দীৰ্ঘদিনীয়া সমন্ধ নহলেও সিহঁত দুটাই ইটোৱে সিটোক বহুতখিনি বুজি পোৱা হৈছে৷মনৰ ওচৰ হলেও দুয়োটা থাকে দুঠাইত গতিকে ইচ্ছা থাকিলেও লগ পোৱাটোৱেই টান৷তাই কাম কৰে মুম্বাইৰ এটা ইন্টাৰনেচনেল কোম্পানীত আৰু সি কৰে যোৰহাটৰ এটা প্ৰাইভেট অফিচত৷গতিকে মন গলেও লগ কৰাটো সিহঁতৰ পক্ষে সম্ভৱ নহয়৷অফিচৰ কামত এবাৰ সি মুম্বাইলৈ যাওঁতে তাইক লগ পাইছিল৷তাৰ পিছতেই দুই চকুৰ মিলন৷গতিকে এইবাৰ সাংস্কৃতিক সন্ধ্যাৰ নিমন্ত্ৰণ লগতে বেমাৰ দেখুৱাৰ আচল লৈ সি যাত্ৰা কৰিব মুম্বাইলৈ৷মাজত মাথো দুটা দিন৷এই দুটা দিনো যেন নাযায় নুপুৱাই হৈছে তাৰ কাৰণে৷এফালে পেটৰ বেমাৰটোৱে তাক জ্বলাই খাইছে আনফালে লগৰবোৰে কথাটো গম পাই তাক জোকোৱা আৰম্ভ কৰি দিছে৷যি নহওক এইবাৰ তাৰ বহুতদিনৰ মনৰ আশা এটা পূৰণ হ'ব৷আগৰ বাৰৰ ঘটনাটোৰ পিছত ছোৱালীৰ প্ৰতি তাৰ মনত বৰ বেয়া ভাৱ এটা সোমাই গৈছে৷মাকে বিয়াৰ কথা কৈ থাকে যদিও সিহে কথাটোত গুৰুত্ব নিদিয়ে৷অৱশেষত মাকৰ মনৰ আশাটো মনতেই থাকি গ'ল৷বেচেৰী মাকজনীয়ে তাা সংসাৰখন চোৱাৰ আশাতেই চকু মুদিলে৷
বিয়াৰ প্ৰতি সি কানসাৰ নিদিয়াৰ কাৰণো নথকা নহয়৷আগতে এবাৰ সি বিবাহ পাশত আৱদ্ধ হৈছিল যদিও তাৰ সংসাৰখন সুখৰ নহ'ল৷তাৰ ৬বছৰীয়া প্ৰেমীকা শিখাৰ সৈতে সংসাৰখন ঠিকেই পাতিছিলে৷তাইৰ কিছুমান স্বভাৱ তাৰ পছন্দৰ নাছিল যদিও বিয়াৰ পিছত সি ঠিক হৈ যাব বুলি ভাবিছিল৷কিন্ত বিয়াৰ পিছতেই তাই মাক বৌৱেকহঁতৰ লগত মিলিব নোৱাৰা হ'ল,সৰু সৰু কথাতে মুখ পাতি ধৰে৷ফলত তাৰ বিয়াখন সিহঁতৰ ঘৰখনৰ কাৰণে এটা অশান্তিৰ কাৰণহে হ'ল৷৫ জন ককাই-ভাইৰ মাজত সি ৩নম্বৰৰ৷বায়েক এজনী বিয়া দিলে৷৫ জনীয়া ককাই-ভাই বৌৱেক হতঁৰ সৈতে সিহঁতৰ পৰিয়ালটো খুব সুন্দৰভাৱে চলি আছিল৷বাকী সকলোৰে সংসাৰবোৰ ঠিকেই চলি আছে যদিও তাৰ সংসাৰখন লৈহে সকলোৰে সমস্যা৷মাক দেউতাকৰ একমাত্ৰ ছোৱালী শিখা৷সৰু পৰিয়ালত ডাঙৰ হোৱা ছোৱালীজনী আহি নন্দনহতঁৰ যৌথ পৰিয়ালটোত মিলাত অসুবিধা হ'ল৷প্ৰতিটো কথাতেই স্বাধীনতা বিচৰা শিখাই কৰবালৈ নন্দনৰ লগত ফুৰিবলৈ যোৱাৰ কথা ভাবিলেও ঘৰৰ আৰু দুটামান লগতে উলাই৷কিবা এটা অকলে খোৱাৰ কথা ভাবিব নোৱাৰে৷বনালে বা কিনিব গলেও চবৰে কাৰণে আনিব লাগে৷আৰু নন্দন...ঘৰৰ মানুহক ফুৰাব নাপালে ,খুৱাব নাপালে তাৰ পেট নভৰে৷তাৰ যে ঘৈণীয়েক এজনী আছে,তাইক যে সি বিয়া পাতি পত্নীৰ মৰ্যদা দিছে তাৰ খবৰ নাই৷
তাৰ মাথো ঘৰ আৰু ঘৰ৷এইবোৰ কথাই শিখাক বিদ্ৰোহী কৰি তুলিছে৷মাজে মাজে তাই খংতে মাকৰ ঘৰলৈ গুচি যায়৷সি এইবোৰ কথাত ইমান পাত্তা নিদিয়ে,তাৰ নিজৰ সংসাৰ যি নহওক তাৰ ঘৰখন ঠিকে থাকিলেই হ'ল৷উপায় নাপায় দুদিনমানৰ পিছত তাই নিজেই ঘূৰি আহিবলৈ বাধ্য হয়৷দিন যোৱাৰ লগে লগে যেন ঘটনাটোৰ প্ৰায়ে পুনৰাবৃত্তি হ'ব ধৰিলে৷সততে বন্ধু-বান্ধবৰ লগত আড্ডা মৰা,পাৰ্টি কৰি ৰাতি এপৰত ঘূৰি অহা তাৰ এইবোৰ স্বভাৱৰ বাবে সিহঁত দুটাৰ মাজৰ কাজিয়া খন আগতকে বাঢ়ি গৈছে৷ঘৰৰ বাকী ককাই ভাইবোৰ নিজৰ সংসাৰ-সন্তান লৈ ব্যস্ত৷তাৰহে এইবোৰত কাণসাৰ নাই৷আজিকালি তাৰ মাকৰো বেমাৰ বাঢ়িব ধৰিছে৷কিন্ত ঘৰখনত যেন সন্তান এটাইহে৷মাকৰ সকলো কাম সিয়েই অকলে কৰিব লগা হৈছে৷এইবোৰ লৈ তাৰ মনত কোনো ক্ষোভ নাই৷ডাক্তৰক দেখুৱাৰ পৰা বাকী খৰচ পাতি,মাকক আলপৈচান ধৰা লৈকে৷বাকী সকলো সংসাৰত ব্যস্ত,কাৰো সময় নাই৷মাকেও কথাটো নুবুজা নহয় কিন্ত তেওঁৰো উপায় নাই৷শিখা এইবাৰ মাকৰ ঘৰলৈ গৈ ঘূৰি অহা নাই৷আৰু সিহঁতৰ লগত একো সম্পৰ্কও ৰখা নাই৷এইবোৰ দেখি দেখি মাকৰ বেমাৰ দুগুণে বাঢ়িছে৷কোননো মাকে পুতেকৰ অশান্তি চাই থাকিব পাৰে,দিনে ৰাতিয়ে পুতেকৰ চিন্তা কৰি কৰিয়েই এদিন মানুহজনীয়ে চকু মুদিলে৷
মাকজনী গুচি যোৱাৰ পিছত এতিয়া সি যেন অকলশৰীয়া হৈ পৰিল৷ককাই-ভাই,বৌ,ভতিজা-ভতিজিয়ে গিজগিজাই থকা ঘৰখনৰ এটা কোঠাত এতিয়া সি অকলশৰে নিজকে বন্দী কৰি ৰাখে৷মাকৰ স্মৃতিয়ে তাক বাৰুকৈয়ে আমনি কৰে৷মাজে মাজে তাৰ সংগী হয় ৰুমৰ একোনত সজাই থোৱা হাৰমনিয়ামটো৷ সৰুৰ পৰাই সংগীতত ৰাপ থকা লৰাটোৱে মাকেই আগুৱাই দিয়া মতেই সংগীতৰ জগতখনত খোজ দিছিল৷মাকৰ উৎসাহতেই সি গান গাবলৈ আৰম্ভ কৰিছিল, সৰুৰ পৰা লিখাৰ অভ্যাসটো থকাৰ বাবে লাহে লাহে সি দুই-এটাকে গান লিখিবলৈও আৰম্ভ কৰিছিল৷আচলতে তাৰ গায়ক হোৱাতকে এজন ভাল গীতিকাৰ হবলৈহে বেছি ইচ্ছা আছিল৷এইদৰে তাৰ দুই-এটা গান লাহে লাহে জনপ্ৰিয় হৈ তাৰ নামটো মানুহৰ মাজত পৰিচিত হৈ পৰিছিল৷অসমৰ নামী-দামী গায়কৰ পৰা নতুন প্ৰজন্মলৈকে সকলো গায়ক-গায়িকাৰ কন্ঠত নিগৰিছিল তাৰ গান৷
খুবেই সুখী আছিল সি বাহিৰে দেখাত৷কিন্ত কেৱল সিহে জানে তাৰ অন্তৰে কি বিচাৰে৷তাৰ কাৰণে মাকে যিখিনি কষ্ট পালে সেইখিনি সি কেতিয়াও পাহৰিব নোৱাৰে৷ইমানদিনে সহ্য কৰি থকা লৰাটোৰ মাকৰ মৃত্যুৰ পিছত পত্নীৰ লগত বিবাহ বিচ্ছেদৰ কথা আগবাঢ়িছে ফলত তাৰিখে তাৰিখে সি আদালতত হাজিৰ হ'ব লগা হয়৷কেচৰ নামত পানীৰ দৰে পইচা গৈ আছে৷এইবোৰ জঞ্জালত সোমাই সি নিজৰ বুলি একোৱেই কৰিব পৰা নাই৷তাৰ মনত এটাই ভাৱ ঘৰখন যাতে শান্তিত থাকে৷দেউতাকৰ মৃত্যুৰ পিছত অত কষ্ট কৰি ডাঙৰ কৰা মাকক জীৱিত কালতে সুখকন দিব নোৱাৰিলে যেতিয়া এতিয়া আৰু তাইৰ লগত সি সম্পৰ্ক ৰাখিব বিচৰা নাই৷বিবাহ বিচ্ছেদৰ পিছত দ্বিতীয় বিবাহৰ কথা সকলোৱে কৈ আছে যদিও তাৰ আৰু সমূলি ইচ্ছা নাই৷বিয়া পাতি সি ঘৰখনত আকৌ অশান্তি বঢ়াই ল'ব বিচৰা নাই৷
সকলোৱে যদি এনেকৈয়ে শান্তিত আছে...তেনেহলে থাকক৷মাকৰ মৃত্যুৰ পিছত লৰাটোৰ জীৱনটোৱে যেন বেলেগ ৰূপ পালে৷তাৰ নিজৰ ঘৰখনেই আলহি ঘৰ হোৱাদি হ'ল৷মন গলে ঘৰলে আহে,মন নগলে নাহে৷আৰু কি কৰিবনো সি ঘৰলে আহি৷ঘৰখনত বা তাৰ আছে কি?ৰাআজিকালি বাহিৰৰ মছলাযুক্ত খানা,মদে-মাংসই খাওঁতে খাওঁতে তাৰ গেচৰ বেমাৰটোৱে প্ৰায়ে আমনি কৰে৷ডাক্তৰক দেখুৱাম দেখুৱাম বুলি ভাবি থাকোতেই দিনবোৰ গৈছে৷দেখুৱাহে হোৱা নাই৷ঘৰৰ মানুহক বিপদে আপদে সততে লগ দিয়া নন্দনক ডাক্তৰ এজনৰ ওচৰলৈ লৈ যাবলৈ মানুহৰ অভাৱ৷মাজতে এদিন বেছিকে ধৰাত যেনিবা স্থানীয় ডাক্তৰ এজনক দেখুৱাইছিল যদিও বিশেষ একো ফল নাপালে৷তাৰ পিছত বন্ধুবৰ্গই আৰু দুজন মান ডাক্তৰক দেখুৱালে৷কিন্ত দৰব খাই থকালৈকে ভালে থাকে,পিছত আকৌ উকাই৷মাজে মাজে সি নিজেই অসহ্য পাই অসমৰ বাহিৰতে দেখাই অহাৰ কথাটো ভাবিছিল৷কিন্ত ডেকা লৰা দুদিন ভাল পালেই আকৌ পাহৰি যায়৷এনেকৈয়ে ভালে বেয়াই দিনবোৰ গৈ আছিল৷
তেনেকুৱাতে মুম্বাইৰ অনুস্থান এটাৰ পৰা নিমন্ত্ৰণ পায় সি মুম্বাই যাওঁতে ভালদৰে দেখুৱাই অহাটোকে ঠিক কৰিলে৷সিহঁতৰ লগৰ এটাৰ সম্বন্ধীয় ভনীয়েক এজনী তাত থকা হেতুকে মুম্বাইলৈ এবাৰ যাওঁতে তাৰ পৰিচয় হয় ঈশাৰ লগত৷কোম্পানীৰ চাকৰিসূত্ৰে ঈশা মুম্বাইত থাকে৷নন্দনৰ দৰেই ঈশাৰো বিয়া হৈছিল যদিও সংসাৰখন নিটিকিল৷স্বামীৰ লগত ইতিমধ্যে বিবাহ বিচ্ছেদ হোৱা ঈশাই কণমানি দুই পুত্ৰৰ সৈতে মুম্বাইৰ ভাৰাঘৰত থাকে৷ভাল দৰমহাৰে দুই পুত্ৰসহ ঈশাই দৰমহাৰ টকাকেইটাৰে যথেষ্ট মিতব্যয়িতাৰে চলিব লগা হয় ৷কোনোদিন স্বামীৰ অনুপস্থিতি বা দ্বিতীয় বিবাহৰ কথা তাইৰ মনত কেতিয়াও অহাও নাই৷পুৰুষ বুলিলে সততে ঘৃণাৰ ভাৱ অহা ঈশাৰ পৃথিৱীত আৰু বেলেগ কথা ভাবিবলৈ সময় নাই৷লৰা কেইটাৰ লগতে নিজৰ ভৱিষ্যতৰ কথা ভাবি তাই মাথো একান্তমনে কাম কৰি গৈছে৷কিন্ত এইবাৰ নন্দনৰ লগত চিনাকি হোৱাৰ পৰা দুয়োটাৰে সমন্ধটো যেন অলপ বেছিয়েই ওচৰ চাপি আহিছে৷নন্দনেও যেন আজিকালি তাইৰ খবৰ অলপ বেছিকৈয়ে লোৱা হৈছে৷তায়ো তাৰ ফোনটোলেই অপেক্ষা কৰি থাকে৷সি কিবা কাৰণত ফোন কৰা পলম হলেই তাইৰ মনটো উচপিচাবলে আৰম্ভ কৰে৷এতিয়া ইটোৱে সিটোলে ফোন কৰা অলপ পলম হলেই উফন্দ পাতিব পৰা হ'ল৷
ঈশাইনো নন্দনৰ প্ৰেমৰ মেৰপাকত কেনেকৈ সোমাল তাই নিজেই গম নাপালে৷প্ৰেম মানে দুয়োটাই এবাৰহে দেখাদেখি হৈছিল৷কিন্ত মন মিলিলে যেতিয়া অৱশেষত দুয়োৰে ঘৰৰ সন্মতি মৰ্মে তাইক আঙঠি এটা পিন্ধাই থোৱাটোকে ঠিক কৰি থোৱা আছিল৷গতিকে এক গুলীত দুই চিকাৰ হোৱাদি হ'ল৷মুম্বাইলৈ যাওঁতে আঙুঠিটো পিন্ধাই অহাৰ কথাটোকে ঠিক হ'ল৷নন্দনৰ বিবাহবিচ্ছেদৰ কেচ খন শেষ হোৱাৰ পিছতহে সি তাইক পত্নীৰ মৰ্যদা দিব পাৰিব৷নন্দনেও তাইৰ দুয়ো সন্তানক পিতৃৰ মৰ্যদা দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷
মুম্বাইলৈ যোৱাৰ আগতেই সি তাৰ পছন্দমতে ধুনীয়া আঙুঠি এটা ঈশালৈ বুলি কিনি লৈছে৷মুম্বাই পাই নন্দনৰ অলপো অসুবিধা নহল৷এয়াৰপৰ্টত তাই ৰয়েই আছিল৷মাজে মাজে তাৰ পেটৰ বেমাৰটোৱে উক দিয়াৰ বাবেহে সি মাজে মাজে অতিষ্ঠ হৈছে৷সিহঁত বাহিৰে বাহিৰেই হাস্পতাললৈ বুলি ৰাওনা হ'ল৷সময়টো মিলাইয়ে সি যোৰহাটৰ পৰা টিকট কাটিছিল৷ডাক্তৰৰ এপইণ্টমেণ্ট লৈ থোৱাই আছিল৷ডাক্তৰক দেখাই হোৱাৰ পিছতেই সিহঁত ঘৰলৈ যাব৷ঈশাৰ যিহেতু নিজৰ ঘৰ আছেই গতিকে তাক হোটেল লবলৈ মানা কৰি থৈছে৷আৰু তাৰ পেটৰ অসুখটোৰ বাবে সি বাহিৰা বস্তু খোৱাটোও ভাল কথা নহয়৷কিবা কৰি সোনকালে দেখাই লৈ চিকিৎসাটো আৰম্ভ হ'লেই যেন সি ৰক্ষা পাব৷সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানটোলে আৰু ২টা দিন বাকী আছে৷সি অলপ সময় হাতত লৈয়েই আহিছে৷
হাস্পতাল পাইয়েই তাক বহিব দি ঈশাই নিয়ম মতে কামবোৰ কৰি গ'ল৷প্ৰায় ২০মিনিট মান বহাৰ পিছত তাৰ নাম মাতিলত যেনিবা শান্তি পালে৷দীঘলীয়া যাত্ৰাৰ অন্তত সি কিছু ভাগৰুৱাও অনুভৱ কৰিছে,ডাক্তৰে ভালদৰে চাই লগত কোন আহিছে সুধিলে৷ঈশাই ডাক্তৰক তাইৰ হ'ব লগীয়া স্বামী বুলি পৰিচয় দিলে৷ডাক্তৰে কিছুমান টেষ্ট কৰিবলৈ পৰামৰ্শ দিলে লগতে দুজনমানক ফোন কৰি তেওঁৰ কামটো সোনকালে কৰি ৰিপৰ্টটো দিব কোৱা শুনিলে৷সি ঈশাৰ মুখলৈ সন্দেহৰ চাৱনিৰে চালে৷ঈশাই তাক চকুৰে একো নাই বুলি ইংগিত দিবলৈ চেষ্টা কৰিলে যদিও তাৰ মনত কিছু সন্দেহৰ ভাৱ আহিল৷কথাটোযেন ডাক্তৰে কিছু গভীৰ ভাৱে লৈছে৷সি অনুমান কৰিব চেষ্টা কৰিলে৷লগত থকা প্ৰেয়সীৰ চকুত যাতে তাৰ ধৰা নপৰে,তাৰ বাবে সি নিজকে লুকুৱাবলৈ চেষ্টা কৰিলে৷
বেমাৰটোৱে তাক কিছুদিনৰ পৰা ভিতৰিভিতৰি জ্বলাই জ্বলাই খাই আছে৷তাৰ কিবা আন ৰোগ হোৱা নাইতো৷সছাঁকৈয়ে যদি ডাক্তৰে তেনেকুৱা কিবাই সন্দেহ কৰিছে৷ডাক্তৰৰ কথালৈ চাই তাৰ যেন তেনেকুৱা এটা অনুমানেই হৈছে৷যি হ'ব দেখা যাব ভাবি সি অপেক্ষা কৰিব ধৰিলে৷ইতিমধ্যে সিহঁতৰ কিছু ভোক লগাত কামখিনি আগবঢ়ালৈকে বাহিৰতে কিবা অলপ খাই লোৱাটোকে চিন্তা কৰিলে৷ আজি অলপ দিনৰ পৰা তাৰ এইটোৱেই সমস্যা৷কিবা খালেই পেটতো ফুলি যায়৷এতিয়া যিহেতু চিকিৎসা আৰম্ভ হবই৷গতিকে এই বিষয়ে বিশেষ চিন্তা নকৰিলে৷গোটেইকেইটা টেষ্ট আজিয়েই কৰাটোতো সম্ভৱ নহয়৷গতিকে যিকেইটা কৰিছে তাৰ ৰিপৰ্ট খিনি পালেই যেন সি ৰক্ষা পৰে৷দিনটোৰ ভাগৰে তাক হেচাঁ মাৰি ধৰিছে৷চকীখনত বহী অলপ ভাগৰ মাৰিব লওঁতেই কেতিয়ানো টোপনিয়ে হেচাঁ মাৰি ধৰিলে সি গমেই নাপালে৷তাৰ নামটো কাণত পৰাত চক খাই সাৰ পালে৷ঈশা ইতিমধ্যে তাৰ কাষতে বহিয়েই আছিল৷
সিহঁত চেম্বাৰটোলে সোমাই গ'ল৷ডাক্তৰে ইতিমধ্যে তাৰ ৰিপৰ্ট কেইটাই চাই আছিল৷তাক দেখি চকীখনত বহিবলৈ বুলি ইংগিতেৰে দেখুৱালে৷এইবাৰ ডাক্তৰে দুয়োৰে ফালে চাই কলে...হাস্পতালত দুদিনমান থাকিব লাগিব৷ৰিপৰ্টবোৰ বৰ ভাল অহা নাই৷ পিছত আৰু কেইবাটাও কৰিব লাগিব৷সদ্যসতে এইকেইটা ৰিপৰ্ট চাই আমি চিকিৎসা আৰম্ভ কৰোঁ৷Biopsy কৰিব লাগিব৷লিভাৰত অলপ তেনেকুৱা ধৰনৰ বেমাৰ এটাই পোৱা গৈছে৷চিন্তা কৰিবলগীয়া একো নাই৷ভাল হৈ যাব৷
ডাক্তৰৰ কথাকেইটাত তাৰ যেন সমস্ত শক্তি হেৰাই গ'ল৷কি...তাৰমানে তাৰ কেন্সাৰ হৈছে!সি কি কৰিব একো ভাবি পোৱা নাই৷কি ভাবি আহিছিল কি হৈ গ'ল৷তাৰ সপোন চব যেন নিমিষতে থানবান হৈ গ'ল৷কাষত তাৰ হ'বলগীয়া পত্নী যাক লৈ সি অলেখ সপোন দেখিছিল৷কি হ'ব এতিয়া সিহঁতৰ৷সিহঁতৰ সপোনৰ ঘৰখন,দুটি সন্তানে সৈতে সিহঁতৰ হ'ব লগা সংসাৰখন৷নাই..
নাই সি আৰু একো ভাবিব পৰা নাই৷তাৰ মুৰতো আচন্দ্ৰাই কৰিব ধৰিলে৷ঈশাই তাৰ হাতখন খামুচি ধৰি চকুৰ ভাষাৰে তাক বুজাব চেষ্টা কৰিলে৷ডাক্তৰৰ পৰা কাগজখিনি এহাতে লৈ এহাতে নন্দনক ধৰি ভগ্ন হৃদয়েৰে দুয়ো চেম্বাৰৰ পৰা উলাই আহিল৷
নাই সি আৰু একো ভাবিব পৰা নাই৷তাৰ মুৰতো আচন্দ্ৰাই কৰিব ধৰিলে৷ঈশাই তাৰ হাতখন খামুচি ধৰি চকুৰ ভাষাৰে তাক বুজাব চেষ্টা কৰিলে৷ডাক্তৰৰ পৰা কাগজখিনি এহাতে লৈ এহাতে নন্দনক ধৰি ভগ্ন হৃদয়েৰে দুয়ো চেম্বাৰৰ পৰা উলাই আহিল৷
নন্দন এতিয়া চিকিৎসালয়ৰ বিচনাত৷বিচনাৰ লগতে থকা খিৰিকি খনেৰে সি মাজে মাজে বাহিৰলৈ উদাসভাৱে চাই থাকে৷হাতত তাৰ চেলাইন,মাজে মাজে ষ্ট্ৰং ইনজেকচন লগত দৰবখিনি আছেই৷সি এতিয়া এটা নতুন পথৰ যাত্ৰী য'ত তাৰ লগত থাকিব কেৱল ইনজেকচন, দৰব,চেলাইন সময়ে সময়ে কেম৷কেম লোৱাৰ পিছৰ দিনকেইটা আৰু অসহ্যকৰ হৈ পৰে৷মৃত্যুৰ ক্ষণ গণি গণি তাৰ যাত্ৰা অন্য এখন পৃথিৱীলৈ৷তাৰ এই কঠিন যাত্ৰাকালত নিস্বাৰ্থভাৱে তাক সংগ দিছে তাৰ হ'বলগীয়া জীৱন সংগী ঈশাই,যিটো তাৰ সপানৰো অগোচৰ আছিল৷মৃত্যুৰ দুৱাৰদলিত থিয় হৈও নন্দন এতিয়া বহুত সুখী,তাৰ মাথো এটাই দুখ...ঈশাৰ বাবে সি একো কৰিব নোৱাৰিলে৷তাৰ হাতত সময় বহুত কম৷ডাক্তৰ আৰু ঈশাৰ মাজত হোৱা কথোপকথন তাৰ কাণত পৰিছে৷লাহে তাৰ স্বাস্থ্যও পৰি আহিব ধৰিছে৷কেম লোৱাৰ বাবে তাৰ স্বাস্থ্যইও নটনা হৈছে৷সি ঈশা আৰু লৰাদুটালে চাই তিনিওটাকে ইংগিতেৰে মাতি মৰমেৰে আকোঁৱালি ললে৷তাইৰ হাতখন লৈ তাইলৈ বুলিহে অনা আঙুঠিটো পিন্ধাই দিলে৷
তাইৰ চকুলোৰে মাথো দুধাৰি লোতক বৈ আহিল,তাই নন্দনৰ কপালত চুমা এটা আঁকি দিলে৷মৃত্যুৰ আগমূহূৰ্তত সি যাতে কোনো কথাতে দুখ নাপায় তাৰ বাবে ঈশাই তাইৰ সমস্ত শক্তি প্ৰয়োগ কৰি নন্দনৰ আলপৈচান ধৰিছে৷দ্বিতীয়টো কেম লৈ নন্দন ঘৰলৈ যাবগৈ৷বাকী চিকিৎসা খিনি গুৱাহাটীতে কৰিব৷কিন্ত তাৰ স্বাস্থ্যৰ বাবে তাক কেমটো দিব পৰা নাই৷সেইবাবে ঘৰলৈ যোৱাটো দুদিন দেৰি হৈছে৷ঈশায়ো কথাটো ইমান বেয়া পোৱা নাই৷যি নহলেও ঘৰৰ মানুহখিনি পালে তাৰ চাগে মনটো ভাল লাগিব৷প্ৰথম কেম লোৱাৰ ৰাতি তাৰ স্বাস্থ্য বহুত বেয়া কৰিছিল৷সেই ৰাতি ঈশাই অকলে খুব ভয় খাইছিল৷সেইবাবে এইবাৰ ঘৰৰ মানুহ অহাৰ বাবে তাই বেয়া পোৱা নাই৷নন্দনৰো মনটো ভাল লাগিব আৰু তাইও সাহস এটা পাইছে৷নহলে অকলে অকলে তাইৰ খুব ভয় লাগে৷ভৰ যৌৱনা ঈশা৷বয়সৰ ফালৰ পৰাও ইমান অভিজ্ঞতা হোৱা নাই৷নন্দনক নিবলৈ ইতিমধ্যে ঘৰৰ মানুহ আহি পাইছে৷দ্বিতীয়টো কেম দিব পাৰিলেই তাক লৈ যাব পাৰিব৷পিছৰ কেইটা গুৱাহাটীতে দিব৷ঘৰৰ মানুহ আহি তাৰ লগত থাকি দিয়াৰ বাবে তাই অলপ সকাহ পাইছে৷ইমানদিনে নন্দনক আলপৈচান ধৰি ধৰি তাইৰ ঘৰতনো কি হৈ আছে গম নোপোৱাৰ দৰে৷লৰা দুটাকো সময় দিব পৰা নাই৷বাপেক নোহোৱা লৰা দুটাক ইমানদিনে তাই নিজৰ বুকুৰ উমেৰে ডাঙৰ কৰিছে৷লৰাদুটাক দুকাষে লৈ তাই ৰাতিটো পাৰ কৰিলে যদিও মনটো লাগি আছে৷তাইৰ অনুপস্থিতিত নন্দনৰ ৰাতি একো অসুবিধা হোৱা নাইটো?
পিছদিনা ৰাতিপুৱা সোনকালেই তাই হাস্পতাললৈ বুলি আহিল৷ঈশা অহাত নন্দনৰ ভায়েকে জনালে যে সিহঁতি ইতিমধ্যে ৰিলিজ লৈছে আৰু গুৱাহাটীলৈ যাবলৈ সাজু হৈছে৷ঈশাই কি হৈছে একো ধৰিবই নোৱাৰিলে৷তাৰটো কেম এটা বাকী আছে৷ৰাতিলৈকে সকলো ঠিকে থকাৰ পিছত ৰাতিটোৰ ভিতৰতে হঠাৎ কি হৈ গ'ল৷ঘটি যোৱা ঘটনাত সতভম্ব হৈ পৰিল ঈছা৷তাই কি কৰিব একো ভাবি পোৱা নাই৷তাইক ফাঁকি দি কিয় নন্দনক লৈ যাব বিচৰা হৈছে৷ইমানদিনে তাই কি কৰা নাছিল সিহঁতৰ কাৰণে ৷ঘৰৰ মানুহে জিন্দা লাচ এটাৰ সমস্ত দায়িত্ব তাইৰ হাতত এৰি দি গুচি গৈছিল৷কিন্ত আজি এৰাতিৰ ভিতৰতে সকলো সলনি হৈ গ'ল৷আনকি নন্দনো...আনে নাভাবিলে নন্দনেতো এবাৰ ভাবিব লাগিছিল৷তেনেহলে ইমান দিনে নন্দনৰ এইবোৰ কি আছিল.,প্ৰেম নে অভিনয়?তাই নন্দনৰ মুখলৈ চালে,নাই তাৰ মুখত তেনেকুৱা একো ভাৱ তাই দেখা নাপালে৷এইটো সেই নন্দনেইনে যি এয়াৰপৰ্টত ঈশাক হাতযোৰ কৰি কৈছিল...মোক বচাই দিয়া,নহলে মই মৰি যাম৷ঈশাই মাথো তাৰ হাতখনত ধৰি কৈছিল..তুমি চিন্তা নকৰিবা ,মই সকলো ঠিক কৰি দিম৷মুুম্বাইলৈ চিকিৎসাৰ বাবে অহাৰ দিনাৰ পৰাই ঈশাৰ ঘৰতে সকলো কৰা নন্দন আৰু তাৰ ঘৰৰ মানুহে আজি এদিনৰ বাবে নন্দনক ৰাখিবলৈ লজ লৈছে৷নন্দনৰ ভায়েকে তাৰ সন্মুখতে ঈশাক বহুত বেয়া-বেয়াকৈ কৈছে৷কিন্ত সি মুখেৰে এটা মাত দিয়া নাই৷সি যেন একো শুনাই নাই৷ঈশাক শিৰত সেন্দূৰ পিন্ধাই পত্নীৰ মৰ্যাদা দিব বিচৰা,সপোনৰ পৃথিৱীত
বিচৰণ কৰোৱাই প্ৰকৃত পত্নীৰ সুখ দিয়াৰ সপোন দেখুৱা,ঈশাৰ দুই পুত্ৰৰ পিতৃত্বৰ দায়িত্ব বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়া নন্দন৷আজি সেই নন্দনৰ মুখত এটা মাত নাই৷তাৰ সন্মুখতে তাৰ হ'বলগীয়া পত্নীক ভায়েকে অপমান কৰি আছে আৰু সি শুনি আছে৷ঈশাৰ বুজিবলৈ বাকী নাথাকিল যে নন্দনে মৃত্যুৰ আগত ঈশাৰ নামত মাটি-সম্পতি লিখি দি যায় বুলি তাৰ ঘৰৰ মানুহে এইবোৰ নাটক আৰম্ভ কৰিছে৷আনকি ঈশাৰ বিপক্ষে নন্দনৰ ব্ৰেইনো ৱাচ কৰিলে৷ইতিমধ্যে নন্দনে হাস্পতালৰ নথিপত্ৰত তাইক পত্নী বুলি উল্লেখ কৰা সিহঁতি গম পাইছেই৷গতিকে আৰু কিবা বেছি হোৱাৰ আগতেই তাইক তাৰ পৰা আতৰোৱাই ভাল৷আৰু নন্দন...এটা কাপুৰুষৰ নিচিনাকে সি সকলো মানি লৈছে৷তাৰ অলপো মনত নপৰিল ঈশাৰ কষ্ট তাইৰ ত্যাগৰ কথা৷কি কৰা নাছিল তাই তাৰ বাবে৷নাই নন্দনক এতিয়া এইবোৰ কব নোৱাৰি৷সি এতিয়া ঘৰৰ মানুহৰ প্ৰেমত পাগল হৈ আছে৷দুদিন আগলৈকে ঈশা নহলে জীয়াই থাকিব নোৱাৰা নন্দনে আজি এৰাটিতে ঈশাক পাহৰি গ'ল৷জীৱনৰ অন্তিম সময়লৈকে লগ দিব কোৱা ঈশাক আজি নন্দনৰ প্ৰয়োজন নোহোৱা হ'ল৷পাহৰি গল নন্দনে সি কষ্টত শুৱ নোৱাৰাৰ বাবে গোটেই ৰাতি তাৰ লগত লাগি লাগি তাৰ মন ভাল লাগিবলৈ মবাইলত গায়ত্ৰী মন্ত্ৰ,হনুমান চল্লিচা,পাৱে পৰি হৰি শুনাই তাক কোলাত শুৱাই সি সাৰ পাই বুলি নিজে লৰচৰ নকৰাকে গোটেই ৰাতি বিচনাত বহি থকা ঈশাৰ কথা,নাই সি সকলো পাহৰি গল৷ঈশাই আৰু বুজিবলৈ বাকী নাথাকিল যে তাইৰ বাবে নন্দন আছিল মৰুভূমিৰ মৰীচিকা৷যিটো বিচাৰি পোৱাটো কেতিয়াও সম্ভৱ নহয়৷আজি এবছৰে মৰীচিকাৰ পিচত দৌৰোতে দৌৰোতে ক’ত কি হৈ আছে তাই গমেই নাপায়৷তাইৰ বাবে নন্দনেই আছিল পৃথিৱীৰ সমস্ত৷
পিছদিনা অনিচ্ছাস্বত্বেও ঈশা এয়ৰাপৰ্টলে গ'ল বিদায় বেলাত এবাৰ তাক চাবলে বুলি৷সি নিবিচাৰিলেও তাইৰ মনটোৱে মনা নাই৷চাহ বনাই লৈ গৈছিল...তাক নিজ হাতেৰে খুৱালে৷এয়েই হয়তো তাইৰ তাক খুওৱা শেষৰ কাপ চাহ৷আকৌ যে তাৰ লগত দেখা হ'ব আশা খীন৷সিয়েই যেতিয়া নিবিচাৰে তাইৰ আৰু ক’বলগীয়া একো নাই৷সিহঁতৰ ফ্লাইটৰ এনাউন্সমেন্ট ইতিমধ্যে কৰিছে৷নন্দন যোৱাৰ সময় সমাগত৷তাইৰ বুকুখন যেন কিহবাই খুন্দা মাৰি ধৰিছে৷তাই তাৰ হাতত ট্ৰলিখন লগাই দিলে যাতে তাৰ দুৰ্বল দেহটো ভৰ দি যাব পাৰে৷নন্দনক আগুৱাই দি নেদেখাহোৱালৈকে তাই চাই থাকিল৷সি দূৰৰ পৰা বাই বাই দিলে...তাইও হাতখন দাঙি তাক বাই বাই দিলে৷তাইৰ দুচকুৰে দুধাৰি লোতক বৈ আহিল৷
সি গৈ পোৱালৈকে তাইৰ মনটো লাগি থাকিল৷ৰাস্তাত একো অসুবিধা হোৱা নাইটো..তাৰ গা বেয়া হৈছে নিকি?সময়টো চাই তাই নন্দনলৈ ফোনটো লগালে...“আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান চুইচ অফ হৈ আছে”৷অ তাৰ মানে সিহঁত এয়াৰপৰ্টৰ পৰা উলোৱাই নাই৷গতিকে ফোনটো চুইচ অফ হৈ আছে৷তাই অলপ দেৰিকে ফোন কৰাৰ কথা ভাবিলে৷ইতিমধ্যে সন্ধ্যা নামিছে৷ঈশাই এইবাৰ আকৌ ফোনটো লগালে৷“আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান চুইচ অফ হৈ আছে”৷নাই আজি দুদিন হৈ গ'ল,তাৰ নম্বৰত ফোন কৰিলে এইটো উত্তৰেই পোৱা যায়৷তাৰ ফোনো নাই মেচেজ এটাও নাই৷কি হ'ল ...নন্দনৰ,কিয় সি ফোন এটা কৰা নাই৷মবাইলটোও চুইচ অফ কৰি থৈছে৷সি নিজে নোৱাৰিলেও কাৰোবাৰ হতুৱাইতো খবৰ এটা দিব লাগিছিলে৷নন্দনৰ অবিহনে ঈশা কেনেকে জীয়াই আছে সি এবাৰো ভবা নাই নে?নে ঈশাক সি পাহৰি গ'ল৷ঈশা নহলে এক মিনিটো থাকিব নোৱাৰা নন্দনক আজি ঈশাৰ প্ৰয়োজন নোহোৱা হ'ল৷তাৰ মাতটো নুশুনাকে আজি দুদিনে ঈশাই কেনেকৈ জীয়াই আছে ভাবিবলৈ তাৰ আহৰি নাই৷
ঘৰৰ মানুহ পাই নন্দনে চব পাহৰি গ'ল৷এতিয়া ঘৰৰ মানুহখিনিয়েই তাৰ সকলোতকে আপোন৷কিন্ত সি বুজা নাই কিয় তাৰ ঘৰৰ মানুহে তাক ইমান মৰম কৰি ঈশাৰ পৰা আতৰাই নিছে৷ঈশাক পত্নীৰ মৰ্যদা দিব লওতে কিয় সিহঁতি বেয়া পাইছে,কিয় তাৰ সংসাৰতহে বাৰে বাৰে কেনা লাগে৷প্ৰথমা পত্নীৰ লগতে কি দ্বিতীয়া পত্নী হবলৈ উলোৱা ঈশাও বেয়া নিকি?তাৰ বাহিৰেতো বাকী গোটেই ককায়েক-ভায়েক-বায়েক সকলোৱে ভালকৈ সংসাৰ কৰি আছে৷কিয় নিজৰ মাক দেউতাক থাকোতেও ভতিজা-ভতিজিহতঁৰ দায়িত্ব তাৰ ডিঙিত৷কিয় ঘৰৰ ৰেচনৰ সমস্ত দায়িত্ব তাৰ ওপৰত৷সিতো ঘৰৰ একমাত্ৰ লৰা নহয়৷নাই নুবুজে নন্দনে৷ভিনিয়েক থাকোতে বায়েকে কিয় প্ৰয়োজনত তাক মাতিব লগা হয়৷নাই কোনেও বুজাব নোৱাৰে তাক৷ঘৰৰ প্ৰেমত এতিয়া সি অন্ধ৷সি যে বিয়া পাতিলে ঘৰৰ মানুহবোৰৰ অসুবিধা হ'ব৷তাৰ যে লৰাছোৱালী হলে ভজিতা-ভতিজি হতঁলে তাৰ মৰম কমি যাব পাৰে৷ইয়াৰ অন্তৰালত যে ঘৰৰ মানুহৰ কিমান চক্ৰান্ত চলি আছে,এখন জালৰ মাজত সি যে সোমাই আছে সি বুজি নাপায়৷সি মাথো এটাই বুজে..ঘৰৰ মানুহে তাক বহুত ভাল পাই৷ঘৰৰ মানুহ সুখত থাকিলেই সি সুখী৷সি গম নাপাই ডাক্তৰে যে তাৰ মৃত্যু নিশ্চিত বুলি কোৱাৰ পিছত সিহঁতৰ ঘৰত যে মাটিবাৰী ভাগ বতৰাৰ কথা আলোচনা হৈছে৷কেনেবাকৈ তাৰ ভাগটো ঈশাৰ নামত লিখি দিয়ে বুলি ভয়তে যে সিহঁতে তাক চিকিৎসাৰ নামত ঘৰলৈ লৈ আনিছে৷
ঈশাৰ নামত এটা বিষাক্ত পোক সিহঁতে তাৰ মুৰত ভৰাই দিছে যাৰ বাবে এতিয়া নন্দনে ঈশাৰ প্ৰয়োজনবোধ কৰা নাই৷নন্দনৰ হাতত মাথো আৰু কেইটামান দিন৷এইকেইটা দিনতে ঘৰৰ মানুহবোৰে তাৰ হতুৱাই সকলো কাম কৰাই ল'ব লাগিব৷ তাৰ চিকিৎসাটো পিছৰ কথা,সি যেতিয়া বাচি নাথাকে বুলি ডাক্তৰে কলেই গতিকে তাৰ লগত ইমান পইচা পাতি খৰচ কৰি লাভ নাই৷আৰু কৰিব বা কোনে?সবেতো তাৰ ওপৰত হে মাৰটো মাৰি খাই আছিল৷এইকেইদিন বাহিৰা মানুহৰ লগত তাৰ কোনো যোগাযোগ কৰিব দিয়া হোৱা নাই তাক৷ঘৰৰ মানুহে ইতিমধ্যেই মবাইল চুইছ অফ কৰি দিছে৷কাৰোবাৰ মুখেদি শুনিছে সি ঘৰতে আছে,কাৰোবাৰ মুখেদি শুনিছে সি হাস্পতালত আছে৷আছলতে সি ক'ত আছে কাকো জানিব দিয়া হোৱা নাই৷>
ইফালে ঈশা পাগল হৈ আছে নন্দনৰ খবৰ পাবলৈ৷কিন্ত ঘৰৰ মানুহে তাৰ লগত যোগাযোগ কৰিব দিয়া নাই৷ঘৰৰ মানুহলে ফোন কৰিলেও ভালকে কথা নাপাতে৷দুদিন আগলৈকে নন্দনৰ চিকিৎসাৰ বাবে ঈশাৰ ওচৰত হাতযোৰ কৰা পৰিয়ালটোৰ বাবে কি কৰা নাছিল ঈশাই৷আৰু সিহঁতৰ কথাত ভুল গৈ তাই নিস্বাৰ্থভাৱে সকলো দায়িত্ব মুৰ পাতি লৈছিল৷অৱশেষত ঈশাই উপলব্ধি কৰিলে উপলব্ধি কৰিলে নন্দন এজন ভাল পুৰুষ,ভাল পুত্ৰ,ভাল ককায়েক-ভায়েক,ভাল বন্ধু হ'ব পাৰে কিন্ত নন্দন এজন ভাল স্বামী বা ভাল পিতৃ হ'ব কেতিয়াও নহয় আৰু হোৱাৰ যোগ্যতা নন্দনৰ নাই৷ঈশাৰ বুকুত একুৰা জুই দপদপকে জ্বলাই এতিয়া নন্দন পলায়নবাদী এজন কাপুৰুষ৷কালিৰ লৈকে ঈশা নহলে জীয়াই থাকিব নোৱাৰা,ঈশা নহলে শুৱ নোৱাৰা নন্দনৰ স্মৃতি ৰোমন্থন কৰি কান্দি কান্দি পাগল হোৱা ঈশাৰ কথা ভাবিবলৈ আজি কাৰো আহৰি নাই৷ঈশাৰ হাতত মাথো এতিয়া এটাই ৰাস্তা নন্দনৰ স্মৃতি বুকুত লৈ তাই গোটেই জীৱন পাৰ কৰিব লাগিব৷এই কম দিনতে নন্দনে তাইক যিখিনি সুখ দিলে,তাইৰ বাবে সেয়াই গোটেই জীৱনৰ সাহস৷তাইৰ বাবে নন্দনৰ মৃত্যু হলেও বা সামাজিক ভাৱে সিহঁতৰ বিয়া নহলেও সি নিজ হাতেৰে যেতিয়া তাইক আঙুঠি পিন্ধাইছে গতিকে তাই তাৰ পত্নী আৰু সেই সাহস লৈয়ে তাই গোটেই জীৱন পাৰ কৰি দিব৷নন্দনৰ মৃত্যু হলেও সি তাইৰ আত্মাত সোমাই থাকিব তাইৰ মৃত্যু পৰ্যন্ত৷নন্দনে পাহৰিলেও তাই তাক কেতিয়াও পাহৰিব নোৱাৰে তাক৷তাৰ লগত কটোৱা প্ৰতিটো মূহূৰ্তৰ স্মৃতি তাইৰ মানসপটত সজীৱ হৈ আছে৷সিহঁতৰ এই প্ৰেম স্বৰ্গীয় আৰু এই স্বৰ্গীয় প্ৰেমৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে৷তাইৰ বাবে নন্দনৰ লগত সংসাৰ কৰাৰ সপোন আছিল মৰুভূমিত মৰিচীকা বিচৰাৰ দৰে যিটো তাইৰ জীৱনত পোৱাটো কেতিয়াও সম্ভৱ নহয়৷ (সমাপ্ত)
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা তথা তিতাবৰ নিবাসী ৰিজুৱানা শইকীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Tags
# গল্প
Share This

About Social Media Journalism
গল্প
Tags:
গল্প
No comments:
Post a Comment