মেগী , চাওমিন, মানচুৰিয়ান , স্প্ৰিং ৰোল , পিজা , বাৰ্গাৰ আদি আজিকালি যুৱ সমাজৰ মাজত বহুত বেছি পৰিমানে প্ৰচলন হব ধৰিছে । বহুতে দিনটো এইবোৰ খায়েই পেট ভৰায় ।
কিন্তু আপুনি জানেনে যে এইবোৰ খাদ্যৰ সোৱাদ বঢ়াবলৈ কি ব্যৱহাৰ কৰা হয় বা কিদৰে সোৱাদ বঢ়োৱা হয় ?
এইবোৰৰ সোৱাদ বঢ়াবলৈ এবিধ বিশেষ মছলাৰ ব্যৱহাৰ কৰা হয় । যাৰ ৰাসায়নিক নামটো হল 'মনো চডিয়াম গ্লুতামেট' বা চমুকৈ M. S. G.
এইটোক আমি সাধাৰণতে 'আজিনামতো ' বুলি জানো । এইবিধ যি খাদ্যতেই দিয়া হওঁক , ই সেই খাদ্যৰ সোৱাদ বঢ়াই দিয়ে ।
'আজিনামতো' হল এনেকুৱা এবিধ ৰাসায়নিক দ্ৰব্য , যিবিধ জিভাত দিয়াৰ পিছত আমাৰ জিভাই ভ্ৰমিত হৈ ভুল সংকেত মগজুলৈ প্ৰেৰণ কৰে ।
যাৰ বাবে গেলি-পচি যোৱা খাদ্যও ভাল লাগে । এইবিধ ৰাসায়নিকৰ প্ৰয়োগৰ ফলত আমাৰ শৰীৰৰ অংগ-প্ৰত্যঙ্গ আৰু মস্তিষ্কৰ মাজৰ নিউৰণ নেটৱৰ্কত বাধা পায় । যাৰ দীঘলীয়া পৰিনাম বহুত ভয়ানক হব পাৰে ।এই আজিনামতোৰ আবিষ্কাৰ জাপানৰ কিকুনেই ইকেদা নামৰ এজন বৈজ্ঞানীকে 1908 চনত কৰিছিল ।
সেই সময়ত কিকুনেই ইকেদা 'টকীও ইম্পৰীয়েল ইউনিভাৰ্চিটি'ত প্ৰফেছৰ হিচাপে কাম কৰি আছিল । তেওঁৰ পত্নীয়ে কেল্প নামৰ এবিধ বিশেষ 'চুপ' (soup') জাপানী সাগৰীয় ঘাঁহেৰে বনাইছিল । সেই কেল্প নামৰ ঘাঁহেৰে বনোৱা চুপ বিধৰ পৰা এটা বেয়া গোন্ধ ওলাইছিল ।
প্ৰফেছৰ কিকুনেই ইকেডাই জলীয় নিষ্কাশন আৰু কৃষ্টলিকৰণ পদ্ধতিৰ দ্বাৰা সাগৰীয় ঘাঁহ লমিনেৰীয়া জাপানীকা , কম্বুৰ পৰা গ্লুতামিন অম্ল (আজিনামতো) পৃথক কৰি সেই নিমখৰ নাম Umami ৰাখে । যিটোৰ অৰ্থ হল সুখী সোৱাদ । পাছলৈ প্ৰফেছৰ কিকুনেই ইকেডাই জাপানত ইয়াৰ patent লৈ MSG নাম ৰাখে ।
1909 চনত sujuki কোম্পানীৰ লগত মিলি Ajinomoto নামৰে কোম্পানী খোলে ।
বহুতো গৱেষণাত ই মানুহক নুপুংসক বনাব পাৰে ,অনিদ্ৰা ৰোগ হব পাৰে , মগজু পাগল কৰিব পাৰে আৰু চকুৰ দৃষ্টিশক্তি নোহোৱা কৰিবও পাৰে বুলি প্ৰমাণ পাইছে ।
ইয়াৰ সেৱনৰ ফলত শৰীৰৰ মাংসপেশীৰ টনাটনি কৰা , হৃদপিণ্ডৰ গতিবেগ অস্বাভাৱিক কৰা আদিও কৰে ।
শৰীৰত কেলচিয়ামৰ মাত্ৰা কম কৰি ই হাড়ৰ বিষ কৰিব পাৰে ।
ইয়াৰ উপৰিও ইয়াৰ বহুতো ভয়ংকৰ পৰিমাণ আছে , যিবোৰ দীঘলীয়া সময় সেৱন কৰাৰ ফলত হব পাৰে ।
নিজৰ লগতে আনকো বছাওক share কৰি ।।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment