বাস্তৱ জীৱনৰ সঁচা কাহিনী এটা লৈ আকৌ আপোনালোকৰ মাজলৈ আহিলো । কাহিনীটো মোলৈ মেছেজ কৰি প্ৰকাশ কৰিব কৈছে গোলাঘাট জিলাৰ পৰা । তেওঁৰ নামটো মই সকলোৰে আগত প্ৰকাশ কৰিব নোৱাৰিম । কাল্পনিক নাম এটাৰে মই তেওঁৰ কাহিনীটো আপোনালোকৰ মাজলৈ আগবঢ়ালো । তেওঁ তেওঁৰ কাহিনীটো নাম দিছে "" হিয়াৰ একোণত বেদনাৰ জুই""
*******
****
এটা কথা সঁচা দেই কোনোবাই যদি এনেদৰে সচাই follow কৰি থাকে । তেতিয়া হয়তো সেই মানুহজনৰ প্ৰতি অজানিতে এটা আকর্ষণ বাঢ়ি যায় । নাজানো সেয়া ভালপোৱা নে ভাললগা ? বাকী ৰশ্মিৰ জীৱনত বা কেনেকৈ হল জানো আহকচোন ।
******
--- হেল্ল ।
--- হেল্ল
--- হয় কোনে কলে ।
--- মই ৰশ্মি এ কৈছো ।
--- তুমি ।
--- চিনি পইচা
I Love you rasmi.... I really love you ... Do you love me ?
--- কিয় অহা নাই এইকেইদিন ।
--- মই সোধা questions answer এইটো নহয় নেকি ।
--- কালি আহিবা নে ।
--- আগতে মই সোধা question ৰ answer দিয়া ।
--- তোমাক মই ফোন কৰিছো, তোমাক চাবলৈ মন যোৱা কাৰণে আহিবা নে সুধিছো তাৰ পিছত ও আৰু কি বুলি কম ।
--- খুলি কোৱা মই যেনেকৈ কৈছো ।
--- I love you ..
তেনেকৈ কয় ফোনটো কাটি দিলোঁ তাৰ পিছত তেওঁ মোক আকৌ ফোন কৰিলে ।
--- কি হল কিয় কাটি দিলা ।
--- নাই এনেই কালি আহিবা লগ পাম ।
--- উম হব দিয়া যাম ।
--- অ শুনা না তোমাৰ নামটো কি আছিলে ।
সি মোক কথা শুনি হাঁহিত থাকিব নোৱাৰা হল । মই কলো ।
--- ইমান হাঁহিবলৈ কি হল ।
--- তোমাৰ কথা শুনি মৰা মানুহৰ ও হাঁহি উঠিব ।
--- কিনো কলো মই ইমান হাঁহিবলৈ ।
--- তুমি মোক ভালপোৱা অথচ মোৰ নামটো এ নজনা । হাঁহি নুঠিব ।
--- কাকো সোধা ও নাই মোৰ কথা । মই যে তোমাক ইমান দিনৰ পৰা চাই আছিলোঁ ।
--- নাই সোধা ।
--- তোমাৰ দৰে buddhu ছোৱালী মই আজিলৈ দেখা নাই ।
--- নোকোৱা মানে ।
--- মোৰ নাম কঁপিল ।
--- আৰু উপাধি ।
--- খান
--- কি ??
সি হাঁহিত কব নোৱাৰা হল । মোৰ কিন্তু খং হে উঠিল । কথাটো ভালকৈ নকয় কেনেকুৱা লৰা । পিছত সি কলে ।
--- ভয় খাব নালাগে দিয়া । মই মুছলমান নহয় ।
সি হাঁহি হাঁহি এ কলে তাৰ নাম কঁপিল গগৈ । বেছি কথা আৰু নাপাতিলোঁ দেউতাৰ ফোন তাক ফোন কৰিব মানা কৰি ফোনটো ৰাখিলো ।
সেয়াই জীৱনৰ প্ৰেমৰ আৰম্ভণি মোৰ প্ৰথম প্ৰেম অতি কম দিনতে বহুত বেছি ভালপাই পেলালোঁ তাক । পঢ়াতকৈ প্ৰেমক গুৰুত্ব বেছি দিয়া বাবে মোৰ পৰীক্ষা ৰিজাল্ট ও বেয়া হল । যাৰ বাবে মই আৰু কলেজ যোৱা বাদ দিলোঁ । দেউতা আৰু দাদাৰ কাষত কান্দি কান্দি মোবাইল এটা ললোঁ স্মাৰ্ট ফোন নহয় সৰু নকীয়া ফোন । আমাৰ প্ৰেম আগবাঢ়ি গল । মোৰ ঘৰত কথাটো গম পালে দাদাই মোক জীৱনত প্ৰথম বাৰৰ বাবে গাত হাত উঠিছিল । সেইটো দিন মই কেতিয়াও পাহৰিব নোৱাৰোঁ ।
বহুত কান্দিছিলোঁ দিন ৰাতি ভাত নোখোৱাকৈ আছিলোঁ । মা দেউতাৰ গালি দাদাই খবৰ কৰি গম পাইছিল বোলে সি ভাল লৰা নহয় মদ খাই দেউতাকৰ টকাৰে চলি আছে নিজে একো নকৰে । মই ও জানিছোঁ সি একো নকৰে বুলি তথাপিও মই তাক বহুত ভাল পাইছিলোঁ । মাৰ খাই চুৰ কৰি হলে ও মই তাক দিনটোত এবাৰ হলে ও ফোন কৰিছিলোঁ । 5 বছৰ হৈছিল আমাৰ সম্পৰ্কৰ । কেতিয়াবা যদি লগৰ ঘৰত যাওঁ বুলি কৈ লগ কৰিছিলোঁ আকৌ কেতিয়াবা তাৰ বাবে ৰাস্তাত ৰৈ আছিলোঁ । বুজাবুজি বহুত আছিল আমাৰ মাজত । আৰু এদিন হঠাতে আমাৰ মাৰ মাক ঢুকাল দাদা সেইদিনা গুৱাহাটীৰ জেঠাই হতৰ ঘৰত আহিছিল । সন্ধিয়া সময়ত খবৰ আহিল আইতা ঢুকোৱা বুলি । মা দেউতা দুয়োজন মামা হতৰ ঘৰত গল । ভাইটি আৰু মই থাকিলোঁ ঘৰত । আমি থকা ঠাইখিনি ঘন মানুহ গতিকে ভয় নালাগে থাকিব । ৰাতি ভাত খাই তাক ফোন কৰি সকলো কলো । সি আমাৰ ঘৰত অহাৰ কথা কলে কিন্তু মই তাক বহুত মানা কৰিলোঁ কিন্তু সি নামানিলে । ভাইটি টোপনি গৈছিল আৰু সি আহিছিল মনে মনে ।কব নোৱাৰো জীৱনৰ সেইটো অভিজ্ঞতা ভাল লাগিছিল নে বেয়া লাগিছিল আমাৰ মাজত শাৰীৰিক সম্পৰ্ক হৈছিল । বহুত সুখী আছিলোঁ মই কিমান সুখী ভাষাৰে বুজাব নোৱাৰো । হিয়া উজাৰি মৰম দিছিলো তাক জীৱনত কোনো দিনে এৰি নোযোৱাৰ প্ৰতিশ্ৰুতিৰে সি মোক তাৰ আঙুলি এটা কাটি তেজৰে ৰঙা কৰি দিছিল মোৰ কপাল । নিজকে তাৰ পত্নী বুলি অনুভৱ হৈছিল মোৰ । যেন সেই সময় ধৰি ৰাখিম সদায়ৰ কাৰণে ।দিনবোৰ গৈ থাকিল । বেলেগৰ মুখৰ পৰা শুনিব পালো তাৰ বোলে কোনোবা আৰু gf আছে । কথাটো জনাৰ পিছত তাৰ লগত বহুত কাজিয়া হৈছিল মোৰ কিন্তু সি কোনো কাৰণতে মানি লোৱা নাছিল যে তাৰ মোৰ বাহিৰে আৰু বেলেগ কোনোবা gf আছে । মোৰ শপত খাই কৈছিল । আকৌ সকলো ঠিক হয় পৰিছিল । লাহে লাহে মোৰ ঘৰত বিয়াৰ কথা উলিয়াব ধৰিলে । তাক কোৱাত সি কয় সি এতিয়াই বিয়া পাতিব নোৱাৰে । মোৰ যদি বিয়া হব মন মই যাব পাৰো বেলেগৰ লগত ।
বহুত কান্দো তাৰ সেই কথা শুনি কাৰণ তাক মই নিজতকৈ বহুত বেছি ভালপাওঁ আৰু আমাৰ মাজত ইমান দূৰ আগবঢ়াৰ পিছত মই আৰু কোনো কাৰণতে তাৰ বাহিৰে বেলেগ কাৰো কথা ভাবিব নোৱাৰো । এটাৰ পিছত আকৌ এটা সম্বন্ধ মোৰ ঘৰত আহিব ধৰিলে কিন্তু প্ৰতি বাৰে মই অজুহাত দেখুৱাই নাকচ কৰি গৈ থাকিলোঁ । এনেকৈ আকৌ এটা বছৰ পাৰ হল । সি সদায় কয় সি মোকে ভালপাই 10 বছৰ পিছত হলে ও সি মোক বিয়া পাতিব ইত্যাদি ইত্যাদি বহুত আৰু । মই ও তাৰ কথাত ভোল যাওঁ । মই তাৰ লগত ৰাতি কেতিয়াও কথা পাতিব পৰা নাছিলোঁ কাৰণ ঘৰত মা দেউতা দাদাৰ ভয়ত । বহুত গালি মাৰ খাইছোঁ মই তাৰ বাবে । কিন্তু মোৰ বাবে যেন সি এ সকলো এনেতে মোৰ জীৱনৰ কাল অমানিশাৰ দিনতো আহিল । আগ দিনা সি মোৰ লগত সৰু কথা এটাত কাজিয়া লাগি মোৰ লগত মাত বোল বন্ধ কৰি দিছিল । মই ও জেদ ধৰি ফোন কৰা নাছিলোঁ আগতে ও খং কৰি কাজিয়া কৰে বহুত 1 সপ্তাহলৈ মাত বোল বন্ধ হয় থাকে পিছত আকৌ ঠিক হৈ যায় সেই কাৰণে মই ও বেছি ভাবি নাথাকো । কাৰণ বিশ্বাস আছিল তাৰ ওপৰত যিমান কাজিয়া কৰিলে ও খং কৰিলে সি মোক ভালপাই সি কেৱল মোৰে হব ।বা আহিছিল সেইদিনা ভাগিন পোৱালীটোলৈ কাপোৰ কিনো বুলি আমি ওলাই গৈছিলোঁ টাউনলৈ । ইটো সিটো বস্তু লওঁতে সন্ধিয়া হব হল আমি আহিবৰ কাৰণে গাড়ী ৰখি আছিলোঁ ।
তেতিয়াতে হঠাৎ তাক মই দেখা পালো মই থিয় হৈ থকা বিপৰীত দিশৰ জুৱেলাৰী দোকান এখনৰ পৰা এজনী ছোৱালীৰ লগত হাতত ধৰা ধৰিকৈ আহি আছে আৰু নিজৰ বাইক খনৰ পিছফালে ছোৱালীজনী বহি ললে লৰাৰ দৰে বহি তাই তাক একেবাৰে সাৱটি ধৰিলে পিছফালৰ পৰা । মই বুজাব নোৱাৰো মোৰ কেনেকুৱা লাগিছিল মূৰটো ঘূৰাই যোৱাৰ দৰে লাগিল হাত ভৰি কঁপিব ধৰিছিল । কিবা কৈ ঘৰলৈ আহি এ বিচনাত মুখ গুজি হেঁপাহ পলুৱাই কান্দিছিলোঁ তাক বহুত ফোন কৰিছিলোঁ কিন্তু সি ফোনটো কাটি দি শেষত মোবাইল অফ কৰি দিছিল । পাগল হয় পৰিছিলো মই কি কৰোঁ একো ভাবি পোৱা নাছিলোঁ । গোটেই ৰাতি একো নাখায় কেৱল কান্দিছিলোঁ । পিছদিনা ৰাতিপুৱা তাৰ ফোন আহিল । খঙতে ফোনটো উঠাই এ বহুত গালি দিলোঁ হয়তো কাষত পোৱা হলে মাৰি এ পেলালোঁ হয় ইমান খং উঠিছিল মোৰ । কিন্তু সি মোক সেইবাৰ ও মিছা কৈছিল সেইজনী হেনো তাৰ কোনোবা মোমায়েকৰ ছোৱালীহে আছিল । তেনেকৈ আৰু 2 মাহ গুচি গল দাদাৰ স্মাৰ্ট ফোনতো মোক দিলে আৰু সি নতুন এটা ললে । মই ও ভালে পালো আৰু নিজৰ নামত fb একাউণ্ট এটা খুলি ললো । সি বহুত গালি পাৰিলে মোক fb খোলা বাবে তেতিয়া কাৰণটো বুজি পোৱা নাছিলোঁ । আৰু সি মোৰ লগত কাজিয়া কৰি মোক ব্লক কৰি দিলে fb ত । মোৰ মনত বহুত সন্দেহ হব ধৰিলে তাৰ ওপৰত আৰু সেই সন্দেহে মই আকৌ এটা নতুন একাউণ্ট খুলিলোঁ মিছা নাম দি । আৰু তাৰ profile চেক কৰিলোঁ ।চকুৰে ধোঁৱা ধোঁৱা দেখিছিলো মই সেইদিনা । যেতিয়া তাক টেগ কৰি দিয়া ফোটোবোৰত সেই ছোৱালী জনীৰ কমেণ্ট পাইছিলোঁ । জান, মোৰ ধুনু এইবোৰ । আৰু লগে লগে মই ছোৱালী জনীক মেছেজ কৰিছিলোঁ তাৰ কি হয় বুলি । তাই মোক কলে তাই তাৰ gf মোক কলে মই কোন হওঁ । সিহঁতৰ ফোটোও দিলে মোক একেলগে উঠা । বুজাব নোৱাৰো কিমান কষ্ট হৈছিল মোৰ সেইদিনা ।
আৰু তেতিয়াতে সি মোক ফোন কৰি কৈছিল মোৰ লগত তাৰ আৰু কোনো সম্পৰ্ক নাই সি সেই ছোৱালীজনীক ভাল পাই তাইক বিয়া পাতিব । মই বহুত কান্দি কান্দি তাক কলো মোক এৰি নাযাবলৈ । কিন্তু পিছত মোক সেই ছোৱালী জনী ও বহুত বেয়া ব্যৱহাৰৰ কৰিলে । মই হে বোলে তাৰ পিছত লাগি আছিলোঁ আৰু বহুত বেয়া বেয়া ভাষাৰে মোৰ মা দেউতাক ধৰি মোক মেছেজ কৰি ফোন কৰি বহুত গালি পাৰিছিল । পাগল হয় গৈছিলোঁ মই হয়তো শব্দৰে বুজাব নোৱাৰিম মোৰ কষ্ট বেদনাবোৰ । নিজকে সম্পূৰ্ণ ভাৱে সুস্থ কৰিবলৈ মোক সম্পূৰ্ণ 4 মাহ লাগিল । লাহে লাহে নিজকে বুজাব চেষ্টা কৰিলোঁ তাৰ সুখৰ কাৰণে ভগবান ওচৰত প্রার্থনা কৰিলোঁ সি ভালে থাকক সদায় । আজি 1বছৰ হল সি মোক এৰি যোৱাৰ কিন্তু মই আজি ও বিচাৰো তাক ভাবো সি ঘূৰি আহিব মোৰ কাষলৈ । আকৌ আগৰ দৰে কথা পাতিম সৰু সৰু অভিমান কৰিম তাৰ কাষত । কিন্তু সেয়া হয়তো মোৰ কেৱল সপোন হে । মোৰ ঘৰত বিয়াৰ বাবে প্ৰস্তুতি চলাই আছে লৰা ও আহিছে মোক চাবলৈ পছন্দ ও কৰিছে কিন্তু মই যে পৰা নাই তাক পাহৰিব । নিজৰ সকলোবোৰ তাৰ হাতত দি নিঃস্বাৰ্থ ভাবে তাক প্ৰাণভৰি ভাল পাইছিলোঁ কেনেকৈ পাৰিম তাৰ ঠাই মই বেলেগক দিব । সদায় মাথো এটাই অপেক্ষা সি আকৌ ঘূৰি আহিব মোক এবাৰ মাতিব । "ঐ buddhu পোৱালি"এয়াই আছিল মোৰ জীৱনৰ কাহিনী নাজানো মই তাক পাহৰিব পাৰিম নে নোৱাৰিম ।।।
*************
শেষত মোৰ মৰমৰ সকলোলৈকে বহুত বহুত মৰম । লগতে কাহিনীটো পঢ়ি এনে নাযাব ছোৱালীজনীক ভাল কিবা এটা কওক যাতে তাই সেই মিছলিয়া প্ৰৱঞ্চকক পাহৰি জীৱনত আগুৱাই যাবলৈ সাহস পাই ।।।
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment