( স্বপ্নালী দত্ত কোন ? কিয় তাই হত্যা কৰিলে নম্ৰতাক ? )
- নয়ন দত্তৰ পৰিবাৰ ।
- নয়ন দত্ত ! তেখেততো নম্ৰতাৰ ভিনিহীয়েক ।
- হয় চাৰ ।
অফিচাৰ জনে চিপাহী এজনক নিৰ্দেশ দিলে
- হাজৰিকা গাড়ী ready কৰক । আমি এতিয়াই স্বপ্নালী দত্তৰ ঘৰলৈ যাম । ইয়াকো লগত লৈ লওঁক , সময়ত প্ৰয়োজন হ'ব ।
পুলিচ অফিচাৰ জনৰ দেখাৰ লগে - লগে স্বপ্নালী দত্তৰ ভৰিৰ তলৰ মাটি হেৰাই গৈছিল ।
- স্বপ্নালী দত্ত , " You you under arrest "
- কিন্তু কিয় চাৰ , মই কি অপৰাধ কৰিলোঁ ?
- অপৰাধ ! নম্ৰতা হত্যাৰ অপৰাধ ।
- আপুনি ভদ্ৰতাৰ সীমা চেৰাই গৈছে অফিচাৰ ।
- ভদ্ৰতা ! আপোনাৰ পৰা মই অন্তত ভদ্ৰতাৰ পাঠ নিশিকো মিচেচ দত্ত ।
- নম্ৰতা মোৰ নিজৰ ভন্টী । মোৰ ওপৰত আপুনি এনে মিছা অপবাদ জাপি দিব নোৱাৰে অফিচাৰ ।
- মিছা অপবাদ ! শইকীয়া তাক লৈ আনক ।
- অভি !
স্বপ্নালীৰ ভৰিৰ তলৰ মাটি হেৰাই গৈছিল । সন্মুখত দেখা নিশ্চিত বিপদৰ আশংকাত কঁপিছিল তাই ।
- মিচেচ দত্ত । এতিয়া কওক , আপুনি হত্যাকাৰী নহয় ।
- অভি , মোৰ লগত কিয় বিশ্বাসঘাতকতা কৰিলা , কিয় - কিয় ? তাই চিৎকাৰ কৰিছিল ।- মোৰ কোনো উপাই নাছিল । মইও পুলিচৰ বেষ্টনীত ।
ৰিঙা ৰিঙা মনটোক বুজাৱ নোৱাৰে ৰিয়ানে | কান্দিছে সি গোপনে গোপনে | খেপিয়াই ফুৰিছে অতীতৰ দিনবোৰ ------- মাকে ৰন্ধা গৰম ভাত মুখত দি দৌৰা - দৌৰিকৈ স্কুল যোৱা দিনবোৰ , সন্ধিয়া দেউতাকৰ পিঠিত হাতী - ঘোঁৰা খেলা , নিশা দেউতাকৰ বহল বুকুত শান্তিৰ টোপনি যোৱা দিনবোৰ ।
মাক-দেউতাকৰ মৰমত ডাঙৰ হৈ , সংসাৰৰ দায়িত্ব লৈ আজি তাৰ জীৱনৰ এয়াই পৰিবৰ্তন ! কিন্তু তাৰ বিশ্বাস সকলোবোৰ এদিন ঠিক হ'ব |
থানাত চলিলে মাৰাথান জেৰা | হয়টো সত্য আৱিস্কাৰ এইবাৰ হে হব |
- কওঁক নম্ৰতাক কিয় হত্যা কৰিলে ? কওঁক
অফিচাৰে স্বপ্নালীক সুধিলে |
- চাৰ মানুহক এনে হত্যা কৰা নাযায়,তাৰ অন্তৰালত বহুত কথা থাকে |- কি কথা কওঁক চোন |
- কিন্তু কাৰোবাক বচাবলৈ গৈ মই আজি এইকাম কৰিব লগা হ'ল |
- কিন্তু আপুনি যে এতিয়া অজীৱন ৰঙা ঘৰৰ আলহী হ'ব !
তাই মুখেৰে একো মতা নাছিল | মাত্র উচুপি উঠিছিল |
অফিচাৰে এইবাৰ নয়ন দত্তক জেৰা কৰিলে |
- কওক দত্ত । নম্ৰতাৰ লগত কি হৈছিল ।
- মই একো নাজানো অফিচাৰ ।
- কওক দত্ত , সময় নষ্ট নকৰিব ।
- মই নিজে লাজ পাইছোঁ আজি যে মোৰ পত্নী হত্যাকাৰী |
- মই হত্যাকাৰী !
স্বপ্নালীৰ এক বিশেষ চাৱনিত নয়নৰ বুকুখন কপি উঠিছিল |
- তুমি চৰিত্ৰহীনা ।
- তুমি মোৰ চৰিত্ৰৰ ক'ত দোষ দেখিলা ?
- অভিৰ লগত তোমাৰ অবৈধ সম্পৰ্ক আছে ।
- মিছা কথা । তুমি নিজকে নিৰ্দোষী সজাবলৈ মোৰ ওপৰত দোষ জাপি দিব নোৱাৰা । মই যদি অপৰাধী তেন্তে তুমি ও অপৰাধী |
- " Oh stop it " এইখন থানা আৰু আপোনালোক অপৰাধী । মই যি সুধিম মাত্ৰ তাৰহে উত্তৰ দিব ।
" শইকীয়া " , আলমাৰিৰ পৰা বস্তুটো উলিয়াই আনক । শইকীয়াই অফিচাৰৰ নিৰ্দেশমৰ্মে আলমাৰিৰ পৰা সেইখন উলিয়াই আনিলে |
- চাৰ , কি এইখন ?স্বপ্নালীয়ে অফিচাৰক সুধিছিল |
- এইখন জীৱন্ত দলিল ।
- মানে চাৰ
- নম্রতাৰ ডায়েৰী | সেইদিনা কল্যানীয়ে উদ্ধাৰ কৰিলে |
- ডায়েৰী ?
- মিছেচ দত্ত , কি হ'ল উচপ খাই উঠিল যে ?
- একো নাই চাৰ ........
হাজৰিকা মিচেছ দত্ত আৰু মিষ্টাৰ দত্তক লক আপত ভৰাই থওঁক |
- চাৰ !
- উপায় নাই মিচেছ দত্ত এয়া আৰম্ভনিহে |
- কিন্তু চাৰ মোৰ অপৰাধ কি !
নয়নে অফিচাৰক সুধিছিল |
- সময়ত আপোনাৰ অপৰাধো নিশ্চয় ফাদিল হব |
এটা লকআপৰ ভিতৰত স্বপ্নালী | আন এটাত নয়ন দত্ত | আৰু সন্মুখত মোহন আৰু অভি | মোহনে নয়নক দেখি চিঞৰি উঠিল |
- অ আপুনি ও আহিছে | ভালে হৈছে দিয়ক | অকলে থাকি থাকি কিবা লাগি গৈছিল |
নয়নে একো নামাতিলে | লজ্জাত সি তলমূৰ কৰিয়ে থাকিলে |
- চাৰ !
- আপুনি !
- ৰঞ্জন |
অফিচাৰ আচৰিত | ইতিমধ্যে তাক বিচাৰি সকলো চলাথ কৰিলে | কিন্তু সি আজি থানাত নিজে উপস্থিত হৈছে |
ৰঞ্জনৰ পিছত কল্যানী,ৰিয়ান আৰু ৰিয়ানৰ মাক ও সোমাই আহিলে |
- চাৰ আপোনাক মই কৈছিলো নহয় ৰঞ্জন অপৰাধী নহয় | সি মোৰ ভাল বন্ধু | শৈশৱৰ বন্ধু | সি বিশ্বাসঘাটক নহয় |
- সি মোৰ নিজৰ ল'ৰাৰ দৰে অফিচাৰ |
- কিন্তু মোহনে কৈছে আপুনি হেনো ৰিয়ান হত্যাকাৰী বুলি প্রমান কৰাৰ কাৰনে মোহনক পাচ হাজাৰ টকা দিছিলে |
- সেয়া মিছা কথা চাৰ | এজন বন্ধুক ইমান ডাঙৰ প্রতৰণা কৰিব মই নোৱাৰো ছাৰ |
- কল্যানী তুমি দেখিছিলা নহয় দেউতাক পইচাঁ দিয়া মানুহ জন | এইজন হয় নেকি ?
- নহয় চাৰ , এখেত নহয় |
- তুমি মানুহজনক চিনি পাবা নে !
- পাম চাৰ |
- ঠিক আছে মোৰ পিছত আহি থাকা |
অফিচাৰে নম্রতাক লকআপলৈ লৈ গৈছিল | তাত অভিক দেখাই দিছিলে অফিচাৰে ......
- এইজন হয় !
- নহয় চাৰ |
তাইক দেখাৰ লগে লগে দেউতাকে মাজনী মাজনী বুলি চিঞৰিছিল | কিন্তু তাই গুৰুত্ব দিয়া নাছিলে | এইবাৰ কাষৰ লকআপলৈ দেখাই সুধিব লওঁতে তাই চিঞৰি উঠিল .......
- এইজন ! এইজন চাৰ |- কি ! সঁচাই হয়নে !
- উম হয় চাৰ |
অফিচাৰজন খংত জ্বলি গ'ল | যেন আজি অফিচাৰৰ ৰুদ্র মুৰ্তি | অফিচাৰ তাৰপৰা আতৰি আহিল |
- মাজনী ,ঐ মাজনী শুনছোন
তাই খং অভিমানত দেউতাকৰ ওচৰ চাপিছিল |
- অ মাজনী মোক ইয়াৰ পৰা উলিয়াই লৈ যা | মই নোৱাৰো অ আৰু ........
- এয়া তোমাৰ ভুলৰ শাস্তি | তোমাক দেউতা বুলি মাতিবলৈ মোৰ লাজ লাগে |এবাৰ ভাৱাছোন কিছুমান কথা ......
কেতিয়াবা কেতিয়াবা ৰাতি ঘৰলৈ মদ খাই আহি তুমি মোৰ কিতাপ বোৰ দলিয়াই দিয়া,আৰু চিঞৰি কোৱা " ঐ ছোৱালী মানুহ হৈ কিয় পঢ়িব লাগে হা ! " মই মাত্র কিতাপ খন তুলি লৈ বুকুত সাৱতি কান্দো | যেতিয়া মায়ে তোমাক বাধা দিব আহে মাৰ চুলিত থাপ মাৰি ধৰি তুমি মাক অত্যাচাৰ কৰা | গোটেই ৰাতি কান্দি - কান্দি মা মই শুই থাকো,পেটত একো নপৰে | বহুত কষ্ট পাইছিলো দেউতা | বহুত .......
কল্যানীয়ে কথা খিনি কৈ কৈ চকুপানী মছি ওলাই আহিছিল |
- হাজৰিকা , মোহন আৰু নয়নক উলিয়াই আনক |
অফিচাৰৰ খঙে আজি চুলিৰ আগ পালে |
চিপাহীয়ে সিহঁতক উলিয়াই আনিছিলে | সিহঁতে দেখিছিলে অফিচাৰৰ খং ! হাতত বেত ডাল লৈ ৰৈ আছিলে |
অফিচাৰৰ মুখমণ্ডল দেখি মোহনৰ জীৱ উৰি যোৱাৰ দৰে হ'ল |
- ঐ ক' তোক ৰিয়ান হত্যাকাৰী বুলি প্রমান কৰিবলৈ তোক কোনে পইচাঁ দিছিলে ?
মোহন থক থক কৈ কঁপিছিল |
- চাৰ .....
- কি চাৰ চাৰ কৰি আছ ক' !
- এখেতে দিছিলে চাৰ |
লগে লগে নয়নৰ অভাৰ এক্টিং
- চাৰ , এখেতৰ কথা আপুনি বিশ্বাস কৰিছে,এখেত এজন মস্ত মদাহী | মই তেখেতক চিনি নাপাওঁ .......
নয়নৰ কথাত কল্যানীৰ খং উঠিল |
- মিছা কথা দেউতাক আপুনি পইচাঁ দিছে,মই নিজ চকুৰে দেখিছো |
কল্যানীৰ কথা শুনি ! নয়নৰ বুকু খন কঁপি উঠিল |
- মিষ্টাৰ দত্ত আপুনি যে অপৰাধী এয়া প্রথমটো প্রমান |
অফিচাৰে ক'লে !
-চাৰ
- কওঁক কিয় কি কাৰণত আপুনি মোহনক পইচাঁ দি ৰিয়ানক হত্যাকাৰী সজাৱ বিচাৰিছিল ?
- মানে চাৰ ......
- মানে মানে কৰি থাকিব নালাগে,স্পষ্টকৈ কওঁক ......
- নিজৰ পত্নী ক ৰক্ষা কৰিবলৈ | মই জানিছিলো যে মোৰ পত্নী হত্যাকাৰী |
- বঢ়িয়া আৰু এদিনা খন তাই আপোনাকো হত্যা কৰিলে হয় | ঐ মোহন তই ক' তই মিছাতে ৰঞ্জনৰ নাম কিয় ল'লি ?
- চাৰ , এখেতে মোক ক'লে যে পইচাঁ দিয়াৰ কথা ধৰা পৰিলে যেন মই ৰিয়ানৰ ঘনিষ্ঠ বন্ধু ৰঞ্জনৰ নামে কওঁ |
- আচ্ছা | বাৰু ৰঞ্জন যদি আপুনি অপৰাধীয়ে নহয় তেন্তে আপুনি কিয় পলাই আছিলে ?
- ভয়ত চাৰ ! মই এইবোৰ বহুত ভয় কৰো | সন্মান হেৰুৱাৰ ভয় কৰো | মোৰ দৰে বহুজন এইখন সমাজত পাব যিয়ে কোনো অপৰাধ নকৰাকৈ ফচিব লগা হয় | আৰু পিছত ভয়তে আত্মাগোপন কৰি থাকে | কিন্তু আজি ওলাই আহিলো | কাৰন সত্যত থাকিলে মোৰ ক্ষতি নহয় যে মোৰ বিশ্বাস হ'ল |- ঠিকে আছে | এতিয়া আমাৰো ভুল ভাগিল | এনেকে বিনা দোষত প্রমানৰ অভাৱত নিৰ্দোষী ও দোষী হয় | চিপাহী মোহন আৰু দত্তক সুমুৱাই থওক |
কিমান কষ্ট ! আজি নম্রতা হত্যাৰ দিন ধৰি অকণমানো আহৰি পোৱা নাই অফিচাৰে | সঁচাই এজন নিষ্ঠাৱান আৰক্ষী হৈ প্রমান কৰি দেখুৱাটো বহুত কষ্টকৰ | কিন্তু নিজৰ দায়িত্ব আৰু কৰ্ত্তব্য পালন কৰাটো নিজৰ ধৰ্ম | আজি কিমান দিন হ'ল অফিচাৰে নিজৰ ঘৰ খন দেখা নাই | নিজৰ পত্নী - সন্তানক দেখা নাই |
স্বপ্নৰ পৃথিৱীত বিচাৰি তোমাক
মোৰ ভাগৰুৱা হুমুনিয়াহ ......
জিৰণী ল'ম স্বপ্নৰ আলিংগনত
তোমাৰ শীতল কোলাত.......
আজি অফিচাৰে নম্রতাৰ জীৱন্ত দলিল ডায়েৰীৰ পাত লুটিয়ালে .........
সেইদিনা আছিল শনিবাৰ । হঠাৎ নম্ৰতাৰ ফোনটো বাজি উঠিছিল ........
- হেল্ল , কওঁক ভিনদেউ ।
- নম্ৰতা , বাইদেউৰ বেমাৰ । মেডিকেলত ভৰ্তি কৰাব লগা হ'ল । তুমি আমাৰ ঘৰলৈ আহিব পাৰিবা নেকি ?
- নিশ্চয় পাৰিম ভিনদেউ | আপুনি আহক |
- তুমি ওলোৱা নম্ৰতা । মই গৈছো তোমাক লৈ আনিম ।
- দেউতা স্বপ্নালী বাৰ হেনো বেমাৰ ,মেডিকেলত ভৰ্তি কৰাইছে মই যাৱ লাগে |
- অ,যা মাজনী | নিজৰ মানুহক বিপদত সহায় নকৰি কাক নো কৰিবি !
নম্রতাই ৰঙা চুৰিদাৰ জোৰ পিন্ধিলে | বগা দেহত লিপিত খাই ধৰা ৰঙা সাজজোৰে তাইৰ ৰূপত জেউতি চৰাইছিল | সন্মুখৰ চুলি খিনি আগফালে পৰি আছিলে |
বৰ মৰম লাগিছিল তাইক ! তাই এনেওঁ ধুনীয়া আছিলে | কিছু সময়ৰ পাছত ভনিহিয়েক আহি তাইক লৈ গ'ল | বাইকত যেতিয়া খলবমা ৰাস্তা বোৰত থেকেচা খাই ,তেতিয়া নম্রতাৰ কোমল দেহ ভিনিয়েকৰ গাত লাগি যায় | তেতিয়া নয়নে অকণমান সময়ৰ কাৰনে নিজকে পাহৰি যায় |নম্রতা গৈ পোৱাৰ কিছু সময়ৰ পাছতে সিহঁতৰ ঘৰলৈ নীল আহিলে | হয়টো স্বপ্নালীৰ বেমাৰৰ খৱৰ ল'বলৈ সি আহিছিল | লাহে লাহে ধৰনীৰ বুকুত সন্ধিয়া নামিছিল | সেয়েহে তাই ঘৰখনত ৰন্ধা বঢ়াত লাগিলে | তাই পাকঘৰত ৰন্ধাত ব্যস্ত | তেনেতে নয়নে পাকঘৰত সোমাই তাইক চাই আছিলে ......
তাই দেখি এটা লাজকুৰীয়া হাঁহি এৰিছিলে |
নম্ৰতাই ৰান্ধি দিয়া খাদ্যৰ টিফিন ,ভিনিহিয়েকে মেডিকেলত থকা বায়েক আৰু মাকক দিলে |- নয়ন তই যাগৈ যা ,স্বপ্নালীৰ লগত আজি মই থাকিম | তই মিছাতে কষ্ট কৰিব নালাগে |
নয়নৰ মাকে তাক ঘৰলৈ পঠাই দিলে | আৰু কিছু সময় পাছত নয়ন আহি ঘৰ পালে | আৰু নিজৰ কোঠাত সোমাই শুলে |
ৰাতি নিৰ্জন হৈ পৰিছিল | নম্রতা টোপনিত লালকাল | শুই থকা নম্ৰতাই হঠাৎ ভৰিত কিহবাৰ স্পৰ্শ অনুভৱ কৰে , তাই চকুমেলি যি দেখিছিল , বুকুখন ধিপিংকৈ মাৰিছিল তাইৰ | ভিতৰি আতংকিত নম্ৰতাই টোপনিৰ ভাঁও ধৰি বিচনাতে পৰি ৰৈছিল । লাহে লাহে কঠোৰ হাতখন তাইৰ দেহৰ ওপৰলৈ বগাই আহিছিল | তাইৰ উশাহ বোৰ চুটি হৈ আহিছিল |
ক্ৰমশ....
প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html
দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html
তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html
চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_986.html
পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_557.html
ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-
https://www.smj24.in/2020/12/blog-post_577.html
সপ্তম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_990.html
অষ্টম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_575.html
নৱম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_626.html
দশম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-https://www.smj24.in/2021/01/blog-post_32.html
একাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_22.html
দ্বাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_29.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
13 নং দিয়া নাই নেকি
ReplyDelete13 no tu dia nai kio
Delete১৩ নম্বৰ খণ্ডটো কেতিয়া পাম
ReplyDelete13 no 2 ketiya pam
ReplyDelete