এইজনেই আছিল আমাৰ জুবিনদা― ভগৱানৰ দূত : Zubeen Garg - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 6, 2025

এইজনেই আছিল আমাৰ জুবিনদা― ভগৱানৰ দূত : Zubeen Garg

Zubeen Garg


দাদাই মনিষাৰ হাতত চাৰে পাঁচ লাখ টকা তুলি দিলে।

মাকে কিডনি দান কৰিলে।

ভগৱানৰ দূত জুবিন গাৰ্গ

আজিৰ পৰা পোন্ধৰ বছৰমান আগৰ কথা। ধেমাজিৰ চুনু গুৰুং নামৰ ছাত্ৰ এজনৰ কিডনি বিকল হৈছিল। চিকিৎসকে কিডনি ট্ৰেন্সপ্লেণ্ট কৰিবলৈ পৰামৰ্শ দিছে, অন্যথা ল'ৰাজনক বচাব পৰা নাযাব।( Zubeen Garg )

কিন্তু তেওঁলোকৰ ঘৰৰ অৱস্থা ইমানেই শোচনীয় যে কিডনি ট্ৰেন্সপ্লেণ্ট কৰাতো বহুদূৰ, সাধাৰণ ঔষধ কেইটামান কিনিবলৈও অপাৰগ। দিনহাজিৰা কৰি কোনোমতে পৰিয়ালটো চলি আছে। 

উপায়ন্তৰ হৈ ল'ৰাজনক লৈ মাক মনিষা মিলি গুৰুং উপস্থিত হ'লগৈ দুখীয়াৰ বন্ধু জুবিনদাৰ ঘৰত। দাদাৰ আগত কথাখিনি বিবৰি ক'লে।

এটা তজবজীয়া ডেকা ল'ৰা জীৱন-মৰণৰ সন্ধিক্ষণত উপস্থিত হৈছে আৰু দাদাই কি চাই থাকিব? কোনোবাই পাৰিলেও জুবিনদাই নোৱাৰে। দাদাই মনিষাৰ হাতত চাৰে পাঁচ লাখ টকা তুলি দিলে।

মাকে কিডনি দান কৰিলে। চুনুৰ কিডনি ট্ৰেন্সপ্লেণ্ট হৈ গ'ল। কিছুদিন পিছত সুস্থ হৈ উঠিল। এতিয়া সি দিল্লী বিশ্ববিদ্যালয়ত LLB পঢ়ি আছে।

দিনহাজিৰা কৰি খোৱা মনিষা মিলি গুৰুং বৰ্তমান GMCH-ত চিকিৎসাধীন হৈ আছে। কালি (১৯/১০/২৫) তাৰিখে জুবিনদাৰ মাহিলী উপলক্ষে RaindropsInitiativeAssam-এ GMCH-ৰ ৰোগীক খাদ্য বিতৰণ কৰি আছিল। তাতে কেনেবাকৈ জুবিন গাৰ্গৰ নামটো শুনি মনিষা আগুৱাই আহিল বিশিষ্ট সমাজসেৱী আবিদ আজাদৰ কাষলৈ।

আজাদ ডাঙৰীয়াৰ আগত কান্দি কান্দি তেওঁ এটাই দাবী কৰিলে― জুবিন গাৰ্গ আকৌ জন্ম লাগিব। নহ'লে আমাৰ দৰে মানুহক কোনে সহায় কৰিব! এইবাৰ মই বেমাৰত পৰিছোঁ। জুবিন গাৰ্গ থকা হ'লে মোকো চিকিৎসা কৰিলে হয়। 'আজি জুবিন গাৰ্গ নাই, মোক কোনে চাব?' বুলি মানুহজনীয়ে হুকহুকাই কান্দি দিলে।

এইজনেই আছিল আমাৰ জুবিনদা― ভগৱানৰ দূত। কেতিয়া কাক ক'ত কিমান সহায় কৰি থৈছিল হিচাপ নাই।( Zubeen Garg )

লেখকঃ মুনিন্দ্ৰ বৈশ্য,ওদালগুৰি


শেষত যদি গম পাওঁ কফিনৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা দেমী চৰিত্ৰ এটাহে আহিছিল।


**আচল জীৱন্ত #জুবিন ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনাহে অসম পাবহি।.....


ৰৈ ৰৈ বিনালেৰ প্ৰমোচন চোৱাৰ পিছত,

*এনেকুৱা লাগিছে যোৱা এমাহে আমি কান্দি থকাৰ কাৰণটো একেবাৰেই অনর্থক আছিল যেন।


**#মৃত্যুৰ দৰে কথা এটাত আমি যিমান মর্মাহত হ'লো আন কিছুমান মানুহে বিষয়টো বৰ গভীৰকৈ যেন লোৱাই নাই।


আছলতে আমি সাধাৰণ মানুহ খিনিক বাদদি ঘটনাৰ লগত জৰিত সকলে যেন কথাটো গম পাই।


**এখন চিনেমাৰ #প্ৰমোচনৰ বাবেহে যেন এই গোটেই নাটক খন কৰি আছে।

নাটকৰ লগত সমগ্ৰ পৃথিৱীক সাঙুৰি লোৱা হ'ল।


**নহ'লে কেনেকৈ কোনোবাই ক'ব পাৰিলে এচ আই টিৰ #ৰিজাল্টত যি ওলাব সেয়া আমি ভাৱি থকাত কৈ বেলেগ।


**কেনেকৈ পাৰিছে কেমেৰাৰ আগত হাঁহি হাঁহি বাইট দিব?


**মৃত্যুৰ সময়ৰ একো ভিদিঅ আমি চাবলে পোৱা নাই।

**পানীত ওপঙি থকাটোৰ পাছত এটাও ভিদিও নাই কিয়?


***শেষত যদি গম পাওঁ কফিনৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা দেমী চৰিত্ৰ এটাহে আহিছিল।


**আচল জীৱন্ত #জুবিন ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনাহে অসম পাবহি।


এনেকুৱা হ'লে কি কৰিম বাৰু আমি বোৰে?


আকৌ পোৱাৰ সুখতে চিঞৰি চিঞৰি কান্দিমেই আমি।


জুৰী গোস্বামী 

গুৱাহাটী

#JusticeForZubeenGarg

Zubeen Garg )


No comments:

Post a Comment

Advertisement

Pages