বজাৰৰ ৰাসায়নিক দ্ৰব্যযুক্ত ফেচবেক পৰিহাৰ কৰক: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 15, 2021

বজাৰৰ ৰাসায়নিক দ্ৰব্যযুক্ত ফেচবেক পৰিহাৰ কৰক:


 আজিকালি বজাৰত সহজতে বিভিন্ন ধৰণৰ ফেচপেক কিনিব পোৱা যায়৷কিন্ত বজাৰত কিনিবলৈ পোৱা ৰাসায়নিক দ্ৰব্যযুক্ত বস্তুবোৰ লগোৱাতকৈ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰিলে নিজৰ কাৰণেই ভাল৷বয়সৰ লগে লগে আমাৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে৷ছাল মশ্ৰিণ আৰু উজ্জ্বল কৰি ৰাখিবৰ বাবে অতিজৰে পৰা মুলটানি মাটিৰ ব্যৱহাৰ কৰি অহা দেখা পোৱা যায়৷সেইদৰে কপুৰও চালৰ বাবে বহুত উপকাৰী৷কপুৰত থকা এন্টিবেক্টেৰিয়েল গুণে ছালখনক বিভিন্ন ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে৷এই পেকটো লগালে গালত গুটি উঠাৰ পৰাও হাত সাৰি থাকিব পাৰি৷

 

ঘৰতে ফেচপেক তৈয়াৰ কৰিবৰ বাবে আপোনাক লাগিব এটা পাত্ৰ,মুলটানি মাটি,কপুৰ,গোলাপ জল অথবা নাৰিকল তেল(ছালৰ প্ৰকাৰ অনুসৰি)৷প্ৰথমে মুলটানি মাটিখিনি এটা পাত্ৰত জোখমতে লব৷তাত এটা কপুৰ ভাঙি গুৰি কৰি মিহলাই লব৷তাৰপিছত জোখ অনুসৰি গোলাপজল দি ভালদৰে মিহলাব৷শুকান ছাল হলে গোলাপজলৰ সলনি নাৰিকল তেল ব্যৱহাৰ কৰিব৷


এতিয়া মুখখন ভালদৰে ধুই লৈ মুলটানি মাটিৰে প্ৰস্তুত কৰা পেকটো লগাব৷এইদৰে ১০/১৫ মিনিট মান লগোৱাৰ পিচত শুকাই গলে হাতেৰে লাহে লাহে ঘুৰাই ঘুৰাই ঘঁহি চাফা কৰি দিব৷এটা কথা মন কৰিব বেছি শুকান যেন দেখিলে মুখখন অলপ তিয়াই লব৷বেছি শুকানকে ঘহিলে ছালখনে কষ্ট পাব৷এতিয়া মুখখন পানী দি ভালদৰে ধুই ক্ৰীম লগাব৷এইদৰে প্ৰত্যেক দিনা কৰিব পাৰিলে ভাল৷নহলেও এদিন এৰি এদিন কৰিব৷

(ক'ভাৰত -  পাহী প্ৰিয়া,আপোনাৰো ছবি আমাৰ গল্প,উপন্যাস,কবিতা আদিৰ ক'ভাৰত প্ৰকাশ কৰিব বিছাৰে নেকি? অধিক জানিবলৈ এই লিংকত ক্লিক কৰক www.ছবি প্ৰকাশ.in )

No comments:

Post a Comment

Advertisement

Pages