হাহাকাৰ লাগি গল তিনিখনকৈ ঘৰত ৰেখাৰ মাকৰ ঘৰ ৰেখাৰ বায়েকৰ ঘৰ আৰু অনুৰাগহতৰ ঘৰ । সকলোকে আচৰিত কৰি ৰেখাই এয়া কি কাণ্ড কৰিলে । কোনে ও ভাবি নোপোৱা কাম এটা কৰি পেলালে তাই । ৰেখাৰ মাকে অনুৰাগৰ মাকক ফোন কৰি কান্দি কান্দি ক্ষমা বিচাৰিলে । ৰেখাৰ বায়েক ও আহিল মাকৰ ঘৰলৈ । বহুত লাজ পালে তাই ভনীয়েকৰ কান্দত । সকলোৱে মিলি এটাই সিদ্ধান্ত কৰিলে কোনেও যাতে ৰেখাৰ খবৰ নকৰে, তাই লগত আৰু সিহঁতৰ কোনো ধৰণৰ সম্পৰ্ক নাই । তাই সিহঁতৰ কাৰণে মৰি গল । মাকে ও শপত খালে তাই মৰি গলে ও আৰু তেওঁ তাইৰ মুখ নাচাই ।ঘৰৰ সকলোৱে মিলি উপমাক অনুৰাগৰ জীৱন সংগী কৰাৰ সিদ্ধান্ত কৰিলে । কিন্তু সকলোৰে কথাৰ বিপৰীত হৈ একেআষাৰে না কৰিলে অনুৰাগে । সি সদায় উপমাক নিজৰ ভনীয়েকৰ দৰে চাই আহিছে আৰু সেইজনী ছোৱালী কেনেকৈ তাৰ জীৱন সংগী হব ।
দিনবোৰ গৈ থাকিল এদিন দুদিন কৈ উপমা আৰু অনুৰাগৰ ফোন মেছেজৰ সংখ্যা ও বাঢ়ি গল । ভাগি পৰা মনটোক জিৰাবলৈ যেন অনুৰাগে উপমা নামৰ এটি শীতল ছা পালে । তাই তাৰ প্ৰতি লোৱা যত্ন care এইবোৰে তাক ও ভাবিবলৈ বাধ্য কৰাইছে তাইৰ কথা ।সচাই উপমা বহুত ভাল ছোৱালী তাইতকৈ উপযুক্ত ছোৱালী যেন আৰু তাৰ বাবে কোনো নোলাব । তাইৰ মৰম ভালপোৱাবোৰ নিৰ্ভেজাল নিঃস্বাৰ্থ । এইটো জানে যে সি তাইক কেতিয়াও ৰেখাৰ ঠাই দিব নোৱাৰে কিন্তু তথাপিও তাই তাক প্ৰতিটো কথাত প্ৰতিটো কামতে উৎসা জগাই তাৰ লগত থাকি তাক সাহস দিয়ে । তাইৰ এইবোৰ কাৰণতে তাইৰ প্ৰতি তাৰ মনত শ্ৰদ্ধা বাঢ়ি যায় । দিনক দিনে তাৰ ওপৰত তাৰ ঘৰৰ মানুহ আৰু মাকৰ হেঁচা বাঢ়ি যায় তাৰ বিয়াকলৈ । লাহে লাহে তাৰ ও ভাললগা হয় পৰিল উপমাক । আৰু এদিন সি ঘৰত জনাই দিলে যে সি উপমাক বিয়া কৰাবলৈ সাজু । তাৰ কথা শুনি ঘৰ কেইখনত আনন্দৰ জোৱাৰ উঠিল । আৰু এটা নিৰ্দিষ্ট দিনত উপমা আৰু অনুৰাগৰ বিয়া হৈ গল । বহুত সুখী হৈছিল দুয়োটা লগতে দুয়োখন ঘৰ ।
কিন্তু .......
সিদিনা আছিল সিহঁতৰ ফুলশয্যাৰ নিশা । অনুৰাগ ৰুমত সোমাইছিল হে মাথো । এনেতে উপমাৰ মোবাইলতো বাজি উঠিল । এটা অচিনাকি নাম্বাৰ, তাই ফোনটো উঠালে ।
--- হেল্ল ...
--- হেল্ল উপমা......
এজন পুৰুষৰ এটি কান্দোনৰ ভঙা মাত ভাঁহি আহিল ।
--- হয় কোনে কলে ।
--- মই উৎপল । ৰেখা ... ৰেখাই ...
--- কি হল ৰেখাৰ ।
অলপ চিঞৰি উঠিল উপমা । উপমাৰ মুখত হঠাৎ ৰেখাৰ নাম শুনি অলপ আচৰিত হৈ তাইৰ ফালে চাই ৰল অনুৰাগে । অনুৰাগে চাই থকালৈ গুৰুত্ব নিদি পুনৰ অলপ জোৰকৈ কৈ উঠিল তাই ।
--- কি হৈছে ৰেখাৰ নোকোৱা কিয় ।
--- ৰেখাই চুইছাইড কৰিলে উপমা ।
কান্দোনত ভাগি পৰিল উৎপল ।
--- হা......
হাতৰ পৰা মোবাইলতো নিজে নিজে সৰি পৰিল উপমাৰ । ভাগৰুৱা শৰীৰ এটাৰ দৰে ঠাইতে বহি পৰিল তাই । তাইক তেনেকৈ দেখি অনুৰাগ তাইৰ কাষলৈ আহি তাইৰ গাত ধৰি সুধিলে ।
--- উপা কি হল ।
অনুৰাগৰ মাতত হুকহুকাই কান্দি দিলে তাই । একো বুজিব নোৱাৰি আলফুলে তাইক বুকুত সুমুৱাই পুনৰ সুধিলে ।
--- কি হৈছে নোকোৱা কিয় তুমি নকলে মই কেনেকৈ জানিম ।
--- ৰেখা .... ৰেখাই চুইছাইড কৰিলে .......
--- কি
অলপ আচৰিত হৈ পৰিল অনুৰাগ । লগে লগে তাৰ খঙটো ও উঠি আহিল ।
--- কাৰ কাৰণে কি কাৰণত কান্দি আছা তুমি । সেইজনী মানুহৰ কাৰণে যি কেৱল মোক এ নহয় নিজৰ ঘৰখনক বেমাৰী মা জনীক ও দুখ দি কেৱল নিজৰ সুখৰ কাৰণে গুচি গৈছে।সেইজনী মানুহৰ কাৰণে যি নিজৰ বাহিৰে কাকো এ চিনি নাপালে । যাৰ প্ৰতাৰণাৰ কাৰণে হয়তো আজি কাৰো ওপৰত বিশ্বাস নোহোৱা হৈছে । যিজনী মানুহে সকলোকে তিল তিল কৈ মৰিব দি নিজে সুখৰ সংসাৰ কৰিব গুচি গৈছিল সেইজনী মানুহৰ কাৰণে । যাৰ বিশ্বাসঘাটকতা মনত পৰিলে আজি ও মোৰ নিজকে নিজে মোৰ পুতৌ ওপজে সেইজনী মানুহৰ কাৰণে তুমি কান্দিছা ।
তাৰ কথা শেষ হব নোহোৱাতে চিঞৰি উঠিল উপমা ।
--- নাই মিছা এইবোৰ ৰেখা বিশ্বাসঘাটক নহয় তাই কেতিয়াও বেয়া নহয় ।
--- উপা তুমি পগল হৈছা । সকলো জানি ও কৈছা তাই একো বেয়া কৰা নাই । কেনেকৈ আজি তুমি মোৰ জীৱনত আহিলা সেইটো পাহৰি গলা নেকি ।
--- একো পাহৰা নাই মই । মই সকলো জানো মাথো তুমি নজনা একো । ৰেখা কেতিয়াও বেয়া নহয় অনুৰাগ তাই তোমাক কেতিয়াও বিশ্বাসঘাটক কৰা নাই । নিজে জ্বলি বেলেগক পোহৰ বিলোৱা ছোৱালী ।
--- তুমি এইবোৰ কি কৈছা উপা কি সঁচা কথা । কি নাজানো মই .....?
--- শুনিব বিচাৰিছা নো তেতিয়া হলে শুনা । যিদিনা তুমি মোক ৰেখাহতৰ ঘৰত যাম বুলি খবৰ দিব দিছিলা সেইদিনাই মই তোমাৰ ফোন কাতি এ ৰেখাহতৰ ঘৰত গৈছিলোঁ । আৰু তাইৰ আগত তুমি আহিব বুলি কৈছিলোঁ আৰু তেতিয়াই তাই মোক হাতযোৰ কৰি কৈছিল ।
--- উপা, তোৰ পৰা মোক এটা বহুত ডাঙৰ সহায় লাগে ।
--- কো কি কৰিব লাগে ।
--- আগতে তই ক মোক তই সহায় কৰিবি নে ।
--- কিয় নকৰিম তোৰ কাৰণে যি কৰিব কওঁ তাকে কৰিম কেৱল মৰিব নোৱাৰো কাৰণ জীৱনটোক লৈ বহুত সপোন আছে ভাই এতিয়াতে মৰিব নোৱাৰো ।
--- ফাটলামী নকৰ মই মই seriously কৈছো তই মোৰ শপত খাই ক মই যি কম তই তাকে কৰিবি ।
ৰেখাই উপমাৰ হাতখন তাইৰ মূৰত ৰাখি কলে ।
--- হাৰে কি কৰিছো এইবোৰ শপত দিব লাগে নেকি কি কথা নকওঁ কিয় ।
--- তই তই অনুৰাগৰ লগত বিয়া হব লাগিব ।
--- তই পাগল হৈছা নেকি তই কি কয় আছ তই জানো নে ।
--- তোক মোৰ শপত দিছো তই মোৰ কথা পেলাব নোৱাৰা ।
--- ৰেখা তোৰ হৈছে কি । কি বকি আছো এইবোৰ তই পাগলৰ দৰে । কি... কি হৈছে কি তোৰ ।
--- মোৰ সকলো শেষ হৈ গৈছে ও । মই আৰু অনুৰাগৰ কাৰণে সি বিচৰা প্ৰবিত্ৰ ৰেখা জনী হয় থকা নাই । মই এতিয়া এজনী অপ্ৰবিত্ৰ ছোৱালী মোৰ আৰু নিজৰ বুলিব একো এ নাই ও সকলো শেষ হয় গৈছে মোৰ । হুকহুকাই কান্দি উঠিল ৰেখা আৰু কান্দি কান্দি এ উপমাক তাইৰ লগত উৎপলে কৰা সকলো কথাই কলে । খঙত জ্বলি উঠিল উপমা । সাৱটি ধৰি থকা ৰেখাক বুকুৰ পৰা উলিয়াই লৈ তাইৰ চকুপানী খিনি মুচি কলে তাই ।
--- একো শেষহৈ যোৱা নাই তোৰ । এতিয়াই ঘৰত তাৰ আচল পৰিচয় মই দাঙি ধৰি তাক জেলত পঠাম । আৰু মোৰ বিশ্বাস আছে তহঁতৰ ভালপোৱাৰ ওপৰত সকলো জানি ও তোক অনুৰাগে মানি লব । তই একো চিন্তা নকৰিবি চব ঠিক হৈ যাব । মই এতিয়াই অনুৰাগক ফোন কৰি সকলোবোৰ জনাই দিম ।
--- নাই উপা তই তেনেকুৱা একো নকৰিবি । আৰু উৎপলক তই একো নকবি ।
--- তোৰ লগত ইমানবোৰ কৰাৰ পিছত ও তই কৈছা তাক একো কৰিব নালাগে । তাক মই এনে বাছি যাব নিদিও ৰেখা সি কৰা ভুলৰ শাস্তি সি পাবই লাগিব ।
--- উপা তোক মোৰ শপত তই এইবোৰ কথা ভুলটো কাৰো আগত নকবি । কেৱল মাথো মোৰ অনুৰাগক তই মোতকৈ ও বেছি মৰম দিবি । মোৰ বিশ্বাস আছে তোৰ ওপৰত তই তাৰ কাৰণে এজনী ভাল ""অৰ্ধাঙ্গিনী"" হব পৰিবি ।
--- মই বুজি পোৱা নাই তই উৎপলক কিয় শাস্তি দিব বিচৰা নাই ।
--- কাৰণ তাৰ সন্তান মোৰ গৰ্ভত আছে ।
--- কি.........?
--- অ মই ২ মাহ pregnant ।
---- ৰেখা........
--- সেই কাৰণে কৈছো উপা মোক কেৱল তোৰ সহায় লাগে । মই জানো অনুৰাগে মোক মানি লব কিন্তু মোৰ এই পেটত থকা সন্তানটো জানো সি মানি লব । কেতিয়াও নলয় ।হয়তো মই অনুৰাগৰ হব হলে এই নিস্পাপ শিশুতোক মাৰি পেলাব লাগিব । মই ইমান নিস্তূৰ হব নোৱাৰিম উপা । মোৰ গৰ্ভত বাঢ়ি অহা এই কণমানিতোৰ ভুল কত ক । মোৰ দোষৰ শাস্তি সি কিয় পাব মই ইয়াক জন্ম দিম উৎপলৰ সন্তান বুলি চিনাকি কৰাই দিম সকলোকে আৰু মই তাৰ লগত গুচি যাম । আৰু মোৰ এই কণমানিতো জন্ম হোৱাৰ পিছতে মই ইয়াৰ লগতে বাকী জীৱনতো কটাই দিম ।
--- কথাবোৰ তই যেনেকৈ ভাবিছোঁ তেনেকুৱা ইমান সহজ নহয় ৰেখা । তোৰ এই সিদ্ধান্তৰ লগত ঘৰকেইখনৰ সন্মান জড়িত হৈ আছে । তই আকৌ ভালকৈ ভাবি ছা ৰেখা প্লিজ তোৰ এই সিদ্ধান্ত সলনি কৰ ।
--- মোৰ সিদ্ধান্ত কেতিয়াও সলনি নহয় । আৰু তোক এটা কথা কওঁ ভুলটো যদি এইবোৰ কথা কোনোবাই জানিব হয় সেইদিনাই মোৰ এই পৃথিৱীত শেষ দিন । কথাটো মনত ৰাখিবি ।
--- কিন্তু ৰেখা ।
--- কোনো কিন্তু নাই তোক মোৰ শপত । বাকী কি কৰিব লাগে মই কৰিম । এনেকুৱা কৰিম অনুৰাগে নিজে মোক ঘৃণা কৰি আঁতৰি যাব । আৰু সি অহাৰ পিছত তই তাক লগ দিবি তাক অকলশৰীয়া হব নিদিবি, তোৰ ওচৰত মই হাতযোৰ কৰিছো উপা ।
আৰু তেতিয়াই তাই উৎপলক মাতিলৈ আহি তোমাৰ আগত তাইৰ এটা বেয়া ৰূপ দেখুৱাই দিলে ।
এফালৰ পৰা মৌন হৈ উপমাৰ কথাবোৰ শুনি গল অনুৰাগে । চকু দুটা তাৰ জ্বলন্ত আঙঠাৰ দৰে জ্বলি উঠিছে । তাই লাহেকৈ তাৰ গাত ধৰাত চিৎকাৰ কৰি চিঞৰি উঠিল সি ।
--- এই ... নুচুবা মোক ।
তাৰ গাত দিয়া হাতখন সি এক যৎকা মাৰি আঁতৰাই দিলে । ভয় খাই উঠিল উপমা এক কাতৰ চাৱনিৰে পুনৰ তাই তাৰ ওচৰত হাতযোৰ কৰি কলে ।
--- প্লিজ মোক ভুল নুবুজিবা । এবাৰ মোৰ ঠাইত নিজক ৰাখি চোৱা তেতিয়া বুজিবা মই কিয় কাৰো আগত সঁচাটো কব নোৱাৰিলোঁ । কিন্তু তুমি বিশ্বাস কৰা মোৰ তোমাৰ প্ৰতি যি ভালপোৱা সেইবোৰ মিছা নহয় মই তোমাক সচাকৈ এ ভালপাওঁ । প্লিজ মোক অলপ বুজা ।
খঙতে চিঞৰি দিলে সি কাষতে থকা কাছৰ ফুলদানিটো জোৰে মজিয়াত দলিয়াই দিলে ।
--- কি পালা মোৰ জীৱনটোৰ লগত খেলা কৰি । মিছা মৰম ভালপোৱাৰে মোৰ জীৱনত মোৰ পত্নীৰ ঠাই কেতিয়াও নোপোৱা তুমি । ৰেখাৰ মৃত্যুৰ বাবে একমাত্ৰ দায়ী তুমি । অ একমাত্ৰ দায়ী কেৱল তুমি । ফোন কৰা ফোন কৰা কত আছে মোৰ ৰেখা ।
ফোন লগোৱা, চিঞৰি উঠিল সি ।
এই ফুলশয্যাৰ ৰাতি এ সিহঁতৰ ৰুমত বস্তু ভঙাৰ শব্দ আৰু চিঞৰ বাখৰ শুনি ভনীয়েক কেইজনী আৰু মাক সিহঁতৰ ৰূমৰ বাহিৰত আহি মাতিব ধৰিলে । উপমাই তাৰ এনেকুৱা এটা ৰূপ আছে বুলি সপোনত ও ভবা নাছিল । তাই ভয় ভয় কৈ গৈ দৰ্জা খুলি দিলে । ভিতৰলৈ সোমাই আহি এ মাক ভনীয়েকে সিহঁতক প্ৰশ্ন কৰিলে কি হৈছে এইবোৰ । একো উত্তৰ দিব পৰা নাই উপমাই । কেৱল কঁপিছে তাই খঙত জ্বলি থকা অনুৰাগক দেখি মাকে প্ৰশ্ন উপৰি প্ৰশ্ন কৰি গৈছে । দুয়ো নিমাত কেৱল খঙৰ চাৱনীৰে সি চাই আছে উপমাৰ মুখৰ ফালে । এনেতে ভনীয়েকৰ লৰাটোৱে সিহঁতৰ ৰূমৰ টিভিতো on কৰি দিলে লগে লগে সকলোৰে চকু টিভিৰ newst দি থকা breaking news তো পৰিল ।
"" আকৌ এটি আত্মহত্যা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । মহানগৰিৰ মাজ মজিয়াৰ এখন আগশাৰীৰ হোটেলৰ ওপৰ মহলৰ পৰা জঁপিয়াই চুইছাইড কৰিলে এগৰাকী মহিলাই জানিব পৰা মতে প্ৰেমত পৰি প্ৰেমিকৰ লগত পলুৱাই আহি হোটেলখনত আছিল দুয়ো দম্পত্তি । আৰু পুৱা নিজৰ ঘৰলৈ যোৱাৰ উদেশ্যে লৰা জনে হোটেলৰ বিল পৰিষদ কৰিবলৈ তললৈ নামি গৈছিল আৰু সেই মুহূৰ্ততে ওপৰ মহলৰ পৰা জঁপিয়াই দিছিল মহিলাৰগৰাকী এ । এতিয়া ও আত্মহত্যা বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ কৰি সোধাপোচ অব্যাহত ৰাখিছে"""।
আৰু চাই থাকিব ধৈৰ্য্য নোহোৱা হল অনুৰাগৰ উপমাক হাতত ধৰি ৰূমৰ পৰা তললৈ টানি লৈ আহিল ।
আগলৈ.....
(কি হব গৈ আছে উপমাৰ জীৱন ? যি হয় গল তাত উপমাৰ দোষ কত । ৰেখাই বাৰু সচাই আত্মহত্যা কৰিছে নে ? নে এয়া এক পৰিকল্পিত হত্যাকাণ্ড ? কোন জড়িত হৈ আছে ইয়াৰ মাজত ? জানিবলৈ অপেক্ষা কৰক । 🙏🏻🙏🏻)
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment