এতিয়া এখন অলপ ঢাৰ থকা ফনীৰে চুলিখিনি ভালদৰে ফনীয়াই লব৷ফনীয়াওতে মন কৰিব চালখনত অলপ যোৰ দি ফনীয়াব যাতে মূৰৰ উফিবোৰ এৰাই আহে৷এতিয়া চুলিখিনি ভালদৰে জোকাৰি জোকাৰি উফিখিনি পেলাই লব৷
এতিয়া দৈৰ পানীখিনিত কপাহ এটুকুৰা তিয়াই লৈ চুলিখিনি অলপ অলপকে ফালি ফালি চালত লগাকে দৈৰ পানীখিনি লগাব৷
এনেদৰে গোটেই মুৰটোত লগাই হোৱাৰ পাছত আঙুলিৰে লাহে লাহে গোটেই মুৰটো মালিচ কৰিব৷এনেদৰে মালিচ কৰিলে গোটেই চুলিখিনিত দৈখিনি লাগি যোৱাৰ লগতে তেজ চলাচলত সহায় হ'ব৷এতিয়া চুলিখিনি ভালদৰে চেম্পু কৰি ধুই দিব৷চুলিখিনি শুকোৱাৰ পাছত আঙুলি বোলাই চালে নিজেই অনুভৱ কৰিব পাৰিব৷টেঙা দৈ পানীৰে উফি মৰাৰ লগতে চুলিখিনত কণ্ডিচনাৰৰ কাম কৰিব৷চুলিখিনি কোমল হৈ পৰাৰ লগতে আপুনি একোচা সুন্দৰ চিকচিকীয়া চুলিৰ অধিকাৰী হৈ পৰিব৷
সৌন্দৰ্য্য সন্দৰ্ভত আৰু অধিক পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.ৰূপচৰ্চা.in
No comments:
Post a Comment