( অভি কোন ? কিয় সি নম্রতাক হত্যা কৰিলে ? )
- হত্যাকাৰীৰ পৰিচয় মাথোঁ এটাই " হত্যাকাৰী " সি মোৰ ল'ৰা- বোৱাৰী , জী - জোৱাই , নাতি - পুতি যিয়েই নহওঁক কিয় । সি হত্যাকাৰী হয় |
-ককা !
-শুনা বোপা আমাৰ এটাই ল'ৰা আছিল । মানে মই অভিৰ দেউতাকৰ কথা কৈ আছো |আনৰ ঘৰত দিন হাজিৰা কৰি , নিজে নাখাই তাক পঢ়াইছিলো খুৱাইছিলো । বৰ ভাল আছিল সি পঢ়াত । সি আমাৰ একমাত্ৰ আশা - ভৰসাৰ থল আছিল । তাক লৈ আমি মা - দেউতাক হালে সোণালী ভৱিষ্যতৰ সপোন দেখিছিলো । মাকে বোৱা - কটা কৰি যি দু পইচা আৰ্জিছিল , সেইয়াও তাৰ লগতে খৰচ কৰিছিল । বোপা, তুমি আমনি পাইছা নেকি ?
- নাই নাই ,কৈ যাওক ককা , মই শুনিম।
- জানা বোপা ! আমাৰ কষ্ট সি অথলে যাবলৈ নিদিলে , তাৰ পৰীক্ষাৰ ফলাফল ওলাল । আমাৰ ঘৰখন মানুহেৰে ভৰি পৰিল । কেতিয়াও নেদেখা কিছুমান অচিনাকি মানুহৰো সোঁত বৈছিল সেইদিনা আমাৰ ঘৰলৈ । গৰ্বত মোৰ বুকখন ফুলি গৈছিল । সি ডাক্তৰ হ'ব , তাক পঢ়িবৰ বাবে চহৰলৈ পঠাই দিছিলোঁ । মাটি বাৰী সকলো বিক্ৰী কৰিছিলো , তাক ডাক্তৰ বনাবলৈ । " ল'ৰা ডাক্তৰ হ'ব " আমাৰ বাবে ইয়াকতকৈ আৰু কি ভাল খবৰ থাকিব পাৰে ? ডাক্তৰৰ মা - দেউতাক হোৱাৰ আনন্দত আত্মহাৰা হৈছিলোঁ আমি ।সময়ৰ সোতত আমাৰ সপোন পূৰণ হৈছিল |
আমাৰ ত্যাগ আৰু তাৰ অসীম কষ্টৰ বলত সি এজন দক্ষ ডাক্তৰ হিচাপে চিনাকী দিবলৈ সক্ষম হ'ল |তাৰ বিয়াৰ বয়স হ'ল | আৰু উপযুক্ত সময়ত বিয়া পাতি সি চহৰত থাকিব ল'লে | পিতৃ-মাতৃৰ দায়িত্ব পালন কৰিবলৈ সি আমাকো তাৰ লগত লৈ আহিছিল । বিয়াৰ দুবছৰৰ পাছতেই বোৱাৰীৰ কোলা শুৱনি কৰিছিল এটি মৰম লগা দেৱশিশুৱে । ঘৰখন পোহৰাই তোলা কণমানি পুতলাটোক মৰমতে আমি ককাক - আইতাক হালে" জোনাক " নাম দিছিলোঁ আৰু মাক - দেউতাকে নাম ৰাখিছিল " অভি " । সঁচাকৈয়ে তাৰ আগমনৰ লগে - লগে , আমাৰ মনৰ কোঠালি পোহৰ হৈ পৰিছিল । আইটাকে গুণগুণাইছিল -----
" আমাৰে মাইনা শুৱ এ
বাৰীতে বগৰী ৰুৱ এ "
ঠুনুক ঠানাক মাতেৰে সি মোক মাতিছিল ককা !
চন্দ্ৰকলাৰ জোনটোৰ দৰেই একলা - দুকলাকৈ বাঢ়ি সি ডেকা হৈছিল । আঙুলিত ধৰি খোজকাঢ় মৰমৰ জোনাকে লগ - বন্ধুৰ আগত আমাক চিনাকি দিবলৈ লাজ কৰা হ'ল । আমি বুঢ়া - বুঢ়ী হাল কোঠাত বন্দী হৈ পৰিলোঁ । ঘৰলৈ অহা আলহীয়ে আমাক দেখিলে হেনো নাতি আৰু বোৱাৰীয়ে লাজ পাই । সেইখিনিতে মই নিসংগ হৈ পৰিছিলো |মোৰ সুখ - দুখৰ লগৰী পত্নীয়েই এদিন মোক অকলশৰীয়া কৰিথৈ , পৃথিৱীৰ পৰা বিদায় মাগিলে|
। মই সংগীহীন হৈ পৰিলোঁ । পো - বোৱাৰী আৰু নাতিৰ ব্যস্ততাপূৰ্ণ জীৱন ! কাৰোৰে আহৰি নাই , কাৰো ফালে চাবলৈ । ঘৰখনৰ এটা চুকত পৰি থকা মইটোৱে সদায় লক্ষ্য কৰিছিলোঁ ,
ৰাতি ১২ - ১ টাতহে নাতিটো ঘৰলৈ আহিছিল আৰু লগৰীয়াৰ লগত মদ - ভাঙৰ নিচাত ডুবি গৈছিল । পথভ্ৰষ্ট নাতিৰ উশৃংখলতাই মোক বৰ কষ্ট দিছিল । তাত সৎ পথলৈ ঘূৰাই অনাৰ স্বাৰ্থত , তাৰ কুকীৰ্তি মই মোৰ ল'ৰাক কৈছিলোঁ । কিন্তু বোপা হিতে বিপৰীত হ'ল । ল'ৰা - বোৱাৰীয়ে তেওঁলোকৰ সন্তানৰ বদনাম কৰাৰ বাবে মোক ঘৰৰ পৰাই গতিয়াই বাহিৰ কৰিলে । সেইয়ে আজি মই পদপথৰ ভিক্ষাৰী । নিজ সন্তানৰ বেয়া দোষ খিনি মানি নল'লে এদিন সেই সন্তান এনেকুৱাই হয় |- ককা এইবোৰৰ লগত হত্যাকাৰীৰ সম্পৰ্ক কি ?
- সকলো ক'ম বোপা ,তুমি মাথোঁ শুনি যোৱা । " অভি"ক মই সদায় দেখো , এইফালে অহা - যোৱা কৰা । সি মোক নেদেখে , তাৰ হয়তো চাবলৈ সময়ো নাই । আনদিনাৰ দৰেই সেইদিনাও সি আহিছিল , লগত এজনী মাইকীমানুহ ।
সৌখিনিতেই বোপা সৌ গছ ডালৰ আৰত সিহতে সেই অসহায় বোৱাৰী জনীক হত্যা কৰিছিল |নিশাৰ অন্ধকাৰৰ সুযোগ লৈ | মই প্রতিবাদ কৰিব গ'লে হয়টো অইন এটা হত্যাকাণ্ড হ'ল হেতেন | ,সিহঁতে বোৱাৰীজনীক হত্যা কৰিছিল ।- মোক " অভি "ৰ ঠিকনাটো দিয়ক ককা দিবনে ?
- কিয় নিদিম বোপা । সি এটা হত্যাকাৰী , তাক এতিয়াই নিঃশেষ নকৰিলে তোমাৰ দৰে বহুতেই আপোনজনক হেৰুৱাব । লোৱা বোপা , ঠিকনাতো লোৱা ।
- আপোনাৰ ওচৰত মই চিৰদিন কৃতজ্ঞ হৈ ৰ'ম । আপোনাৰ সহায়ৰ অবিহনে হত্যাকাৰীক বিচাৰি উলিওৱা কেতিয়াও সম্ভব নহ'লহেতেন ।
- যোৱা বোপা তোমাৰ কাম কৰা । ভগৱানে তোমাৰ মংগল কৰিব ।
মানুহৰ হৃদয়বোৰ
যেতিয়া কঠিন হয়
নাথাকে সহানুভুতিৰ মাত |
থানাত কল্যাণী আৰু মাকে পুলিচ অফিচাৰ জনৰ লগত কথা পাতি আছিল ।
- চাৰ , মোৰ ল'ৰাটোক উদ্ধাৰ কৰক । হত্যাকাৰীক বিচাৰি উলিয়াই তাক মুক্তি দিয়ক । মই বহুত কষ্টত আছো | এজনী মানুহ হঠাত বিধবা হোৱা দুখ কোনে বুজিব বাৰু | আজি এইবোৰ নঘটা হেতেন মই কেতিয়াওঁ বিধবা নহওঁ |
- আপোনালোক নিচিন্ত থাকক । অতি কমদিনৰ ভিতৰত আমি হত্যাকাৰীক বিচাৰি উলিয়ামেই ।
- চাৰ , নম্ৰতা বৌৰ আলমাৰিত এই খন পাইছিলোঁ । আজি আপোনাক দিবলৈ লৈ আহিছো ।
- কি এইখন ?
- এখন জীৱন্ত দলিল চাৰ |
তেনেতে হুৰমূৰকৈ থানালৈ ৰিয়ান সোমাই আহিছিল ।আৰু পুলিচ অফিচাৰ জনক বৃদ্ধজনে কোৱা সকলোবোৰ কৈছিল ।
লগে - লগে পুলিচৰ এটা দল অভিৰ ঘৰৰ অভিমুখে ৰাওনা হৈছিল ।হত্যাকাৰী ধৰা পৰাৰ আনন্দত কল্যাণী আৰু মাকৰ দুচকুৰে চকুলো বাগৰিছিল ।
- কল্যাণী , বিনাদোষত মোৰ ল'ৰাটোৱে শাস্তি পাব লগা হ'ল । বিয়া খনেই তাৰ কাল হ'ল । মোৰ নিমাখিত ল'ৰাটোক পুলিচে লক-আপত ভৰালে , মই কেনেকৈ পাহৰিম এই যন্ত্ৰণা !
- ভগৱান আছে বৰমা । আমাৰ ৰিয়ানদাৰ কেতিয়াও বেয়া নহয় ।
ডাক্তৰৰ ঘৰলৈ সোমাই গৈ পুলিচ অফিচাৰ জনে
" অভি"ক বিচাৰিলে । সন্মানীয় ডাক্তৰৰ ঘৰত এইদৰে অপৰাধী বিচৰাত ক্ষুণ্ণ হ'ল ডাক্তৰ ।
- মই আইনৰ ৰক্ষক , আপুনিওঁ হয়টো নাজানে মোৰ তেজৰ উত্তাপ কিমান !মোক মোৰ কাম কৰিবলৈ দিয়ক ।
- শুনক অফিচাৰ মই এখন হাবিৰ বাঘ হয় | অপমান সহ্য নহয় | বাঘৰ দৰে গৰ্জি উঠিম |
- আৰু আপুনিওঁ কিয় পাহৰিলে ডাক্তৰ সেইখন হাবিৰ ৰজা যে সিংহ হয় |
" অভি" এতিয়াই মোৰ লগত যাব লাগিব ।
- অফিচাৰ , আপুনি "অভি"ক লৈ যাব নোৱাৰে ।
- বাধা নিদিব
- আৰু দিলে ?
- কুকুৰ মেকুৰীৰ দৰে চোছৰাই লৈ যাম |
পুলিচৰ দলটোৱে টানি - আজুৰি অভিক নিজৰ লগত লৈ গ'ল ।
সত্যক জানো কোনোবাই ধাকি ৰাখিব পাৰিব ! সত্য এদিন উদঘাটন হবই | হয়টো সময় লাগিব |
থানাত আৰম্ভ হ'ল জেৰা । নিজকে চহৰখনৰ "ডন" বুলি ভবা ধনীৰ দুলাল "অভি" এতিয়া পুলিচৰ বেষ্টনীত ।
- নম্ৰতাক কিয় হত্যা কৰিলি ?
- চাৰ , মই এইবোৰ একো নাজানো , মই নিৰ্দোষী । মোক এৰি দিয়ক ।
- সঁচা কথা ক'
- ছাৰ মোৰ ষ্টেটাচ আপুনি নাজানে |
- কি ষ্টেটাচ ?
- মই এজন সন্মানীয় ডাক্তৰৰ ল'ৰা |
- তোৰ ককায়েৰে দিনহাজিৰা কৰা বাবে তোৰ দেউতাৰা সন্মানীয় হ'ল | আৰু তোৰ দেউতাৰা ডাক্তৰ বাবে তই অভদ্র হ'লি |
পুলিচে এইবাৰ নিজৰ কৌশল প্ৰয়োগ কৰিলে । চিপাহী এজনক নিৰ্দেশ দিলে
- শইকীয়া , থাৰ্টডিগ্ৰীৰ ব্যৱস্থা কৰক ।
- এইবোৰ নকৰিব চাৰ | শুনক মই আপোনাক যিমান পইচাঁ লাগে দিম | মোক মুক্ত কৰি দিয়ক |
অফিচাৰে তাক এটা প্রচণ্ড চৰ সোধালে |সি চকুৰে ধোৱা ধোৱা দেখিলে |
- চাৰ মোৰ দেউতাৰ সন্মান খিনি শেষ নকৰিব |
কি সন্মান ৰহ তেন্তে , চিপাহী !
- নাই নাই কম চাৰ |
- ক' তোৰ লগত থকা হত্যাকাৰী মহিলাগৰাকী কোন আছিল ?
- তেওঁ
- ক'
- স্বপ্নালী দ্ত্ত |
- কোন এই স্বপ্নালী দত্ত !
ক্ৰমশ ...
প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html
চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_986.html
পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_557.html
ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_577.html
সপ্তম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_990.html
অষ্টম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_575.html
নৱম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_626.html
দশম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-https://www.smj24.in/2021/01/blog-post_32.html
একাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_22.html
দ্বাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_29.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Xat kihor imn natok sudai asa korobar pora korobat ni okol mnuhok Amoni dixo tat k hunkle point t aahi close kor toy tv serial bonuwa ny nhy kom akebare oomagoo director 😂😂
ReplyDelete