ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়: - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Sunday, January 17, 2021

demo-image

ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়:

PicsArt_01-16-10.59.01

( সেই সন্তান কাৰ )


নম্রতাৰ সকলো কাহিনী পুলিচ অফিচাৰ জনে পঢ়িলে |

নম্ৰতাৰ ডায়েৰী পঢ়ি পুলিচ অফিচাৰ জনৰ বুকু কঁ‌পি উঠিছে । তেখেত এজনী কন্যা সন্তানৰ পিতৃ । নম্ৰতাৰ লগত হোৱাৰ দৰেই যদি তেওঁৰ ছোৱালী জনীৰ লগতো এনে নাৰকীয় ঘটনা ঘটে । উফ ! কি যে বেদনা ! কন্যা সন্তানৰ পিতৃ হোৱাটো যিদৰে সৌভাগ্য , সেইদৰেই ই এক দুঃচিন্তাৰ কাৰণো .....


            ডায়েৰীখন নোপোৱা হ'লে নম্ৰতা হত্যাৰ ৰহস্য হয়তো ৰহস্য হৈয়ে ৰ'লহেতেল ! ইমানদিনে যিজনক হত্যাকাৰী বুলি ভবা হৈছিল , তেওঁ হত্যাকাৰী নহয় , আচল হত্যাকাৰী বেলেগ এজনহে । " নীল " কিন্তু কোন এই নীল ! 

অফিচাৰ জনে চিপাহী এজনক নিৰ্দেশ দিছিল ---- 

- হাজৰিকা , নয়ন দত্ত আৰু স্বপ্নানী দত্তক উলিয়াই 

আনক । 

- ঠিক আছে চাৰ |


কিমান এটা জটিল তথা পাক লগা ঘটনা | যি ঘটনাই আজি ইমান দিনে দুখন ঘৰক দিলে সিমাহীন যন্ত্রনা |

- আনিছো চাৰ ।

হাজৰিকাই অফিচাৰক কৈছিলে |

- মিচেচ দত্ত , নীল কোন ? 


ভয়ত বিবৰ্ণ হৈ পৰিছিল স্বপ্নালী । তাই নয়নৰ মুখলৈ চাইছিল ।

- নয়ন দত্ত , নীল কোন ? 

নয়নক আকৌ অফিচাৰে সুধিছিল |

- নীল , ,,,,,

- কওঁক

- নীল স্বপ্নালীৰ ভায়েক !

- কি !মোক এতিয়াই নীলৰ ঘৰৰ ঠিকনা দিয়ক 


          অফিচাৰৰ ধমকিত স্বপ্নালীয়ে নিজে ভায়েকৰ ঠিকনা দিছিলে |


ইতিমধ্যে  থানাত কল্যাণী , ৰিয়ান আৰু মাক আহি পাইছিল । মাত্র ন্যায়ৰ অপেক্ষাত দুখন ঘৰ | 


    

                  

অফিচাৰ জনে কৈছিল 

- আজি ফাদিল হ'ব " নম্ৰতা কাণ্ড"ৰ আচল ৰহস্য । ৰিয়ান,  জানিব নিবিছাৰেনে নম্ৰতাৰ গৰ্ভত থকা সন্তানৰ পিতৃ পৰিচয় ?

- বিছাৰো চাৰ । যাৰ বাবে সংসাৰ কৰাৰ আগতেই ভাঙি চুৰমাৰ হৈছিল , মোৰ সংসাৰৰ সপোন ! তাক মই চাব বিছাৰো 

- নীল , এই নীলেই হৈছে নম্ৰতাৰ গৰ্ভত থকা সন্তানৰ পিতৃ 

- নীল , কোন এই নীল ? অফিচাৰ , নম্ৰতাৰ লগত কি সম্পৰ্ক আছিল ইয়াৰ ।

- ধৈৰ্য্য ধৰক ৰিয়ান । সকলো স্পষ্ট হ'ব এতিয়াই

        

          তেনেতে থানালৈ " অভি"ৰ

মাক - দেউতাক সোমাই আহিছিল আৰু আহিয়েই অফিচাৰ জনৰ লগত কথোপকথনত ব্যস্ত হৈ পৰিছিল

- অফিচাৰ , " অভি"ক মুকলি  কৰি দিয়ক । আপোনাক অনুৰোধ কৰিছোঁ‌ ।

- অনুৰোধ ! অভিক গ্ৰেপ্তাৰ কৰোঁতে আপুনিতো মোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছিল । এতিয়া ক'ত গ'ল আপোনাৰ হুংকাৰ ! 

- মোৰ ভুল হৈছিল 

- "অভি"ক কোনেও বচাব নোৱাৰে । হত্যাকাৰীয়ে শাস্তি পাবই লাগিব । আপোনাৰ ডাক্তৰৰ মিছা অহংকাৰেৰে  পাৰে যদি উলিয়াই নিয়ক তাক ! পুত্ৰ হত্যাকাৰী , এইয়াই আপোনালোকৰ সংস্কাৰ ! 


অফিচাৰ আৰু ডাক্তৰৰ কথোপকথন শুনি থকা ৰিয়ানে এইবাৰ মাত লগলে 

- চাৰ , আপুনি সংস্কাৰৰ কথা কৈছে কাক ? যিজন ডাক্তৰে নিজৰ দেউতাকক কুকুৰ - মেকুৰীৰ দৰে ব্যৱহাৰ কৰি , ফুটপাথৰ ভিক্ষাৰী সজালে , সেইজনক ? আজি মই তেখেতকো লগত লৈ আহিছো চাৰ ।

-  ককা  , সোমাই আহক । 


         সোমাই আহিছিল ভোবোকা দাড়ি,মলিয়ন কাপোৰৰে এজন বৃদ্ধ |

বহুদিনৰ পাছত পুতেক - বোৱাৰীয়েকক দেখি , অস্থিৰ হোৱা মনটোক লুকুৱাই ৰাখি , তেখেতে স্থিৰ হৈ চাইছিল সিহঁতলৈ  

- আমাৰ ভুল হৈছিল দেউতা । পুত্ৰ স্নেহত অন্ধ হৈ আমি আপোনাক ভুল বুজিছিলোঁ ।

-  তোমালোকৰ একো ভুল নাছিল বোৱাৰী | ভুল আছিলে মোৰ ! তোমালোকৰ সুপত্রক শাসন কৰিব যোৱাতো |

- তেনেকৈ নক'ব দেউতা । আপোনাৰ কথা শুনা হেতেন আজি আমি এই দিন দেখিব নালাগে । "অভি"ক ইয়াৰ পৰা উলিয়াই নিয়াত আমাক সহায় কৰক দেউতা 

- সি মোৰ " জোনাক " । মোৰ একমাত্ৰ নাতি ল'ৰা । তাক হত্যাকাৰী বুলি প্ৰমাণ কৰি মইও শান্তিত থকা নাই বোৱাৰী । থানাৰ লকআপত  "জোনাক" আস ! কি যে যন্ত্ৰণা !

- দেউতা , আপোনাৰ অকণমান সহায় পালেই আমি তাক লৈ যাব পাৰিম । আমাক সহায় কৰক

- অসম্ভৱ , মই কেতিয়াও হত্যাকাৰীৰ পক্ষ ল'ব নোৱাৰো । সমন্ধত সি মোৰ যিয়েই নহওঁ‌ক কিয় , এতিয়া তাৰ পৰিচয় মাথোঁ এটাই .... 

" হত্যাকাৰী" 


     মানুহ জনে কাঁহিছিল | চকুৰে ওলাই অহা পানী খিনি মছি লৈছিল |আৰু কৈছিল -

- জানে অফিচাৰ ! এচামে ধংস হয় অভাৱৰ বাবে,আৰু এচাম ধংস হয় বিলাসিতাৰ বাবে | টকা-পইচাঁৰ মোহত বন্দী হৈ সিহতে পাহৰি যায় অস্তীত্ব | নিজৰ সন্তানৰ দোষ বোৰ দেখিওঁ চকু মুদি থকা সেই বাপেক - মাক বোৰ হ'ল প্রধান দুখী | সন্মান যোৱাৰ ভয়ত সিহতে নিজৰ সন্তানৰ কু-কিৰ্তি লুকাই থয় | পিছত সেই সন্তানে কৰে ভয়ংকৰ অপৰাধ |

অফিচাৰ মই ফুটপাথৰ মানুহ মই কাৰো দেউতাক বা ককা নহওঁ ! গতিকে মই কৈছো হত্যাকাৰীক শাস্তি দিয়ক |


              নয়ন দত্তই স্বস্তিৰ নিশ্বাস এৰিছিল । তেওঁৰ ওপৰত লগা কলংকৰ দাগটো আতৰ হৈছিল 

-  অফিচাৰ আপুনি মোক মিছাতেই সন্দেহ কৰিছিল 

- মিছা সন্দেহ ! এতিয়াও আপুনি যে নিৰ্দোষী প্ৰমাণ হোৱা নাই দত্ত 

আকৌ আৰম্ভ হৈছিল স্বপ্নালী আৰু নয়ন দত্তৰ জেৰা

- মিছেছ দত্ত , কওঁক নম্ৰতাক কিয় হত্যা কৰিলে ?

- মোৰ ভাইটী "নীল"ক বচাবলৈ 

- আপুনি নম্ৰতাৰ বায়েক । তেন্তে নীল আৰু নম্ৰতাৰ সম্পৰ্ক কি ? 

- মই নম্ৰতাৰ নিজৰ বায়েক নহয় !

- হোৱাট !এইবোৰ কি হৈছে নয়ন দত্ত ?

- স্বপ্নালী মোৰ দ্বিতীয় পত্নী । মোৰ প্ৰথমা পত্নীৰ বিয়োগত মই স্বপ্নালীক বিয়া কৰাওঁ । নম্ৰতা মোৰ প্ৰথমা পত্নীৰ ভনীয়েক । নম্ৰতাহতঁ‌ৰ ঘৰখনে স্বপ্নালীক সদায় নিজৰ ছোৱালীৰ দৰেই ভাবিছিল 

- আৰু আপোনালোক সকলোৱে মিলি তেওঁলোকক এই উপহাৰ দিলে ।  বঢ়িয়া !

নয়ন দত্তই চিৎকাৰ কৰি উঠিছিল । মই নিৰ্দোষী চাৰ 

- নিৰ্দোষী ! তেন্তে ৰঞ্জনক হত্যাকাৰী সজাবলৈ কিয় টকা দিছিল !

- মোৰ পত্নীক বচাবলৈ । মই জানিছিলোঁ , তেওঁ যে নম্ৰতাক হত্যা কৰিছে  !

- মিছেছ দত্ত , নম্ৰতা হত্যাৰ ব্লুপিন্ট কি আছিল ?

- চাৰ , নম্ৰতাই বাৰে - বাৰে নীলক ফোন কৰি তাইক নিজৰ কৰি ল'বলৈ হেঁচা প্ৰয়োগ কৰিছিল । তাইৰ

স্বামীৰ ঘৰত সন্তানটোৰ কথা জনাৰ পাছত , তাই নীলৰ ওচৰলৈ একেবাৰে গুছি আহিছিল ।নীল বিবাহিতা | নীলে মোক এই সকলোবোৰ কৈছিল । যি স্থানত  তাইক হত্যা কৰা হৈছিল , তালৈ নীলে তাইক মাতিছিল । কিন্তু নীলৰ পৰিৰ্বতে সেই ঠাইত আছিলো অভি আৰু মই 

- অভিৰ লগত নম্ৰতাৰ কি সম্পৰ্ক আছিল ?

- অভিৰ লগত তাইৰ একো সম্পৰ্ক নাছিল । অভি নীলৰ বন্ধু আছিল । নীলৰ সংসাৰ খন বচাবৰ বাবেই আমি তাইক হত্যা কৰিলোঁ 

- ৰিয়ানক তালৈ কোনে মাতিছিল 

- মইয়ে তাইৰ হতুৱাই ৰিয়ানক মতাইছিলো । যাতে  হত্যাকাণ্ডৰ লগত ৰিয়ানক জড়িত কৰাব পাৰো ।

বৰ ধুনীয়াকৈ খেলিলে খেলখন । কিয় পাহৰি গৈছিল --- পাপ লুকাই নাথাকে , দেৰিকৈ হ'লেও সত্যৰ উদঘাতন হ'বই । 

নীল - অভি আৰু মিছেছ দত্ত , আপোনালোকে নিজৰ কু-কৰ্মৰ ফল ভোগ কৰিবই লাগিব । আপোনালোক  হত্যাকাৰী , আপোনালোকৰ বিচাৰ আইনে কৰিব ।


       লগে লগে নয়ন দত্তৰ ৰিয়েকচন !

- তুমি ! তুমি আজি মোৰ ঘৰ,মোৰ সন্মান থানবান কৰি পেলালা | তোমাক মই 

নয়নৰ কথাত স্বপ্নালী চিঞৰি উঠিল |

- চুপ ! তুমি ও এজন হত্যাকাৰী |

- ম,,,,,মমম

- কি হৈছে এইবোৰ ! 

অফিচাৰৰ ধমকি |

- চাৰ , মই কৰা দোষৰ শাস্তি মোক আদালতে দিব । কিন্তু চাৰ মই আপোনাক আন এজন হত্যাকাৰীক চিনাকি কৰাই দিব বিছাৰিছো 

- আন এজন হত্যাকাৰী ! আপুনি কৈছে কি মিছেছ দত্ত ?

- হয় চাৰ " নয়ন দত্ত " । মোক বিয়া কৰাবৰ বাবেই নয়নে হত্যা কৰিছিল তেওঁৰ প্ৰথমা পত্নী নম্ৰতাৰ বায়েকক ।নম্ৰতাৰ বায়েকৰ মৃত্যু স্বাভাৱিক নাছিল 

- নয়ন দত্ত !

সি নিমাত হৈ আছিল |

- দত্ত !

- হয় চাৰ । স্বপ্নালীক নিজৰ কৰি পোৱাৰ বাটত তাই হেঙাৰ হৈছিল । সেয়েহে ......

- আপোনালোক মানৱ ৰূপী একো - একোজন দানৱ । 

চিপাহী , এওঁ‌লোকক লৈ যোৱা , লকআপত সুমুৱাই থোৱা

ৰিয়ান , দোষীক বিছাৰি উলিয়াওতে অলপ পলম হ'ল । তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী 

- তেনেকৈ নক'ব চাৰ । আপোনাৰ অক্লান্ত চেষ্টাৰ বলত আজি প্ৰকৃত দোষী ধৰা পৰিল । আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ চাৰ !


                  এটা হত্যাকাণ্ড ! নয়ন দত্ত,স্বপ্নালী,অভি,নীল,মোহন এইবোৰ হৈছে অপৰাধী |


সেমেকা চকুৰে ডাক্তৰে কৈছিলে

- দেউতা ব'লা

বৃদ্ধই কৈছিলে |

- ক'লৈ !

- ঘৰলৈ !

- মোৰ ঘৰনাই | ফুটপাথে মোৰ ঘৰ |

লগে লগে অভীৰ মাকে শহুৰেকৰ ভৰিত ধৰিছিল |

- বলক ! আমাৰ ঘৰত | আমাক ক্ষমা কৰক | মই নিজৰ সন্তানক ত্যাগ কৰিলো |

ডাক্তৰে বাপেকক লগত গ'লগৈ ! এজন অপৰাধী পুত্রক ত্যাগ কৰি |


ৰিয়ান , কল্যাণী , মাক ঘৰমুৱা হৈছিল । ৰিয়ানৰ মনটো দুখ আৰু আনন্দৰ আবেগে ঢৌৱাই নিছিল 

মাকে ৰিয়ানক কৈছিল অন্তত সিহতে আজি ন্যায় পালে |

- ৰিয়ান , তোৰ জীৱনৰ অভিশপ্ত এটি অধ্যায়ৰ সমাপ্তি ঘটিল । জীৱনতো আকৌ নতুনকৈ আৰম্ভ কৰ । মই  কল্যাণীক বোৱাৰী ৰূপত বিছাৰো ৰিয়ান । 

- মা .... 

- মই বিয়াৰ আয়োজন কৰিব পাৰোনে ৰিয়ান ? মই ভিতৰতে আছো , তোৰ মতামত জনাবি | মাকে বুজিছিল ৰিয়ানক এতিয়া এজনী সংগী ৰ প্রয়োজন|


তেনেতে কোঠালৈ কল্যাণী সোমাই আহিছিল 

- কল্যাণী

- কওঁক , ৰিয়ান দা

- তুমি মোৰ কইনা হ'বানে ,অভিশপ্ত ফুলশয্যাৰ সেই দিনটো পাহৰিব বিচাৰো মই,,,,

লাজুকী হাঁহিৰে দৌৰি পলাব ধৰিছিল কল্যাণী । ৰিয়ানে তাইৰ হাতত থাপ মাৰি ধৰিছিল । আৰু কল্যাণী ! লাহে - লাহে হেৰাই গৈছিল ..... ৰিয়ানৰ দুবাহুত |||


    সমাপ্ত

প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html


দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html


তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html


চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_986.html


পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_557.html

ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_577.html


সপ্তম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_990.html


অষ্টম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_575.html


নৱম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_626.html


দশম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-https://www.smj24.in/2021/01/blog-post_32.html


একাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_22.html


দ্বাদশ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2021/01/blog-post_29.html


ত্ৰয়োদশ খণ্ডৰ লিংক-  https://www.smj24.in/2021/01/blog-post_78.html


চতুৰ্দশ খণ্ডৰ লিংক - https://www.smj24.in/2021/01/blog-post_88.html


PhotoGrid_1593401714797
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages