উল্লেখিত ঘোষাফাকিৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱে সংসাৰৰ মায়া মোহত আৱদ্ধ হৈ থকা জীৱসমূহক পৰমেশ্বৰ কৃষ্ণৰ চৰণত শৰণ লৈ ভক্তিভাৱে প্ৰাৰ্থনা জনোৱাৰ নিদৰ্শন দিছে | কলিৰ জীৱসমূহক এখন নাৱ আৰু সংসাৰ খনক সমুদ্ৰৰ লগত তুলনা কৰিছে | সেয়ে কৈছে - হে কৃষ্ণ মোক পৰিত্রাণ কৰা, মোৰ জীৱন নাৱখনি বুৰি আহিছে আৰু ভক্তিৰ জ্ঞানো নোহোৱা হৈ আহিছে | মোক উদ্ধাৰ কৰা প্ৰভু |
পাৰাপাৰহীন সাগৰৰ মাজত যেতিয়া সাগৰৰ ঢৌৱে টুলুঙা নাৱ খনক বিধস্ত কৰি পেলাই, তেনেকৈ জীৱৰ দেহটোৱেও সংসাৰৰ তিনি তাপযুক্ত পীড়াত লীন হৈ যায় | জীৱই নিজৰ যে আয়ুস শেষ হৈ আহে সেই কথা গমেই নাপায় | সেয়েহে ভগৱন্ত প্ৰভুৰ প্ৰতি একান্ত ভক্তি আৰু প্ৰভুৰ চৰণতে শৰণাগত হব লাগে আৰু ভৱ সংসাৰৰ সকলো বাধা বিঘিনি অতিক্ৰম কৰিব পাৰে | কোনদিনা সাগৰত হোৱা ধুমুহাই মানৱ নামৰ এই নাৱ খনক অকালতে বুৰাই পেলাব গমকে নাপাব |
সেয়ে মহাপুৰুষ মাধৱদেৱে কৈছে যে- হে কৃপাময়, মোক উদ্ধাৰ কৰা | মোৰ মনৰ সকলো জ্ঞান হেৰাই আহিছে আৰু মই সংসাৰৰ মায়া মোহত আৱদ্ধ হৈ গৈ আছো | মহা সংকটৰ সময়ত তোমাৰ বাহিৰে পৰিত্রাণ কৰিব পৰা আন কোনো নাই | মাধৱদেৱে এনেদৰেই জীৱ সমূহলৈ ভক্তিৰ আৰ্হি দেখুৱাই গৈছে | কৃষ্ণ কৃষ্ণ...
( কৃষ্ণ নাম লিখোতে বা গুণানুকীৰ্তন কৰোতে যদি ভুল ভ্ৰান্তি হয় তেন্তে যোগ্যজনে শুধৰাই যাব )
সেৱাৰে- পূৰৱী মনিৰ লিখনিৰে--smj ৰ মডাৰেটৰ কমললোচন পাঠকৰ সৌজন্যতঃ
No comments:
Post a Comment