( নম্রতাই আত্মাহত্যা কৰিলে নেকি ? সেই সন্তানৰ পিতৃ পৰিচয় ওলাৱ নে ? )
ৰিয়ানৰ খং বোৰ আজি শেষ নহব | ( Assamese Storyboard )
- বোপা হোমৰ জুইক সাক্ষী কৰি তোমালোকৰ বিবাহ হৈছিল | আৰু পেটত সন্তান থকা গম পোৱা হ'লে মই কেতিয়াওঁ তাইক তোমাৰ ওচৰত অৰ্পন নকৰিলো হৈ | গতিকে তাই তোমাৰ পত্নী তুমি যি কৰা,কাতি টুকুৰা টুকুৰ কৰি নদীত ভহাই দিয়া,বাহিৰত গৈ বিক্ৰী কৰি আহা সকলো তোমাৰ কথা | আজিৰ পৰা পাহৰি যাম যে মোৰ এজনী সৰু মৰম লগা ছোৱালী আছিলে | আজিৰ পৰা মই ভাৱিম তাইৰ মৃত্যু হৈছে | মাটি বন্ধকীত থৈ তাইক বিয়া দিছিলো ,,,,,,,,,,
চকুুপানীৰ নৈ বৈ গৈছিল মানুহ জনৰ দুচকুৰে |
যেন কিবা বিপদ ঘন্টা বাজিছে,এখন শান্তিৰ ঘৰত আজি দুখৰ নৈ বৈছে | কান্দোনৰ উচুপনিৰ ৰোল উঠিছে | বলিয়াৰ দৰে হৈছে শান্ত শিষ্ট ৰিয়ান | সি ঘৰলৈ দৌৰ মাৰি গ'ল | কিবা অঘটন হৈ থাকিৱ যোৱা নাইটো | তাৰ এই ৰূপ মাক দেউতাকে কেতিয়াওঁ দেখা নাই | সি হিংস্র টোৰ দৰে আজি গৰ্জন মাৰি উঠিছে | সকলো মাথো নিশ্চুপ হৈ চাই থাকিলে | কিছু সময় পাছত সি ওলাই আহিলে | এখন হাতত পেট্র'ল আৰু এখন হাতত মেছি দা খন |
- ৰিয়ান
মাকে চিঞৰি উঠিছিলে |
- মা মোক মোৰ কাম কৰিবলৈ দিয়া |
- কিন্তু তই এইবোৰ ?
- অ মা,মই যি কৰিম সকলো ভালৰ কাৰনে কৰিম |
সি সিহতৰ শুৱনি কোঠাত সোমাই গ'ল | তাৰ পাছে সকলো |
সি শুৱনি কোঠাত গৈয়ে ন-কইনাই লগত অনা যৌতুকৰ বিচনা খনত পেট্র'ল ধালিলে | তেনেতে জুইৰ শিখা লগাব লওঁতে মাকে দৌৰি গৈ তাৰ হাত খনত থাপ মাৰি ধৰিলে |- ৰিয়ান তই কি কৰিব ওলাইছ !
সকলোৱে মন কৰিছিলে | তাৰ দুচকুৰে চকুপানী বোৰ বাগৰি আহি তাৰ বহল বুকুখন চুইছিল |
- বাবা
ৰিয়ানৰ দেউতাকৰ মুখেৰে ওলাইছিল মাত্র এটা শব্দ |
সি বিচনা খনত বহি পৰিছিল | নম্রতাৰ দেউতাক আৰু ককায়েকে নিৰৱ দৰ্শক হৈ চাই আছিলে |
- এইখন বিচনা যিখন বিচনাত তাই মোক শুৱলৈ নিদিলে | যি সুন্দৰ দিনটিত তাই মোক তাইক স্পৰ্শ কৰিবলৈ মানা কৰিলে | তাই হেনো ব্রটত আছে | সেইকাৰনে সেই দিনটো হৈ পৰিলে মোৰ কাৰনে " অভিশপ্ত ফুলশয্যা " | সকলো জ্বলাই দিব দিয়া না মোক মা |
সকলোৱে তাক বহাৰ পৰা জোৰকৈ উঠাই আনিলে |
কিন্তু বহু সময় হ'ল ,নম্রতা এতিয়াওঁ কোঠাৰ পৰা বাহিৰ হোৱা নাই |
- বোৱাৰী,বোৱাৰী দৰ্জা খোলা বোৱাৰী |
নাই তাইৰ কোনো সহাৰি |
- মাজনী দৰ্জা খোল
নাই তাইৰ দেউতাকৰ মাততো তাই দৰ্জা নুখুলিলে |
তাৰ মানে তাই ভিতৰত !আটাইৰে বুকু খনত মৃদু মৃদু ভয়ৰ সঞ্চাৰ হ'ল |
শেষ হ'ল নেকি এটা কাহিনীৰ ! ৰহস্য! ৰহস্য হৈ থাকিল নেকি নম্রতাৰ জীৱনৰ |
দৰ্জা খন খোল খালে |সকলোৱে ভয় ভয়কৈ চালে | কিন্তু সকলো আচৰিত | এজনী বেলেগ নম্রতা | আউলি বাউলি ছুলি,শুভ্র সাজ,সিন্দুৰ বিহীন উকা কপাল |
তাই ওলাই আহিলে | এখন হাতত এটা বেগ,আৰু এখন হাতত এটা টোপোলা | লাহি পাহি খোজেৰে তাই ৰিয়ানৰ মাকৰ ভৰিত পৰিলে | আৰু হাত জোৰ কৰি ক'লে,,,,,- মা ,এই খিনি লওঁক আপোনালোকে মোক জোৰনত দিয়া সোণৰ গহনা |এয়া চাওঁকচোন মই এপদ ও লগত লোৱা নাই |মা মই অপবিত্র আছিলো ,সেয়েহে মোৰ পবিত্র স্বামী জনক মই মোক স্পৰ্শ কৰিব দিয়া নাছিলো | মই আজি ওলালো মা |
তাই ৰিয়ানৰ ফালে কেৰাহিকৈ চালে,সি হাতত মেছি দা খন তুলি লৈছিল | তাই হাতত বেগটো লৈ ওলাই আহিব লওঁতে সি চিঞৰি উঠিল |
- নম্রতা হিচাপ নিকাচ এতিয়াওঁ শেষ হোৱা নাই |
- ৰহ তই ক'ত পলাইছ ,তই যদি জানিছিলি যে তই অপবিত্র | তই এজন পবিত্র ল'ৰাৰ জীৱন ধংস নকৰা তেন্তে তই বিয়াত কিয় বহিছিলি ?
তাইৰ দেউতাকে তাইক জেৰা কৰিছিল |
- তুমি দুখ পাবা বুলি |
- কি ! আজি মই সুখ পালো ?তই তোৰ পেটত সন্তান থকা কথাটো মোক কিয় নক'লি ?
- কাৰন সেই কথা ক'লে তুমি মোক কেতিয়াওঁ ক্ষমা নকৰিবা দেউতা | কাৰন সেইজন অন্য কোনো নহয় সেইজন তোমাৰ মৰমৰ ,,,,,,,,,,,,
- কোন ? ৰৈ গ'লি কিয় ?
- আজি তোমালোকক নকওঁ,কিন্তু তোমালোকে নাভাবিৱা যে মই পলাইছো,নাই পলোৱা মই সেই মানুহ জনক লগত আনিৱলৈ যাওঁ |
- কিন্তু ক'ত যাৱি তই ?
- যাম দেউতা সেই মানুহ জন ক'ত থাকে সেয়া মই জানো | মই এতিয়া তেখেতৰ ওচৰলৈ যাম |
- ৰবা তুমি যাম বুলিলে এনেকে যাৱ নোৱাৰা |মই তোমাক যাৱ দিব নোৱাৰো | কাৰন আমাৰ সম্পৰ্ক এতিয়াওঁ শেষ হৈ যোৱা নাই |
ৰিয়ানে তাইক আগচি ধৰিলে |
- হব মই কি কৰিব লাগে কওঁক মই সাজু আছো |
সি দৌৰি ঘৰৰ ভিতৰত সোমাই গ'ল,আৰু হাতত এখিলা কাগজ আৰু কলমটো লৈ আহিলে |
- ইয়াত লিখি দিয়া তুমি কিয় ওলাই যাবা |
- ঠিক আছে দিয়ক | ( Assamese Storyboard )
মোৰ শ্রদ্ধাৰ
স্বামী দেৱতা,শহুৰ দেউতা,শাহুআই,মোৰ দেউতা,দাদা আজি আটাইৰে সন্মুখত মই লিখি দিলো যে মই মোৰ গৰ্ভত থকা সন্তানটোৰ জন্ম দাতাৰ ওচৰত যাম আৰু লগত লৈ আনি সকলোৰে আগত চিনাকী কৰাই দিম |
লগতে মই জনাওঁ যে মই দোষী,অপবিত্র যেতিয়া এইখন সংসাৰ আৰু নকৰো | কিন্তু মই দিয়া প্রতিশ্রুতি পালন কৰি হে মই আতৰিম |
শ্রদ্ধাৰে
নম্রতা বৰুৱা |
কথা খিনি লিখি তাই সকলোৰে পৰা বিদায় মাগিলে | তাই যোৱাৰ লগে লগে ৰিয়ানে হুকহুকাই কান্দিলে |
- দেউতা আপোনালোকে মোক ক্ষমা কৰিব | খংত মই বহু কথাই ক'লো | কিন্তু দেউতা চাওঁক মোৰ হৃদয় খনত জমা হোৱা দুখ বোৰ |- মই বুজি পাইছো বোপা,মোৰে দুৰ্ভাগ্য তোমাৰ দৰে ল'ৰা এজন মই জোৱাই হৈ পাই ও হেৰুৱালো | আহিম সেইদিনা আকৌ যিদিনা সত্য উদঘাটন হব | সেইদিনা ই তাইক মই জীয়াই জীয়াই শ্মশানত জ্বলাই দিম | এনে সন্তান থকাতকৈ নিসন্তান হোৱাই শ্রেয় | আহিছো দিয়া,,,,,,,,,
শোকে দুখে মানুহ জন গ'লগৈ | লগতে ককায়েক |
আজি দুদিন হ'ল | সি ক'তো ওলাই যোৱা নাই,ঘৰৰ ভিতৰতে সোমাই আছে | আন কি ভালকৈ একো এটা মুখত ও দিয়া নাই |
- ৰিয়ান
- মা
- ভাত খাহি আহ |
- খাৱলৈ মন নাই মা ,মা কথা এটা কোৱাচোন ?
- কি কথা ক'
- মই বাৰু দেখাত বেয়া নেকি ? মই বেয়া ল'ৰা নেকি ?
- কোনে ক'লে তোক এইবোৰ !
- তেতিয়া হ'লে নম্রতাই মোক কিয় এৰি থৈ গ'ল ?
- তাই বেয়া ছোৱালী অ,,,,,
- মা বেয়া হ'লে ভাল কৰিব পাৰিতো | কিয় ৰত্মাকৰ দস্যু দেখোন পিছলে মহান বাল্মিকি হ'ল |
মাকে তাৰ কথা শুনি চাদৰৰ আছলৰে চকুপানী মছি উঠি গ'ল |
" নম্রতা , তোমাক মই বহুত ভাল পাই পেলাইছিলো | তুমি ইমান ধুনীয়া আছিলা |মই তোমাক বহুত সুখত ৰাখিলো হৈ | তোমালৈ ধুনীয়া ধুনীয়া কাপোৰ আনি দিলো হৈ ,,,,,,,,,,,,, "
সি অকলে অকলে বকি থাকিলে,সি পাহৰি গ'ল বহু কথাই | দুদিনতে সি বলিয়া হৈছিল সি ন - কইনা নম্রতাৰ প্রতি |
এনেকৈয়ে ভাগেনে সপোন
এনেকৈয়ে ছিগে নে বান্ধোন
কোনে কব মোক আজি
গোপনে গোপনে আহি
কোনে কব বাৰু কোন মোৰ আপোন
তেনেতে তাৰ ফোনটো বাজি উঠিছিল | সি স্ক্রীন নোচোৱাকৈ ৰিচিভ কৰিলে |
- হেল্ল'- মই নম্রতাই কৈছো
- নম্রতা কোৱা,তোমাক আনিৱ যাম
- আজি সন্ধিয়া আপুনি কাহিলীপাৰালৈ ওলাই আহিবচোন |
- ঠিক আছে মই গৈছো |
- হব ৰাখিছো,,,,,,,
সি সন্ধিয়া দৌৰা দৌৰিকৈ ওলাই | মনটো যেন তাৰ বহুত ভাল |
- ৰিয়ান কলৈ যা ?
- মা মই আহি আছো |
কথা খিনি কৈ সি বাইক ষ্টাৰ্ট কৰি গুছি গ'ল | তাৰ নম্রতাৰ ওচৰলে | এক প্রকাৰ ৰিয়ানে মানসিক ভাৰসাম্য হেৰাই পেলাইছে ,,,,,,,
বহু ৰাতি হ'ল ,ৰিয়ান ঘৰলৈ অহা নাই,তাৰ মাক দেউতাকক চিন্তাত পৰিছে | ক'লৈ গ'ল বাৰু সি | একো জনাই থৈ ও নগ'ল | ইমান ৰাতিলৈ সি ক'তো নাথাকে কিন্তু আজি ,,,,,,
- হে ভগবান কি খেল দেখাইছা প্রভু |
মাকে ভগবানৰ নাম উচ্ছাৰণ কৰিলে |
তেনেতে তাৰ মাকৰ ফোনটো বাজিলে |
- হেল্ল'
- খুড়ী
- কোন
- মই ৰঞ্জনে কৈছো |
- অ ৰঞ্জন কোৱা |
- কাহিলী পাৰাৰ ড্রেনত এটা মৃত দেহ উদ্ধাৰ হৈছে
- কি
- মৃত দেহটো
- কাৰ ৰঞ্জন ?
- আপোনালোকৰ !
- আমাৰ
- আপোনালোকৰ ,,,,,,,,,,,,,
ক্ৰমশ
প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html
চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_986.html
পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_557.html
ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_577.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Waiting
ReplyDelete