ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 30, 2020

ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়:


( কোন হব পাৰে হত্যাকাৰী ! আহক আজি জানি লওঁক )

- ক' বুলি কৈছো |
- সেইজন ৰঞ্জন শইকীয়া  |
- হোৱাট,,,,,,
- হয় ছাৰ |
- হাজৰিকা ইয়াক লকআপত ভৰাই থওঁক | আৰু ৰঞ্জন শইকীয়াক অতি সোণকালে থানালৈ লৈ আনক |
- হব ছাৰ |

           
চিপাহীয়ে মোহনক লক আপৰ ভিতৰত সোমাই থলে | মোহনে নিজৰ ভুল বুজি পালে | যে সামন্য মদ এটুপিৰ কাৰনে সি আজি জীৱনত কিমান ডাঙৰ ভুল কৰিলে | টকাই মানুহক পাগল কৰে,টকাই মানুহৰ জীৱন ধংস কৰে,কেতিয়াবাই টকাই মানুহৰ মৃত্যু মাতে |

চিপাহীয়ে ৰঞ্জন শইকীয়াক সকলোতে বিচাৰিলে ,কিন্তু ক'তো বিচাৰি নাপালে | এতিয়া ৰঞ্জন ৰ মোবাইল অফ | ইতিমধ্যে সকলো থানাতে খৱৰ দিয়া হ'ল ৰঞ্জনক দেখাৰ লগে লগে যাতে গ্রেপ্তাৰ কৰা হয় | থানালৈ ৰিয়ানক মাতি পঠোৱা হ'ল | আৰু সি আহিলে |
- ৰিয়ান কল্যানী এতিয়া বিপদমুক্ত নে ?
অফিচাৰে ৰিয়ানক সুধিলে |
- হয় ছাৰ |
- আমি মোহনৰ মুখৰ পৰা গম পালো তোমাক অপৰাধী সজোৱাৰ বাবে মোহনক পইচাঁ দিছিলে ৰঞ্জন শইকীয়াই |
- কি !
ৰিয়ান আচৰিত হ'ল | ৰঞ্জনে তেনে কাম কৰিছে |
- নাই নাই ছাৰ সি তেনে হব নোৱাৰে | সি মোৰ ভাল বন্ধু ছাৰ | মোহনে মিছা কৈছে !
- নহয়,তুমি ভুল বুজিছা | আজিকালি বন্ধুৱে বিপদ মাতে |আৰু যদি ৰঞ্জন যদি অপৰাধী নহয় তেন্তে সি কিয় নিৰুদ্দেশ হ'ল ?

        হয় সি চাগে,,,,, নহ'লে সি নম্রতাৰ মৃতদেহৰ ওচৰৰ পৰা কিয় পলাই থাকিব | কিয় সি এবাৰ ৰিয়ানৰ খৱৰ লব থানাত নাহিলে ! নিশ্চয় ইয়াৰ মাজত ডাঙৰ ৰহস্য সোমাই আছে | 

ইতিমধ্যে দুদিন হৈ গ'ল আৰক্ষীয়ে ৰঞ্জনৰ কোনো শুং সূত্র উলিয়াব নোৱাৰিলে | আৰক্ষীয়ে চিন্তা কৰিলে | যদিহে নম্রতাৰ পেটত থকা সন্তানৰ পিতৃ কোন উলিয়াব পৰা যায় ! তেতিয়া হ'লে নিশ্চয় হত্যাকাৰী ও ধৰা পৰিব |
- ৰিয়ান তোমাৰ ওচৰত কিবা প্রমান আছে নেকি ! নম্রতাৰ গৰ্ভৰ সন্তান কাৰ হব পাৰে |
কিছু সময় চিন্তাত বিভোৰ হৈ ৰিয়ানে উত্তৰ দিছিলে|
- ছাৰ ,মই নম্রতাক এটা নতুন মোবাইল দিছিলো | তাত মই সকলো ৰেকৰ্ডিং কৰি থৈছিলো | কিন্তু নম্রতা জ্ঞাত নাছিলে | আৰু মই সেই ৰেকৰ্ডিং ৰ পৰা গম পাইছিলো যে নম্রতা গৰ্ভৱতী আছিলে |

- বঢ়িয়া , নিশ্চয় এইবাৰ আমি সফল হম | তুমি অতিশিঘ্রে আমাক মোবাইলটো দিয়া | আৰু আমি নম্রতাৰ লগত কথা পতা ছিম খন কাৰ বিচাৰি উলিয়াম |
ৰিয়ানে আৰক্ষীৰ হাতত মোবাইলটো দি দিলে | আৰু আৰক্ষীয়ে মোবাইল ৰ ছিম গৰাকী পৰিচয় বিচৰাত লাগিল |

           ৰিয়ানে আজি অকমান অকলসৰে বহিছে ! অতীতৰ কথাবোৰে তাক বৰকৈ আমনি কৰিছে | ৰঞ্জন তাৰ ভাল বন্ধু আছিলে,শৈশৱৰ পৰাই সিহতে একেলগে খেলিছিল | একেলগে পঢ়িছিল | কিন্তু সি আজি তাৰ লগত কিয় এনেকুৱা কৰিলে ? তাৰ উদ্দেশ্য কি আছিলে ? নে সি নম্রতাক ভাল পাইছিলে ! কিন্তু সি ইমান স্বাৰ্থপৰ হ'ল এখন ঘৰৰ চাৰিটা মানুহৰ জীৱন ধংস কৰিলে | পাৰ্থক্য ইমানে মাত্র তাৰে দুজনৰ মৃত্যু হ'ল আৰু দুজন মৰি মৰি জীয়াই আছে | 

       
আজি কল্যানীক মেডিকেলৰ পৰা ৰিলিজ দিয়া হ'ল | মাক আৰু ৰিয়ানে কল্যানীক সিহতৰ ঘৰলৈ লৈ আনিলে |
- বৰ মা মই ঘৰলৈ যাম
কল্যানীয়ে ৰিয়ানৰ মাকক কৈছিলে |
- নালাগে মাজনী ! তই আমাৰ ঘৰতে থাকিবি |
- কিন্তু
- কোনো কিন্তু নাই,তুমি মাৰ লগত থাকিব লাগিব | তোমাৰ মদাহী দেউতাৰ ওচৰত তুমি আৰু যাৱ নালাগে | 
ৰিয়ানে কল্যানীক কৈছিল |
- ৰিয়ান দা তোমাৰ ন্যায় নিশ্চয় হব |
- সেয়া তোমাৰ কাৰনে সম্ভৱ হব |
তাই মিচিকিয়াই হাঁহিছিল |

            - মা তোমাক কথা এটা কব লাগিছিলে |
- কি কথা বাবা ?
- আচলতে আমাৰ লগত কোনোবাই বহুত ডাঙৰ বিশ্বাস ঘাটকতা কৰিছে |
- কোনে !
- ৰঞ্জনে মা |
- কি , হাৰে যিজন ল'ৰাক নাখাই খুৱাইছিলো,মোৰ দ্বিতীয় জন সন্তান ভাৱি তাক মৰম কৰিছিলো | সি আজি আমাৰ লগত ইমান ডাঙৰ খেল খেলিছে |
- তুমি চিন্তা নকৰিবা মা ইয়াৰ এদিন সুবিচাৰ হব মাত্র ধৈৰ্য্য ধৰা |
সি কথা খিনি কৈ ওলাই গৈছিলে |

                  বন্ধু মেলি দে তোৰ
                    দুখৰ দুখনি হাত
                   এবাৰ জপাই দে
                  তোৰ সহানুভুতিৰ হাত বন্ধু

- ৰিয়ান নাই আমি সেইটোত ও সফল নহ'লো |আমি গ'ম পালো যে যিখন চিমেৰে নম্রতাক ফোন কৰা হৈছিল সেইখন চিম নগাওঁ ৰ এজন ব্যক্তিৰ | তেখেতৰ মোবাইলটো হেৰাই ছিল |তোমাৰ ৰেকৰ্ডিং থকাৰ দুদিন আগতে তেখেতে থানাত জনাইছিল | কিন্তু চিম খন বন্ধ কৰোতে কিছু সময় লাগিছিল |

ৰিয়ানৰ মনটো আকৌ ভাগি পৰিলে | কি কৰা যায় বাৰু | অপৰাধী ধৰিবলৈ যেন কোনো ধৰনৰ প্রমানে নাই |
 - ছাৰ সোনকালে কিবা এটা কৰক |
- হব তুমি চিন্তা নকৰিবা |
অফিচাৰে থানালৈ নম্রতা বৰুৱাৰ পিতৃ আৰু ককায়েকক মাতি পঠালে |

        মানুহ জন দিনে দিনে ভাগি পৰিছিল | এজনী ছোৱালীৰ জীৱনটো ধংস হৈ গ'ল | কেনেকে সহ্য কৰিব বাৰু বাপেক হৈ |
- ছাৰ !
- হয় বহক |
- আমাক কিয় মাতিছিলে ছাৰ ?
নম্রতাৰ দেউতাকে অফিচাৰক সুধিছিলে |
- নম্রতা হত্যাকাণ্ড বহুত ডাঙৰ ৰহস্যৰ মাজত সোমাইছে | আমি বহুত চেষ্টা কৰি সফল হোৱা নাই |
- মই আপোনাক হাতজোৰ কৰিছো ছাৰ আপুনি অতিশিঘ্রে হত্যাকাৰীক বিচাৰি উলিয়াওঁক | বহুত কষ্ট ত আছো ছাৰ | ভাৱক ছোন এটা সন্তান ডাঙৰ কৰা কিমান কষ্ট | কিন্তু যেতিয়া সেই সন্তানক কোনোবাই ইমান সহজতে হত্যা কৰে কেনেকে সহ্য কৰো ছাৰ |
মানুহ জনে গামোছা খনৰে চকুপানী খিনি মছি ল'লে |
- আপুনি নাকান্দিব |  আপুনি মোক সহায় কৰিব লাগিৱ |
- নিশ্চয় কৰিম ছাৰ |
- প্রথমতে আমি নম্রতাৰ গৰ্ভৰ সন্তান কাৰ তাক বিচাৰিব লাগিব | তাৰ পিছত আমি হত্যাকাৰী বিচাৰি পাম |
- হব ছাৰ মই,মাত্র মোৰ ছোৱালী জনীৰ ন্যায় বিছাৰো |
- ৰিয়ানৰ ওপৰত আপোনাৰ সন্দেহ হয় নেকি ?
- নাই নাই ছাৰ ৰিয়ান তেনে ল'ৰা নহয়,সি নম্রতাক হত্যা কৰা নাই ছাৰ |
-  সঁচা কথা | আমি ৰিয়ানক থানাৰ পৰা মুকলি কৰি দি আমি প্রমান চাইছিলো | ভাৱিছিলো যদি হে সি অপৰাধী সি নিশ্চয় পলাৱ | আৰু যদি অপৰাধী নহয় আমাৰ কাষত থিয় দিব | আৰু সেয়াই হ'ল |এতিয়া আপুনি আমাক কওঁক নম্রতাৰ বিবাহৰ আগত কাৰোবাৰ লগত সম্পৰ্ক আছিলে নেকি ?
- আছিলে কিন্তু ছাৰ বিবাহৰ দুবছৰ আগতে সিহতৰ সম্পৰ্ক শেষ হৈছে |
- নাই নাই সম্পৰ্কৰ কথা আপুনি নুবুজিব গোপনে চলি থাকিব পাৰে সেই সম্পৰ্ক | প্রথম আমি তাক আনিব লাগিব | ল'ৰাজনৰ নাম ?
- মৃন্ময় |
- এতিয়া আপুনি যাৱ পাৰে বিচাৰিলে আকৌ আহিব লাগিব |
- ঠিক আছে আহো |

              মানুহ জন ওলাই গ'লগৈ | ডি.এন .এ টেষ্ট কৰাৰ পাছত সকলো তথ্য পোহৰলৈ আহিব | এটা হত্যা কিন্তু বহুত জটিলতা | ৰিয়ানৰ আঙুঠি মৃতদেহৰ কাষত কেনেকে ওলাল ? ৰঞ্জনে মোহনক কিয় পইচাঁ দিলে ৰিয়ানক হত্যাকাৰী সজাৱলৈ ? সেইদিনা খন নম্রতাই ৰিয়ানক কিয় ফোন কৰি মাতিলে ? নম্রতা আৰু ৰঞ্জনৰ কিবা সম্পৰ্ক আছিলে নেকি ! অফিচাৰ জনৰ মূৰত পাকঘূৰনি খালে বহুতো প্রশ্ন |

           ৰিয়ানে বহুদিনৰ মূৰত সিহতৰ কোঠাত সোমালে |সকলো বস্তু অপৰিপাতি হৈ পৰি আছিলে | এজনী ন-কইনাৰ ৰূপত যেতিয়া এজনী ছোৱালী শহুৰৰ ঘৰত আহে তেতিয়া মাক দেউতাকে মৰমত দি পঠাই যৌতুক খিনি | কিন্তু আজি নম্রতাৰ সকলো বোৰ সামগ্রী তেনেকে পৰি থাকিলে | বিচনা খন চাই চাই সি কান্দিলে | ফুলশয্যা নিশাত বৰ ধুনীয়াকৈ সজাইছিল সি বিচনা খন কিন্তু সেই নিশা হৈ পৰিল অভিশপ্ত ফুলশয্যা |
- ৰিয়ান দা
কল্যানীৰ মাত শুনি সি জলদি চকুৰ পানী খিনি মছি ল'লে |
- তুমি কান্দিছা ?
- নাই নাই ,কিয় কান্দিম মই |
- তুমি মোৰ পৰা লুকাব চেষ্টা কৰিছা ?
- হয়  কল্যানী ! মই কান্দিছো | জীৱনটোৰ সপোন বোৰ চূৰমাৰ হৈ গ'ল অ | এটা  বিশেষ দিন অভিশপ্ত হৈ পৰিল |তাই যদি অপবিত্র আছিলে কিয় মোৰ লগত বিয়াত বহিছিল |
- হব ,এয়া তোমাৰ কপালৰ লিখন |

        ৰিয়ান ঐ ৰিয়ান
বাহিৰত কাৰোবাৰ চিঞৰ শুনি সি ওলাই আহিল |
- হাৰে ৰাজু দা কি হ'ল 
- হত্যাকাৰী পাই গ'লো |
- কি ?"
- অ পাই গ'লো !
- কোন নম্রতাৰ হত্যাকাৰী ?
- সেয়া এজনী মহিলা |
- মহিলা ?
- অ মহিলা !!!

                                             

আগলৈ ....

প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html


দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html


তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html


চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_986.html


পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_557.html


ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_577.html


সপ্তম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_990.html



বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

7 comments:

  1. নৱম খণ্ড দিয়ক

    ReplyDelete
  2. Vl lgise pohi...pist xini loi bat salo

    ReplyDelete
  3. পঢ়ি ভাল লাগিছে,,,, অপেক্ষা কৰি আছোঁ 🙏

    ReplyDelete
  4. নবম খন্ড নীদিয়ে নেকি কোন সেই মহিলা

    ReplyDelete
  5. আৰু খণ্ড নিদিয়ে নেকি অপেক্ষা কৰি আছোঁ🙏🙏

    ReplyDelete
  6. Next episode please

    ReplyDelete
  7. Eman din hol.. Pahori gol nki next episode r kotha

    ReplyDelete

Advertisement

Pages