কমখৰচত ঘৰতে কৰো আহক পেডিকিউৰ: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 31, 2020

কমখৰচত ঘৰতে কৰো আহক পেডিকিউৰ:

 

আমি সাধাৰণতে মুখমণ্ডলৰ ওপৰতহে গুৰুত্ব দিওঁ৷কিন্ত মুখৰ লগতে আমাৰ সৌন্দৰ্যৰ বাবে ভৰিকেইখনো সমানেই গুৰুত্বপূৰ্ণ৷ফটা গুৰুহাৰে লেতেৰা ভৰিকেইখনে কিমান বেয়া দেখি সেইটো আপুনি অনুভৱ কৰিব নোৱাৰে৷কিয়নো ভৰিকেইখন বেলেগৰ চকুতহে আগত পৰে৷আগে আগে গৈ থকা ধুনীয়া ছোৱালী এজনীৰ পিছে পিছে গৈ থাকিলে প্ৰায়ে দেখা যায় যে ভৰিৰ গোৰুহা ফাটি ফাকে ফাকে লেতেৰা জমা হৈ আছে৷দৃশ্যটো বৰ দৃষ্টিকটু হৈ পৰে৷ঠাণ্ডা দিনত এই সমস্যাটোৱে বৰ বেছি দিগদাৰ দিয়ে৷ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ঘৰতে কৰক পেডিকিউৰ৷

  পেডিকিউৰ কৰিবৰ বাবে আপোনাক লাগিব এটা চৰিয়া,গৰমপানী,নিমখ,চেম্পু,নেমুটেঙা,গ্লিচাৰিন,এদাল টুথ ব্ৰাছ,নেইল কাটাৰ (বহুতে ব্লেড ব্যৱহাৰ কৰে) আৰু এডোখৰ পিউমিচ ষ্টন৷

তাতে কেইপাহিমান ৰঙা গোলাপৰ পাহি চতিয়াই ললে ছালৰ কাৰণেও ভাল লগতে মনলে সজীৱতাও আহিব৷নিমখে গাৰ বিষ,জ্বৰ আদি থাকিলে তাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব৷শেষত প্ৰয়োজন অনুসৰি নেইলপলিছ ল'ব পাৰে৷

   প্ৰথমে দুয়োখন ভৰি ডুবাব পৰা জোখাৰ এটা চৰিয়া লৈ তাত সহ্য কৰিব পৰাতকে অলপ বেছি গৰম পানী ল'ব৷এতিয়া পানীখিনিত অলপ নিমখ,চেম্পু আৰু কাজিনেমুৰ আধাফাল চেপি ল'ব৷সম্ভৱ হলে ৰঙা গোলাপৰ পাহি কেইটামান চতিয়াই ল'ব৷পানীখিনি হাতেৰে অলপ ঘূলি ল'ব৷তেতিয়া চেম্পুখিনি ফেনাই যাব৷

এতিয়া ভৰিকেইখন লাহে লাহে পানীত ডুবাব৷(যিহেতু পানীখিনি জোখতকে অলপ গৰম)লাহে লাহে ডুবাই থাকোতে পানীখিনিত ভৰিকেইখন ভৰাব পৰা হৈ যাব৷এনেদৰে ১০মিনিট মান ডুবোৱাৰ পিছত ভৰিখন কোমল হৈ যাব৷এতিয়া পিউমিচ ষ্টন এডোখৰ লৈ ভৰিৰ গোৰুহা কেইটাই হৈতে কাষ কেইটা ভালদৰে ঘহিব৷ওপৰৰ ভাগো ঘহিব৷পিউমিচ ষ্টন ছালত লাহে লাহে মাৰিব পাৰে৷

এনেদৰে ঘহি গোটেই ভৰিখন চাফা কৰাৰ পিছত টুথ ব্ৰাছ এদালেৰে ভৰিৰ নখবোৰ আৰু নখৰ ফাকবোৰ চাফা কৰিব৷চেপি দিয়া নেমুৰ থাকি যোৱা অংশইদি নখবোৰত মোহাৰি মোহাৰি চাফা কৰিব৷তাৰপিছত ভাল পানীৰে ভৰিকেইখন ধুই শুকান কাপোৰ এখনেৰে মোহাৰি লৈ ভালদৰে গ্লিচাৰিন লগাব৷কোমল হৈ যোৱা নখবোৰ নিজৰ পছন্দ মতে কাটি প্ৰয়োজন অনুসৰি নেইলপলিছ লগাব৷

মুখখনৰ লগতে আপোনাৰ ভৰিকেইখনৰ উজ্জ্বলতাই আপোনাৰ মনলৈও সজীৱতা আনিব৷এইদৰে সপ্তাহত দুবাৰকৈ কৰিব৷সুফল পাব৷

সৌন্দৰ্য্য সন্দৰ্ভত আৰু অধিক পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.ৰূপচৰ্চা.in


No comments:

Post a Comment

Advertisement

Pages