ঘৰুৱা বিধানেৰে দূৰ কৰক চালৰ প্ৰায় সমূহ সমস্যা: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 17, 2021

ঘৰুৱা বিধানেৰে দূৰ কৰক চালৰ প্ৰায় সমূহ সমস্যা:

 


মানুহৰ শৰীৰত আন ৰোগৰ চিকিৎসা ব্যয়তকৈ খুব সম্ভৱ গাৰ চালখনত ঘহা পিহা বা সৌন্দৰ্য্য চৰ্চাৰ খৰছ আটাইতকৈ বেচি বুলিয়েই কব লাগিব । আজিকালি গাৱে  ভুয়ে প্ৰসাধন সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় লগতে দেশী বিদেশী কিমান ধৰনৰ কোম্পানি গঢ়ি উঠিছে । 

     

কি ধনী ,কি দুখীয়া ,কি বিশ্ব সুন্দৰী ,কি কুৎচিত প্ৰত্যেকেই আমি চালৰ যতনৰ বাবে কিবা নহয় কিবা ঘহো । বতৰৰ অনুকুলেও  আমাৰ গাৰ চালৰ পৰিবৰ্তন দেখা যায় । গৰম দিনৰ লগতে শীত কালতো আমাৰ গাৰ চালৰ নানা আসোৱাহ আহি পৰে ।

    

সেয়ে শীতৰ দিনত এনে আসোৱাহত দামী দামী প্ৰসাধন বা পাৰ্শক্ৰীয়া হব পৰা সস্তীয়া বা নকল প্ৰসাধন সনাতকৈ কম মুল্যতে তথা পাৰ্শক্ৰীয়া- বিহীন ঘৰুৱা বনদৰবেৰেও যতন লব পাৰোহক ।তাৰে কিছু পদ্ধতি তলত দিয়া হ'ল ---


১। গাৰ চাল গোৰোহা আদি ফটা --- দেহত চি ভিটামিন তথা কেলচিয়ামৰ অভাৱ থকা লোকৰ গা ,ভৰি বা মুখমন্ডল ফাটে ।সেয়ে 

ক) গোলনেমুৰ ৰস দিনে ২৫ মিঃ লিঃ কৈ সদায় খোৱাৰ উপৰি গাত সানিব 

খ) কেচা হালধী দুআঙুলমানকৈ গুড়ৰ লগত সদায় খাব আৰু ৰাতি শোৱতে (বা দিনত) গাত সানিব ।

গ) বতৰৰ থলুৱা টেঙাজাতীয় ফল খাব -বিশেষকৈ কমলা বা আমলখি নিয়মিত খাব ।

ঘ) গোৰোহা ফাটিলে ছতিয়ন ,বৰগছ নাইবা আঁহত গছৰ এঠা লগাব নাইবা মাইকী গৰু পোৱালীৰ প্ৰস্ৰাৱ #গোমুত্ৰ  লগাব । দিনত দুবাৰ

ঙ) ওঠ আৰু গাল ফাটিলে গাখীৰৰ সৰ  বা মৌজোল লগাব পাৰে ।

 

২।   গাৰ চাল নিমজ কৰাবলৈ:--

ক) কেচা বাদাম ৫-৬টা আৰু অলপ কেচা হালধী এগিলাচ গাখীৰত ৰাতি তিয়াই থব । ৰাতিপুৱা তাত কিছু নাৰিকলৰ গাখীৰ মিহলাই গাত  কেইদিনমান সানিলে চাল সতেজ আৰু উজ্জল হয় ।

খ) বাদাম তেল ২চামুচ আৰু গোলাপ জল ১চামুচ মিহলাই গা মালিচ কৰিলে  শুকান চাল নিমজ আৰু মসৃন হয় ।

গ) বকফুলৰ  গুড়ি আৰু মহৰ দৈৰ মাখন মিহলি কৰি গাত ঘহিলে চাল নিমজ হয় ।

ঘ) বগা চন্দনৰ গুড়ি ,,,গাখীৰ, দৈ  আৰু হালধী মিহলাই গাত সানিলে চাল নিমজ হয় ।

ঙ) পকা  অমিতা  বা পকা কল  ফেটি মুখত বা গাত সানিলে  চাল মসৃন হয় ॥

চ)মচুৰ দাইল বতা আৰু মৌ ঘহিলেও  ভাল

ছ)সুমথিৰা টেঙাৰ বাকলিৰ গুড়া আৰু মৌ মিহলাই মুখত ঘহিলে মুখৰ সৌন্দৰ্য বাঢ়ে ।

ঝ) মাটিমাহ আৰু হালধী ঘহাতোও উত্তম ।

ঞ)ঘৃতকুমাৰী পাতৰ বিজল সানিলে চালৰ  যিকোনো সমস্যা দুৰ হয় ।


৩।কম বয়সতে চাল সোতোৰা পৰা বা গাত বলিৰেখা পৰা ----

 ক) আলুৰ বাকলি পিহি  নেমু বা কমলাৰ ৰস মিহলাই গাত সানিব।

খ) জিৰাগুৰি পানীত উতলাই ঠান্ডা হলে গাত সানিব

গ) যিকোনো পাচলি কাটোতে ওলোৱা ৰস গাত সানিলে  চালৰ সোতোৰা পৰা গুচে।

ঘ) প্ৰচুৰ পৰিমানে ৰসাল ফল খালে চালৰ সোতোৰা পৰা গুচে।

       চালৰ সকলো সমস্যাৰ বাবে যিকোনো বতৰত নিয়মিত ৩/৪লিটাৰ পানী  , আমলখি বা কেলচিয়াম আৰু ক  খ গ ভিটামিন থকা যিকোনো ৰসাল ফল খাব ॥ অধিক বনদৰৱজাতীয় পুস্তিকৰ শাক পাচলি খাব ।

      

গতিকে দামী প্ৰসাধনৰ বিপৰীতে ঘৰতে গোটাব পৰা  এনেবোৰ ব্যৱস্থাও কৰি চাওকচোন ।

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages