আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 2, 2021

আজিৰ ৰাশিফল:

 

 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                         

১৭পুহ ,শনিবাৰ,ইং ২ জানুৱাৰী ২০২১। 

সূৰ্য্যোদয় ঘ:৬/১৫/৩৯ সূৰ্য্যাস্ত ঘ:৪/৩৯/৫৯


ৰাশি - কৰ্কট ৰাশি। ৰা:ঘ:- ৮/১৭/১৮ সিংহ ৰাশি।

তিথি - কৃষ্ণা তৃতীয়া।ঘ:- ৯/৯/৩২লৈ

নক্ষত্ৰ  - অশ্লেষা।ৰা:ঘ:- ৮/১৭/১৮লৈ।

আদ্যঋতু হলে - কান্তা যোগ।

যাত্ৰা :- অগ্নি কোনত নাই ।ঘ:- ৯/৯/৩২যোৱাত নৈঋত কোনত নাই।

যোগিনী :- অগ্নি কোনত ।ঘ:- ৯/৯/৩২যোৱাত নৈঋত কোনত ।

মৰণত দোষ:- এপদ ।

ভক্ষাভক্ষ্য :-  পটল খোৱা নিষেধ।ঘ: ৯/৯/৩২যোৱাত মূলা খোৱা নিষেধ।


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ হব, যশস্যা বাঢ়িব যদিও কৰ্মত সজাগ নহলে ,সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম দক্ষতা বাঢ়িব, ধন আৰু সন্মান লাভ হব, লগতে কৰ্মত নতুন যোগাযোগ হোৱাৰ  যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্য বৃদ্ধি হব, যশস্যা বাঢ়িব, যদিও কৰ্মত সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান বাঢ়িব, যদিও আজি  সজাগ নহলে মনোমালিন্য হব পাৰে লগতে চিন্তা বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, প্ৰেম আৰু কৰ্মত সুযোগ লাভ কৰিব, যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সন্তানৰ আনন্দ বাঢ়িব, ধন আৰু সন্মান লাভ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰাপ্য ধন আদায় হব পাৰে, ধন আগমন হব, যদিও আজি কৰ্মত সজাগ হোৱাটো ভাল।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মব্যস্ততা বাঢ়িব, যদিও কৰ্মত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধি বাঢ়িব, মনত শান্তি বাঢ়িব,  লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত ভয় বাঢ়িব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত নতুন আচনি গ্ৰহণৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে ব্যয় বাঢ়িব পাৰে লগতে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম কৌশল আয়ত্ব হব, প্ৰেম আৰু কৰ্মত শুভ, যদিও শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages