হোমিওপেথিক চিকিৎসাত বাতবিষ বা ৰিউমেটিজম: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 25, 2020

হোমিওপেথিক চিকিৎসাত বাতবিষ বা ৰিউমেটিজম:

 

ৰিউমেটিজম নিৰ্দিষ্ট এবিধ ৰোগ নহয়৷ ই গাঁঠিৰ জঠৰতা (Joint stiffness), গাঁঠি বা জোৰাবিলাক ফুলি উঠা(swelling of joints), গাঁঠিৰ আশে-পাশে গৰম অনুভৱ হোৱা আৰু ৰঙা পৰা, সকলো সময়তে বা মাজে মাজে  বিষ অনুভৱ হোৱা, গাঁঠিৰ লৰচৰ কৰিবলৈ অসুবিধা হোৱা ইত্যাদিৰ সমষ্টিয়ে বাতবিষ ।

   "আৰ্থাইৰ্টিচ" শব্দটোৰ উৎপত্তি গ্ৰীক 'আৰ্থ' শব্দৰ পৰা হৈছে -যাৰ মানে হ'ল গাঁঠি৷ আইটিচে ইনফ্লেমেচনক বুজায় ।

     আৰ্থাইৰ্টিচ যেনে অষ্টিঅ' আৰ্থাইৰ্টিচ (Osteo Arthritis), ৰিউমেটইড আৰ্থাইৰ্টিচ (Rheumatoid Arthritis), চৰিয়াটিক আৰ্থাইৰ্টিচ (Psoriatic Arthritis), গাওটি আৰ্থাইৰ্টিচ (Gouty Arthritis),  লুপাচ আৰ্থাইৰ্টিচ(Lupus Arthiritis) , ইনফেকচিয়াচ আৰ্থাইৰ্টিচ (Infectious Arthiritis),হিমৰেজিক আৰ্থাইৰ্টিচ  Haemorrhagic Arthiritis), স্পনডাইল'আৰ্থপেথিজ (Spondyloarthopathies) ইত্যাদি  ।

   

গোটেই পৃথিৱীৰ জনসংখ্যাৰ শতকৰা এভাগ মানুহ "ৰিউমেটিজমৰ" চিকাৰ হয় । পুৰুষৰ তুলনাত মহিলাসকল এই ৰোগত তিনিগুণ আক্ৰান্ত হয় ।

   লক্ষণসমূহ::::

১) গাঁঠিৰ বিষ, গাঁঠি ফুলি যোৱা ।

২)ৰঙা পৰি যোৱা লগতে গৰম অনুভৱ কৰা ।

৩)পিৰ পিৰণি উঠা ,জঠৰতা  অনুভৱ হোৱা,হাত ভৰি কোচাই নিয়া 

৪)সদায় ভাগৰ অনুভৱ কৰা ,দুৰ্বলতা অনুভৱ ।

৫)দিনে দিনে ওজন কমি যোৱা ।

৬)খোজকাঢ়োতে ভৰিৰ পতাত বেছিকৈ বিষ অনুভৱ কৰা 

৭)ৰাতিপুৱা সময়ত প্ৰথম কেইখোজ দিওঁতে বহুত কষ্ট অনুভৱ কৰা । 

৮)কিছুমানৰ আকৌ অমাৱশ্যা পূৰ্ণিমা, নদীৰ পানী বাঢ়িলেও বেছি হোৱাও দেখা যায় ।

   কৰিবলগীয়া:-

১) সম্পূৰ্ণভাৱ বিশ্ৰাম কৰক ।

২)ওজন থকা বস্তু লৰচৰ নকৰিব ।

৩)ভালকৈ সুষম অহাৰ গ্ৰহণ কৰক ( High calorie,high protein,milk,eggs, fruits )।

৪)গৰম সেক(hot bags), গৰম পানীৰে গা ধুবলৈ চেষ্টা কৰক ।

৫)নিয়মিত ব্যায়াম কৰক।

৬) Physiotherapy Doctor  সহায় লওক ।

৭)অস্ত্ৰোপচাৰ( joint replacement) 

   (ইয়াত অকল কিছু আভাস দিবলেহে চেষ্টা কৰা হৈছে । বিভিন্ন উৎসৰ পৰা সংগ্ৰহীত)


যোগাযোগ : ৰামকৃষ্ণ হোমিওপেথিক ক্লিনিক 

           ডি জে মাৰ্কেট, ভাৰতীয় ষ্টেট বেংকৰ সমুখত । নতুন বজাৰ , সৰ্থেবাৰী ।

মোবাইল-6000816294

বিঃদ্ৰঃ এই লেখা আমালৈ প্ৰেৰণ কৰিছে ৰামকৃষ্ণ হোমিওপেথিক ক্লিনিকে ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages