈছিল। যাবৰ পৰত তাই শুনিবলৈ পাইছিল, "চৰিত্ৰহীন বোৱাৰী যে যাবই আক, বেলেগ মতাই মাতি আছে যে থাকিবলৈ।" তাই একো নোকোৱাকৈ গুচি গৈ ৰূমত সোমাই মাথো কান্দিছিল দুদিন একো নোখোৱাকৈ। কাকো ক'বও নোৱাৰছিল তাই। 
কাক কৈ দুখ পাতলাব? 
আপোন মানুহ যে কোনোৱে নাছিল তাইৰ....
             ঠিক সেই সময়তোতেই মই বাৰে বাৰে সুধি আছিলো তাইক কি হৈছে বুলি। আৰু অৱশেষত তাই কৈ পেলাইছিল মোক সকলোবোৰ কথা। 
       মই একো ক'ব পৰা নাছিলো তাইক। একো উত্তৰ নাছিল মোৰ হাতত... কাক প্ৰশ্ন কৰিছিলো নাজানো কিন্তু বাৰে বাৰে প্ৰশ্ন কৰিছিলো, 
"কি আছে এই ছোৱালীজনীৰ হৃদয়ত?"
"কেনেকৈ সহ্য কৰিবলৈ সক্ষম হৈছে ইমানবোৰ যন্ত্ৰণা??"
সেই সময়ত যিমানখিনি যন্ত্ৰণা লৈ মই জীয়াই আছিলো তাতোকৈ হাজাৰ গুণ যন্ত্ৰণা লৈ তাই জীয়াই আছিল... ভৱিষ্যত কি হ'ব তাইৰ?? উত্তৰ বিচাৰি সিদিনা মই ভাগৰি পৰিছিলো।
          মই মাথো তাইক সাহস দিছিলো, সান্তনা দিছিলো। কাৰণ তাইক তেতিয়া সাহস দিয়া মানুহৰ খুবেই প্ৰয়োজন আছিল। কিন্তু তাই সদায় কান্দিছিল। মই সদায়ে তাইক সান্তনা দিছিলো যদিও তাই কান্দিয়েই আছিল। পঢ়িবলৈ একেবাৰেই পাহৰি গৈছিল তাই। কেৱল ক্লাছ কৰিবলৈ যাব আৰু ৰূমত গৈ কান্দিব, কেৱল জীয়াই থাকিবৰ বাবেহে তাই ভাতসাঁজ খাইছিল। মই সদায় তাইৰ খবৰ লৈছিলো। কেতিয়াবা ৰিপ্লাই দিয়ে আৰু কেতিয়াবা নিদিয়ে , নিদিলে মই আকৌ মেছেজ কৰো তাইক অলপ ফুৰ্তিত ৰাখিবলৈ চেষ্টা কৰো। কিন্তু নাই তাই সলনি নহ'ল। ( Assamese Storyboard )
হয়তো। 
যাক আটাইতকৈ ভাল পোৱা হয় সিয়েই যেতিয়া ইমান ডাঙৰ বিশ্বাসঘাটকতা কৰে কেনেকৈ সহ্য কৰিব পাৰিব তাই? যিজন মানুহৰ বাবে সকলো দুখ-কষ্ট পাহৰি জীৱনত আগুৱাই যোৱাৰ সপোন দেখিছিল সেইজনেই তাইৰ সপোনবোৰ টুকুৰা-টুকুৰ কৰি পেলালে, কেনেকৈ সুখী হয় তাই?
সঁচাকৈয়ে সেইটো চেমিষ্টাৰৰ ৰিজাল্ট তাই বেয়া কৰি পেলাইছিল। বাকী চেমিষ্টাৰ কেইটাত ৮০ ৰ ওপৰ   Percentage পোৱা তাইৰ সেইবাৰৰ Percentage আছিল ৫৩ । মই ৰিজাল্ট শুনিয়েই ভয় খাই গৈছিলো। ভাবিছিলো মই তাইক যেনেকৈ হ'লেও সাহসী কৰি তুলিবই লাগিব, মোৰ বাহিৰে এতিয়া আৰু কোনেও নোৱাৰে, ইমান কষ্টৰ মাজত মই তাইক আৰু চাই থাকিব নোৱাৰো,যেনেকৈ হ'লেও মই তাইক জীয়াই তুলিব লাগিলে মিছা কথা কৈ হ'লেও। তাই যদি এই পৃথিৱীত আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে তেন্তে তাই জীয়াই থাকিবলৈ আৰু বহুত বেছি কষ্ট হ'ব। তাই শেষ হৈ যোৱাটো মই কেতিয়াও চাব নোৱাৰো। মোৰ তাইক ভাল লাগে আৰু ভাল লগা মানুহবোৰৰ কষ্ট মোৰ সহ্য নহয়। গতিকে মই পণ কৰিলো তাইক মই যেনেকৈ হ'লেও জীয়াই তুলিমেই।          এদিন অতি কৌশলেৰে মেছেজ কৰি তাইৰ পৰা মই ফোন নাম্বাৰটো লৈছিলো। প্ৰায় এটা মাহৰ মূৰত এদিন ফোন কৰিলো গধূলি। তাই ইতিমধ্যে মোৰ লগত ভালেখিনিয়ে ফ্ৰি হৈছিল। কথা পাতিলো তাইৰ লগত ভালেমান দেৰি। তাৰ পাছত তায়ে হ'ব বুলি ক'লে। তেনেকৈয়ে কম কমকৈ ভালেকেইদিন কথা পাতিলো। আৰু এদিন ফোন কৰি ক'লো, "আজি মোৰ মনটো বেয়া লাগি আছে কথা পাতা না প্লিজ" তাই ক'লে, "উম ঠিক আছে"। বহুত কথা পাতিছিলো সিদিনা , আৰু এটা সময়ত তাইক সুধিছিলো, "তুমি মোৰ লগত কিয় কথা পাতি আছা?" তেতিয়া তাই কৈছিল, "তুমি পাতি আছা বাবেই পাতি আছো।"  "হাহা হয় নেকি" বুলি কৈ মই আজিলৈ হ'ব দিয়া বুলি ক'লো। আকৌ এদিন পাছত ৰাতি ৯ বজাত ফোন কৰিলো। তাই ৰিচিভ কৰি ক'লে, "আজি কথা নাপাতো মোৰ মন যোৱা নাই মোৰ মন বেয়া, হ'ব দিয়া এতিয়া বুলি কৈ ফোনটো কাটি থ'লে। গ'ম পাইছিলো তাইৰ আকৌ মন বেয়া। আকৌ ফোন কৰিলো তাইলৈ, বহুত কথা বুজাইছিলো সিদিনা মই। বহুত সাহস দিছিলো তাইক। আৰু কৈছিলো, "মই তোমাক সহায় কৰিম, তুমি মাথো ভালকৈ পঢ়াচোন"। মোৰ কথা শুনি হাঁহিছিল তাই আৰু হাঁহি হাঁহিয়ে কৈছিল,"তুমি কি সহায় কৰিবা মোক? এইবোৰ ধেমালী কৰি নাথাকিবা, ফোন থোৱা।" তেতিয়া মই কৈছিলো, "মই যদি কওঁ মই সদায় তোমাৰ জীৱনত সাহস হৈ থাকো বুলি তেতিয়া?? তুমি কি ক'বা?" আৰু বহুত কিবা কিবি কৈছিলো তাইক, তাই মাথো শুনি আছিল। আৰু সিদিনাখনেই মই তাইক ঘপক্‌কৈ সুধি পেলাইছিলো, "তুমি মোক ভাল পোৱানে???" তাই কৈছিল, "প্লিজ এইবোৰ কথা মোক নক'বা।" মই কৈছিলো, "মই জানো তোমাক মোৰ প্ৰয়োজন আছে সেইবাবেই ভগৱানে মোক তোমাৰ ওচৰলৈ পঠিয়াইছে।" তাই কান্দিছিল, মই তাইক সান্তনা দিছিলো, কৈছিলো- "মই আছো নহয় তুমি দুখ নকৰিবা। কথা দিছো তোমাক মই আৰু কান্দিবলৈ নিদিওঁ, সদায় থাকিম তোমাৰ লগত।" হয়তো সিদিনা সদায় থাকিম বুলি কোৱা বাক্যশাৰী মই মিছাকৈয়ে কৈছিলো। কিন্তু একো ভুল কৰা নাছিলো। কাৰণ মোৰ এটি মিছা কথাই যদি কাৰোবাৰ ভাল কৰে তেন্তে সেয়া পাপ হ'ব নোৱাৰে আৰু তাই এদিন এনেও মোৰ পৰা আতঁৰি যাব, কিন্তু তাৰ বাবে আজি তাই সাহসী হ'ব লাগিব, আৰু তেতিয়াহে এদিন তাই আত্মনিৰ্ভৰশীল হ'ব পাৰিব। সেয়া ভাবিয়েই মই তাইক অৱশেষত কৈ পেলাইছিলো সেই বাক্যশাৰী - "মই তোমাক ভাল পাওঁ" 
        তাই একো কোৱা নাছিল, মইহে কৈ আছিলো বহুত কিবা-কিবি। ক'ব নোৱাৰাকৈ ছাগে তাইৰ হৃদয়ত ময়ো সোমাই গৈছিলো যাৰ বাবেই সিদিনা ৰাতি ১ বজাত তাই কৈ পেলাইছিল- "মোক তোমাৰ হৃদয়ত অলপ শান্তিৰে জিৰাবলৈ দিয়া"
          সেয়াই আৰম্ভণি। সিদিনা ফোনটো লাগি থকা অৱস্থাতে তাই টোপনি গৈছিল। মই মাথো শুনিছিলো তাইৰ উশাহ-নিশাহৰ শব্দবোৰ... এনে লাগিছিল তাই যেন সিদিনাহে শান্তিৰে টোপনি গৈছিল। মইয়ো বহুত সুখী হৈছিলো।
            পাছৰ দিনবোৰত তাইৰ লগত কথা পাতি পাতি মোৰ বহুত দুখ লাগিবলৈ ধৰিলে । কাৰণ মই বুজি পালো আজিৰ যুগত তেনেকুৱা এজনী সহজ-সৰল ছোৱালী পোৱাটো খুবেই টান। তাইৰ সৰলতাৰ সুযোগ ল'লে সকলোৱেই, তাইৰ হৃদয়খনক যদি এবাৰ তাইৰ হাজবেণ্ডে পঢ়িবলৈ চেষ্টা কৰিল হয় তাৰ দৰে ভাগ্যৱান আৰু কোনোৱেই নহ'ল হয়। কাপুৰুষ হয় সি, ঘৃণা উপজে মোৰ তাৰ ওপৰত, মই ভগৱান হোৱা হ'লে ছাগে তাক মই শাস্তি দি দি মাৰিলো হয়। 
           লাহে লাহে মই তাইক বহুত বেছি ভালপোৱা হৈ গ'লো আৰু অৱশেষত মোৰ এনেকুৱা লাগিল যে মোৰ Ex য়ে মোক এৰি গৈ ভালেই কৰিলে নহ'লে তাইৰ জীৱনত সুখ দিয়াৰ পুণ্যকণ মোৰ কেতিয়াও নহ'ল হয়।
          এনেকৈয়ে দিনবোৰ গৈ থাকিল। পৰীক্ষা শেষ হোৱাৰ পাছত তাই ঘৰত থাকিবলৈ গৈ সেই একেই অশান্তিৰ দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। সদায় কান্দিছিল তাই, মোৰ বুজাব নোৱাৰাকৈ দুখ লাগে,তাইক লৈ আহিব মন গৈছিল মোৰ তেতিয়াই। কিন্তু পৰা নাছিলো কাৰণ মইও পঢ়িহে আছিলো আৰু এটা চাকৰি অবিহনে মই তাইক বিয়াও পাতিব নোৱাৰো। কি কৰি খোৱাম তাইক মই। তেতিয়ালৈকে মই তাইক যে বিয়া পাতিব বিচাৰো সেই কথা কোৱা নাছিলো, কিন্তু মই তাইক ভালপোৱাৰ পাছতেই অনুভৱ কৰিছিলো যে তাইৰ অবিহনে মই সুখী হ'ব নোৱাৰো।         এদিন বি.এ. ফাইনেলৰ ৰিজাল্ট দিলে। বিশ্ববিদ্যালয়ৰ প্ৰথম দহটা স্থানৰ ভিতৰত তাইৰ নামটোও আহিল। তাই প্ৰথমতে একেবাৰে প্ৰথম স্থানত থকাৰ আশা কৰিছিল যদিও দুটা চেমিষ্টাৰৰ ৰিজাল্ট বেয়া হৈছিল বাবে সেয়া সম্ভৱ নহ'ল। তথাপিও তাই যি কৰি দেখুৱালে মোৰ লগতে সকলোৱেই সুখী হ'ল। ইমান ভালকৈ ইউনিভাৰছিটিত তাই ছিট পোৱাৰ বাবে মাকৰ ঘৰৰ পৰা আৰু তাইৰ ছাৰ- বাইদেউ সকলেও এম. এ. কৰিবৰ বাবে উৎসাহ যোগালে। তাইৰ এনেও সৰুৰে পৰা এটা সপোন আছিল যে এদিন তাই এম.এ. কৰিব। সেয়ে ঘৰৰ পৰাও কোৱাত তাই বহুত ভাল পালে আৰু হাজবেণ্ডৰ ঘৰৰ পৰাও তাইক বাধা দিব নোৱাৰিছিল কাৰণ সকলোৱে তাইক বহুত চাপৰ্ট কৰিছিল আৰু গাঁৱৰ মানুহবোৰেও তাইক খুউব ভাল পাইছিল তাইৰ হাঁহিমুখীয়া মাতষাৰৰ বাবে। গতিকে এম.এ. কৰিবলৈ তাই ডিব্ৰুগড় বিশ্ববিদ্যালয় গুচি গ'ল। মইয়ো খুব ভাল পালো।
        এয়াই আমাৰ ভালপোৱা। তেতিয়াৰ পৰা আজিলৈকে আমাৰ ভালপোৱা কেতিয়াও কমা নাই বৰঞ্চ বাঢ়ি বাঢ়ি গৈ আছে। প্ৰথমতে মই তাইক মিছাকৈয়ে কথা দিছিলো যদিও আজি কিন্তু সচাকৈয়ে তাইক বহুত বেছি ভাল পাওঁ। তাইৰ ব্যক্তিত্বই মোক আকৰ্ষিত কৰে। তাইৰ অবিহনে মই কেতিয়াও সুখী হ'ব নোৱাৰো।
    ঘৰত গ'লেই তাইৰ কান্দোন, অশান্তি। মোৰ অসহ্য হয়। কিন্তু উপায় নাই, চাকৰি এটা নকৰালৈকে তাইক নিজৰ কৰিব নোৱাৰো। আৰু তাইয়ো কথা দি থৈছিল যে তাইয়ো এটা চাকৰি নোপোৱালৈকে মোৰ স'তে আহিব নোৱাৰে। মই কওঁ, তুমি মোলৈ নাহিলে মই আৰু কেতিয়াও বিয়া নাপাতিম। এনেদৰেই থাকিম তোমাৰ স'তে, দূৰে দূৰে..., " তাই কয়-"তুমি অবিহনে মইয়ো অসম্পূৰ্ণ জানা, চাবা এদিন ভগৱানে আমাক মিলন কৰি দিব।"
         ?

- মৃন্ময় শইকীয়া।

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


7 comments:

  1. Bohut besi val lagil porhi

    ReplyDelete
  2. বহুত ভাল লাগিল সঁচা কাহিনী হয় জেন লাগি ল যদি সঁচা হৈ দই কে এক কৰক ভগৱানে

    ReplyDelete
  3. কি কম ভাষা নাই 😭 সঁচাকৈ পঢ়ি বহুত ভাল লাগিল মোৰ কাহিনীও ঠিক এই স্তৰী তোৰ দৰেই নাজানো কি ভূল কৰিলোঁ তথাপিও চেষ্টা কৰিম

    ReplyDelete
  4. ওপৰত থকা নেদেখা জনে সদায় আগুৱাই নিব আপোনালোকক।
    আপোনাক এটা ৰিকুৱেষ্ট দিব পাৰিম নেকি?
    জনাব।

    ReplyDelete
  5. ভগৱানে সকলো ভালৰ কাৰণেই কৰে।ভগৱানে আপোনালোকক নিশ্চয়কৈ মিলন কৰাব।

    ReplyDelete
  6. realy ....... love story

    ReplyDelete
  7. সুন্দৰ! গল্পটি পঢ়ি খুবেই ভাল লাগিল

    ReplyDelete

Advertisement

Pages