ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 28, 2020

ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়:

 


( ৰিয়ানৰ জেল হব নেকি ? আচলতে নম্রতাৰ হত্যাকাৰী কোন ? নম্রতাৰ সন্তানৰ পিতৃ কোন !)


তাক দেখাৰ লগে লগে ৰিয়ান ৰ গা কপি উঠিল | হাৰে ইমান প্রতাৰক | ইমান ডাঙৰ বিশ্বাসঘাটকতা | এইখন পৃথিৱীত সি এতিয়া কাক বিশ্বাস কৰিব | 

- মোহন কাই ?তই ও ,,,,

ৰিয়ানৰ দুচকুত খংৰ উদগীৰণ পৰিস্ফুত হ'ল | সি যেন এতিয়া সি গৈ তাৰ ডিঙিত খামোছি ধৰিব " ঐ তই ও খাই পাত ফলাৰ জাত নেকি ? "

- ঐ তই ক' তই কি কি দেখিছিলি ?

অফিচাৰ জনে মোহনক সুধিছিল | 

- ছাৰ , মই সিদিনা ৰিয়ান হতৰ ঘৰত গৈছিলো | তেনেতে মই গৈ দেখিছিলো নম্রতা আৰু ৰিয়ানৰ তৰ্ক বিতৰ্ক | শেষত ৰিয়ানে নম্রতাৰ ডিঙিত খামোছি ধৰিছিল | আৰু তাইৰ ডিঙিত গামোছা খনৰে বান্ধি ফেনত ওলোমাই থৱ খুজিছিল | তেনেতে মই গৈ , ,   

- ঐ তই ও ইমান ডাঙৰ মিছলীয়া | ঐ কিয় পাহৰি গ'লি তই ! যেতিয়া তোৰ পত্নী বেমাৰত মেডিকেলত পৰি আছিলে আমাৰ দেউতাই তোক পইচাঁ দি সহায় নকৰা হেতেন ! তই তোৰ পত্নীক কেতিয়াওঁ ঘূৰাই নাপালি হেতেন | তই কিয় পাহৰি গ'লি মোহন কাই ! কিয় পাহৰি গ'লি ? যেতিয়া তোৰ ছোৱালী ক কলেজত এডমিচন দিবলৈ পইচাঁ নাছিলে আমাৰ দেউতা আৰু মই নিদিয়া হতেন তই তোৰ ছোৱালীক শিক্ষীত কৰিব পাৰিলি হৈ নে ?

- তাৰমানে তই কি কব খুজিছ ,ই কোৱা কথাবোৰ মিছা ?

অফিচাৰ জনে ৰিয়ানক সুধিছিলে |

- হয় ছাৰ মিছা কথা সকলোবোৰ | আচলতে আমি সকলোকে বিশ্বাস কৰি শেষ হৈ গ'লো | ঐ মোহন কাই এটা ইমান ডাঙৰ মিছা কথা কবলৈ,কাৰোবাৰ জীৱনৰ লগত খেলিবলৈ তহতৰ বুকু খন এবাৰ ও নকপে নে !

- ঐ তই ক'চোন কথাবোৰ সঁচা নে মিছা ?

অফিচাৰ জনৰ কথাত মোহনে কৈছিলে |

- সঁচা ছাৰ মই কিয় মিছা কম |

মোহনৰ কথা শুনি ৰিয়ানে নিজক নিয়ন্ত্রন কৰিব নোৱাৰিলে | সি ধৰ্য্য হেৰুৱাই পেলালে |

- ছাল্লা,খাই পাত ফলাৰ জাত তোক মই 

সি মোহনৰ ডিঙিত চেপি ধৰিলে | লগে থানা খনৰ চিপাহী বোৰে তাক তানি আনিলে |

- ঐ ছুপ,এইখন থানা হয় ,গতিকে ইয়াত আচামিৰ দৰে থাক নহ'লে ,,,,,,

অফিচাৰ জনে খংত ৰিয়ানক ক'লে |

- দেখিলে ছাৰ সি এনেকে মানুহক ডিঙিত চেপি ধৰে | 

- ঐ তোক মই মাৰি পেলাম |

ৰিয়ানৰ খংত ওলাইছিল শব্দবোৰ | সি যেন এতিয়াই মোহনক ডিঙি চেপি মাৰি পেলাৱ |

- দেখিলে ছাৰ ই হত্যাকাৰী হয়,ই মানুহক এনেকে হত্যাকৰে | 

- হব তই এতিয়া যা,আৰু শুন মই যেতিয়া বিচাৰিম তই থানাত আহিব লাগিব |

- হব ছাৰ |

মোহনে ৰিয়ানৰ ফালে এবাৰ চাই ওলাই গ'ল |


চিপাহী কেইজনে ৰিয়ান আকৌ লকআপত ভৰাই থলে | সি হিংস্র শিংহ ৰ দৰে ফোপাই আছিলে | সি আজি বুজিলে সি আৰু ইয়াৰ পৰা ওলাৱ নোৱাৰিব | সি নিশ্চয় ৰঙা ঘৰৰ আলহী হব লাগিব | যেতিয়া আজি তাৰ পক্ষত কোনোৱে নাই |সকলোৰে অভিযোগ এতিয়া সিয়ে হত্যাকাৰী | সি নিজৰ মূৰটো দেৱাল খনত মাৰি দিলে | লগে লগে তাৰ কপালৰ পৰা বৈ আহিল তেজ |

" এনেকে জীয়াই থকাতকৈ মৰি যোৱাই ভাল , অ দেউতা মোক আহি লৈ যোৱা না |

আজি কিমান দিন হ'ল মাক দেখাই নাই ,মাক চাবলৈ বৰ মন গৈছে | মোক মুক্ত কৰি দিয়া না | মই আৰু নোৱাৰো অ দেউতা ,জীৱনৰ তৃষ্ণা মই হেৰুৱাই পেলাইছো | অভিশপ্ত ফুলশয্যাৰ পৰা মোৰ জীৱনটো হ'ল গৈ এতিয়া এটা অভিশপ্ত জীৱন | " |


               বগা সাজ,সিন্দুৰ বিহীন উকা কপাল,আউলি বাউলি ছুলিৰে ৰাস্তাৰে খোজ কাঢ়ি গৈ আছে ৰিয়ান ৰ মাক | মুখত এটা মিঠা হাঁহিৰে সকলোকে আদৰনি  জনোৱা ,ধুনীয়া মানুহ জনীৰ আজি শেতা পৰা এখন মুখ,ক'লা পৰা চকুৰ গুৰি | চকুপানী বোৰ গাল খনতে শুকাই গালৰ জীপালতা বোৰ নোহোৱা হৈছে | মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে মানুহ জনী |

ৰাস্তাৰে যোৱা কিছুমান মানুহে ঘূৰি ঘূৰি চাইছে আৰু হাঁহি হাঁহি গৈছে | যিজনী মানুহক আগতে দেখিলে এচামে বাইদেউ বুলি সম্বোধন কৰিছিলে | সেইবোৰ মানুহে আজি তেখেতক দেখি মুখ কোচাইছে |


- পাগলী,পাগলী

- ঐ এইফালে চা পাগলী এজনী আহিছে !

- পাগলী ,পাগলী

ৰাস্তাত খেলি থকা সৰু ল'ৰা ছোৱালী বোৰে ৰিয়ানৰ মাকৰ তেনে অৱস্থা দেখি পাগলী পাগলী বুলি জোকাইছে |

কিন্তু কি কৰিব ! কাক বুজাৱ যে মই পাগলী নহয় ! কাক কব আমি হত্যাকাৰী নহয় | সিহতৰ কথা আওঁকান কৰি মানুহ জনী আগুৱাই গৈছিল | তেনেতে আহি আছিলে এজনী মাকৰ লগত এটা ছয়/সাত বছৰীয়া সন্তান |

- মা এইজনী পাগলী হয় ন ?

- উম !

- মানুহ কেতিয়া পাগল হয় মা ?

- যেতিয়া মানুহে অপকৰ্ম কৰে,মানুহে মানুহক হত্যা কৰে তেতিয়া মানুহৰ এনে অৱস্থা হয় |

লগে লগে যেন তেখেতে কব " নাই নাই মোৰ ল'ৰা হত্যাকাৰী নহয় , এদিন তোমাৰ ও তেনে দিন আহিব কাৰন তুমি ও এজনী মাতৃ, তোমাৰ ও এটা সন্তান আছে | " কিন্তু মুখৰ ভিতৰতে ৰৈ গ'ল শব্দ কেইটা |


             আজি ৰিয়ানৰ মাকে ওচৰ চুবুৰীয়া মানুহ খিনিৰ ওচৰত সহায় ভীক্ষা খুজিৱ আহিছে | মানুহ জনী বৰ্মন নামৰ ব্যৱসায়ী জনৰ ঘৰত সোমালে |

- আপুনি 

চৌহদৰ সন্মুখতে বৰ্মনৰ পত্নীয়ে তেখেতক লগ পালে |

- হয়

- কিয় আহিছে আমাৰ ঘৰত ?

- সহায় বিচাৰি,ভীক্ষা বিচাৰি | আপোনালোকক মই হাত জোৰ কৰিছো | আপোনালোকে আমাক সহায় কৰক | আইনৰ ওচৰত গৈ আমি হত্যাকাৰী নহয় বুলি সাক্ষী দিয়ক |

- নাই নাই আমি নোৱাৰো,আপুনি এতিয়া যাওঁক,আপোনালোকৰ নিচিনা মানুহৰ লগত কথা পতাই অপৰাধ |

লগে লগে মানুহ জনীয়ে গেট খন বন্ধ কৰি দিলে |

- শুনক চোন আপোনালোকে আমাক ভুল বুজি আছে,আমি হত্যাকাৰী নহয় |বিশ্বাস কৰক |

             নাই বৰ্মনৰ পত্নী গ'লগৈ | বিষাদগ্রস্ত মনৰে ৰিয়ানৰ মাকে আকৌ আগুৱাই গ'ল | কোনোবা নহয়টো কোনোবাই সহায় কৰিব | মনত আশা এটা পুহি ৰাখিলে | লাহে লাহে মানুহ জনী ভাগৰি পৰিল খুৱ পানীৰ পিয়াহ লাগিলে | কাৰন আজি ইমান দিন হ'ল পেটত একো এটা পৰা নাই | ৰাস্তাৰ কাষৰ আহমেদ ৰ হোটেল খনত সোমাই গ'ল | আৰু পানী খাৱ লওঁতে আহমেদে ক'লে -

- আপোনালোকক আমি এনে মানুহ বুলি ভৱা নাছিলো কিন্তু ,এতিয়া আপোনালোকক আমি ঘৃনা কৰো | গতিকে আমাৰ হোটেলত নাহিলে ভাল পাম |

- কিন্তু বোপা

- হব আপুনি আৰু মোক চলাহী কথাৰে বুজাৱ নালাগে |

বুকুত শিলে বিন্ধা দি বিন্ধিলে | পানী আধা খোৱাকৈ দুৰ্ভগীয়া মানুহ জনী ওলাই আহিল | আহিয়ে চুবুৰীৰ দাসৰ ঘৰত সোমালে | দাসৰ সৰু ল'ৰা - ছোৱালী দুটাই বাহিৰতে খেলি আছিলে | 

- মাজনী দেউতা ঘৰত আছে নে ?

তেনেতে সৰু ল'ৰা জনে হাতত থকা ব'লটো ৰিয়ানৰ মাকলৈ মাৰি পঠালে |

- যা পাগলী |

ৰিয়ানৰ মাকে কপালত দুখ পালে | তেনেতে দাস ওলাই আহিলে | 

- দেউতা পাগলী এজনী আহিছে |

- আপুনি ?

- হয় ,আপোনাৰ ওচৰত সহায় বিচাৰি আহিছো |

- বোৱাৰী হত্যা কৰা মানুহক আমি সহায় নকৰো |আপুনি যাৱ পাৰে !

- শুনক চোন আপুনি !

- নাই মই একো নুশুনো ,ওলাই যাওঁক |


             চাদৰৰ আছলৰে চকুপানী মছি মছি মানুহজনী ওলাই আহিল | তাৰ মানে দুখৰ সময়ত কোনো কাষত নাথাকে | যি মানুহে এটা সময়ত সিহতক সন্মানৰ চকুৰে চাইছিল সেই মানুহে আজি সিহতক কুকুৰৰ কৰাৰ দৰে ব্যৱহাৰ কৰিছে |

লাহে লাহে তেখেতে কালি মন্দিৰটোৰ ফালে আগুৱালে |আৰু মন্দিৰৰ সন্মুখত চকু দুটা মুদি প্রাৰ্থনা কৰিলে |

" মা , এইবোৰ আমাক কি খেল দেখাইছা ! কিয় আমাৰ ঘৰ খন থান বান কৰি পেলালা,আমি কি ভুল কৰিছিলো মা | তুমি আমাক সহায় কৰা,তুমি আমাক ন্যায় দিয়া মা ,মোৰ ল'ৰাটোক আৰু শাস্তি নিদিবা মা নিদিবা "


        " হত্যাকাৰীক ফাঁচি দিয়ক " আমাক ন্যায় লাগিৱ " " নম্রতা বৰুৱাক ন্যায় দিয়ক " " বোৱাৰী হত্যাকাৰীক ফাঁচি দিয়ক " |

আজি থানাৰ সন্মুখত জোৰদাৰ প্রতিবাদ | নম্রতাৰ নিজা গাওঁ আৰু ৰিয়ানৰ চুবুৰীৰ মানুহৰে ভৰি পৰিছে থানাৰ চৌহদ | আজি ৰিয়ানক হাজোতত ভৰ্ত্তি কৰা হব | হাজোতৰ পৰাই চলিব নম্রতাৰ হত্যাৰ আৰৰ ৰহস্য |

চিপাহীয়ে ৰিয়ানক লক আপৰ পৰা উলিয়াই আনিছিল | দিনে দিনে দুৰ্বল হৈ পৰিছিল সি | চকুৰে সি একো দেখা নাছিলে | মাত্র ধাৰাসাৰে বৈছিল চকুপানী |


               বিচাৰিছো মাথো এবাৰ

                আহি দিয়া,দিয়া দেখা

                  দিয়া দেখা জীৱনৰে

                 শেষ নিশা |||


সি ভাগি পৰিছিল | জীৱন ধংসৰ এক যাত্রা | নভৱাকৈ হোৱা ঘটনাই তাক শেষ কৰি দিলে | তাক দেখাৰ লগে লগে প্রতিবাদ কাৰীৰ চিঞৰ বাখৰ বাঢ়ি গৈছিল | মুঠৰ ওপৰত এক হুলুস্থুলীয়া পৰিবেশ | তেনেতে প্রতিবাদ কাৰীৰ ফালৰ পৰা তালৈ শিল নিক্ষেপ কৰিছিল | শিল আহি তাৰ কপালত আঘাট কৰিছিলে | আৰু লগে লগে বৈ আহিছিলে কপালৰ ওফন্দা অংশৰ পৰা তেজ | ৰব বন্ধ কৰক আপোনালোকৰ নাটক | ৰিয়ান দা হত্যাকাৰী নহয় | আপোনালোকে মিছা সন্দেহত মানুহ জনক কিয় শাস্তি দিছে | আৰু ৰিয়ান দাৰ জেল হব নোৱাৰে |

- মিছা কথা ! ৰিয়ান হত্যাকাৰী হয় | 

লগে লগে প্রতিবাদ কাৰীৰ শিল গুটি নিক্ষেপ |

- ৰব আপোনালোক শান্ত হওঁক ,নহ'লে আমি গুলি কৰিবলৈ বাধ্য হম |

কিন্তু নাই পুলিছৰ কথালৈ কাৰো ভ্রুক্ষেপ নাই | সকলো ফালে হৈ চৈ লাগিল |

আৰক্ষী ও আঘাটপ্রাপ্ত হ'ল | শেষ ত আৰক্ষীয়ে প্রতিবাদ কাৰীক লক্ষ্য কৰি গুলি কৰিলে |

- আহ! মৰিলো 

লগে লহে ধলি পৰিল এটা জীৱন্ত দেহ ! তেজেৰে লুতুৰি পুতুৰি হ'ল এটা দেহ |

- নাই,,,,,,,,


ৰিয়ানে চিঞৰি দিলে |||

ক্ৰমশ……

প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html


দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html


তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html


চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_986.html


বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

31 comments:

  1. বহুতো ভাল লাগিছে কিন্তু 7 নম্বৰৰ লিখনি দিয়ক

    ReplyDelete
    Replies
    1. Khub val lagise tar pisot ki hol hei2 janibo bisarisu

      Delete
    2. 7 nombr saptar tu

      Delete
    3. Bohut val lagise kintu pisor khini ketiya Pam podhiboloi

      Delete
    4. বহুত ভাল লাগিছে অভিশপ্ত ফুলশ জ্যা ৭নঃ টো জানিব বিচাৰিছোঁ

      Delete
  2. khub vallagise.7 no khondo diyok.

    ReplyDelete
  3. 7 episode lagibo.. .wait kri asu pohiboloi

    ReplyDelete
  4. bohut val lagil tar pisor likhoni khini diba

    ReplyDelete
  5. 10 no episode to dibo

    ReplyDelete
  6. Porhi khub bhl lagil.. Eyar pasor khini khunkale diyok..

    ReplyDelete
  7. Pisor kahinisua khub hunkale porhiboloi pam buli akha korilu.Hundar kahini.

    ReplyDelete
  8. Porhi vl lagise eyare pisr khini xunkle diok

    ReplyDelete
  9. Pasor khini janiboloi bor mon goise

    ReplyDelete
  10. Pisot khini janibo Mon goise.bor val lagise

    ReplyDelete
  11. বৰ ভাল লাগিল|পিছৰ অংশবোৰ পালে ভাল লাগিব|

    ReplyDelete
  12. Val lagise porhi..pisorkhini diok..

    ReplyDelete
  13. পিছলৈ কি হল বহুত মন আছে পঢ়িব🥲

    ReplyDelete
  14. Bht vl lgil dey kahani tu porhi...pisor khini porhiboloi agrohi

    ReplyDelete
  15. Val lagise porhi ....

    ReplyDelete
  16. পিছৰখিনি সোনকালে দিয়ক বহুত ভাল লাগিছে পঢ়ি

    ReplyDelete
  17. Bhut vl lagise porhi.Nxt episode pohib roi asu, 🤔

    ReplyDelete
  18. ইয়াৰ পিছৰ খিনি সোনকালেই পঢ়িবলৈ পাম বুলি আশা কৰিলো।

    ReplyDelete
  19. Val lagisil porhi pasr khini pale val lagib

    ReplyDelete
  20. Bohut val lagil pohi next aru pohibole pam buli akha thkil

    ReplyDelete
  21. সপ্তম খণ্ড দিয়ক

    ReplyDelete
  22. অষ্টম খণ্ড দিয়ক

    ReplyDelete

Advertisement

Pages