কলি যোগত এনে এটি প্ৰলয় হব যি কাহানিও হোৱা নাই - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 2, 2021

কলি যোগত এনে এটি প্ৰলয় হব যি কাহানিও হোৱা নাই


   সৰুতে  ককাহঁতে আমাক কৈছিল:-- সৃষ্টিখন বোলে এদিন   'ওলতি  যাব- মানুহবোৰ , গৰু হব ', বাঘ সিংহ  হব, চৰাই চিৰিকটি,  পোক পৰুৱা হব , অইন জীৱবোৰ মানুহ হব ইত্যাদি । মানে সকলো ওলট পালট ।

 "হাঃ হাঃ হাঃ বৰ ভাল হব!" --সেইবোৰ শুনি আমাৰ কুমলীয়া কল্পনাপ্ৰবন মনত ভাৱি বৰ আনন্দ পাইছিলো ।  ..পিছে কেতিয়া হব সেইটোহে নকলে ককাহঁতে ।  

   বাট চাই চাই ডাঙৰেই হলো ।এতিয়া বুজিছোঁ - কলিৰ অন্তত  এদিন কল্কী অৱতাৰ হব আৰু সৃষ্টিখনৰ অৰ্থাত আমাৰ ধৰাখনৰ কিবা নিশ্চয় পৰিৱৰ্তন হব । শাস্ত্ৰসমুহতো পাওঁ- "কলিৰ শেষত হৈব কল্কী অৱতাৰ 

কাটি মাৰি ম্লেছক কৰিব বুন্দামাৰ.....। (আদি যামল)"

   সত্য ত্ৰেতা দ্বাপৰ কলি এই চাৰি যুগেই হ'ল সৃষ্টিৰ একোটা যুগ চক্ৰ ।  ইয়াৰ  সম্পুৰ্ন  অৱধি কাল  ৪৩লাখ ২০হেজাৰ বছৰ । 

যুগ        / মানুহৰ বাবে     / দেৱতাৰবাবে

--------------------------------------------------------

সত্য     ১৭,২৮০০০বছৰ    / ৪৮  বছৰ  ।

ত্ৰেতা   ১২,৯৬০০০ বছৰ   / ৩৬  বছৰ   ।

দ্বাপৰ    ৮,৬৪০০০ বছৰ    /  ২৪ বছৰ   ।

কলি      ৪,৩২০০০ বছৰ    /  ১২বছৰ    ।

------------------------------------------------------

মানুহৰ  ১বছৰ --দেৱতাসকলৰ ১দিন

৩০বছৰে- ১মাহ আৰু ৩৬০ বছৰে ১বছৰ

.............________________.................

কলিযুগৰ আৰম্ভ :---

 মহাভাৰতৰ শেষান্তৰত অতি ন্যায়বান ৰজা পৰীক্ষিত   ঋষিৰ দ্বাৰা শাপগ্ৰস্ত হোৱাৰ  আগমুহুৰ্ত্তৰ পৰাই (অৰ্থাত খ্ৰীঃপূঃ৩১০২ বছৰ আগতে) কলিযুগৰ  আৰম্ভ হয় বুলি শাস্ত্ৰই কয়॥

         ইতিমধ্যে পাৰ হৈ যোৱা তিনি যুগ আৰু ভগৱান বিষ্ণুৰ অৱতাৰ সমুহৰ বিষয়ে শাস্ত্ৰসমুহত  পাই আহিছো। এতিয়া আমি  ৪লাখ ৩২হেজাৰ বছৰ ভোগ কৰাৰ বাবে আহি পৰিছো কলিযুগলৈ  ।  

পাৰ হলো  মাত্ৰ  ৫হেজাৰ ১শ  ২০বছৰহে

অৰ্থাত  বৰ্তমান চন ২০১৮ + খ্ৰী: পু:৩১০২ =৫১২০বছৰ।

 গতিকে কল্কী অৱতাৰলৈ বহু  বাকী ।  আমাৰ শ শ নাতিৰো নাতি  হঁতৰ লৰাছোৱালী বোৰেহে   কলিৰ শেষত  ভগৱান বিষ্ণুৰ  কল্কী অৱতাৰত (ককাহতে কোৱা)  সৃষ্টিৰ ওলট পালটবোৰ (প্ৰলয়)  দেখা পাব । 

এনে এটি প্ৰলয় হব যি কাহানিও হোৱা নাই

   পিছে কলিযুগত পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যত গতি  কি হব পাৰে  ভাৰতীয় প্ৰাচীন ঋষি, মুনি , শাস্ত্ৰকাৰ তথা  দ্বাপৰত ভগৱান শ্ৰী কৃষ্ণই  নিজমুখে কৰা কলিযুগৰ ভৱিষ্যবাণীয়ে  কি  কয়  জানিবলৈ 

মোৰ   দ্বিতীয় খন্ড  নিশ্চয় পঢ়িব। (সংগ্ৰহ)


       ঔ নমো ভগৱতে বাসুদেৱায়

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages