শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম: ১২পুহ ,সোমবাৰ,ইং ২৮ ডিচেম্বৰ ২০২০।
সূৰ্য্যোদয় ঘ:৬/১৩/৫৬সূৰ্য্যাস্ত ঘ:৪/৩৬/৪২
ৰাশি - বৃষ ৰাশি। শে:ৰা:ঘ:- ৪/৪০/৩৩ যোৱাত মিথুন ৰাশি।
তিথি - শুক্লা চতুৰ্দ্দশী।প্ৰা:ঘ:- ৬/২০/৫১ লৈ।
নক্ষত্ৰ - ৰোহিনী ঘ:- ৩/৪০/৪২ লৈ।
আদ্যঋতু হলে - পতিহিতা যোগ।
যাত্ৰা :- দক্ষিণ দিশত নাই ।প্ৰা:ঘ:- ৬/২০/৫১ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত ।প্ৰা:ঘ:- ৬/২০/৫১ যোৱাত পশ্চিম দিশত ।
মৰণত দোষ:- নাই।
ভক্ষাভক্ষ্য :- বেঙেনা খোৱা নিষেধ।প্ৰা:ঘ:- ৬/২০/৫১ যোৱাত মাছ মাংস খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত এলাহ ভাৱ বাঢ়িব পাৰে, ব্যয় বাঢ়িব পাৰে লগতে সজাগ নহলে মনত সামন্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, কৰ্মত আগ্ৰহ ভাৱ বাঢ়িব,মনত আনন্দ বাঢ়িব, যদিও কৰ্মত সজাগ নহলে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, কৰ্মত আনৰ সহায় লাভ হব, লগতে আজি সামান্য বিলাসিতা বৃদ্ধি ভাৱ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত যশস্যা বাঢ়িব, কৰ্মত সফল হব, যদিও সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ,কৰ্মত শুভ হব যদিও সামান্য জতিলতা বাঢ়িব পাৰে লগতে সজাগ নহলে সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ উন্নতি হব , যদিও সজাগ নহলে মনৰ আশা ভংগ হব পাৰে, লগতে কৰ্মত সজাগ নহলে আনৰ নিন্দনিয় হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বা হতাশা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হব, উত্তম ভোজন লাভ হব, যদিও কৰ্মত সজাগ নহলে সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, মনত আনন্দ বাঢ়িব, লগতে কৰ্মত উন্নতি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হব, প্ৰতিভাৰ বিকাশৰ সুযোগ লাভ কৰিব, লগতে ধন আৰু সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন আৰু সন্মান লাভ হব যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হব পাৰে, লগতে কৰ্মত সজাগ নহলে নিজৰ ওপৰতে খংঙ ভাৱ বাঢ়িব পাৰে।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ ,কৰ্মত শুভ ,কৰ্মত আগ্ৰহ বাঢ়িব, যদিও মনত সামান্য অভিমান হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment