( নম্রতাৰ হত্যাকাৰী ৰিয়ান নেকি ? ওলাব নে নম্রতাৰ হত্যাকাৰী আৰু অবৈধ সন্তানৰ পিতৃ কোন )
- কিন্তু মোৰ এই আঙুঠিটো ক'ত পালে ! মইটো এইটো পিন্ধি থকা নাছিলো |
ৰিয়ানে আচৰিত হ'ল | খুলি থোৱা আঙুঠিটো কেনেকে নম্রতাৰ মৃতদেহৰ ওচৰত পৰি থাকিলে !
- মিষ্টাৰ ৰিয়ান, অভিনয় বহুত হ'ল,অভিনয় বহুত দেখিছো | কিন্তু আমি পোৱা তথ্য অনুসৰি তুমিয়ে নম্রতা বৰুৱাৰ হত্যাকাৰী |
- ছাৰ |
- অপৰাধ কৰি ভয় খোৱাটো স্বাভাৱিক | বলা এতিয়া থানালৈ |
শ্মশান স্থলীত উপস্থিত ৰাইজে একে মুখে কৈ উঠিলে
|" ছিঃছিঃ ইমান দিনে ভদ্র বুলি ভাৱি থকা ল'ৰাজন এজন অপৰাধী হে,এজন বোৱাৰী হত্যাকাৰী | বলক বলক এনেবোৰ মানুহৰ লগত থাকিলে আমাৰ ও অসুবিধা হব | "
- বলক ,বলক
উপস্থিত ওচৰ চুবুৰীয়া বোৰ এজন এজনকৈ ঘৰলৈ গ'ল |
- আপোনালোকে শুনক ,আপোনালোকে মোক ভুল বুজিছে,কিন্তু কথা এটা কওঁ ভগবান যদি আছে সত্য এদিন উদঘাটন হবই |সি চিঞৰি চিঞৰি মানুহ বোৰক কৈছিলে |
আজি পুলিছৰ চকুত ৰিয়ান এজন অপৰাধী | তাৰ হাতত পুলিছে আজি হেণ্ডকাফ লগাইছে | সি ও আজি সত্যৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে |
এইফালে দাউ দাউকৈ জ্বলি আছিলে নম্রতা আৰু দেউতাকৰ চিতা | সি এখোজ এখোজকৈ দেউতাকৰ চিতালৈ আগুৱাই গৈছিল |ৰিয়ানৰ মুখত নাই আজি লজ্বাৰ আভৰন,নাই ভয়ৰ প্রতিবিম্ব |সি নম্রতাৰ চিতাৰ কাষত আহিছিলে |
- চোৱা চোন নম্রতা মোৰ কি গৌৰৱ,তোমাক বিয়া পাতি আজি মই হম ৰঙাঘৰৰ আলহী | আহিছো,,,,/p>
যি দিনা খন এজন ল'ৰাই নিজ দেউতাকক মুখাগ্নী কৰিলে,নিজ পত্নীৰ মুখত অগ্নিসংযোগ কৰিলে সেইজন ল'ৰাই আজি শুভ্র সাজত হাতত কলা ৰং ৰ হেণ্ডকাফ লগাই থানালৈ যাৱ | হয়টো হব পাৰে ৰঙাঘৰৰ আলহী |
সি যোৱাৰ আগে আগে মাকক এবাৰ দেখা কৰিবলৈ ঘৰত মাকৰ ওচৰলৈ আহিলে | ইতিমধ্যে স্বামীক হেৰুৱা দুখত মানুহ জনী সংজ্ঞাহীন হৈ পৰি আছে |
মাকৰ অৱস্থা দেখি তাৰ অৰ্ণুলিপ্ত হৃদয় খনে কান্দি উঠিলে | সি লাহে লাহে মাকৰ গাল খনত স্পৰ্শ কৰিলে |
- মা মই ওলালো,যদি মই আহিব নোৱাৰো দেউতা আৰু নম্রতাৰ পিণ্ড তুমিয়ে দিবা | কিন্তু মা তুমি মোক এৰি নাযাবা |তুমি অবিহনে মই হম পথভ্রষ্ট এজন পথিক | অইনে বিশ্বাস নকৰিলেওঁ তুমিটো মোক বিশ্বাস কৰা ন মা |
সি মাকৰ ভৰি দুখনত তাৰ কপাল খন লগাই দিলে |
- মা আশীৰ্বাদ দিয়া মোক |
সি মাকৰ ওচৰৰ পৰা এখোজ দুখোজকৈ আগুৱাই আহিল |
সি আজি এজন হত্যাকাৰী হিচাপে থানালৈ আহিল | এটা লক আপৰ ভিতৰত তাক থোৱা হ'ল | যিজন ল'ৰাই অত্যাধুনীক ঘৰ ,অত্যাধুনীক বিচনাত শুই জীৱন অতিবাহিত কৰিছিল সেইজন ল'ৰাই আজি শুৱ লগা হ'ল নৰকপুণ্ডৰ দৰে ,চিৰিয়াখানাৰ এটা জন্তু ৰ ৰখা আবাসৰ দৰে পিঞ্জৰাত | যিজন ল'ৰাৰ সমাজৰ আগত চিনাকী আছিল পাণ্ডৱৰ গৌৰৱ যুধিষ্ঠিৰ বুলি সেইজন ল'ৰা ৰ আজি চিনাকী হ'ল মহাভাৰত ৰ কৌৰৱ বংশৰ কলংক দুৰ্যোধন |- ছাৰ , আমি ৰিয়ানক লগ কৰিব পাৰিম নে !
- অ হত্যাকাৰী জনক নহয়নে ? ৰব,হাজৰিকা এখেত সকলক পত্নী হন্তাৰ ওচৰলৈ লৈ যোৱা |
পুলিছ অফিচাৰ জনৰ কথা শুনি মাকৰ বুকু খন কান্দি উঠিল | কোনো মাতৃ শুনিৱ নিবিচাৰে পুত্রক দিয়া মিছা অপবাদ |মাকে দেখিছিল সি লকআপৰ ভিতৰত পকীতে পৰি শুই আছিলে | মাকৰ অন্তৰাত্মা কপি উঠিছিলে | যিজন ল'ৰাই মাকৰ বুকুৰ উম লৈ টোপনি গৈছিল বিবাহৰ আগ দিনালৈ সেইজন ল'ৰা পৰি আছে এখন নৰকপুঞ্জৰ ভিতৰত | মাকে তাক মাতিছিলে |
- বাবা,বাবা
সি মুৰটো তুলি মাকৰ ফালে চালে | আৰু সৰু ল'ৰা এজনকৰ দৰে দৌৰি আহিছিল মাকৰ ওচৰলৈ | কিন্তু সি কি কৰিব আজি সি যে এটা পিঞ্জৰাৰ ভিতৰত আৱদ্ধ |
মাকে তিফিনত ভৰাই অনা ভাত খিনি তাৰ মুখত গুজি দিলে | আৰু সি বৰ তৃপ্তিৰে খালে |
- মা মোক লৈ যোৱা না ,ঘৰলৈ যাৱলৈ মন গৈছে |- মই উপায় বিহীন হৈ পৰিছো অ |
- অ মা তুমি মোক বিশ্বাস কৰা নে ?
- কৰো বাপু | মই জানো তুমি নিৰ্দোষী |আমি হত্যাকাৰী বিচাৰি উলিয়াম | তুমি চিন্তা নকৰিবা |
সি হাত দুখন বাহিৰত উলিয়াই মাকৰ গাল খন পিতিকি চাই কৈছিল |
- মা তোমাৰ গাল দুখন দেখোন শেতা পৰি গৈছে | চকুৰ গুৰি বোৰ দেখোন ক'লা পৰিছে মা তোমাৰ,অ মা সেন্দুৰ বিহীন তোমাৰ উকা কপাল খনে মোক বৰকৈ আমনি কৰিছে |তোমাৰ ৰঙীন কাপোৰ জোৰৰ ঠাইত বগা চাদৰ খনে তোমাৰ দুখ বোৰ সিছি দিছে ন মা |
মাকে আৰু নোৱাৰিলে তাৰ কথা বোৰ সহ্য কৰিব | মুখত চাদৰৰ আছল খন ধাকি ওলাই আহিল |
- অ মা,মা শুনাছোন,,,,,,,
নাই তাৰ মাক ওলাই গ'ল | সি বেৰ খনত আউজি বহি পৰিলে | আৰু হুকহুকাই কান্দিলে |
ধৰনীৰ বুকুত নিশা নামি আহিছিলে,সকলো ফালে নিৰ্জনতাই গ্রাস কৰিছিল | মাত্র দুই এঠাইৰ পৰা আহিছিল কুকুকৰ ভুক ভুকনি | ৰিয়ানে দুভৰিৰ মাজত তাৰ মূৰটো সোমাই কান্দি আছিলে | মানুহৰ জীৱন বোৰ কেতিয়াবা ওপৰৰ তললৈ নামি আহে |আৰু আজি তাৰ ও সেই একে অৱস্থা হৈছে | এখন বিয়া ! সপোন আছিল ঘৰ খনলৈ লখিমি বোৱাৰী এজনী আহিৱ | ঘৰ খনত তিনিটাৰ পৰা চাৰিটা মানুহ হব | কিন্তু নিয়তিৰ কি ভয়ংকৰ পৰিনতি | চাৰিটাৰ ঠাইত ঘৰখনত হ'ল আজি মাত্র দুজন মানুহ | কিন্তু কি হব থকা কেইজন ও আজি আন্ধাৰৰ কৰাল গহ্বৰত |
তেনেতে লকআপৰ দৰ্জা খন খোলা শব্দ তাৰ কানত পৰিছিল | সি মূৰ তুলি চাই দেখিলে দুজন চিপাহী | সিহতে আহি তাক লকআপৰ ভিতৰৰ পৰা উলিয়াই লৈ গ'ল |তাক এটা অন্ধকাৰ কোঠা লৈ নিয়া হ'ল | য'ত বাহিৰৰ পোহৰ ভেন্টেলিচনৰে পৰিছিল | তাক এখন কাঠৰ চকীত বহিবলৈ দিয়া হ'ল | আৰু তাৰ দুয়োখন হাত বান্ধি থোৱা হ'ল |
- এয়া চাৰৰ নিৰ্দেশ |
কথাখিনি কৈ সিহত দুয়ো ওলাই গ'ল |
কিছু সময় পাছত কোঠাটোলৈ পুলিছ অফিচাৰ জন সোমাই আহিল | চকু ৰঙা,দেখাত ভয়ংকৰ চেহেৰাৰ মানুহ জন দেখি ৰিয়ানৰ বুকু কপিছিল | সি দেখিছিল মানুহ জনৰ মুখ ত এটা জ্বলন্ত চিগাৰেট |
চিগাৰেটৰ ধোৱা ৰ কুণ্ডলী বোৰ হিন্দী ফিল্মৰ খলনায়কৰ দৰে উলিয়াই দিছিলে | অফিচাৰ জনে তাৰ গাতলত জোৰকৈ চিকুটি কৈছিল |তাৰ বুকুখন কপিছিল,ঘামে সৰ্বশৰীৰ তিয়াই পেলাইছিল তাৰ |- হত্যাকাৰী হা হত্যাকাৰী
- নাই নাই ছাৰ মই হত্যাকাৰী নহয় |
- ঐ মিছা ক'লে কুবাই হাত ভৰি ভাঙি দিম |
- ছাৰ আপুনি বিশ্বাস কৰক | মই এটা পৰুৱা হত্যাকাৰী কৰি পোৱা নাই |
- তেন্তে তোৰ পত্নীৰ মৃতদেহৰ কাষত উদ্ধাৰ কৰা সোণৰ আঙুঠিটো কাৰ ?
- ছাৰ বিশ্বাস কৰক | মই একেবাৰে নাজানো ,কোনে মোৰ লগত এই খেল খেলিছে |- নাজান ! ৰহ তেনেহ'লে তোৰ দেহত গৰম পানী ধালি দিম |
- নাই ছাৰ আপুনি তেনেকুৱা নকৰিব | আপুনি চাওঁক ছাৰ | মই কিমান কষ্ট ত জীয়াই আছো | মই দেউতাক হেৰুৱালো,মোক পত্নীক হেৰুৱালো,,,,,
কিছু সময় মৌন হৈ থাকি ,পুলিছ অফিচাৰ জন ওলাই গ'ল | তাৰে কিছু সময় পাছত চিপাহী দুজন আহি তাক মুক্ত কৰি আকৌ লকআপলৈ লৈ গ'ল |
সি যেন আজি লকআপৰ ভিতৰতে এটা কয়দীৰ জীৱন পাৰ কৰিছে | ৰাতিপুৱাঁ ই থানালৈ আহি পালে নম্রতাৰ ডাঙৰ ভিনিহিয়েক | আহি পুলিছৰ হাতত দিলে | এখন এফ. আই .আৰ |
আকৌ যেন আক্ৰমন এজন অসহায় ল'ৰাৰ ওপৰত | এইবাৰ ৰিয়ানৰ ওপৰত আহিল নম্রতাক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ |
- ৰিয়ান ,ৰিয়ান
ৰিয়ানে টোপনিৰ পৰা সাৰ পাই মুৰ তুলি চাই দেখিলে নম্রতাৰ ভিনিহিয়েক |
- ভিনদেউ |
- নামাতিবা ভিনদেউ বুলি | তুমি আমাৰ মৰমৰ খুলশালী জনীৰ জীৱনটো শেষ কৰি পেলালা |- ভিনদেউ আপুনি কান্দিছে,মই ও কান্দিছো | মই মোৰ দেউতাক হেৰুৱালো ,নম্রতাক হেৰুৱালো,,,,
- চুপ ! নম্রতাৰ মৃতদেহৰ কাষত তোমাৰ আঙুঠি উদ্ধাৰ হৈছে | তুমি হত্যাকাৰী হয়,আমি চৰম ভুল কৰিলো তোমাৰ তাত নম্রতাক গতাই অ চৰম ভুল কৰিলো |
মানুহ জনে চকুপানী তুকি তুকি গ'লগৈ |
- ভিনদেউ শুনক চোন,ভিনদেউ !
নাই আজি তাক কোনেওঁ নুবুজে | তাৰ কথা কোনেওঁ নুশুনে |অ আজি যেন সি এজন ডাগী অপৰাধী |
জীৱনে কোন ফালে
হাত বাউলি মাতে
মই যেন হ'লো আজি
দীক ভ্রষ্ট পথিক |
ৰিয়ানক লক আপৰ উলিয়াই অনা হ'ল | দিনে দিনে সি আশা হেৰুৱাই পেলাইছে জীৱনৰ | যেন সি আজি শব্দবিহীন | ৰিয়ান চা তই যে হত্যাকাৰী তোৰ বহুত প্রমান আমাৰ হাতত পৰিছে | তই তাইক শাৰিৰীক মানসিক অত্যাচাৰ চলাইছিলি ?
- এয়া সম্পূৰ্ণ মিছা কথা ছাৰ |
- মিছা কথা,তোক প্রমান লাগিব ?
- অ লাগিব ছাৰ,কাৰন এয়া সম্পূৰ্ণ মিছা কথা |
- তই নম্রতাক এদিন ফেনত ৰছি লগাই ওলোমাই থৱ খুজিছিলি ?
- নাই এয়া মিছা কথা |তাৰ চিঞৰৰ প্রতিধ্বনি হৈছিল |
- ঐ চিঞৰিলে সঁচা বোৰ মিছা হৈ নাযায় |
সি অফিচাৰৰ ভৰি দুখন খামোছি ধৰিছিল |
- ছাৰ মোক আৰু শাস্তি নিদিব ছাৰ | মই,,,,
অফিচাৰ জনে ভৰিৰে গুৰিয়াই তাক মাটিত পেলাই দিছিল | কোনো দিন মাৰ নোখোৱা ল'ৰা জন আজি পুলিছৰ হাতত লাঞ্ছিত |
- চা তোক মই প্রমান দিম | সোমাই আহা,,,,,,,
এজন মানুহ সোমাই আহিছিল |
- ঐ চা এইজনে প্রমান এইবোৰৰ | এইজনে সাক্ষী তই নম্রতাক শাস্তি দিয়া ই নিজ চকুৰে দেখিছে |
ৰিয়ানে চকু মেলি চালে | লগে লগে তাৰ মূৰত বজ্র পৰিলে | মূৰ আছান্দ্রাই কৰিলে |
- তই ???
ক্ৰমশ
প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html
চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_986.html
ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_577.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment