ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 4, 2021

ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়:


( নম্রতাৰ গৰ্ভৰ সন্তনা কাৰ ! স্বপ্নালীয়ে কিয় হত্যা কৰিলে নম্রতাক ! )


তাৰ হাতখন ক্ৰমান্বয়ে , তাইৰ শৰীৰৰ ওপৰলৈ বগাই গৈছিল   আৰু তাই মৃতদেহ এটাৰ দৰে পৰি ৰৈছিল । তাইৰ পৰা কোনো সহাৰি নাপাই , সি নিজৰ ৰুমলৈ ওভতি গৈছিল । ৰাতি যিমানেই গভীৰ হৈ আহিছিল নম্ৰতাও সিমানেই আতংকিত হৈ পৰিছিল । তাই অধীৰ আগ্ৰহেৰে ৰৈ আছিল পুৱাৰ অপেক্ষাৰ .........

সদ্যস্নাতা নম্ৰতাক দেখি , পুৱাৰ কাকত পঢ়ি থকা ভিনিহিয়েক নয়নৰ দৃষ্টি স্থিৰ হৈ পৰিছিল , তাইৰ ওপৰত । কিমান যে ধুনীয়া নম্ৰতাজনী ! অপৰূপা নম্ৰতাৰ ৰূপে বলিয়া কৰিছিল তাক । ভিনিহিয়েকৰ চকুত চকু পৰাত তাই এটি লাজকুৰীয়া হাঁহি মাৰি কোঠালৈ সোমাই গৈছিল । ভিনিহিয়েক নয়নৰ মন - মগজুত চক্ৰাকাৰে ঘূৰিছিল মাথোঁ নম্ৰতা .... নম্ৰতা .... নম্ৰতা.......

পুৱাৰ চাহৰ যোগাৰত ব্যস্ত নম্ৰতাক চাই - চাই নয়নে বিচৰণ কৰিছিল অন্য এখন জগতত ........

তেনেতে সোমাই আহিছিল নীল 

- নম্ৰতা , এগিলাচ পানী দিবা নেকি ? 

তাই দিয়া পানী গিলাচ খাই , সি ওলাই যাব খুজিছিল । 

- ৰ'ব , চাহ খাই যাওক । 

- পুৱাৰ চাহকাপৰ মোৰ খুৱেই প্ৰয়োজন । কিন্তু তোমাক আমনি দিব বিচৰা নাই ।

- এইখন ঘৰত , বৰ্তমান এইয়া মোৰ কৰ্তব্য । 

ঘৰৰ কাম - বন সামৰি তাই ভিনিহিয়েকৰ লগত বায়েকৰ ওচৰলৈ ওলাইছিল । সাজি - কাচি ওলোৱা নম্ৰতা যেন ৰূপৰ একুৰা জুই ! যি জুইত জাহ যাব চগাৰূপী পুৰুষবোৰ ......


               চিকিৎসালয়ত এৰাতিৰ টোপনি ক্ষতিয়েই জুৰুলা কৰিছিল নয়নৰ মাকক , তেওঁকো বেমাৰী যেনেই লাগিছিল । 

- নয়ন , আজি ইয়াত তই থাকিবি । 

- হ'ব মা । 

- নম্ৰতা আৰু মোক ঘৰত থৈ আহ ।

- থিক আছে মা । মই নম্ৰতাক থৈ আহি , তোক লৈ যাম । 

- নম্ৰতা , তোমাৰো বৰ কষ্ট হৈছে নহয়নে ? ঘৰৰ সকলোবোৰ কাম , তুমি অকলেই কৰিব লগা হৈছে । 

- মোৰ কাম কৰাৰ অভ্যাস আছে নহয় মা । মই অলপো কষ্ট পোৱা নাই ।

দিনটো বায়েকৰ পৰিচৰ্যা কৰি আবেলি তাই পুনৰ ভিনিহিয়েকৰ লগত , ভিনিহিয়েকৰ ঘৰলৈ ওভতি আহিল । হঠাৎ আধাবাটতে হোৱা বতাহ - বৰষুণত তিতি জুৰুলা - জুপুৰি হ'ল দুয়ো । বৰষুণৰ তিতি  তাইৰ কাপোৰযোৰ শৰীৰত  লিপিত খাই পৰিছিল । দোপাট্টাখন গাত  মেৰিয়াই তাই বাৰে - বাৰে ব্যৰ্থ চেষ্টা কৰিছিল লাজ ধকাৰ কিন্তু ভিনিহিয়েকৰ দৃষ্টিত অধিক স্পষ্ট ৰূপত জিলিকি পৰিছিল তাইৰ গাভৰু শৰীৰটো ......


বতাহ - বৰষুণৰ বাবে নয়ন পুনৰ চিকিৎসালয়লৈ যাৱ নোৱাৰিলে । নম্ৰতাই তৈয়াৰ কৰা ৰাতিৰ আহাৰ খাই তিনিও নিজৰ নিজৰ কোঠত শুই পৰিল । 

মাজৰাতি হঠাৎ সাৰপাই উঠিল নম্ৰতা , এইয়া কি ! আকৌ যোৱা নিশাৰ পুনৰাবৃত্তি .......  দুখন কঠোৰ হাত তাইৰ শৰীৰত স্পৰ্শ | লাহেলাহে সেই হাত খন আগুৱাইছিল তাইৰ শৰীৰৰ গোপন অংশ বোৰত | তাইৰ ওফন্দা বুকুত তাৰ হাতৰ পৰশ অনুভৱ কৰিছিল |আজি তাই টোপনিৰ ভাও ধৰিব নোৱাৰিলে । তাই চিৎকাৰ কৰি উঠিল ...... 

- এইবোৰ কি কৰিব বিছাৰিছে আপুনি ! ইমান স্পৰ্ধা আপোনাৰ !  মোক স্পৰ্শ কৰিলেই , মই চিঞঁৰ - বাখৰ কৰি দিম । 

- তোমাৰ মতেই হ'ব , নম্ৰতা । মই তোমাক স্পৰ্শ নকৰো । 

সি কৈছিলে |

- আপুনি ওলাই যাওক , এতিয়াই 

- যাম , মই ওলাই যাম । কিন্তু যোৱাৰ আগতে তোমাক এটা বস্তু দেখাম । তুমি চাব লাগিব।

- কি বস্তু ?

- চোৱা 

- এইয়া কি ?

- আজি ৰাতিপুৱা তুমি গা-ধোৱাৰ মনোৰম দৃশ্য । এয়া তোমাৰ এটা বন্ধকোঠালিত বন্দি তোমাৰ উটলা যৌৱনৰ ভিডিঅ'

- চিঃ , আপোনাৰ লাজ নালাগিল , এইবোৰ কৰিবলৈ।

- লাগিছিল নম্ৰতা , মোৰ লাজ লাগিছিল । কিন্তু তোমাৰ সৌন্দৰ্যই মোক পাগল কৰিছিল । তোমাক পাবৰ বাবে মই যিকোনো কৰিব পাৰিম নম্ৰতা ...... যিকোনো .....

- এইবোৰ ডিলিট কৰক 

- কৰিম । মাত্ৰ এটা চৰ্তত 

- কি চৰ্ত ?

- তুমি মই বিচৰাৰ দৰেই মোৰ লগত সহযোগিতা কৰা ।

- যদি নকৰো ?

- কাইলৈ পুৱা সকলোৰে হাতে - হাতে থাকিব  তোমাৰ শুভ্র শৰীৰৰ উলংগ হৈ গাধোৱা দৃশ্য ।

- মানে ?

- মোৰ কষ্ট , মই অথলে যাব নিদিও নম্ৰতা । এইবোৰ নেটত এৰি দিম । সিদ্ধান্ত তোমাৰ হাতত । তুমি সকলোৰে আগত উলংগ হ'বানে , মোক সন্তুষ্ট কৰিবা ?

- আপুনি এনে কৰিব নোৱাৰে , মই আপোনাৰ ভৰিত ধৰিছো , এইবোৰ ডিলিট কৰক । মোক এৰি দিয়ক ।

- ভৰিত নহয় , তুমি মোৰ বুকুৰ মাজলৈ আহা। মোৰ শৰীৰত জ্বলি থকা জুই নুমুৱাহি ।


এটা ৰাতি ভিতৰতে শেষ হৈ গৈছিল সকলো । এজনী নিস্পাপ ছোৱালীৰ আশা - আকাংক্ষা , সপোনবোৰ ধূলিসাৎ হৈ পৰিছিল মানৱ ৰূপী দানৱৰ বিকৃত কামুকতাত । আপোন মানুহৰ দ্বাৰাই আজি ধৰ্ষিতা তাই ।তাইৰ মৰম লগা নিখুট দেহত আঘাচৰ চিন এতিয়া | এটা অভিশপ্ত নিশাৰ অন্তত !


পুৱা গতানুগতিক ভাৱেই চলি গৈছিল সকলো , মাথোঁ তাইৰ মুখৰ ধুনীয়া হাঁহিটো হেৰাই গৈছিল ......

নীলে তাইক সুধিছিল 

- আজি চাহ নুখুৱাবা নেকি নম্ৰতা ?

যন্ত্ৰৱত কাম কৰি থকা নম্ৰতাই চাহৰ যোগাৰ ধৰিছিল ভিনিহিয়েক আৰু নীলক । এমোকোৰা হাঁহিৰে সদায় উজ্জ্বলি থকা নম্ৰতাৰ গোমোঠা মুখ খন চাই ভিনিহিয়েকে কৈছিল

- কি হ'ল নম্ৰতা , ইমান যে গোমা হৈ আছা আজি ।

 " তোমাৰ দৰে ধুনীয়া ছোৱালীবোৰে হাঁহিলে আৰু বেছি ধুনীয়া দেখি "। এইদৰে মন মাৰি নাথাকিবা ।

এটা সেমেকা হাঁহি বিৰিঙাই , তাই আতৰি গৈছিল । 

বায়েকৰ খবৰ ল'বলৈ সেইদিনা দেউতাক আহি ওলাইছিলহি । তাইৰ সেমেকা মনটো দেখি দেউতাকে সুধিছিল 

- কি হ'ল মাজনী , কিবা অসুবিধা পাইছ নেকি ?

- নাই , দেউতা কিনো অসুবিধা পাম ! 

- মনটো যে মাৰি আছ কিয় ?

- বাইদেউৰ কথা ভাবিয়েই মনটো বেয়া লাগি আছে । তোমাৰো চাগে এইকেইদিন বৰ কষ্ট হৈছে , নহয়নে দেউতা ?

- মোৰ কথা ভাবিব নালাগে আইজনী , ককায়েৰে আছে নহয় । মোৰ একো অসুবিধা হোৱা নাই । বায়েৰ অহালৈকে তই ইয়াতে থাক ।

- হ'ব দেউতা ।

বায়েকৰ খবৰ লৈ দেউতাক ঘৰমুৱা হৈছিল । 


            ৰাতি হৈ অহাৰ লগে - লগে , ভয় - শংকাই বেৰি ধৰিছিল তাইক । যিমানে ৰাতি গভীৰ হৈ আহিছিল , সিমানেই তাইক দুচিন্তাই আগুৰি নম্রতাক |চকুদুটা মুদি তাই বাৰে - বাৰে যত্ন কৰিছিল টোপনি যাবলৈ কিন্তু আগৰাতিৰ ঘটিযোৱা ঘটনাবোৰে তাইক টোপনি যাবলৈ দিয়া নাছিল । নানান দুচিন্তাৰ মাজত ডুবি থাকোতেই  , তাই দেহত আকৌ অনুভৱ কৰিলে কাৰোবাৰ হাতৰ পৰশ ! মানে ,  পুনৰাবৃত্তি ঘটিবনেকি যোৱানিশাৰ ?

তাইৰ গাধোৱাৰ দৃশ্যটোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি সি তাইৰ ওপৰত চলাই গ'ল যৌন উৎপীড়ন l প্ৰতি নিশাই ......


                 কিন্তু তাই আজি পৰাজিত সৈনিক | শোষন , অত্যাচাৰৰ বলী হৈ যেন তাই আজি কটাইছে বিদেশী সেনাৰ কাৰাবাস | যেন এক বলপুৰ্বক ধৰ্ষণ | তাইৰ সতীত্ব বিনাশৰ যেন এখন যুদ্ধ ! তাই হাৰি যোৱা নাই !কি দোষ তাইৰ ,তাইৰ সন্মতি অবিহনে নম্রতাৰ দেহত চলিছে যৌন ভোগৰ মেলা | তাই জীয়াই থাকিব | অইন জনীৰ দৰে তাই বাচি নলয় আত্মাহত্যাৰ পথ | কিন্তু তাই বুজিপালে পুৰুষৰ আৱেষ্টনীত থকা মানে এজনী সিংহৰ মুখৰ খাদ্য ৰৈ থকা মানে অসহায় হৰিনী জনীৰ জীৱন |


             এদিন দুদিনৰ পিছত স্বপ্নালী উভতি আহিছিল ডাক্তৰৰ বেহষ্টনীৰ পৰা | স্বপ্নালী লাহে লাহে সুস্থ |সেয়েহে এদিনা খন বায়েকৰ ওচৰৰপৰা বিদায় মাগিছিল নম্রতা | তাই আকৌ তিতা মিঠা অভিজ্ঞতাৰে উভতি আহিছিল নিজৰ ঘৰ খনত |


        মাকৰ বহু প্রশ্ন আৰু তাইৰ চুটি প্রশ্ন !

- বাৰ গা ভাল নহয় নে মাজনী ?

মাকৰ প্রশ্নত তাই উত্তৰ  দিছিলে,,,,,

- ভালে মা ,মাত্র কিছু এতিয়া জিৰণী  ৰ প্রয়োজন!

- হব দে,ভগবানে তাইক কুশলে ৰাখক| যি নহওঁক সেই,ঘৰ খনৰ যে অভাৱ পূৰণ হ'ল !

এনেকে কথা পাতি থকাৰ পিছতে তেনেতে নম্রতা বাহিৰলৈ দৌৰ দিলে,,,, কিন্তু কিয় !মাক আচৰিত |

-মাজনী ,,,,,


                          ক্ৰমশ !

প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html


দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html


তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html


চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_986.html


পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_557.html


ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_577.html


সপ্তম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_990.html


অষ্টম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_575.html


নৱম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_626.html


দশম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-https://www.smj24.in/2021/01/blog-post_32.html


একাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_22.html


দ্বাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_29.html


বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages