অনুৰাগ তেতিয়া কলিকতাত ইঞ্জিনীয়াৰৰ student আছিল । কেৱল বিহুতহে সি ঘৰলৈ আহে । আৰু সি ঘৰলৈ আহিলে ৰেখা ও বায়েকৰ ঘৰলৈ গৈ তাক লগ পাই । সিহঁতৰ সম্পৰ্ক বিষয়ে লাহে লাহে সিহঁতৰ ঘৰত ও গম পাইছিল । যিহেতো দুয়োটা জনা বুজা আৰু দেখাই শুনাই দুয়ো দুয়োৰে কাৰণে উপযুক্ত আছিল সেই কাৰণে ঘৰ কেইখনে ও কোনো আপত্তি নকৰি সিহঁতৰ সম্পৰ্কটো মানি লৈছিল । কোনো বাধা নোহোৱাকৈ সুন্দৰ ভাবে চলি গৈছিল সিহঁতৰ মৰম ভালপোৱাবোৰ । দূৰত্ব বহুত আছিল দুয়োটাৰ মাজত কিন্তু মনৰ ভিতৰত এজনে আনজনৰ সদায় নিচেই কাষত ৰাখিছিল ।
দিনবোৰ এনেকৈ গৈ আছিল । দুয়োৰে ভালপোৱাই এটা বছৰ অতিক্ৰম কৰিছিল । বিহুৰ বন্ধত অনুৰাগ ঘৰলৈ আহিছিল । আৰু ৰেখাই উপমাৰ লগত বায়েকৰ ঘৰত যাবলৈ ওলাইছিল । প্রিয়জনক ইমান দিনৰ পিছত লগ পোৱাৰ হেঁপাহতে কব নোৱাৰা হৈ পৰিছিল ৰেখা ।
গোটেই ৰাস্তাটো কেৱল অনুৰাগৰ কথাই কৈ গৈছিল তাই । দুয়োগৈ পোৱাৰ আগতে অনুৰাগ ৰৈ আছিল তাইৰ কাৰণে বায়েকৰ ঘৰত । বায়েকৰ লৰা গুণে ও তাক মহা বুলি এ মাতিছিল । সিহঁত গৈ ইটো সিটো কথা পতাৰ পিছত ৰেখাই চিনাকি কৰাই দিছিল অনুৰাগক উপমাৰ লগত । সিহঁতে ফোনত কথা পাতিছিল যদি ও কোনো দিনে দেখা দেখি হোৱা নাছিল । প্ৰথম বাৰ এনেকৈ সন্মুখৰ পৰা চিনাকি হৈ অলপ লাজ লাজ কৈ কথা কৈছিল তাই অনুৰাগৰ লগত । গোটেই কেইজনে একেলগে বহি চাহ খাইছিল আৰু কথাৰ মাজতে অনুৰাগে উপমাৰ ফালে চাই ৰেখাক কৈছিল ।--- ছোৱালীজনী ধুনীয়া যিমান লাজতো ও সিমানে কিন্তু । দেখিছা নে তল মূৰৰ পৰা মূৰতুলি চোৱা নাই ।
আৰু যেন বেছি লাজ লাগি গৈছিল তাইৰ তাৰ কথাত লাজ লাজ কৈ মিচিকিয়াই হাঁহি এটা মাৰি তাই লাহে কৈ কৈছিল ।
--- না... নাই কি লাজ কৰিম ।
তাইৰ কথাত গোটেই কেইটা হাঁহি দিছিল । চাহ খাই উঠি সিহঁত অনুৰাগহতৰ ঘৰত যাব ওলাইছিল । বেছি দূৰ নহয় কাৰণে সিহঁতে খোজ কাঢ়ি এ যাবলৈ লৈছিল । ৰাস্তাত যাওঁতে অনুৰাগ আৰু ৰেখাক অলপ কথা পাতিব সুবিধা কৰি দি ভাগিনেক গুণৰ লগত উপমা পিছ পৰি লাহে লাহে গৈছিল ।
সিহঁত যাব বুলি জানি অনুৰাগৰ মাকে বিধে বিধে খোৱা যোগাৰ কৰি থৈছিল । নতুন আছিল সকলোৰে কাৰণে উপমা । তাই আগতে যোৱা নাছিল কেতিয়াও সিহঁতৰ ঘৰত, কিন্তু অতি সোনকালে তাই ও সকলোৰে কাৰণে আপোনহৈ পৰিছিল । বহুত হাঁহি ধেমালি আৰু ফুৰ্তিৰ মাজেৰে পাৰ হৈছিল সিহঁতৰ দিন কেইটা । আৰু অনুৰাগৰ যাবৰ সময় হৈ আহিছিল । আৰু এইবাৰ সি আহিলে সিহঁতৰ আঙুঠি পিন্ধোৱাটো কৰি থম বুলি মাকে তাইক কৈছিল । আপোনজনক নিজৰ কৰি লোৱাৰ হেঁপাহ আৰু পুনৰ লগ পোৱাৰ প্ৰতিছুটিৰে তাইৰ পৰা বিদায় লৈ গুচি গৈছিল অনুৰাগ ।বায়েকৰ ঘৰত আৰু এটা দিন থাকি ৰেখা আৰু উপমা ও উভতি আহিছিল নিজৰ ঘৰলৈ । উপমাহতৰ ঘৰ যিহেতু আগতে পাই তাই আৰু ৰেখাৰ লগত নগৈ নিজৰ ঘৰত এ সোমাল ।
ৰেখা ও নিজৰ ঘৰলৈ বুলি খোজ দিলে তাই ঘৰত সোমাই এ দেখিলে সিহঁতৰ ঘৰৰ দমকলৰ পাৰত কোনোবাই সিহঁতৰ মটৰটো খুলি আছে । তেতিয়া সন্ধিয়া লাগিছিল ঘৰত ও মাকৰ বাহিৰে কোনো নাই বজাৰ সমাৰ কৰিব লৰা এজন আহে যদি ও সি পুৱাতে আহি সকলো কৰি দি যায় । তেতিয়া হলে এইজন কোন ? নিশ্চয় চুৰ এ হব তাই লাহে লাহে বেগটো বাৰাণ্ডাত থৈ । মানুহজনৰ কাষলৈ যাব ধৰিলে মনত অলপ ভয় ও লাগিল চোৰ যদিটো তাৰ হাতত নিশ্চয় চুৰি নাইবা নিজকে বচাবৰ কাৰণে যি কোনো কিবা থাকিবই । তাই নিজকে বছাবোৰ কাৰণে কাষতে পৰি থকা বাঁহ এডাল বুটলি লৈ লাহে লাহে তাৰ কাষ পালে । সচাকৈ মানুহজন চুৰ এ হয় সি হয়তো মটৰতো খুলি আছে লৈ যাবৰ কাৰণে । তাই আৰু বেছি একো ভাবি নাথাকি বাঁহ ডালেৰে তাৰ মূৰত এটা কোব মাৰিলে আৰু লগে লগে চিঞৰি উঠিল ।--- চুৰ চুৰ ........
তাইৰ চিঞৰ শুনি মাক ভিতৰৰ পৰা দৌৰি আহিল আহি দেখিলে মানুহজন পৰি গৈছে আৰু ৰেখাই তাক চুৰ বুলি চিঞৰি আছে ।
--- মাজনী কত চুৰ,
--- মা এইজনে আমাৰ মটৰতো চুৰ কৰি নিবলৈ খুলি আছিল ভাগ্য ভাল মই আহি পালো । মানুহ মাতা ইয়াক এনেকৈ এৰি দিলে নহব ।
--- হে ভগবান মনে মনে থাক তই কত চুৰি দেখিলি । ইছ ৰাম ৰাম বাবা বেছি কৈ দুখ পালা নেকি চাওঁ উঠাচোন । কি হে হব নহয় এইজনীৰ লগত মানে ।
--- বাবা ???
তাই মুখৰ ভিতৰত এ কলে । কোন এইজন তাইতো আগতে কেতিয়াও দেখা নাই তেতিয়া হলে কৰ পৰা আহিল এইজন আকৌ নতুন বাবা ।
তাইৰ ভৱনাত আউল লগাই মাকে তাইক কলে ।
--- মুখখন মেলি কি চাই আছা নধৰা কিয় ।
মাকে মানুহজনক উঠাই দিলে,
পৰি যোৱা কাৰণে কঁপালখন ফাটি তেজ ওলাব ধৰিছে হয়তো হঠাতে এনেকৈ পৰি যোৱা কাৰণে ভৰিত ও দুখ পাইছে । তাই চাই এ থাকিল সি লাহে লাহে উঠি মাকৰ সহায়ত ভিতৰলৈ সোমাই গল ।তাই মনতে আকৌ ভাবিলে কোন এইজন । তাই ও লাহেকৈ ভিতৰলৈ সোমাই গল । মাকে মানুহজনৰ লগতে ব্যস্ত । তাইৰ আৰু চাই থাকিব ধৈৰ্য্য নহল মাকক টানি লৈ গল তাইৰ ৰুমলৈ ।
--- হাৰে কি কৰিছো চাওঁ এৰি দে ।
--- কোন এইজন মই এইকেইদিন নোহোৱাতে তোমাৰ ইমান আপোন এইজন কোন বাবা আহিল ???
--- সি উৎপল ..........
( কোন এইজন উৎপল কি সম্পৰ্ক তাৰ সিহঁতৰ ঘৰৰ লগত .. উপমা কেনেকৈ অনুৰাগৰ পত্নী হল এয়া জানিবলৈ হলে ৰেখাৰ বিষয়ে জানিবই লাগিব, )
আগলৈ.... .
ধাৰাবাহিক খনৰ এতিয়ালৈকে প্ৰকাশ পোৱা খণ্ড সমূহ পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.অৰ্ধাঙ্গিনী.in
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment