( অপৰাধী ধৰা পৰিল নে ? মহিলা জনী কোন হব পাৰে বাৰু ? )
- কোনে ক'লে তোমাক ?
- সেই যে কাহিলী পাৰাৰ ফুটপাথ্ত এজন বৃদ্ধ পৰি থাকে তেখেতে ক'লে |- কি !ব'লা আমি তেখেতক এবাৰ ল'গ কৰো |
- ব'লা !
- কল্যানী মাক কবা মই আহি আছো |
ৰহস্য ! ৰহস্য ! ৰহস্য সকলো ফালে মাত্র ৰহস্যৰ আৱৰ্ত্তত সোমাই পৰিছে | ৰিয়ানৰ মাত্র লক্ষ্য এটাই অপৰাধীক যেনেকে নহওঁক চিনাক্ত কৰিবই লাগিব | কাৰন নম্রতা হত্যাকাণ্ডই দুখন ঘৰৰ সপোন বোৰ চূৰমাৰ কৰিলে | সিহত কিছু সময় পাছত সেই মানুহ জনৰ ওচৰ পালে |
এইজনে !
ৰাজুই ৰিয়ানক কৈছিলে |
- মাতক চোন !
- ককা ! ককা
মানুহ জন শুৱাৰ পৰা উঠিছিল | সিহতৰ মুখ কেইখনলৈ চাইছিল | দেখাত মানুহ জন ভোকাতুৰ যেন লাগিছিল | লেৰেলি যোৱা দেহা |
চকুৰ কেটেৰেক্ট বোৰ যোৱাই নাই | দীঘল দীঘল দাড়িৰ সৈতে প্রায় সত্তৰৰ উৰ্দ্ধৰ এজন বৃদ্ধ | কিন্তু বয়সতকৈ মানুহ জন বেছি বৃদ্ধ হৈছে | সিহতক দেখি মানুহ জনে হাত দুখন পাতিছিল | হয়টো সহায়ৰ কাৰনে |- ককা ভাত খাৱ ?
মানুহ জনে মূৰটো জোকাৰি দিলে |
ৰাজু আৰু ৰিয়ানে মানুহ জনক হোটেল খনলৈ লৈ গ'ল | আৰু হোটেলত ভাত অৰ্ডাৰ দিলে | হোটেলৰ ল'ৰা জনে মানুহ জনক ভাত দিলে |
মানুহ জনে উদাৰ পুৰাই খালে | ভাত খাই মানুহ জনে দুয়োকে হাত খনৰে প্রনাম কৰি ওলাই গ'ল |
সিহতে পিছে পিছে গ'ল |
- ককা !
- কিবা কবা ?
- সেইদিনা যে ছোৱালী জনীক হত্যা কৰা হ'ল হত্যাকাৰীক আপুনি চিনি পাই ?
মানুহ জনে ফুট পাথলৈ খোজ দিলে |
- এইখন পৃথিৱীৰ পৰা ভগবান / আল্লা নোহোৱা হ'ল বোপা | আজিকালি ওলোটা হ'ল সকলো ,অধৰ্মৰ জয় ধৰ্মৰ পৰাজয় | এয়া কল্কী অৱতাৰ | যি অৱতাৰে ভায়ে ভায়ে যুদ্ধ হব,পিতৃৰ বনবাস হব,মাতৃৰ পুত্রৰ হাতত মৃত্যু হব |
- মই ঠিক বুজা নাই ককা
ৰিয়ানে ৰাজুৰ মুখলৈ চাইছিল |
- তোমালোকে কোৱা মানুহ এজনক হত্যা কৰা কিবা ডাঙৰ কথা নেকি !মই তোমালোকক হত্যা কৰিম |
- কি !
ৰিয়ান আচৰিত হ'ল মানুহ জনে বাৰু কি কৈছে |
- ভয় নাখাবা কথাটো কৈছো |মই হত্যাকাৰী নহয় |
- ককা সেইদিনা যে এইখিনি ঠাইত এজনী বোৱাৰীক হত্যা কৰা হৈছিল আপুনি জানে নে ?
- জানো ! এইজনী মহিলা আৰু এটা ল'ৰাই হত্যা কৰিছিল তাইক |
- কি !
- ৰাতিৰ মহানগৰী,তাতে আকৌ সকলো নিজক লৈ ব্যস্ত | লাহে লাহে ৰাজপথত মানুহৰ সংখ্যা কমি আছিলে |
কোনোবাই চিঞৰিছিল " মোক নামাৰিবি,মোৰ পেটৰ সন্তানটোক জীয়াই থাকিবলৈ দে |" কোনোবাই কৈছিল " তই মোৰ জীৱন ধংস কৰি পেলালি | তই মোৰ জীৱনৰ সুখ মছি পেলালি | গতিকে তোক মই,,,,,,,,,,,,,,,,,,"এনেকে শেষ হৈছিল এটা জীৱন | আজি কালিৰ মানুহে পাপক ভয় নকৰে,পাপীক সন্মান কৰে | ডাঙৰ ডাঙৰ সভা সমিটিত অপৰাধীক গামোছাৰে সম্বৰ্ধনা জনাই | এয়াই আমাৰ সমাজ বোপা |
ৰিয়ানে ৰাজুৰ মুখলৈ চালে | কি কব সি ! কোন হব পাৰে সেই অপৰাধী |কিয় হত্যা কৰিলে সিহতে নম্রতাক |
- আপুনি সিহতক চিনি পাই নেকি ককা ?
ৰিয়ানে মানুহ জনক সুধিছিলে |
- চকুৰ চিনাকী দুদিনৰ | আমি কিন্তু এতিয়াওঁ পাপীকে ঘৃনা কৰো বোপা | এতিয়া মই অকমান জিৰণি লম | মোক আমনি নকৰিবা | ভাগৰুৱা দেহা মোৰ | হত্যা ,লুণ্ঠন ,ধৰ্ষণ এইবোৰ সৰু সৰু কথা | দুদিনৰ পিছত সকলো ইতিহাস | পাহৰনিৰ গৰ্ভত |
মানুহ জনে ফুটপাথতে শুই দিলে | কম্বল খন মূৰলৈ তানি ল'লে | হয়টো এয়াই শান্তিৰ বিশ্রাম |
- ছাৰ নমস্কাৰ
আগন্তুকে অফিচাৰক নমস্কাৰ জনালে |
- হয়,কিন্তু তুমি ?
- মৃন্ময় ,মৃন্ময় চলিহা | আপুনি হেনো মোক মাতি পঠাইছিলে |
- অ চাব্বাছ ডেকা ল'ৰা |
- ছাৰ অপৰাধী নহয় যেতিয়া আহিবলৈ কিয় ভয় কৰিম |
- ৰাইট ! পিছে তুমিটো জানা তোমাক কিয় মাতি পঠাইছিলো ?
- নম্রতা হত্যাৰ আৰৰ ৰহস্যৰ অনুসন্ধানৰ কাৰনে !
- বঢ়িয়া | তুমি কি বিচৰা ?
- মই বিছাৰো ছাৰ,সেই খলনায়কক অতিশিঘ্রে বিচাৰি উলিয়াওঁক |
- ইয়েছ ডেকা ল'ৰা | কিন্তু আমি শুনিছো নম্রতা আৰু তোমাৰ হেনো সম্পৰ্ক বিয়াৰ পাছতো আছিলে !
মৃন্ময়ৰ মুখত শংকাৰ ছাপ |
- এয়া কি কৈছে ছাৰ ? আমাৰ সম্পৰ্ক দুবছৰ আগতে শেষ হৈছিল |- মিছা কথা |
- সঁচা কথা ছাৰ |
অফিচাৰে লগে লগে আৰক্ষীৰ কৌশল প্রয়োগ কৰিলে |
- হাজৰিকা বেট ডাল এইফালে আনক ,ই মিছা কৈ আছে ইয়াক দুচাট দিব লাগিব |
- দুচাট নহয় ,কোৱাই কোৱাই মাৰি পেলাওঁক মোক | কিন্তু যিটো সঁচা সেইটো হে কম |
- তোমালোকৰ সম্পৰ্ক কিয় শেষ হ'ল ?
- মই দুখীয়া ঘৰৰ ল'ৰা বাবে তাইৰ দেউতাকে মোক তাইৰ জীৱনৰ পৰা আতৰি যাৱ কৈছিল |
- আৰু দেউতাকৰ কথা মতে তুমি আতৰি গ'লা ? এয়াই তোমাৰ প্রেম ?
- প্রেমৰ কথা নহয় ছাৰ,এয়া ত্যাগ | এখন ঘৰৰ সন্মতি অবিহনে মই সম্পৰ্ক ৰক্ষা কৰিব বিচৰা নাছিলো ছাৰ | এজন পিতৃক সন্মান জনাই মই আতৰি আহিছিলো তাইৰ জীৱনৰ পৰা |
অফিচাৰে কিছু সময় চিন্তা কৰিলে |
- হাজৰিকা , ইয়াৰ ডি.এন.এ টেষ্ট কৰাৰ ব্যৱস্থা কৰক |
অফিচাৰে কিছু সময় চিন্তাত মগ্ন হ'ল |দুবছৰ আগত যেতিয়া সম্পৰ্কই শেষ গতিকে সিহতৰ মাজত শাৰিৰীক সম্পৰ্ক কেনেকে হব | গতিকে এইবাৰ নম্রতাৰ দেউতাক ৰ সহায়ত এটা কথা বিচাৰিব লাগিব যে তাই এই কেইদিন কাৰ লগত ক'ত গৈছিল | তেতিয়া নিশ্চয় ওলাৱ পাৰে |
- আপুনি আজি আমাক কিছু নতুন তথ্য দিব লাগিব |অফিচাৰে নম্রতাৰ দেউতাকক কৈছিলে |
- কি ছাৰ !
- আপুনি কওঁক ছোন বিয়াৰ আগৰ চমাহ নম্রতাৰ কাৰ কাৰ লগত সম্পৰ্ক আছিলে !
- মই জনাত ছাৰ তাইৰ কাৰো লগতে সম্পৰ্ক নাছিলে | তাই ঘৰৰ পৰা ও তেনেকে বাহিৰ হোৱা নাছিলে |
ঘৰৰ পৰা বাহিৰ হোৱা নাছিলে যদি তাইৰ গৰ্ভত সন্তান কিয় ? নে ঘৰৰ কাৰোবাৰ লগত তাইৰ সম্পৰ্ক আছিলে !
- তাই কেতিয়াবা কাৰোবাৰ ঘৰলৈ ফুৰিৱ গৈছিল নে ?
- গৈছিলে ,কেতিয়াবা মোমায়েকৰ ঘৰত,আকৌ কেতিয়াবা বায়েকৰ ঘৰত |
- আচ্ছা !
অফিচাৰে চিন্তা কৰিলে ! নিশ্চয় মোমায়েক আৰু ভিনিয়েকক আনিলে ! নম্রতাৰ গৰ্ভৰ সন্তান কাৰ পৰিচয় পোৱা যাৱ |
কেতিয়াবা মোৰ ,,,,,
নিজকে ইমান
অসহায় যেন লাগে |
কাৰোবাৰ হাতৰ মিঠা পৰশ তাৰ মূৰত |
- কোৱা
- তুমি অবিহনে মই বহুত কষ্টত আছো |
- মই,ও,,,,,,,
- আহাছোন কাষলৈ,,,,,,এবাৰ মোক মধুৰ আলিংগন কৰাছোন !
- নম্রতা !
- তোমাক মই প্রতাৰণা কৰিছো,,,,,
- নম্রতা
- আহাছোন মোৰ বুকুত তোমাৰ মূৰটো থোৱা,তোমাৰ শ্বাস-প্রশ্বাস মোৰ বুকুত বিলীন কৰি দিয়া ৰিয়ান |
সি কান্দিছিল !
- নাকান্দিবা সৰু ল'ৰা জনৰ দৰে উচুপি নুঠিবা ~
আহা আজি আমাৰ মধুৰ ফুলশয্যা নিশা |
- ফুলশয্যা,,,,,,
- উম ফুলশয্যা , তুমি দৰা আৰু মই কইনা |আহা আকোৱালি লোৱা মোক,,,,,,
ৰিয়ানে হাঁহি কান্দোনৰে নম্রতাক আকোৱালি ল'লে | সি যে কব নোৱাৰাকৈ ন কইনা নম্রতাৰ প্রেমত পৰি গৈছিল |
সি তাইৰ কপালত এটা মৰমৰ চুম্বন আকি দিলে |তাইৰ মেঘালী ছুলিৰ সুগন্ধই আপোন পাহৰা কৰিলে তাক |দুওঁঠ লগাই দিলে তাইৰ পদুম পাহি যেন গালত ~ ৰিয়ানৰ বুকুৰ মাজত নম্রতা |
আজি হেপাঁহ ৰ ফুল শয্যা | বহু প্রতিক্ষীত ফুলশয্যা |
- ৰিয়ান দা ,ৰিয়ান দা
- উম
- ৰিয়ান দা
সি বিচনাৰ পৰা উঠিয়ে কল্যানীক সাৱতি ল'লে |
- নম্রতা ! নম্রতা
- ৰিয়ান দা মই কল্যানী !
সি লগে লগে কল্যানীক এৰি দিছিলে |
- চৰি চৰি কল্যানী ! আই এম ৰিয়েলি চৰি | মই মানে একো ধৰিব পৰা নাছিলো ! কি হৈ গ'ল ,,,,,মই এটা সপোন দেখিছিলো |
- পানী খাৱ ?
- নাই নাখাওঁ,মোৰ কাষত নম্রতা আহিছিলে ! তাই মোৰ লগত আজি ফুলশয্যা নিশা কৰিবলৈ আগ্রহী হৈছিলে | কিন্তু সেই ফুলশয্যা আজিওঁ অভিশপ্ত হৈ ৰ'ল অ কল্যানী | আজিওঁ সেই একে অভিশপ্ত ফুলশয্যা |
কল্যানীয়ে বুজি পাইছিল ৰিয়ানৰ কাষত থকা মানে সি এইবোৰ কথা কৈ কৈ কান্দিৱ | তাই ৰিয়ানৰ পৰা অকমান দূৰত গৈ কোঠাটোৰ বস্তু বোৰ চিজিল লগাব ধৰিলে | তেনেতে তাইৰ চকুত কিবা এটা পৰিলে | আৰু তাই খুলি চালে |
- বৰ মা, ৰিয়ান দা এইফালে আহা ছোন
তাই চিঞৰিৱ ধৰিলে |
ৰিয়ান আৰু মাকে তাইৰ কাষত দৌৰি আহিল |
- কিয় চিঞৰিছ ?
- কি হ'ল তোৰ !
- এইখন চোৱাচোন !
তাইৰ হাত খন কপিছিলে,ৰিয়ানৰ চকুৰ পতা ডাঙৰ হ'ল,মাকে ও মুখত চাদৰৰ আচল খন ধাকি ধৰিলে |
- এইখন,,,,,,,,,,
আগলৈ ....
প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html
চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_986.html
পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_557.html
ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_577.html
সপ্তম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_990.html
অষ্টম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_575.html
নৱম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_626.html
দশম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-https://www.smj24.in/2021/01/blog-post_32.html
একাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_22.html
দ্বাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_29.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment