ঠাণ্ডা দিনত ছালৰ বহুত বেছি সমস্যাই দেখা দিয়ে৷ছালখন শুকাই ৰুক্ষ হোৱাৰ লগতে ছালখন খহতা হৈ পৰে৷ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা ভাৱে আপুনি কেনেদৰে যত্ন ল'ব৷
ইয়াৰ বাবে আপোনাক লাগিব সতেজ গোলাপ ফুলৰ পাহি, গ্লিচাৰিণ আৰু নেমু৷
সতেজ গোলাপ ফুলৰ পাহি অলপ লৈ ভাল পানীত ৩ ঘন্টা মান সময় তিয়াই থব৷পাহি খিনি পানীত পুৰা তিতি ঢিলা হৈ গলে হাতেৰে লাহে লাহে মোহাৰি পাহিখিনিৰ পৰা ৰসখিনি পুৰা উলিয়াই পানীখিনিত মিহলি কৰি দিব৷এতিয়া চেকনি এখনেৰে পানীখিনি চেকি দিব৷
এতিয়া এই পানীখিনিত সমপৰিমাণৰ গ্লিচাৰিণ লৈ ভালদৰে মিহলাব৷থিক সেইদৰে সমপৰিমাণৰ নেমুৰ ৰসো মিহলাব৷এতিয়া তিনিওটা ভালদৰে মিশ্ৰন কৰি বটল এটাত ভৰাই থৈ দিব৷(মনত ৰাখিব গোলাপৰ পানী, গ্লিচাৰিণ আৰু নেমু ৰস তিনিওটাৰে পৰিমাণ সমান হ'ব লাগিব৷)৷এই মিশ্ৰণখিনি দিনে দুবাৰকৈ গোটেই শৰীৰত লগাব৷দেখিব আপোনাৰ ছালখন কোমল আৰু মিহি হোৱাৰ লগতে উজ্জ্বল হৈও পৰিব৷
সৌন্দৰ্য্য সন্দৰ্ভত আৰু অধিক পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.ৰূপচৰ্চা.in
No comments:
Post a Comment