স্বামীৰ গৃহত এগৰাকী নিষ্পেষিত মহিলাৰ জীৱন সংগ্ৰাম: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 17, 2021

স্বামীৰ গৃহত এগৰাকী নিষ্পেষিত মহিলাৰ জীৱন সংগ্ৰাম:

 


পিন্ধনত জিন্স টি চাৰ্ট । দেখাত বগা বেছি ওখ নহয় যদি ও ভৰিৰ জোতা জোৰে ওখ কৰি তুলিছে । ছোৱালীজনী তাইৰ সন্মুখেৰে অনুৰাগৰ পিছে পিছে ভিতৰলৈ সুমাই গল । পিছে পিছে সিহঁতৰ  গাড়ীৰ ড্ৰাইভাৰজনে এটা বেগ টানি লৈ ভিতৰত থৈ গল । উপমাই নিজৰ মনতে প্ৰশ্ন কৰিলে কোন হব পাৰে এই ছোৱালীজনী । এনেতে অনুৰাগে মাকক চিঞৰি মাতিলে । 


---  মা .... মা এইফালে আহাচোন কোন আহিছে চোৱাহি ।


তাৰ মাত শুনি ও মাকে তাক নামাতিলে । কিন্তু তাৰ মুখত কোনোবা অহা বুজি শুনি তেওঁ ওলাই আহিল । দেখিলে কোনোবা  ছোৱালী এজনী তেওঁ ভালকৈ ধৰিব নোৱাৰি সিহঁতৰ কাষ পালে ।


----  তুমি .?


---  কি হল বৰমা মোক চিনি পোৱা নাই নেকি ।


---  উম .....  তুমি ভণিতা নহয় নে ?


---  হওক তেওঁ কিবা কৈ যে চিনি পালে । 


---  এ নহয় ও মাজনী, বয়স অ হয় আহিল নহয় এতিয়া চকু ও আগৰ দৰে নাই তাতে তুমি সম্পূৰ্ণ বেলেগ হলা সেই কাৰণে ধৰিব পৰা নাছিলোঁ । ভালে আছা নহয় মা । 


---  মোৰ ভালে বৰমা, আপুনি ভালে আছে নহয় ।


---  মোৰ নো ভাল বেয়া বুলি কি আছে আছো দিয়া । তোমাৰ ঘৰত সকলো ভালে আছে নে । পিছে ইমান বছৰৰ পিছত তুমি আজি এনেকৈ হঠাৎ যে । 


---  আ...মই আচলতে কলিকতাৰ পৰা অহা বহু দিনে হল । এতিয়া  গুৱাহাটীতে থাকো ।  অনুৰাগক প্ৰায়ে লগ পাই থাকো । to আজি আপোনাক ও লগ পাব মন গল সেই কাৰণে গুচি আহিলো । 


---  মা এইজনী কথা চোৱা চোন, গুৱাহাটীত আমাৰ ইমান ডাঙৰ ঘৰটো  থাকোতে কিয় নো ভাড়াঘৰত থাকিব লাগে মই কৈছোঁ আজিৰ পৰা আমাৰ ইয়াতে থাকিব । আমাৰ ঘৰত তো  আমি তিনি জনহে মানুহ তাই থাকিলে আমাৰ ও ভাল লাগিব । নে কি কোৱা তুমি ।


---  অ.... অ..  


কওঁ নকওঁ কৈ কথাকেইটা কৈ তেওঁ দূৰত ৰৈ থকা উপমাৰ মুখৰ ফালে চালে । এটা হাঁহি মাৰি তেওঁ উপমাক মাত লগালে ।


---  মাজনী তাত কি কৰি আছা এইফালে আহাচোন ।


মাকে মতাৰ কাৰণে তাই লাহে লাহে সিহঁতৰ কাষ পালে । মাকে এইবাৰ ভণিতাৰ ফালে চাই কলে । 


---  ভণিতা এইজনী এ আমাৰ ঘৰৰ লখিমী বোৱাৰী জনী । অনুৰাগৰ অৰ্ধাঙ্গিনী উপমা ।


---  অ......


---  মাজনী এয়া আমাৰ গাঁওৰে  (গোলাঘাটৰ ) ছোৱালী । আমাৰ ঘৰ আৰু ইহঁতৰ ঘৰ প্ৰায় একেলগে । তুমি তাত যোৱা নাই নহয় সেই কাৰণে চিনি নাপাবা দিয়া । কলিকতাত এ পঢ়ি শুনি একেবাৰে তাত এ চাকৰি ও কৰি কলিকতাৰ এ হয় গৈছিল । 


---  অ...  এতিয়া পিছে গুৱাহাটীতিৰ কত জব কৰা তুমি । 


---  অনুৰাগৰ লগত বুলি কলে ও ভুল নহয় । 


---  অঃ হ..... ঠিক আছে দিয়া তোমালোকে কথা পতা মই চাহ বনাও । 


---  নাই নালাগে আমি আহোতে কফি খাই এ আহিছো । মোৰ আচলতে ফ্ৰেছ হবহে মন গৈছে । 


তাইৰ কথা শুনি মাকে কলে ।


---  মাজনী যোৱা ভণিতাক লৈ যোৱা ওপৰলৈ । 


---  আহা ...


---  আ... মোৰ বেগটোও লৈ আহাচোন । 


ভণিতাৰ উপমাক কৰা ব্যৱহাৰবোৰ মাকৰ অলপ ও ভাল নালাগিল । চিনাকি কৰি দিয়াত ও তেওঁৰ এনে লাগিল যেন ভণিতাই উপমাক ভালপোৱা নাই । আৰু এতিয়া ও ঘৰৰ কামকৰা মানুহৰ দৰে তাইৰ নিজৰ বেগটো এনেকৈ উপমাক নিব দিয়াটো জানো উচিত হৈছে । তাইটো নিজে ও লৈ যাব পাৰিলে হয় । কথাবোৰ ভাবি তেওঁৰ অনুৰাগৰ ওপৰতে খং উঠিল । তথাপিও আলহী বুলি একো নকলে তেওঁ । একেই ভাব উপমাৰ মনত ও হৈছে । তাইৰ এনে লাগিছে যেন তাইক ভণিতাই আগৰ পৰাই চিনি পায় । কথাবোৰ ভাবি তাই ভণিতাক ওপৰলৈ । ৰুমটো দেখুৱাই দি বেগটো থয় তাই ওলাই আহিব খোজাতে ভণিতাই মাত লগালে ।


---  তোমাক অনুৰাগে নামাতে নেকি । কিবা লাগি আছে নেকি তোমালোকৰ মাজত ।


হঠাতে এনেকুৱা এটা প্ৰশ্নৰ সন্মুখীন হবলৈ উপমা প্ৰস্তুত নাছিল তাইৰ কথাত অলপ থতমত খালে তাই । নিজকে যিমান পাৰে সহজ কৰি তাইৰ ফালে ঘূৰি লৈ হাঁহি এটা মাৰি কলে । 


---  নাইটো, তেনেকুৱা একো নাই । 


---   নাই যদি ভালে দিয়া অহাৰ পৰা তোমাক মতা দেখা নাই সেই কাৰণে কলো ।


---  অ...  না... নাই, মানে কিবা টেনশ্যনত আছে চাগে । মই আহিছা তুমি ফ্ৰেছ হোৱা ।


লৰালৰি কৈ তাই ৰূমটোৰ পৰা ওলাই গল । কি বুজাব বিচাৰিছে বাৰু ভণিতাই । তাইৰ কিয় এনে লাগি আছে ভণিতাই যেন তাইৰ বিষয়ে সকলো কথাই জানে । নাই তাই ভণিতাৰ বিষয়ে সবিশেষ জানিব লাগিব । তাইৰ মনটোৱে বাৰে বাৰে কৈ আছে কিবা এটা উদেশ্য লৈ হে যেন ভণিতা সিহঁতৰ ঘৰত আহিছে । লাহে লাহে তাই নিজৰ ৰূমৰ ফালে আগবাঢ়িল । ৰুমত সুমাই তাই অনুৰাগক চালে । আপোন মনে লেপটোপত কিবা কৰি আছে । ভণিতাৰ বিষয়ে সুধিব বুলি ভাবি ও তাই ৰয় গল ।আকৌ যদি যোৱাৰাতিৰ দৰে হব হয় । তেতিয়া আলহী ছোৱালীজনীৰ তাই বহুত লাজ পাব । একো নকয় তাই ওলাই আহিব লওঁতেই অনুৰাগে মাত লগালে ।


---  উপা....


হা....  লগালগ তাইৰ মুখত এটা হাঁহি বিৰিঙি উঠিল । হওক তেওঁ সি যে তাইক ভালকৈ মাতিলে । তাই তাৰ মুখৰ ফালে চালে । সি পুনৰ কলে ।


---  মই এটা কথা ভাবিছোঁ ।


---  কি  কি কথা ।


---  মই আচলতে বহুত আশান্তিত আছিলোঁ । তাৰ কাৰণে মই কি কৰোঁ কি নকৰোঁ নিজে একো ভাবি পোৱা নাছিলোঁ । তোমাৰ ওপৰত হাত উঠাব নালাগিছিল । বেয়া পায় নাথাকিবা ।


---  নাই ও মই তোমাক অলপ ও বেয়া পায় থকা নাই । তুমি যে মোক মাতিছা সেইটোৱে মোৰ কাৰণে বহুত ।


---   ভালকথা বেয়াপাই থকা নাই যদি । কিন্তু মই ভাবিছোঁ আমি আৰু এনেকৈ এটা মিছা সম্পৰ্কত বান্ধ খাই থকাটো উচিত নহব । 


---  মানে কি কব বিচাৰিছা তুমি । 


---  চোৱা আমাৰ সম্বন্ধতো মিছাতে আৰম্ভ হৈছিল ।এনেকুৱা এটা সম্পৰ্ক কেতিয়াও সঁচাৰে বান্ধ নাখায় গতিকে আমাৰ এই সম্পৰ্কটো ইমানতে শেষ কৰি দিয়াই ভাল হব । তুমি ও ভবিষ্যতে সুখী হব পাৰিবা আৰু মই ও । মই তোমাক কোনোদিনে পত্নীৰ মৰ্য্যদা দিব নোৱাৰিম । মই ডিভোৰ্চ পেপাৰ ৰেডি কৰিছো । অতি সোনকালে আইনী কামখিনি শেষ কৰি তোমাক মুক্ত কৰি দিম ।


---   তুমি এইবোৰ কি কৈছা অনুৰাগ । কত যাম মই তোমালোকৰ এৰি । মোক ইমান ডাঙৰ শাস্তি নিদিবা প্লিজ । লাগিলে তুমি মোক আৰু মাৰা কিন্তু মোক অকলশৰীয়া নকৰিবা । 


উচুপি উঠিল উপমা । সি পুনৰ কলে ।


---  চোৱা মই বহুত ভাবি এই সিদ্ধান্ত লৈছো । ভালকৈ কৈছো তোমাক মোক আৰু উগ্ৰ হবলৈ বাধ্য নকৰিবা । 


কথাখিনি কৈ সি ৰূমৰ পৰা ওলাই গল । ঠাইতে ঠিয় হৈ থাকিল উপমা । কি ভাবিছিল তাই আৰু কি হয় গল । কত যাব তাই অনুৰাগৰ পৰা ডিভোৰ্চ লৈ ।  তাইৰ নিজৰ মাক দেউতাকৰ চকুত ও তাই আজি অপৰাধী । কোন আছে তাইৰ কাষত আপোন বুলিবলৈ । কথাবোৰ ভাবি তাইৰ বিচনাত বহি পৰিল । নাই তাই এনেকৈ হাৰি যাব নোৱাৰে অনুৰাগৰ জীৱনৰ পৰা গুচি গলে ও তাই তাইৰ নিৰ্দোষীতাৰ প্ৰমাণ দি হে যাব । চকুপানী মুচি তাই ভাবিলে তাই এনেকৈ ভাগি পৰিলে নহব । তাই মাকক সকলো কথা খুলি কব আৰু ভণিতাৰ বিষয়ে সুধিব ভালকৈ । তাই লৰালৰিকৈ মাকৰ কাষলৈ বুলি ওলাই আহিল ।


নিজকে ফ্ৰেছ কৰি ভণিতাই বিচনাত বহিছিল হে মাথো এনেতে তাইৰ ফোনটো বাজি উঠিল । তাই লৰালৰিকৈ  ইফালে সিফালে চাই দৰ্জাখন বন্ধ কৰি লৈ ফোনটো ফোনটো ৰিচিভ কৰিলে ।


---  তুমি এনেকৈ কিয় ফোন কৰিছা এইটো সময়ত । মই তোমাক কৈছিলোঁ নে মই অনুৰাগৰ ঘৰত অহা বুলি ।


----- ##############


---  আ .  হা .. তুমি তোমাৰ টকা পাই যাবা । মোক যেতিয়াই তেতিয়াই  এনেকৈ ফোন কৰি নাথাকিবা বুজিছা ।


---- ##########


---  মোক তুমি ভয় দেখুৱাইছা নেকি । কি ভাবিছা তুমি মোক ফচাই দি তুমি ও শাৰি যাম বুলি নাভাবিবা । মই কেনেবাকৈ ধৰা পৰি গলে তুমি ও বাছি যাম বুলি নাভাবিবা । 


কথা কৈ কৈয়ে তাই ঘূৰি দিলে । সন্মুখত ভূত দেখাৰ দৰে উচপ খাই চকু দুটা ডাঙৰ হৈ আহিল তাইৰ ।

অনুৰাগ...................


(  ভণিতাই বাৰু কাৰ লগত এনেকৈ কথা পাতি আছিল । কোন আছিল বাৰু ফোনটো সিটো মূৰত ?  অনুৰাগে তাইৰ কথাবোৰ শুনিলে নেকি ?   জানিবলৈ অপেক্ষা কৰক অহা খণ্ডলৈ )  আগলৈ...........

 (ধাৰাবাহিক খনৰ ক'ভাৰত -  সিমশ্ৰী শইকীয়া,আপোনাৰো ছবি আমাৰ গল্প,উপন্যাস,কবিতা আদিৰ ক'ভাৰত প্ৰকাশ কৰিব বিছাৰে নেকি? অধিক জানিবলৈ এই লিংকত ক্লিক কৰক www.ছবি প্ৰকাশ.in )

বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages