ভোগালী বিহু বা মকৰ সংক্রান্তিৰ দনটিত এই ৪ বিধ বস্তুৰ ভিতৰত এবিধো ঘৰলৈ আনক,তেতিয়া ঘৰখনৰ সুখ শান্তি তথা টকা পইচাৰ অভাৱ নহৱ।মকৰ সংক্রান্তি বা ভোগালী বিহুৰ দিনটিৰপৰা দেৱতাসকলৰ দিন আৰম্ভ হয়।এই পবিত্ৰ দিনটিত এই বিশেষ বস্তু ঘৰলৈ আনিলে বহুটো সুফল লাভ কৰিব পৰা যায়।এই ৪টি বস্তুৰ ভিতৰত এটি বস্তু ঘৰলৈ অনা ফলত সমস্যাৰ দূৰ হয়,ধন-টকাৰ অভাৱ কমে আৰু বিবাহত যদি কিবা বাধা আহে সেই সকলো সমস্যা বাধা দূৰ হয়।আৰু মনৰ আশা অতি সোনকালে পুৰণ হয়। যদি এই বস্তু কেইপদ আপোনাৰ ঘৰত আগতেই আছে তথাপিও এই পৱিত্ৰ দিনটিত আকৌ দ্বিতীয়বাৰ আনিব পাৰে।
বস্তু কেইপদ হল -
১/মকৰ সংক্রান্তি বা ভোগালী বিহুৰ দিনটিত হালধীয়া বস্তু কিনি অনাটো অত্যান্ত মংগলজনক।এই পৱিত্ৰ দিনত হালধীয়া কাপোৰ পৰিধান কৰি যি শুভ কামত যাব সকলো কামতে সুফল পাব। সেয়হে এই দিনত এখন হালধীয়া বস্ত্ৰ কিনি আনক।
২/মকৰ সংক্রান্তি কলা তিলৰ বিশেষ মহত্ব আছে।এই পৱিত্ৰ দিনটিত কলা তিল ঘৰলৈ কিনি আনি দৰিদ্ৰক দান কৰিলে আপোনাৰ কুণ্ডুলীত গ্ৰহৰ দুখ থাকিলে সকলো দুখ দূৰ হব আৰু ঘৰত সদায়ে সুখ-শান্তিয়ে বিৰাজমান কৰিব।
৩/মকৰ সংক্রান্তি দিনটিত দুখীয়া-দৰিদ্ৰক কম্বল দান কৰিলে হাজাৰগুণ ফল লাভ কৰিব পৰা যায়।সেয়হে এই পৱিত্ৰ দিনটিত দুখীয়া দৰিদ্ৰক কম্বল বা গৰম কাপোৰ দান কৰক।ইয়াৰ ফলত গোটেই জীৱন সূৰ্য্য দেৱৰ কৃপা আপোনাৰ ওপৰত থাকিব।
৪/মকৰ সংক্রান্তি দিনটিত আপুনি আপোনাৰ ঘৰলৈ আনক এখন সূৰ্য্য ওদয় হোৱা ফটো।আৰু ফটোখন উত্তৰ-পূৱ দিশৰ বেৰত লগাওক। ইয়াৰ ফলত আপোনাৰ ঘৰৰ বাস্তু দুখ নাইকিয়া হব আৰু অবাবত খৰছ হোৱা পইচা খৰছ হোৱা বন্ধ হব।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment