নিজৰ চুলকোচা সুন্দৰকৈ ৰখাটো প্ৰত্যেকগৰাকী নাৰীয়েই বিচাৰে৷এইক্ষেত্ৰত আজিকালি পুৰুষসকলো পিছ পৰি থকা নাই৷গতিকে আমি বজাৰৰ কেমিকেলযুক্ত বস্তু ব্যৱহাৰ নকৰি ঘৰুতে কিছুমান বস্তু তৈয়াৰ কৰি চুলিখিনিৰ যত্ন লওঁ আহকচোন৷
ইয়াৰ বাবে আপোনাক লাগিব মাথো দুটা বস্তু৷নাৰিকল আৰু নেমুটেঙা৷
নেমুটেঙাতো গুলনেমু ল'ব পাৰিলে বেছি ভাল৷গুলনেমু সহজে পোৱা নাযায়৷তেনেক্ষেত্ৰত কাজিনেমুকে ব্যৱহাৰ কৰিব৷আমাৰ ঘৰবোৰত সাধাৰণতে নাৰিকল গছ থাকেই৷
নাৰিকল এটা কাটি সৰু সৰু পিছ কৰি মিক্সিত মাৰি লব৷বহুতে ইয়াৰ বাবে ৰুকনীও ব্যৱহাৰ কৰে৷এতিয়া নাৰিকল খিনি হাতৰ মুথিত লৈ চেপি তাৰ গাখীৰখিনি উলিয়াই ল'ব৷
গোটেইখিনি চেপি হলে চেকনি এখনেৰে চেকি বাতি এটাত ল'ব৷সেইদৰে নেমুখিনিও চেপি লৈ পাত্ৰ এটাত থব৷এতিয়া পাত্ৰ এটা গেছৰ ওপৰত দি তাত পানী দি পানীখিনি উতলিব দিব৷নাৰিকলৰ গাখীৰখিনি আপোনাৰ চুলিখিনিৰ জোখাৰে এটা পাত্ৰত লৈ পাত্ৰটো উতলি থকা পানীখিনিৰ ওপৰত দিব৷পাত্ৰটোৰ গাখীৰখিনি উতলি উতলি তাৰ পৰা তেল উলাই যাব৷এতিয়া তাত গাখীৰখিনিৰ সমপৰিমাণৰ নেমু মিলাই দিব৷পাত্ৰটো লাহেকৈ নমাই আনি লৰাই লৰাই ভালকে মিহলাই দিব৷ঠাণ্ডা হলে চুলিখিনিত অলপ অলপকৈ ভালদৰে লগাই আঙুলিৰে মালিচ কৰিব৷
এনেদৰে কৰিলে উফি কমাৰ লগতে চুলিখিনি মজবুত,ধুনীয়া হৈ পৰাৰ লগতে চুলিখিনিলে উজ্জ্বলতা আহিব৷এনেদৰে প্ৰত্যেক সপ্তাহত এবাৰ কৰিব৷
No comments:
Post a Comment