( কি কৌশলত ধৰা পৰিব নম্রতা হত্যাকাৰী আৰু অবৈধ সন্তান ৰ পিতৃ )
- ছাৰ
- আপোনালোক ! আহক বহক | ৰিয়ানৰ বিৰুদ্ধে সেইদিনা খন এফ আই,আৰ খন আপুনি দিছিলে ন ?
অফিচাৰে নয়নক সুধিছিলে |
- হয় ছাৰ,সি আমাৰ মৰমৰ,,,,,
নয়নে কব লৈছিলে মাত্র
- হব হব মই সকলো জানো | এটা কাম কৰক আপুনি অকমান বাহিৰত বহক,মই প্রথম চলিহাৰ লগত কথা পাতো |
- ঠিক আছে ছাৰ |
অফিচাৰৰ নিৰ্দেশ মতে নয়ন বাহিৰত ওলাই আহিলে |
এটা মানুহ হত্যা কৰোতে মাত্র পাচ মিনিটৰ ভিতৰত কৰিছিলে | কিন্তু আজি এমাহ হৈ গ'ল কিন্তু হত্যাকাৰী কোনো ধৰনৰ সুংসত্র নাই |
- চলিহা আপোনাক কিয় মাতি পঠাইছো আপুনি গম পাই নে ?অফিচাৰে নম্রতাৰ মোমায়েক চলিহাক প্রশ্ন কৰিলে |
- হয় জানো |
- আপোনাৰ ভাগিন বিবাহৰ আগতে গৰ্ভৱতী আছিলে?
- হয় ছাৰ,আমি অত্যন্তই লাজ পাইছো !
- কিন্তু সেই গৰ্ভৰ সন্তান কাৰ ?
- আমি নাজানো ছাৰ ! সেয়া যেন সকলো বৰ ডাঙৰ ৰহস্যৰ মাজত সোমাই পৰিছে |
- চাওঁক তাই হেনো ঘৰৰ পৰা বিনা কাৰনত বাহিৰত নোলাই | কিন্তু তাই মাত্র আপোনাৰ আৰু ভনিয়েকৰ ঘৰতে গৈছিলে !
- হয় ছাৰ |
- আপুনি জনাত আপোনাৰ ওচৰ চুবুৰীয়া কোনোবা ল'ৰা ৰ লগত তাইৰ সম্পৰ্ক আছিলে নেকি !
- নাই ছাৰ সেয়া অসম্ভৱ | মোৰ ঘৰৰপৰা তাই বিনা কাৰনত কেতিয়াওঁ বাহিৰ ওলাৱ পৰা নাছিলে |
- উম ঠিক আছে | আপোনাক আকৌ লগ পাম |
মোমায়েক বাহিৰত ওলাই গ'ল | আৰু লগে লগে ভিনিয়েক সোমাই আহিল |
- বহক নয়ন মনি দত্ত |
- হব ছাৰ |
অফিচাৰে কিছু সময় নয়নৰ চকুৰ ফালে চাই থাকিল |তাৰ কিছু সময় পাছত সি তলমূৰ কৰিলে |
- নয়ন ! নম্রতাৰ গৰ্ভৰ সন্তান কাৰ ?
- তাকে ছাৰ,তাক অতিশিঘ্রে বিচাৰিৱ উলিয়াব লাগে |
- আৰু সেইকাৰনে আপোনাক থানাত মাতি পঠাইছো |
- ছাৰ !
- কওঁক মাজে মাজে নম্রতাক আপুনি আপোনাৰ ঘৰলৈ লৈ গৈছিল ?
- হয় ছাৰ গৈছিলো | কাৰন তাই মোৰ খুলশালি আছিলে |
- আৰু কিছুমান ভিনিয়েকৰ খুলশালি বিলাকৰ প্রতি মৰম অকমান বেছি !
- ছাৰ !
- নাই নাই আপোনাক কোৱা নাই,সেই নষ্ট চৰিত্রৰ ভিনিয়েক কেইটাক কৈছো |
- সিহত ছাৰ জানোৱাৰ হয় |
- উম জানোৱাৰ ! বাহঃ বাহঃ বঢ়িয়া শব্দ কৈছে |বাৰু নয়ন এটা কথা কওঁকচোন |
- কি কথা
- আমি শুনিছো যে আপুনি হেনো নম্রতাৰ লগত বহুত নিৰিবিলি সময় কতাইছে ?
অফিচাৰে এইবাৰ নিজৰ কৌশল প্রয়োগ কৰিলে |
- মিছা কথা | হয় তাইৰ লগত ছপিং মল , ৰেষ্টুৰেন্ট গৈছো |
- আচ্ছা ! কেতিয়াবা মৰম কৰাৰ চলেৰে তাইৰ কোমল দেহ স্পৰ্শ কৰিছিল ?
- নাই সেয়া ছাৰ বেয়া অভিপ্রায় নাছিল | মোৰ খুলশালি মানে তাই আছিল মোৰ ভন্টি |
- আৰু সেই ভন্টি পিছত হয় গৈ কাৰোবাৰ পত্নী |
- ছাৰ !
- বাৰু বাদ দিয়ক এইবোৰ | আপোনাৰ মতে নম্রতা কেনে ছোৱালী আছিল ?
- ছাৰ তাই বহুত সহজ সৰল আছিল | আৰু কোনোবাই তাইৰ সৰলতাৰ সুযোগ লৈছিল |
- যদি সহজ সৰল আছিল তেন্তে পৰ পুৰুষৰ লগত কিয় শৰীৰৰ সম্পৰ্ক কৰিলে !
- ছাৰ সেয়া ফ'ৰ্চ হব ও পাৰে |
- ফ'ৰ্চ !
অফিচাৰ চিন্তিত হ'ল | হাৰে কিমান যটিল এই ঘটনা | কথাৰ ফালৰ পৰা ভিনিয়েক ও নহয় যেন অনুভৱ হ'ল | কেনেকে অপৰাধীক বিচাৰি উলিওৱা যায় | অপৰাধী ৰঞ্জনে হব নেকি ? কিন্তু তাকটো গ্রেপ্তাৰ কৰিব পৰা নাই | আজি ইমান দিন পলাই আছে সি | আৰু সি পলাই নিজৰ চিনীকী দিছে যে সিয়ে অপৰাধী | কিন্তু নম্রতা আৰু ৰঞ্জনৰ সম্পৰ্ক !
আজি এমাহ ! সম্পূৰ্ণ এমাহ নম্রতাৰ দেউতাকে সমাজ খনৰ পৰা পলাই আছে |
কেইজন মান মানুহ যদি ও সিহতৰ সমৰ্থনত আছে | কিন্তু গাওঁ খনৰ প্রায় খিনি মানুহ এতিয়াওঁ সিহতক ঠাট্রা মস্কৰা কৰে | যিজন মানুহ ক সকলোৱে মাষ্টৰ বুলি সন্মান কৰিছিল সেইজন মানুহ আজি সন্তান ৰ কাৰনে পলাই ফুৰিব লগা হৈছে |আজি কেইদিন মানৰ পৰা নম্রতাৰ মাকৰ গা ভাল নাই | ছোৱালী হেৰুৱা দুখত নাখাই নবয় মানুহ জনী শুকাই খীনাই গৈছে |এজনী মাতৃৰ দুখ তেওঁ হে উপলব্ধি কৰিব পাৰিব | সেয়েহে আজি নম্রতাৰ দেউতাকে সিহতৰ গাওঁৰ চিনাকী ডাক্তৰ ৰহমান ক মাতি আনিলে |
ৰহমান মানে ফাৰ্মাচিষ্ট ৰহমান | কিন্তু গাওঁখন বহু ভিতৰ সোমোৱা আছিল যে সেয়েহে সিহতৰ গাওঁ ত কোনো ডাক্তৰ নাছিলে | ৰহমানে ডাক্তৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল | ৰহমানে দিনত নম্রতাৰ মাকৰ বাবে দুটা মান ঔষধ লিখি থৈ গৈছিল | তাকে আনিবলৈ মাষ্টৰ ওলাইছিল সেইদিনা ঘৰৰ পৰা |
পিন্ধনত চূৰিয়া ,পাঞ্জাৱী কুৰ্তা লগতে কান্ধত গামোছা এখন | মানুহ জনে তলমূৰ কৰি আহি আছিল |তেনেতে সিটো মূৰৰ পৰা আহি আছিলে হৰি মহাজন আৰু প্রদীপ বুঢ়া | সিহতক দেখাৰ লগে লগে মাষ্টৰে গামোছা খন মূৰত ধাকি পলাব চেষ্টা কৰিলে |
- হেৰা প্রদীপ আমি আৰু ছোৱালী জন্ম দিয়াই নাছিলো !হৰি মহাজনে কৈছিলে
- তাকেহে
প্রদীপ বুঢ়াই কৈছিল |
- অৰা এজনী এজনী কৈ তিনিজনী ছোৱালী জন্ম দিলো ল'ৰালৈ বাত চাওঁতে |কিন্তু আজি ইশ্বৰৰ কৃপাত সিহতৰ একো খন সুখৰ সংসাৰ |
- হৰি আচল কথা হ'ল | ছোৱালী ভাল কৰাৰ ক্ষেত্রত সদায় মাকৰ অৰিহনা লাগিব |
- তাকেহে | এবাৰ জানাই নহয় | আমাৰ এইজনী ছোৱালীক গুৰুত্ব নিদিওঁতে চোতালত বগৰাই পিতিছিলো যে,,,,
দুয়ো খিলখিলাই হাঁহিলে |
ইতিমধ্যে সিহতে মাষ্টৰক এৰি থৈ গ'ল | সকলো কথা মাষ্টৰে স্পষ্টকৈ শুনিলে | আজি নম্রতা জীয়াই থকা হেতেন তাইক মাষ্টৰে বগৰাই বগৰাই কুবালে হৈ | সেমেকা মন লৈ মাষ্টৰ আকৌ আগুৱালে | আৰু অকমান গৈ মাষ্টৰৰ কানত পৰিলে !
- মাষ্টৰে হে জানে আমাৰ ল'ৰা ছোৱালীক কি শিক্ষা দিছিলে |
এইবাৰ আকৌ মহিলাৰ বিয়নি মেল |
- তাকে হে কল্পৰ মাক | আমাৰ ল'ৰাই যে ছোৱালী পলাই আনিলে ,বাপৰে গাওঁত ওলাৱ নোৱৰা হ'লো | ক'তই যে কিমান কথা শুনালে | পিছে এতিয়া কত গ'ল সেই মানুহ বোৰ | অ মাষ্টৰ জীয়েকৰ বিয়াৰ আগতে পেটত সন্তান সেয়া কি ডাঙৰ কথা নহয় | নে সেয়াওঁ কুন্তীক দিয়াৰ দৰে সূৰ্য্য দেৱতাৰ দান !
আটায়ে কৰিলি পাৰি হাঁহিলে |
মাষ্টৰ লাজ দুখত সমস্ত দেহ কপিব ল'লে |
নাই মানুহ জনে আৰু আগুৱাব নোৱাৰে | আৰু বহুত যাৱ লাগিব | আৰু কিমান যে কথা শুনিব লাগিব |নাই নোৱাৰে আৰু আগুৱাই যাৱ | মাষ্টৰ উভতি আহিল |মানুহে মানুহৰ বাবে
যদিহে অকনো নাভাৱে
অকনি সহানুভুতিৰে ভাবিৱ
কোনেনো কোৱা !
ৰিয়ানৰ মনটো কালিৰ পৰাই উগুল থুগুল |সি যেন কিবা এটা ধৰা পেলাইছে | সেই ফুটপাথত থকা মানুহ জনে হত্যাকাৰীক নিশ্চয় চিনি পাই | হয়টো সেই মানুহ জনে হত্যাকাৰীৰ পৰিচয় দিব পাৰিব | সেয়েহে সি আজি আকৌ সেই মানুহ জনৰ ওচৰলৈ আহিলে | সি দেখিছিল আবেলিৰ সময় কনত মানুহ জন ফুটপাথ্ তে বহি আছিলে |
- ককা
মানুহ জনে তাৰ ফালে কেৰাহিকৈ চাইছিল |কিন্তু মুখেৰে মতা নাছিলে |- ককা সেই হত্যাকাৰী জন কোন আপুনি চিনি পাই ?
- মানুহ যেতিয়া বিপদত পৰে তেতিয়া হে মানুহৰ কাষ চাপে | তেতিয়া ফুটপাথ্ ত পৰি থকা পাগল জন,দুৰ্ভগীয়া জনৰ ও প্রয়োজন হয় |
- নাই নাই ককা মই মানুহক ঘৃনা নকৰো | মানুহৰ সৰু ডাঙৰ বিচাৰ নকৰো | মোৰ দৃষ্টিত মানুহ মানুহে হয় | কিন্তু অপৰাধী বোৰ হয় অমানুহ |
- আজিৰ সমাজ খনে পাহৰি গ'ল যে মানৱ ধৰ্মই কলি যুগৰ শ্রেষ্ঠ ধৰ্ম | কিন্তু আজিৰ সন্তানে মাক দেউতাকক থয় ফুটপাথ্ ত আৰু বৃদ্ধা আশ্রমত | সিহত যায় দেশ বিদেশৰ তীৰ্থ স্থানত |
ৰিয়ানৰ অনুভৱ হৈছিল মানুহ জন যেন শিক্ষা বিদ্যা থকা |
- ককা আপুনি মোক কওঁক নম্রতা হত্যাকাণ্ডৰ খলনায়ক কোন ?
- তাৰ বিনিময়ত তুমি মোক কি দিবা ?
- বিনিময় ?
- উম বিনিময় ! আজিকালি বিনিময় অবিহনে একো কাম নহয় |
- মই কি বিনিময় দিম ককা ,মাত্র আপোনাৰ ওচৰত চিৰ জীৱন কৃতজ্ঞ হৈ থাকিম | কাৰন আপোনাৰ বাবে এখন ঘৰ মুক্ত হব | দুটা আত্মাই শান্তি পাব |
- ধন্যবাদ | তোমাক মই হত্যাকাৰী কোন কম | কাৰন তুমি টকাৰে মোক কিনিব খোজা নাই |
- কওঁক ককা মই হাতজোৰ কৰিছো |
- নম্রতাক হত্যা কৰিছিল এজনী মহিলাৰ নিৰ্দেশত মোৰ নাতি ল'ৰাই |
- আপোনাৰ নাতি ?
- উম অভি !
ক্ৰমশ ....
( আহি আহি শেষ মুহুৰ্ত্তত আহি পাইছো | অপেক্ষা মাথো শেষৰ | )
প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html
চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_986.html
পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_557.html
ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_577.html
সপ্তম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_990.html
অষ্টম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_575.html
নৱম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_626.html
দশম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-https://www.smj24.in/2021/01/blog-post_32.html
একাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_22.html
দ্বাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_29.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment