গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত 'শিল্পী দিৱস' উদযাপন: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 17, 2021

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত 'শিল্পী দিৱস' উদযাপন:


আজি শিল্পী দিৱস উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজি ২০২১ বৰ্ষৰ 'শিল্পী দিৱস' আৰু শিল্পী বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়।এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট সংগীত শিল্পীদ্বয় ইন্দ্ৰেশ্বৰ পেগু আৰু নমিতা ভট্টাচাৰ্যক ২০২১ বৰ্ষৰ সন্মানীয় শিল্পী বঁটাৰে সন্মানিত কৰে।


আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, গ্ৰামোন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলে,অসম চৰকাৰৰ কৃষি আৰু পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন স্থানীয় বিধায়িকা অজন্তা নেওঁগ ,খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ,দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন ভড়ালীকে প্ৰমুখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Advertisement

Pages