ভাগৱত তত্ব জানো আহক: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 15, 2021

ভাগৱত তত্ব জানো আহক:


যুগ যুগৰ সাধনাৰ ফলতেই বসুদেৱ দৈৱকীৰ অষ্টম পুত্রৰূপে কংসৰ অন্ধকাৰ কাৰাগাৰত শংখ, চক্ৰ, গদা, পদ্ম সহিতে দিব্যৰূপ ধৰি শ্ৰীকৃষ্ণৰ জন্ম হৈছিল | পৰম পুৰুষ পৰমেশ্বৰৰ এই ৰূপ দেখি বসুদেৱে আনন্দতে আত্মহাৰা হৈ কৰযোৰে স্তুতি কৰি কৈছে যে সমস্ত জগতৰে তুমি প্ৰকৃত পুৰুষ, তুমিয়েই সকলোৰে অন্তৰ আত্মাত বিৰাজমান |


সকলোৰে মনত আনন্দৰ জোৱাৰ তোলাই হৈছে তোমাৰ স্বৰূপ | তুমিয়েই কেৱল সুখ সাগৰৰ শ্ৰেষ্ঠতম দেৱতা পৰমেশ্বৰ পুৰুষ  শ্ৰীকৃষ্ণ | কেৱল তুমিয়েই এই মায়াময় সংসাৰৰ সৃষ্টি কৰ্তা | দিব্যৰূপে আহি মোৰ সন্মূখত প্ৰকাশিছা আৰু তোমাতেই সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ সূচনা হৈছে |

         

এইজনেই হৈছে প্ৰকৃত পুৰুষ গীতাৰ অৰ্জুনৰ ৰথৰ সাৰথি, ব্ৰজবাসীৰ প্ৰাণৰ সঞ্চাৰ, গোপ-গোপী সকলৰ খেলৰ লগৰীয়া দয়াময় ঈশ্বৰ শ্ৰীকৃষ্ণ | সকলো জীৱৰে প্ৰাণত বুদ্ধিৰূপে বিদ্যমান, তেও নিজেই আনন্দৰ মুৰ্তি আৰু সুখৰ আধাৰ | এইজনক উপাসনা কৰিলেই জীৱই পৰম সুখানুভূতিৰ প্ৰাপ্তি হব পাৰিব | কৃষ্ণ কৃষ্ণ... 

   ( অপৰাধ মাৰ্জনা কৰিব | ভূল হলে দেখুৱাই দিব | )

     সেৱাৰে- পূৰৱী মনি

No comments:

Post a Comment

Advertisement

Pages