--- বাবা শুনাচোন ।
--- দাদা .... কত লৈ গৈ আছা বৌক ।
--- বাবা তুমি মোৰ কথাটো শুনাচোন ।
নাই কাৰো কথাই ৰখাব নোৱাৰিলে অনুৰাগক । সি উপমাক হাতত ধৰি টানি নি গাড়ীত বহুৱাই দিলে । গাড়ী পোনে পোনে পুলিচ ষ্টেচনলৈ বুলি লৈ গল সি । সিহঁতক এনেকৈ যোৱা দেখি মাক ভনীয়েক ও সিহঁতৰ পিছে পিছে গাড়ী লৈ গৈ থানা পালে । উপমাক গাড়ীৰ পৰা হাতত ধৰি টানি নমাই আনিলে সি আৰু ভিতৰলৈ সোমাই গল । ভিতৰত উৎপল বহি আছিল তাক পুলিচে সোধাপোছা কৰি আছে । সিহঁতক এনেকৈ সুমাই যোৱা দেখি পুলিচ ইনিছপেক্টাৰ জনে অলপ খঙেৰে কলে ।
--- কোন আপোনালোক ?
হাতত ধৰি এ তাইক আগৰ ফালে ঠেলি দি চিঞৰি কলে সি ।
--- ৰেখাৰ আত্মহত্যাৰ বাবে একমাত্ৰ দায়ী এইজনী ।
লগে লগে ইনিছপেক্টাৰ জন ঠিয় দিলে । আৰু এক অপৰাধীৰ দৃষ্টিৰে উপমাৰ ফালে চালে । অনুৰাগৰ সন্মুখত বহি থকা উৎপলক সি চাৰ্ডৰ কলাৰত ধৰি টানি উঠাই এটা ঘোচা সোধাই দিলে । লগে লগে পৰিস্থিতিটো হুলস্থুলীয়া হয় পৰিল । দুজন পুলিচে অনুৰাগক টানি লৈ গল । লগে লগে উপমা ও তাৰ কাষত গৈ কলে । দুচকুত তাইৰ চকুপানী ।/p>
--- তুমি কি কৰিছা এইবোৰ ।
তাইৰ ফালে চাই পুনৰ চিঞৰি উঠিল সি ।
--- চুপ .. কেৱল তোৰ আৰু ইয়াৰ কাৰণে মোৰ ৰেখা আজি মোক এৰি গুচি গল । ইয়াক মই সোধাই নেৰো । এৰি দিয়ক মোক ইয়াক মই আজি মাৰি পেলাম । ইনিছপেক্টাৰ গ্ৰেপ্তাৰ কৰক এইজনী ও ইহঁত দুয়োজনে মিলি মোৰ ৰেখাক হত্যা কৰিলে ।
এনেতে মাক আৰু ভনীয়েকৰ আহি পালে । তাক পুলিচ দুজনে ধৰি থকা দেখি মা দৌৰি যোৱা দি তাৰ কাষ পাই সুধিলে ।
--- বাবা কি হৈছে এইবোৰ ।
এক কাতৰ চাৱনিৰে উপমাই পুনৰ তাক কলে ।
--- কি কয় আছা তুমি এইবোৰ হা । প্লিজ তুমি অলপ শান্ত হোৱা ।
এইবাৰ পুলিচজনে খঙেৰে কলে ।
--- কি হয় আছে এইবোৰ চাওক মিষ্টাৰ এইখন পুলিচষ্টেচন হয় আপোনাৰ ঘৰ নহয় । আমাক আমাৰ মতে কৰিব দিয়ক । আমি Investigation কৰি আছো কোন দোষী কোন নিৰ্দোষী সেয়া আমি বিচাৰ কৰিম । আমাৰ কামৰ মাজত আপুনি নুসুমালে ভাল পাম । নহলে এনেদৰে থানাত আহি গুণ্ডামী কৰা অপৰাধত আপোনাক ও আমি গ্ৰেপ্তাৰ কৰিব বাধ্য হম ।
পুলিচজনৰ কথা শুনি মাকে হাতযোৰ কৰি তাৰ ভুলৰ ক্ষমা বিচাৰিলে । ৰেখাৰ ডেডবডীটো তেতিয়া Postmortem বাবে মেডিকেল পঠোৱা হৈছিল । উপমাই পুলিচৰ আগত সকলোবোৰ সঁচা কথা কলে । অনুৰাগৰ ভনীয়েকে সিহঁতৰ ঘৰত ফোন কৰি কথাবোৰ কলে । কথাবোৰ জনাৰ পিছত ঘৰৰ সকলোবোৰ আহি ৰেখাৰ বডীটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিলে ।
এতিয়া সকলোৰে চকুত অপৰাধী কেৱল উপমা তাই কথাবোৰ জানি ও কাৰো আগত নকলে । তাই কান্দি কান্দি সকলোকে বুজাব চেষ্টা কৰিলে যে যি হয় গল তাত তাইৰ কোনো দোষ নাই । তাই ৰেখাৰ শপতৰ মূল্য ৰাখি আৰু কেনেবাকৈ কোনোবাই গম পালে তাই আত্মহত্যা কৰাৰ ভাবুকিৰ কাৰণে তাই মনে মনে থাকিবলৈ বাধ্য হৈছিল । তাত তাইৰ কোনো ভুল নাই । কোনেও শুনিব নিবিচাৰে তাইৰ কথা । আনকি তাইৰ মাক দেউতাকে ও আজি তাইক ৰেখাৰ আত্মহত্যা বাবে দায়ী বুলি ভাবি লৈছে । তাইক বুজি পোৱা কেৱল এজনে মানুহ আছিলে আৰু সেইগৰাকী হল তাইৰ শাহুৱেক অনুৰাগৰ মাক ।
--- মাজনী মই তোমাক বুজি পাইছো যি হয় গল তাত তোমাৰ কোনো দোষ নাই মা, তুমি চিন্তা নকৰিবা এদিন সকলোৱে তোমাক বুজি পাব মাথো ধৈৰ্য্য ৰখা নিজৰ ওপৰত তুমি যদি সঁচাত আছা এদিন নহয় এদিন তোমাক সকলোৱে আদৰি লব ।
ৰেখাৰ মৃত্যুৰ শ্ৰদ্ধা শেষ নোহোৱালৈকে উপমাহত তাতে থাকিল । সকলোৰে কাৰণে আবেহেলা পাত্ৰ হয় পৰিছিল উপমা কোনে ও তাইক ভালকৈ মাতবোল কৰা নাছিল । আৰু শ্ৰদ্ধা শেষ হোৱাৰ পিছত সিহঁত নিজৰ ঘৰলৈ উভতি আহিল । এটা অপৰাধ বোধে তাইক অহৰহ খেদি ফুৰিছিল । ইমান দিন মাকৰ ঘৰত একেলগে থকাৰ পিছত ও অনুৰাগে তাইক এষাৰ ও মতা নাছিল । কেৱল উদাস হয় অকলে ওপৰলৈ চাই চকুপানী মুচি গৈছিল । তাই কাষত গলে ও সি তাৰ পৰা তৎক্ষণাত গুচি গৈছিল । আৰু আজি ঘৰলৈ আহি ও তাই নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছে । আজি অনুৰাগে কথা পাতিব নিবিচাৰিলে ও তাই তাক ভালকৈ বুজাই কব লাগিব । বাৰে বাৰে তাই ঘড়ীটো লৈ চাই ৰোল । ৰাতি হৈ আহিছে কিন্তু অনুৰাগৰ কোনো খবৰ নাই । কত যাব পাৰে সি ? দুখত কৰবাত বহি কান্দি থকা নাইতো ? নে কিবা ভুলপথ বাছি লৈছে সি ? তাইৰ চিন্তাবোৰ বাঢ়ি আহিল । ফোন কৰিলে কিন্তু তাৰ ফোন অফ আহিল । তাইৰ চিন্তাবোৰ আৰু বেছি বাঢ়ি গল । কত যাব পাৰে সি ?
বিচনাত বহি কথাবোৰ ভাবি ভাবি আউজি দিয়াতে তাইৰ চকুত ছিলমিল টোপনি আহি গৈছিল আৰু ......
--- উপা ..........
--- ৰেখা তই, ........
--- মোক ক্ষমা কৰি দিবি উপা ।
--- তই জানো মোক সকলোৱে ভুলবুজি আছে । তই বোলনা সকলোকে কৈ দিবি মোৰ যে কোনো ভুল নাই ।
--- মোৰ কাৰণে আজি তোৰ এই অৱস্থা মোক মাফ কৰি দি উপা ।
--- তোৰ একো ভুল নাই ৰেখা ভুল সেই উৎপলৰ সি শাস্তি পাবই লাগিব ।
--- তই মোক ন্যায় দিবি নে উপা ।
--- তোৰ কাৰণে মই সকলো কৰিম ৰেখা মই যুঁজিম তোৰ কাৰণে ।
--- ঠিক আছে দে মই যাওঁ তই ভালকৈ থাকিবি নিজৰ যত্ন লবি ।
--- ৰেখা ...... ৰেখা....
চিঞৰ মাৰি উঠি বহিল উপমা । তাইৰ উশাহবোৰ ঘন হব ধৰিলে । কি এয়া সচাই সপোন এ নে ? নে সচাই ৰেখা আহিছিল তাইৰ কাষত আৰু কি ন্যায় দিয়াৰ কথা কলে তাই । ৰূমটোৰ চাৰিওফালে চকু ফুৰালে তাই, নাই কোনো নাই । মনতে ভাবিলে ৰেখাৰ কথা বেছিকৈ ভাবি থকাই তাই তাইৰ সপোন দেখিলে । এনেতে বাহিৰৰ কলিংবেল বাজি উঠিল । তাই লৰালৰি কৈ গৈ দৰ্জা খুলি দিলে । কিন্তু এয়া কি অনুৰাগৰ সম্পূৰ্ণ বেলেগ এটা ৰূপ । মদৰ নিচাত মাতাল হৈ ধলংপলং খোজেৰে সি সুমাই আহিল । এবাৰত পৰি যাব খোজাত তাই তাক ধৰিলে ।
---- এই......
এটা চিঞৰ মাৰি তাইক সি ঠেলা মাৰি দিলে । কোনো মতে নপৰাকৈ থাকিল তাই । চকুলো বৈ আহিল তাইৰ দুগালে দি । সি গৈ ৰুমত সোমোৱা লৈ তাই তাতে তেনেকৈ ৰৈ থাকিল । হঠাতে ৰূমৰ পৰা কিবা পৰাৰ দৰে শব্দ পাই তাই দৰ্জাখন মাৰি লৰালৰিকৈ ৰুমলৈ গল । ৰূমৰ সন্মুখ পাই দেখে অনুৰাগে dressing ৰ আইন খনত নিজকে চাই হাতেৰে তাত থকা বস্তুবোৰ সকলোবোৰ উফৰাই মজিয়াত পেলাই দিছে । তাৰ এনেকুৱা এটা ৰূপ দেখি তাইৰ বহুত ভয় লাগিল । কি কৰিব কি নকৰিব একো ভাবি নাপাই তাই লাহে লাহে ৰূমৰ ভিতৰলৈ সোমাই গল । তাইক দেখি যেন আৰু বেছি হিংস্ৰ হৈ পৰিল অনুৰাগ ধলংধপংকৈ সি তাইৰ ফালে আগবাঢ়ি আহিল । তেনেকুৱা এটা পৰিস্থিতিৰ বাবে সমূলি সাজু নাছিল উপমা । ভয়ে ভয়ে তাই পিছুৱাই গৈ থাকিল আৰু এটা সময়ত গৈ তাই ৱালৰ লগত লাগি ধৰিলে । তাইৰ ফালে হিংস্ৰজন্তুৰ দৰে আগুৱাই অহা অনুৰাগৰ পৰা পলাবলৈ তাইৰ আৰু কোনো ৰাস্তা নোহোৱা হল । সি আহি তাইক মুখত টিপি ধৰিলে চকু ডাঙৰ কৰি তাইৰ ফালে চালে তাই আৰু তাৰ এইটো ৰূপ চাই থাকিব নোৱাৰি ভয়তে চকুদুটা মুদি দিলে । সি তাইৰ মুখত আৰু জোৰে হেঁচি ধৰিলে তাইৰ মুখৰ পৰা এটা কাতৰ মাত ভাঁহি আহিল ।/p>
--- আ.....স.............
--- মোৰ পত্নী হোৱাৰ বহুত হেঁপাহ নো । ৰেখাক আঁতৰাই চলনাৰে মোৰ পত্নী হোৱাৰ বহুত চখ আছিল নো । আজি তোক দেখুৱাই দিম পত্নী কাক কৈ ।
--- দুখ পাইছো প্লিজ এৰি দিয়া ।
--- এৰি দিব লাগে তোক হা ....
তাৰ ওঁঠযোৰ তাইৰ মুখৰ আগত লৈ গল সি মদৰ গোন্ধত তাইৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হল । তাৰ হাতৰ কঠিনতাৰ বলত তাই কেৱল কঁপিছে আৰু সি তাইৰ কোমল ওঁঠ দুটাত তাৰ হিংস্ৰ দাঁতৰে কামুৰি ধৰিলে । তাৰ পৰা এৰুৱাবলৈ তাই যিমানে যত্ন কৰিছে সি সিমানে হিংস্ৰ হৈ পৰিছে তাইৰ ওপৰত । উপায় নাপাই তাই তাক গাৰ সমস্ত জোৰেৰে ঠেলি দিলে । মদৰ নিচা লগা তাৰ শৰীৰটো গৈ সিহঁতৰ বিচনাত খুন্দা মাৰিলে । চিৎকাৰ কৰি উঠিল সি ।
--- আহ.........
তাইৰ চকুদুটা ডাঙৰ হৈ পৰিল । দেখিলে সি তাৰ এখন হাতেৰে মূৰটো কঁপালখন ধৰি আছে তাৰ মূৰৰ পৰা তেজবৈ আহিছে । ভয় লাগি গল তাইৰ বহুত তাই তাৰ কাষত বহি লৈ কঁপা কঁপা মাতেৰে লাহেকৈ তাৰ তেজ ওলাব ধৰা ঠাইখিনি চুই কলে ।
---- so...... Sorry ....
এটা ভোকাটোৰ হিংস্ৰজন্তুৰ দৰে তাইক ঠাইতে বগৰাই ধৰি চিঞৰি উঠিল সি ।
---- এই........................
( আগলৈ )
(ধাৰাবাহিক খনৰ ক'ভাৰত - সিমশ্ৰী শইকীয়া,আপোনাৰো ছবি আমাৰ গল্প,উপন্যাস,কবিতা আদিৰ ক'ভাৰত প্ৰকাশ কৰিব বিছাৰে নেকি? অধিক জানিবলৈ এই লিংকত ক্লিক কৰক - www.ছবি প্ৰকাশ.in )
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment