হোষ্টেলত থকা যুৱতী সকলে গল্পটোৰ পৰা নিশ্চয় এটা শিক্ষা পাব: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 28, 2020

হোষ্টেলত থকা যুৱতী সকলে গল্পটোৰ পৰা নিশ্চয় এটা শিক্ষা পাব:



২০১০ চন,আৰু তেতিয়া মই গুৱাহাটী কটন কলেজৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰী।মই আৰু পল্লবী ডিব্ৰুগড়ৰ পৰা।বাকী সকলো অন্য বেলেগ বেলেগ চহৰৰ।হোষ্টেলত থকা - খোৱা।সকলোৰে সৈতে যেন ঘৰুৱা সম্বন্ধ এটি গঢ়ি উঠিছিল।

আমাৰ হোষ্টেলৰ প্ৰতিটো কোঠাতে দুখনকৈ বিছনা।এখনত মই আৰু পল্লবী।আৰু এখনত মনিকা, আৰু লিপিকাই শুৱে।

পঢ়া - শুনাৰ লগতে সাংস্কৃতিক - অনুষ্ঠানবোৰতো আগ্ৰহ বাঢ়িছিল মোৰ ।২০১০ চনৰ কলেজৰ সাংস্কৃতিক - অনুষ্ঠানৰ দিনাখন। মই কথক নৃত্যত প্ৰথম বিজয়ী ঘোষিত হৈছিলোঁ। মোৰ বাবে হাত চাপৰি মাৰিছিল সকলোৱে। প্ৰশংসা শুনা পাইছিলো প্ৰত্যেকৰে মুখে মুখে। মোৰ হেনো আছে মন্ত্ৰমুগ্ধ কৰা চাৱনি। আৰু সেই চাৱনিয়ে ৰিয়ানৰ মন গলালে।পত্যক্ষ কৰিছিল দৰ্শক হিচাপে।আৰু তেতিয়াই হয়তো সকলো ঠিক কৰি পেলালে।
কোনোদিনে মোৰ ওচৰলৈ নহা ৰিয়ানে এপাহ ৰঙা গুলাপেৰে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে।কিন্তু প্ৰেম হঠাতে উদয় হোৱা সূৰুযৰ দৰে।যি লাহে লাহে অস্ত হোৱাৰ পথত আগবাঢ়ে।মই ৰিয়ানক বুজালোঁ।ভাল লগাই ভালপোৱা নহয়।সময় নষ্ট হ'বলৈ নিদি লক্ষ্যত মনোযোগ দিলে উপনীত হ'বা। মই ৰিয়ানৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলোঁ।আৰু বেজাৰতে তাৰ পৰা সি গুচি গ'ল।

দুদিনৰ পাছতেই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল পৰীক্ষা।ঘড়িটোলৈ চাই গম পালোঁ যে এক বাজিবৰ হ'ল।আৰু পল্লবী কাৰোবাৰ সৈতে ফোনত ব্যস্ত।পঢ়া - শুনাত মন নাই।পাহৰি পেলালে নিজৰ লক্ষ্য। পুহিছিল কটনত পঢ়াৰ সপোন।সকলো বাদ দি মাথোঁ ব্যস্ত হৈ থাকে প্ৰত্যেকদিনাই।
এদিন পল্লবীৰ সৈতে ৰিয়ানক একেলগে লাইব্ৰেৰীত দেখা পাইছিলোঁ।ইটোৱে আনটোৰ হাতত খামুচি ধৰি ৰাখিছিল।মই গ্ৰহণ নকৰিলোঁ বাবে পল্লবীৰ পিছ ল'লে।ভালপোৱাৰ নামত যে অভিনয় কৰিছে ৰিয়ানে সকলো জানিব পৰা গৈছিল।পল্লবীক বহুত বুজালো।আৰু পল্লবী তাৰ প্ৰেমত অন্ধ।নিজকেই পাহৰি পেলাইছিল। তাই ৰিয়ানক বহুত বেছি ভাল পাই পেলাইছিল।

এইবাৰ তাইৰ ব্ৰেক লাগিল পেপাৰত।তাইৰ ধ্যান নাই এইবোৰত।ঘৰৰ পৰা ফোন আহিলেও ভালকৈ কথা নাপাতে।মাথোঁ ৰিয়ান,আৰু ৰিয়ান।দিনত কলেজত।আকৌ কলেজৰ পৰা বাহিৰে বাহিৰে ফুৰিবলৈ গৈ তাৰ সৈতে উভতি আহে।ভাল বুলি পৰামৰ্শ দিবলৈ গ'লে তাই বেয়াহে পাইছিল।

যোৱা কেইবাদিনো ধৰি পল্লবী অসুস্থ।মোৰ সন্দেহ উপজাত ডাক্তৰৰ ওচৰলৈ লৈ গ'লো।
সন্দেহ সত্যলৈ ৰূপান্তৰিত হ'ল।তাই গৰ্ভৱতী।ভয় দেখিছিলো,শংকা দেখা পাইছিলো সেইদিনা তাইৰ চকুত।এজনী নাৰী হৈ উপলব্ধি কৰিছিলোঁ।বিয়াৰ আগত গৰ্ভৱতী হ'লে কিমান দুখ। আৰু বিয়াৰ পাছত গৰ্ভৱতী হ'লে কিমান সুখ উপলব্ধি কৰিব পাৰি।মুদ্ৰা এটাই কিন্তু ইপিঠি - সিপিঠি।

ৰিয়ানে গৰ্ভপাত ক'ৰাবলৈ ক'লে।লাখ টকাৰ এটা বান্ডিল পল্লবীৰ হাতত তুলি দিলে।যাতে তাই আগনাবাঢ়ে।কাৰোৰে আগত তাৰ নাম নলয়।ৰিয়ানৰ দেউতাক বায়োলজি বিভাগৰ অধ্যাপক।ৰিয়ানৰ লগতে দেউতাকৰ চৰিত্ৰত দাগ লাগিব।আৰু পল্লবীৰ চৰিত্ৰ? তাইৰ কি হ'ব? 

ৰিয়ানৰ ভালপোৱা মিছা আছিল।আচলতে মোক ঈৰ্ষাত পেলাবলৈহে পল্লবীক ভাল পাইছিল।কিন্তু তাইৰ মনটোৰ লগতে দেহটোৰ লগতো প্ৰেমৰ খেল খেলিলে।পল্লবীয়ে গালত এটা প্ৰকাণ্ড চৰ বহুৱালে।তাৰ টকা উভতাই পঠালে।আৰু কোনোদিনে যাতে তাইৰ সন্মুখীন নহয়।তাই আহ্বান জনালে।

আমি সকলোৱে মিলি তাইৰ গৰ্ভপাত কৰোৱাম।সকলো ঠিক - থাক কৰিলোঁ।হোষ্টেলৰ ৱাৰ্দেন গৰাকী আমাৰ মৰমৰ। যৌৱনৰ দোমোজাত অনেকে ভুল কৰে।ল'ৰাবোৰ মুক্ত হয়।আৰু ছোৱালীবোৰ জালত লাগি ধৰা মাছৰ দৰে অৱস্থা। বুজি পাইছিল সকলো।সহায় কৰাৰ কথা আগবঢ়ালে।আমি সকলোৱে সাহস বিচাৰি পাইছিলোঁ।আৰু পল্লবীয়ে নিজৰ ভুলৰ পৰিতাপ।

আনদিনাৰ দৰে ভগৱানৰ নাম লৈ চকুহাল মেলিলো।পল্লবী বিছনাত নাই। তাইৰ আজি গৰ্ভপাত ক'ৰাবলৈ যাম। সেইবাবে সোনকালে উঠি বাথৰুমলৈ গৈছে বুলি ভাবি ল'লো।ৰৈ ৰৈ এঘণ্টা হ'বৰ হ'ল।তাই কোনো উত্তৰ নিদিয়ে।ওলাইয়ো নাহে।চিঞৰ - বাখৰ লগোৱাত সকলোৱে দুৱাৰখন ভাঙি পেলালে। ভিতৰত পল্লবী ওলমি আছে।
তাই চিপজৰী ল'লে।আত্মহত্যা কৰিলে তাই।সহ্য কৰিব নোৱাৰিলে তাইৰ সৈতে যি হ'ল।আৰু ৰিয়ান চাগে অন্য কাৰোবাৰ প্ৰেমত ব্যস্ত।দুখ লাগিছিল।খঙো উঠিছিল।ৰিয়ান তাইৰ শত্ৰু সি শাস্তি পাবই লাগিব।

পল্লবী গুচি গ'ল।দি গ'ল হেজাৰ বেদনা।হেজাৰ স্মৃতি।ৰিয়ানৰ নামত এজাহাৰ দাখিল হ'ল।সাক্ষীয়ো প্ৰস্তুত হ'ল।কিন্তু আৰক্ষীয়ে গুৰুত্ব নিদিয়া হ'ল। সকলো টকাৰ খেল।গাপ দিয়াৰ চেষ্টা।একেখিনি কথাকে শুনি হেনো আমনি পায়।এতিয়াও মৃত্যু হোৱা পল্লবীকে দোষী আৰোপ কৰে।কিয় দেহ পাতি দিছিল? কিন্তু এটা প্ৰশ্ন নাই সেই হত্যাকাৰীটোলৈ কিয় মিছা অভিনয় কৰি বিশ্বাস দিয়াইছিল ছোৱালীজনীক???

২০১৩ চনৰ ৩১ ডিচেম্বৰৰ কথা।বছৰটো শেষ লগতে ডিগ্ৰীয়ো।সকলোকে বিদায় দি উভতি যাম নিজ নিজ গৃহলৈ।

৩১ তাৰিখৰ দিনা সকলোৱে মিলি মাছ - মাংসৰ সৈতে ভূজ - ভাত এসাজ খাম।কোনোৱে এইবাৰ ঘৰলৈ নগ'ল।হোষ্টেলৰ চোতালতে সকলো ব্যৱস্থা ক'ৰা হ'ল।মনিকাই চাউল বহাইছে।লিপিকাই আলু,আৰু পিয়াজৰ বাকলি গুচাই দিছে।মোক আদেশ দিলে ধুই আনি দিবলৈ। 

লাইট নাই অন্ধকাৰ দমকলৰ পাৰ।চিকিমিকি অলপ দেখা পোৱা যায়।ইটাৰ চপৰাবোৰত ভৰিখন ৰাখি কোনোমতে আহিছোঁ।ঠাণ্ডাত পানী চুবলৈ মন নাযায়। এই কাম আকৌ মোকহে দিলে।

" এই,, পৰিলোঁ পৰিলোঁ।" 
 গোটেই আলু - পিয়াজ সিচঁৰিত হৈ পৰিল।সকলোবোৰ আকৌ একগোট কৰি পাচিত ভৰাইছো।

আন্ধাৰত ভালকৈ মণিব পৰা নাই। কিন্তু এইয়া কাৰোবাৰ উপস্থিতিৰ অনুভৱ হয়।
ব'হি থকাৰ পৰা উঠিলো। ভালকৈ চালোঁ কোনো নাই। সকলোবোৰ একগোট কৰি লৈ ধুবলৈ লৈছোঁ।আলুৰ গাত লাগি থকা বালিবোৰ হাতেৰে আঁতৰাই আছোঁ।

হঠাতে আচৰিত এক কাণ্ড।দমকলটো যেন কোনোবাই মাৰি আছে।আৰু ঠিক নিজে নিজেই পানীয়ো বাহিৰ হৈছে।কিন্তু কোনো নাই।এইবোৰ কি আজৱ ঘটনা ঘটিবলৈ লৈছে হঠাতে।একে চিঞৰে চোতাল পালোঁগৈ।মোৰ কথাত কোনোৱেও বিশ্বাস নকৰিলে।

মোৰ টোপনিত কেইবাবাৰো গাৰ পৰা কাপোৰ খহি তলত পৰে।কিন্তু কেইদিনমান মন কৰিছোঁ।তলৰ কাপোৰ আহি ঠিক মোৰ গাত যেন কোনোবাই দি দিছে।ভিতৰি ভয় এটাই খুলি খুলি খাবলৈ ধৰিলে।

পৰীক্ষাত এইবাৰ বহুত কঠিন প্ৰশ্ন আহিছে।পঢ়ি অহাবোৰ এটায়ো নাহিল।কান্দি দিবলৈ মন গৈছিল।ফাইনেল পৰীক্ষা তাতে।

হঠাতে গাৰ নোম হিঞৰি উঠিল।এক মিনিটৰ ভিতৰত উকা কাগজ পৰিপূৰ্ণ।অবাক হৈ ৰৈ গ'লো।মোৰ সৈতে হৈ আছে কি।কোনে কৰি আছে এইবোৰ।কাৰোবাক কলেও মই পাগল হ'লো বুলি হাঁহি উৰুৱাই দিয়ে।

হোষ্টেলত আৰু দুটাহে দিন বাকী।সকলোৰে মন বেয়া।বহুত মনত পৰিব সকলোকে।তাৰ মাজতে মোৰ সৈতে হোৱা পৰিঘটনাৰ কথা ক'লো।পুনৰবাৰ কোনোয়েও বিশ্বাস নকৰিলে।তেনেকৈ থাকি গ'ল কথা মোৰ।

ৰিয়ান আহিছিল কলেজৰ শেষৰ দিনা।পল্লবীৰ সৈতে কৰা অপকৰ্মৰ বাবে সি খুউব লজ্জিত। পৰিতাপ কৰে।বহুত ভুল কৰিছে সি উপলব্ধি কৰিছে।আশে - পাশে কোনো নাছিল সেইদিন।হয়তো পুনৰ মোৰ মন পাবলৈ আহিছিল। আৰু তাক আঁকোৱালি লোৱাৰ কথায়ো কৈছিল।
হঠাতে মই ইমানেই ক্ৰোধিত হৈ পৰিলোঁ। ৰিয়ানক ডিঙিত ধৰি ওপৰলৈ দাঙি ধৰিলো। ক'ৰ পৰা আহিল ইমান শক্তি,মোৰ হৈছে কি? তাকো এজন বলোৱান ডেকাক,?

" আৰু কাৰ কাৰ জীৱন ধ্বংস কৰিবি তই? কিমানবাৰ তোৰ এই প্ৰেমৰ মুখা পিন্ধিবি,? 
কষ্ট সহ্য কৰ। প্ৰাণৰ ভিক্ষা খুঁজ।"

এইয়া হৈছে কি ,? এতিয়া দেখোন কণ্ঠস্বৰ পৰ্যন্ত সলনি।মই যেন মই হৈ থকা নাই।সলনি হৈছোঁ।নে পাগল হৈছোঁ,,নিজকে বাধা দিব পৰা নাই।যেন এটা প্ৰকাণ্ড শক্তিয়ে মোক বাধ্য কৰোৱাইছে।

" প্লিজ,,মোৰ উশাহ বন্ধ হৈ যাব এতিয়া।এৰি দিয়া।মই তোমাক বহুত ভাল পাইছিলোঁ।তোমাক ঈৰ্ষাত পেলাবলৈকে পল্লবীৰ সৈতে মিছা অভিনয় কৰিছিলোঁ।
কিজানি তুমি মোক ভাল পোৱাই। কিন্তু কেতিয়া আবেগিক হৈ ভুল কৰি পেলালো গমকে নাপালোঁ।আৰু পল্লবীয়ে আত্মহত্যা কৰি পেলালে।মই তাইক ভালপোৱাই নাছিলোঁ।কেনেকৈ সন্তানটিক গ্ৰহণ কৰোঁ? " 

অলপ পাছতে পৰিস্থিতিৰ শাম কাটিল। মনিকা,আৰু লিপিকাই দৌৰি আহি মোক চম্ভালি ল'লে।মই একেবাৰে দুৰ্বল অনুভৱ কৰিছিলোঁ।

ৰিয়ানৰ শাস্তি হ'ল।লিপিকাৰ ওচৰত থকা ভিদিঅ'টোৱে প্ৰমাণ দিলে। মোৰ আৰু ৰিয়ানৰ মাজত হোৱা কথাবোৰ মনে মনে তাই কেমেৰাত বন্দী কৰিছিল। ৰিয়ানৰ চৰিত্ৰ ওলাই পৰিল।মেডিয়াতো প্ৰচাৰ আৰম্ভ হ'ল।

সেই সেই সৰু সৰু ঘটনাবোৰ নোহোৱা হ'ল।এতিয়া মই সকলো আগৰ দৰে অনুমান পাইছোঁ।আগতে কোঠাতো নিজে নিজেই পৰিষ্কাৰ হৈ পৰিছিল।এতিয়া লেতেৰা হৈয়ে পৰি ৰৈছে।বহুত দেৰি অপেক্ষা কৰিলোঁ।কোনো কাণ্ড ঘটিত নহ'ল।


ৰাতি সপোনত আহিছিল পল্লবী।খুউব কান্দি উঠিছিল তাই।ধন্যবাদ দিলে মোক।জীৱনৰ আগত হাৰ মানিলে।কিন্তু মৃত্যুৰ পাছত তাই জয়ী হ'ল। 

তাইৰ কথাখিনি বহুত দেৰি ভাবি থাকিলোঁ। ৫ বছৰৰ আগতে মোৰ সৈতে যে পল্লবীয়ে আছিল সেইয়া মই নিশ্চিত।ৰিয়ানক শাস্তি দিয়াবলৈকে মোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে।চকুলো নিগৰি আহিল মোৰ।

মোৰ খাকি ৰঙৰ পোচাকযোৰ পিন্ধি লৈ থানালৈ  বুলি।আজি এটা নতুন ফাইল।১০ বছৰীয়া নাবালিকাক ৪০ বছৰীয়া এজনে চকলেটৰ লোভ দেখুওৱাই ধৰ্ষণ।তাৰ পাছত হত্যা।

" যদি কোনোবাই এই ধৰ্ষণকাৰী জনক বচোৱাৰ চেষ্টা কৰে? মই সেইজনক  হত্যা কৰিম।আৰু যদি আইনে সহায় কৰে,,তেন্তে নিজকে হত্যা কৰিম। তথাপিও স্বভিমানত দাগ লাগিবলৈ নিদিওঁ। আইনৰ ওপৰত ভৰশা আতঁৰ হ'বলৈ নিদিওঁ।মই শপত খালোঁ।"

 বিঃদ্ৰঃ ডিব্ৰুগড় নিবাসী সন্মানীয় অৰ্পণা ফুকন দাস ডাঙৰীয়াণীয়ে এই বিশেষ গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


 

No comments:

Post a Comment

Advertisement

Pages