সি তাৰ কোঠাত সোমাই আহিছিলে | তাই বিচনা খনত শুই আছিলে | হেহঃ তাৰ চিন্তা হ'ল কেনেকে জানো আগুৱাব | কি কব বাৰু তাইক | নাই নাই তাৰ লাজ লাগে | সি কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলে | চেহঃ বৰ দিগদাৰ হ'ল কি কৰিব বাৰু সি এতিয়া ! উম সি তাৰ বন্ধু ৰঞ্জনক ফোন লগালে ,,,,,,,,,
- হেল্ল' ৰঞ্জন
- অ ৰিয়ান ক' ভাত খালি !
- উম খালো |
- পিছে ন-কইনা ই বনালে ?
- ঠিকে,ঐ শুন না এইবোৰ বাদ দে,মোক কথা এটা কচোন !
- কি ?
- মানে আজি আমাৰ,,,,,,,,,,
- ক' ৰৈ গ'লি যে
- মানে ,,,,,,
- ফুলশয্যা নিশা |
- অ অ , এতিয়া কথা হ'ল কৰ পৰা কেনেকে কি আৰম্ভ কৰো মই মানে একো উপায় পোৱা নাই !
- এটা কাম কৰ কাইলৈৰ পৰা মোৰ তাত টিউচন ল'
- হাৰে ভাই ধেমালী বাদ দে না |
- চা তই তাইৰ কাষত যা,,বিচনা খনত বহি ল' ,অ ৰহচোন তোৰ ওৱাইফৰ নাম কি আছিলে,,,,
- নম্রতা
- অ ,, নম্রতা আজিৰ পৰা এইখন ঘৰৰ দায়িত্ব তোমাৰ ওপৰত |
লাহেকে তাইৰ হাত খন তোৰ দুহাতৰ মাজত তানি লবি,জোৰকৈ মুছি মাৰি ধৰিবি আৰু কবি,,,,সুখে দুখে প্রতিটো পলে যেন আমি ইজনে সিজনৰ কাষত থাকো ! লাহেকে তাইক বুকৰ মাজত তানি আনিবি তাইৰ মেঘালী ছুলি তাৰীত তোৰ হাত খন ফুৰাই দিবি ! আৰু কবি আজিৰ পৰা যেন আমাৰ এটা প্রেমৰ আৰম্ভনী হয় ,যি প্রেম জীৱনে মৰনে আমি এক হৈ থাকিৱ পাৰো | লাহেকে তই বিচনাত পৰি যাৱি তাইক বুকুৰ মাজত তানি নিবি তাইৰ কপাল খনত চুমা এটা আকি দিবি লাহে লাহে,,, ,,,,, ,,,,,,,,,,,,,,,,,,,,,,,,,, বুজিলি মুৰ্খ ?- থেনকচ্ বুজিলো দে
- ঠিক আছে তেন্তে হেপি চুহাগ ৰাত বাই বাই,,,,,,
ৰঞ্জনে ফোনটো ৰাখিছিলে |সি আকৌ ৰুমত সোমাই গৈছিলে | দেখিছিলে তাই শুই আছিলে | সি লাহে লাহে তাইৰ ওচৰ চাপি গৈছিলে | বুকুখন ধিপিং ধিপিং মাৰিছিলে |লাহেকে সি বিচনাত তাইৰ কাষত বহি লৈছিলে | সি দেখিছিল তাই তাৰ ফালে পাছফাল হৈ শুই আছিলে |
- নম্রতা ,হেই নম্রতা
তাইৰ মাত পোৱা নাছিলে |
- তোমাৰ চাগে ঘৰলৈ মনত পৰিছে ন ? দুখ কিয় কৰিছা আমাৰ এইখন ঘৰটো মা-দেউতা আছে নহয় | দুখ নকৰিবা | আৰু তুমিটো মাজে সময়ে মা দেউতাৰ ওচৰত যাবাই | মই বুজি পাওঁ ছোৱালী মানুহৰ জীৱনটো বৰ কষ্টকৰ | এখন ঘৰ ত্যাগ কৰিব লাগে | সি তাইৰ হাত খনত ধৰি লৈছিল নম্রতা,,,,,,,,
- চাওঁ এৰি দিয়ক |
তাই জোৰকৈ হাত খন এৰুৱাই নিছিলে |
- নম্রতা !
- আপুনি কিহৰ অধীকাৰত মোৰ হাতত ধৰিছে ?
- আৰে মই তোমাৰ স্বামী নম্রতা |
- আপোনাক মই কথা এটা কবলগীয়া আছে !
- কি কথা,কোৱা ,,,,,,,
- আপুনি এমাহ দিন মোক স্পৰ্শ কৰিব চেষ্টা নকৰিব |
- কিন্তু কিয় ?
- কাৰন মোৰ এটা ব্রত আছে | এই ব্রত শেষ হবলৈ দিয়ক |
- কিন্তু এই ব্রত কিহৰ নম্রতা |
- সেয়া মোৰ একান্তই ব্যক্তিগত |
তাৰ মনটো ভাগি গৈছিল ,আজি প্রথম দিনাই পত্নীৰ পৰা সি পালে বঞ্চনা অবহেলা |
সি মনৰ দুখ মনতে ৰাখি থলে , কাষৰ বিচনা খনত সি পৰি থাকিল এজন নিসংগ মানুহৰ দৰে | কিয় তাইৰ মন মিলা নাছিলে নেকি তাৰ লগত ? নে পচন্দ হোৱা নাছিলে তাক ! তেন্তে কিয় বিয়াত বহিছিল তাৰ লগত |বহুত প্রশ্ন আগচি ধৰিছিল তাক | তাৰ নিৰ্মল মনটোক গ্রাস কৰি পেলাইছিল বিষাদে | তেনেকে সি টোপনি গৈছিল |
ৰাতিপুৱা তাই বিচনাৰ পৰা উঠি গৈছিল | তেনেতে তাৰ কোঠাত কিবা বিশেষ কামত তাৰ মাক সোমাই আহিছিলে | আহিয়ে মাকে দেখিছিলে সি সেই আগৰ সৰু বিচনা খনত শুই আছিলে |
- ৰিয়ান
মাকৰ মাতত সি টোপনিৰ পৰা সাৰ পালে |
- অ মা
- তই এইখন বিচনাতে পৰি আছ যে |
- নাই মা গৰম লাগিলে সেয়েহে ফেন খন এইখন বিচনাৰ ওপৰতে আছে আহি গ'লো |
মাকে আৰু কোনো উত্তৰ নিদিলে,চিধাই কোঠাৰ পৰা ওলাই গ'ল |
নাই নাই সি তাইক মাক দেউতাকৰ চকুত বেয়া কৰিব নোৱাৰে | সিহতৰ যেন কোনো গোপন কথা মাক দেউতাকে গম নাপায় | পালে তেখেত সকলেওঁ বহুত দুখ পাব |( Assamese Storyboard )
সি বিচনাৰ পৰা উঠি গা ধুই অফিচ ওলাই গ'ল | অফিচত গ'লেওঁ তাৰ মনটো আজি বিশেষ ভাল লগা নাই |কাৰন কি হব তাৰ সংসাৰ খন | কিয় তাই এনেকুৱা কৰিছে তাক | সি আজি বুজি পালে যে সংসাৰৰ সপোন দেখা সহজ কিন্তু,,,,,,,,,,
- ৰিয়ান
- অ ৰঞ্জন
- কেনে গ'ল চুহাগ ৰাত !
- ভালে ,,,,
- কি হ'ল বৰষুণ আহিৱ যেন পাওঁ
- নাই অ গাটো ভাল লগা নাই |
- কিয় ন কইনাৰ লগত গোটেই ৰাতি কথা পাতিলি চাগে,,,,
কথা খিনি কৈ কৈ ৰঞ্জন গ'ল |
সি যেন আজি সকলোৰে পৰা পলাৱ লগা হৈছে, দুখত থাকিওঁ সুখৰ অভিনয় কৰিব লগা হৈছে | সি তাইলৈ এবাৰ ফোন লগালে | ব্যস্ত আছিলে তাই | কিছু সময় পাছত আকৌ লগালে ,,,,,
- হেল্ল'- কি কৰিছা ?
- শুই আছো |
- নম্রতা তুমি কি খাই,ভালপোৱাঁ ?
- কিয় সুধিলে ?
- নহয় মানে মই অফিচৰ পৰা যাওঁতে ৰেষ্টুৰেন্ট ৰ পৰা লৈ যাম |
- নালাগে দিয়ক , মই একো খাই ভালনাপাওঁ কাম কৰক |
তাই ফোনটো কাতি দিছিলে | তাৰ হিয়া খন ভাগি গৈছিলে |
অফিচৰ পৰা ঘৰত আহি সি তাইক চিঞৰি চিঞৰি মাতিছিল |
- ,,,,,,,,,,,,,,,,,,,,,,,, বাই সি আহিলে |
তাৰ কানত পৰিছিল তাইৰ কথা খিনি | তাই সি অহাৰ লগে লগে ফোনটো কিয় কাতিলে ! সি আহিল বুলি তাই ফোন কাতিব লাগে নেকি ! তাৰ মনত নানা প্রশ্নই বাহ ল'লে |
এনেকে এদিন দুদিন গৈ থাকিলে |সি দিনে দিনে মানসিক ভাৱে ভাগি পৰিলে,মাকৰ আগত মৰা হাঁহিটো ৰ আৰৰ কান্দোনে তাক বেছি দুৰ্বল কৰি পেলাই | সি তাইক বিজি পাই মোবাইলটো আহি চেক কৰে কিন্তু কতা কোনো ফোন নং নাথাকে,মানে ডিলিট | কিয় ডিলিট কৰে তাই নাম্বাৰ বোৰ |
সি সকলো কথা আজি বন্ধু ৰঞ্জনৰ লগত শ্বেয়াৰ কৰিলে | আৰু সি তাক এটা বুদ্ধি দিলে |
- নম্রতা ,এয়া লোৱা তোমাৰ উপহাৰ |
- কি এয়া !
- খুলি চোৱা !
তাই একে উশাহতো পেকিংটো খুলিলে |
- ওৱাহ ! নিউ মোবাইল |
- তোমাৰ বাবে
কথা খিনি কৈ সি আতৰি গ'ল |
এতিয়া তাই নতুন মোবাইলৰ লগতে ব্যস্ত | সেই দিনটোৰ পৰা সি যেন তাইৰ কাৰনে আকৌ বেছি গুৰুত্বহীন হৈ পৰিছে | তথাপি তাৰ কোনো আক্ষেপ নাই আজি | সি মাত্র অপেক্ষা কৰিব তেনে এটা দিনৰ |যি দিনা ৰহস্য ফাদিল হব অভিশপ্ত ফুলশয্যাৰ |
- হেল্ল'
- এতিয়া কি কৰিম মই ,,,,,,
- কি কৰিবা মানে ?
- কিয় তুমি নাজানা মোৰ গৰ্ভত তিনি মহীয়া সন্তান |
- জানো,আৰু অতিশিঘ্রে তোমাক নিজৰ কৰি লম |
- চোৱা আজিওঁ মই তাক মোক স্পৰ্শ কৰিব দিয়া নাই মই কৈছো যে মই ব্রতত আছো |
এয়া কি শুনিছে সি,এয়া নম্রতাই কি কৈছে ! কিয় ইমান বিশ্বাসঘাটতকতা মোৰ লগত | কি তাই প্রেগনেন্ট | তাই যদি,,, কিয় মোৰ লগত বিয়াত বহিছে ! কিয় ধংস কৰি পেলালে মোক | এয়াই নেকি ব্রত | কেনেকে মুখ দেখাম সমাজ খনক কেনেকে ?
নম্রতা গৰ্ভৱতী | কিন্তু তাইৰ পেটত কাৰ সন্তান ! কাৰন বিয়াৰ দুবছৰ আগতে হেনো তাইৰ প্রেম শেষ হৈছে | তেন্তে এই সন্তান কাৰ ? ,,,,,,,,,,,,,( Assamese Storyboard )
ক্ৰমশ |
প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html
চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_986.html
পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_557.html
ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_577.html
সপ্তম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_990.html
অষ্টম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_575.html
নৱম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_626.html
দশম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-https://www.smj24.in/2021/01/blog-post_32.html
একাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_22.html
দ্বাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_29.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
১৩ নং কেতিয়া পাম
ReplyDelete13 nmbr tu lgsle ...porhi vl lgise ..gutei keita khondo prhb pn bli akha thkile
ReplyDelete13 tu Katya pam
ReplyDeleteপাছৰ খণ্ড জানিব মন গৈছে তাইক কি অ হত্যা কৰিলে। সোনকালে দিব
ReplyDelete