ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়: - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Tuesday, December 29, 2020

demo-image

ৰহস্যৰে ভৰা এহাল দম্পতীৰ কলংকিত অধ্যায়:

PicsArt_12-29-01.37.04

( ৰিয়ানৰ জেইল হব নেকি ?হত্যাকাৰীৰ পৰিচয় ওলাব নে ? )


girl-1733352_640
লগে লগে এটা জীৱন্ত শৰীৰ মাটিত বাগৰি পৰিলে | তাইৰ বগা দোপাট্রা খন তেজেৰে ৰঙা হৈ পৰিলে | তাই যন্ত্রনাত আৰ্তনাদ কৰিলে | মানুহ বোৰ বহু দূৰলৈ দৌৰি গ'ল | ৰিয়ানে স্পষ্ট দেখিছিল সেইজনী কল্যানী |

            কল্যানী মানে মোহন কাইটিৰ জিয়েক | যিজনী ছোৱালীৰ এডমিচন কাৰনে ৰিয়ান আৰু দেউতাকে সহায় কৰিছিল | তাৰ হিয়া খন ভাগি গৈছিল তাইৰ যন্ত্রনাকাতৰ চিঞৰ শুনি | সি যিমান পাৰে সিমান জোৰত পুলিছ ৰ হাতৰ পৰা মুক্ত হৈ কল্যানীৰ কাষলৈ দৌৰিছিল | 

- কল্যানী ! 

তাই তেজেৰে ৰাঙলী হোৱা হাত খনৰে ৰিয়ানক কাষলৈ মাতিছিলে | তাই বুজাই দিছিলে মোক বচোৱা ৰিয়ান দা |

   সি তাইৰ মূৰটো তাৰ কোচত তুলি লৈছিল | পিছে পিছে তাৰ পুলিছ অফিচাৰ জন |

তাই কেকাই গেঠাই কৈছিলে 

- ছাৰ ৰিয়ান দা হত্যাকাৰী নহয় !

- তুমি কেনেকে জানিলা ! 

- ছাৰ এইবোৰ পিছটো হব | আপুনি আগতে তাইক মেডিকেলত নিয়াৰ ব্যৱস্থা কৰক | প্লীজ ছাৰ প্লীজ

- ৰিয়ান দা মই আৰু বেছি সময় জীয়াই নাথাকো | গুলিয়ে মোৰ বুকুত আঘাট কৰিছে | মোৰ উশাহ বোৰ ছুটি হৈ আহিছে |

- নাই নাই কল্যানী তুমি মোৰ ভন্টিৰ দৰে আছিলা |

- সেই কাৰনে দাদাৰ ন্যায়ৰ কাৰনে মই অকলে ওলাই আহিছিলো | আৰু ভগবান ইমানে নিষ্ঠুৰ যে গুলিটো অকল মোৰ তাত লাগিলে | আ,,,,হ ! আ,,হ বৰ কষ্ট পাইছো ৰিয়ান দা |

- কল্যানী মোৰ কাৰনে তুমি ও !

- ছাৰ ! এজন মানুহ গৈ মোৰ মদাহী দেউতাক মদ খোৱা পইচাঁ দি কৈছিল | তই ৰিয়ান হত্যাকাৰী বুলি পুলিছৰ সন্মুখত প্রমান দিব লাগিব | আৰু মোৰ দেউতাই সিহতৰ পৰা পইচাঁ লৈছিল আৰু থানাত সাক্ষী দিছিলে | আ,,,হ

- কল্যানী !

ৰিয়ানে তাইৰ মূৰটোত হাত ফুৰাই দিছিলে | তাই ও শেষ সময় কনত ৰিয়ানৰ কোচত মূৰ থৈ বৰ শান্তি পাইছিল |

- হোৱাট তুমি মানুহ জন চিনি পোৱা 

horror-4217529_640
- নাই নাপাওঁ,,,,, আহ,,,,,, মই আৰু নোৱাৰো ৰিয়ান দা ! আহ

তাই তেজৰ হাত খনৰে ৰিয়ানৰ কপালত এটা ফোট আকি দিলে |

- এয়া তোমাৰ শাহসৰ প্রতিক ! আ,,,,,স  এয়া তোমাৰ ভন্টিৰ তেজৰ ফাকু ! তোমাৰ এদিন বিজয় হবই ,,,, মই তোমাৰ আৰু বৰতা সহায় সদায় মনত ৰাখিছিলো !  আ,,,,,,আ ,,, ৰি,,,,,,,,য়া,,,,,,,,,,

তাই চটফটাইছিল ! 

- কল্যানী !

- ম,,,,,,ই,,,,,,,,, আ,,,,,,,,/p>


             সকলো শেষ হৈ গ'ল | মৃত্যুয়ে যেন এতিয়া সকলোকে হাত বাউলি মাতিছে |  এজনী নিৰপৰাধী ছোৱালী গুছি গ'ল |

সি তাইক বুকুত সাৱতি ধৰিছিল | তাৰ বাবে আজি আকৌ এজনী ছোৱালীৰ মৃত্যু | তাৰ একমাত্র ন্যায়ৰ সপক্ষে অহা ছোৱালী জনী ও গুছি গ'ল |

- কিয় আহিছিলা তুমি ! কিয়,,,,,কিয় গুছি গ'লা তুমি ? 

- ৰিয়ান আই এম চৰি ! মই ও দুখ পালো আজি | মোৰ এজনী ছোৱালী আছে তাই ও যদি,,,,,

কঠোৰ অফিচাৰ জনে আজি কান্দিছে ! 

- হাজৰিকা , কেচ বেলেগ ফালে গতি কৰিলে | তাইক ! প'ষ্ট মৰ্টেম ৰ কাৰনে নিব লাগে |

তেনেতে ৰিয়ানে দেখিলে তাই হাত ভৰি বোৰ লৰচৰ কৰিছে ! সি আনন্দতে চিঞৰি দিলে | তাৰ মুখৰ পৰা অজানিতে হাঁহি এটা ওলাই আহিল ইমান দিনৰ পিছত |

- ছাৰ কল্যানী জীয়াই আছে ছাৰ তাইক মেডিকেলত লৈ বলক ছাৰ | তাই জীয়াই আছে ছাৰ |

- হাজৰিকা গাড়ী ৰেডি কৰা |

rain-316579_640
আকাশৰ পৰা ধুমুহা গাজনিৰে হঠাত বৰষু্ণ নামি আহিলে | এজাক ডাঙৰ বৰষুণ | সেই বৰষুণত ৰিয়ানে কল্যানীক সাৱতি লৈ থাকিলে |তাইৰ তেজ বোৰ বৰষুণৰ পানীত মিহলি হৈ গ'ল | যেন ৰিয়ানৰ জীৱনৰ অভিশপ্ত কলংক বোৰ আজি মছা যাৱ |

- আহ,,, উফ ! মা

তাই যন্ত্রনাত চিঞৰিছিলে |

- কল্যানী তুমি ভাল হৈ যাবা দে,,,,,


             এনেকৈয়ে ভাগেনে সপোন

               এনেকৈয়ে ছিগে নে বান্ধোন

              কোনে কব মোক আজি

               গোপনে গোপনে আহি

             কোনে কব বাৰু কোন মোৰ আপোন 

           শেষত তাইক গাড়ীত উঠোৱা হ'ল  | 

- হাজৰিকা, ৰিয়ান ৰ হেণ্ডকাফ খুলি দিয়া |

অফিচাৰৰ নিৰ্দেশ |

- কি ! ছাৰ ?

- মই কিবা এটা ৰহস্যৰ গোন্ধ পাইছো | এতিয়া যোৱা তাইক মেডিকেলত ভৰ্ত্তি কৰা ,মই গৈ আছো |


        গাড়ী চলি গ'ল | ৰিয়ানে বাৰে বাৰে তাইৰ মুখ খনলৈ চালে ! সি মনতে ক'লে " তই মোৰ কোনোবা জনমৰ বৰ আপোন আছিলি অ "  ! সত্যৰ সদায় জয় ! হয়টো বিজয় হবলৈ কিছু সময় লাগিব | তাইৰ কষ্ট দেখি সি ভাগি পৰিছে | সি ভগবানক অনুৰোধ জনাইছে " তাইক ভাল কৰা | ভগবান " |


           কল্যানীক মেডিকেলত ভৰ্ত্তি কৰা হ'ল | সকলোৱে বহুত বেছি চিন্তাত আছিলে |

clinic-1807543_640
কিন্তু ডাক্তৰৰ আপ্রান চেষ্টাত অপাৰেচনৰ অন্তত তাইৰ বুকুৰ পৰা গুলি বাহিৰ কৰিলে | তেনেতে ৰিয়ানৰ মাক সোমাই আহিলে |

- বাবা কল্যানী ক'ত আছে ?

- মা তাই শুই আছে ! 

মাকে তাৰ গাল দুখনত আলফুলাই ক'লে |

- তাই মোৰে ছোৱালী আছিলে অ ! কিবা ভুল বশত হে মোহনৰ সন্তান হ'ল |

মাকে ভিতৰলৈ সোমাই গ'ল | আজি মেডিকেলত থাকিলেওঁ ৰিয়ানৰ মনটো কিবা ফৰকাল লাগিলে ! যেন সি আজি মুক্ত বিহংগ |


           তেনেতে মেডিকেলত সোমাই আহিল মোহন,আহিয়ে ৰিয়ানৰ সন্মুখা সন্মুখী হ'ল |

- ৰিয়ান মোৰ আইজনী ক'ত আছে ?

- কোন আইজনী ?

- কল্যানী ?

- তাই এতিয়া মোৰ ভন্টি | গতিকে তাইক লগ কৰা ৰ অধিকাৰ তোমাৰ নিচিনা এজন মদাহীৰ নাই |

- নাই নাই ৰিয়ান ! মই আৰু ভুল নকৰো মোক ক্ষমা কৰ ! 

police-2122394_640
- ক্ষমা ! মই নহয় পুলিছে কৰিব |

লগে লগে মেডিকেলত থকা চিপাহীয়ে মোহনক গ্রেপ্তাৰ কৰিলে | 


           কাৰায়ত্ত হ'ল অপৰাধী নং এক |


মোহনক লৈ পুলিছৰ সৈতে থানালৈ ৰিয়ান ও আহিলে | ৰিয়ানৰ মাকে কল্যানীৰ কাষত থাকিলে |

মোহনে ভয়তে কপিছিলে,সি বুজি পাইছিলে যে টকাৰ লোভত সি কিমান ডাঙৰ ভুল কৰিছে |  তাক লকআপত ভৰাই থোৱা হ'ল |

- ৰিয়ান ?

অফিচাৰ জনে ৰিয়ানক মাতিছিলে |

- হয় কওঁক ছাৰ |

- তুমি এতিয়া ঘৰত যাৱ পাৰা,প্রয়োজন হ'লে মই মাতি পঠিয়াম তুমি আহিবা | কিন্তু শুনা অপৰাধী অতিশিঘ্রে ধৰা পৰিব |

- ঠিক আছে ছাৰ ! আহো,,,,,

তেনেতে মোহনে মানৱ পিঞ্জৰাৰ ভিতৰৰ পৰা চিঞৰিছিল |

- ৰিয়ান  মোক ক্ষমা কৰ,মোৰ ভুল হৈছে |

- মই আগতে কৈছো মোহন কাই ভুলৰ শাস্তি তুমি পাব লাগিব |

- নাই নাই !


          আজি বহুদিনৰ মূৰত ৰিয়ানে মুক্ত মনে থানাৰ পৰা ওলাই আহিলে |


- চিপাহী তাক লৈ আনা |

অফিচাৰৰ নিৰ্দেশ মৰ্মে ! মোহনক লকআপৰ পৰা উলিয়াই অনা হ'ল |


   মোহন আছিলে সাধাৰনতে এজন ৰিক্সাচালক | কিন্তু ৰিয়ান হতৰ ঘৰ খনৰ লগত তাৰ এটা ভাৱ সম্পৰ্ক আছিলে | গতিকে সি মিছাক সঁচা কৰিব আহিছিল মাত্র কেইটা মান পইচাঁৰ লোভত |

অফিচাৰ ৰ ৰুদ্র মুৰ্ত্তি দখি সি থক থক কৈ কপিছিল | অফিচাৰ জনে হাতত লাঠি দাল লৈছিল | 

- তই ক' ৰিয়ানৰ বিপক্ষে তই যিমান খিনি কথা কৈছিলি সেইবোৰ সঁচা নে ?

- অ অ,,,,

- কি !

man-70442_640
অফিচাৰৰ ৰঙা চকু দেখি তাৰ বুকু খন ধক্ ধক্ কপিছিল |

- নাই নাই মিছা ছাৰ ! সকলো মিছা |

- কি ,তই,,,

অফিচাৰ জনে লাঠি দাল ডাঙিছিল ! 

- নাই নাই ছাৰ নামাৰিব | মই সকলো কম |

- ক'

- মই পইচাঁৰ লোভত সকলো মিছাক সঁচা কৰিছিলো |

- কিমান পইচাঁ লৈছিলি ?

- পাচ হাজাৰ |

- মাত্র পাচ হাজাৰৰ বাবে এজন মানুহক জেইলৰ ভাত খুৱাব বিচাৰিছিলি ? কি কৰিলি পইচাঁ ? নাই নাই,,,

- ভালকে ক'

- মদ খালো ছাৰ !

- বাহঃ তোৰ দেখোন সকলো ভাল স্বভাৱ |ক'  পইচাঁ কোনে দিছিলে ?

- মই ,মই

- ক'

- মই মানুহ জনক চিনি নাপাওঁ ছাৰ |

- ক' বুলি কৈছো

- সঁচা ছাৰ !মই চিনি নাপাওঁ

- হাজৰিকা গৰম তেল লৈ আনা ইয়াক গৰম তেল ধালিম |

- নাই নাই ছাৰ মই ভৰিত ধৰিছো  !কম ছাৰ

- তেন্তে ক'

- সিহতে মোক মাৰি পেলাৱ !

- ময়ো যে তোক গুলিয়াই মাৰি পেলাম 

- নাই নাই ছাৰ কম কম ! সেইজন অইন কোনো নহয় !

- কোন হয়

- সেইজন !

- ক'

- সেইজন,,,,,,,,,,,

digitization-3614387_640

                         ক্ৰমশ |||

প্ৰথমখণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক- https://www.smj24.in/2020/12/blog-post_789.html


দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_504.html


তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_491.html


চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_986.html


পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_557.html


ষষ্ঠ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

https://www.smj24.in/2020/12/blog-post_577.html




PhotoGrid_1593401714797
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

Advertisement

Pages