উৰুকাৰ দিনটোত আঙুৰলতাই প্ৰকাশ কৰিলে মনৰ ভাৱ: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 13, 2021

উৰুকাৰ দিনটোত আঙুৰলতাই প্ৰকাশ কৰিলে মনৰ ভাৱ:

  


আজি মাঘ বিহুৰ উৰুকা,সেই উপলক্ষে বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ৰাইজৰ সৈতে একেলগে মাছ ধৰি আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গল।আৰু বিধায়িকা গৰাকীয়ে তেওঁৰ মনৰ ভাৱ আজি প্ৰকাশ কৰে এনেদৰে-


"মাঘ বিহুৰ আজি উৰুকাৰ পুৱা পৰম্পৰাগত ভাৱে ৰাইজৰ লগত একেলগে মাছ মাৰি আনন্দ উল্লাসৰ মাজেৰে এটা সুন্দৰ উৰুকাৰ পুৱা উপভোগ কৰোঁ৷ 


বটদ্ৰৱাৰ চাৰিপুণীয়া বিলত আজি আনন্দৰ মেলা৷ বিষাদ অৱসাদ পাহৰি আজি সকলোৱে আনন্দ ফুৰ্টিত মাছ মৰাত মোৰ লগতে নামি পৰিছে সকলো ৰাইজ৷ ৰৌ বৰালি পুঠি খলিহনা কোনো বিভেদ নাই আজি, আছে মাথোঁ কেৱল বিভেদ পাহৰি সমন্বয়ৰ বাৰ্তা৷ 


আজিৰ এই মাছ মৰাৰ ফুৰ্টিৰ মাজত মই বিচাৰি পোৱা মৰম আকুলতা খিনিক মোৰ হৃদয়ত আজীৱন সজীৱ কৰি ৰাখিম৷ মোৰ লগত মাছ মৰাত আজি সহযোগ কৰা আটাইকে আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷


শেষত সমূহ অসমবাসী ৰাইজক ভোগালীৰ উৰুকাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ সকলোৰে জীৱন ভোগেৰে উপচি পৰক৷ ধন্যবাদ৷" - আঙুৰলতা ডেকা

চাওক কেইটিমান মুহূৰ্ত-








No comments:

Post a Comment

Advertisement

Pages