#শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ_পাঁচালী( Religious Studies )
জয় নমো নাৰায়ণ জয় বাসুদেৱ ।
দণ্ডবতে চৰণে পৰিয়া কৰো সেৱ ।।
কৰোযোৰে প্ৰণামোহো যত দেৱগণ ।
প্ৰণামোহো আদিগুৰু পিতৃ-মাতৃৰ চৰণ ।।
সৰস্বতী মাতৃক শত নমস্কাৰ কৰো ।
ঐশ্বৰ্য্যৰ আই লক্ষ্মীৰ চৰণত ধৰো ।।
পাঁচালী প্ৰৱন্ধে কৰিবো ব্যাখ্যান ।
লক্ষ্মীহৰি সংবাদ শুনিও সাৱধান ।।
বসন্ত পূৰ্ণিমা ৰাতি হই লা প্ৰকাশ ।
চন্দ্ৰৰ কিৰণে ভাহে নিৰ্ম্মল আকাশ ।।
মন্দমন্দ বৈ আছে মলয় পবন ।
সুশীতল হৈ আছে এই ত্ৰিভুৱন ।।
এহেন বসন্তকালে বৈকুণ্ঠ ভুৱনে ।
লক্ষ্মীনাৰায়ণ আছে বহি সিংহাসনে ।।
কহে লক্ষ্মীদেৱী প্ৰতি তৱে নাৰায়ণ ।
কমল নয়নী দেৱী শুনা আমাৰ বচন ।।
সৰ্ব্বলোকে কহা তুমি সৌভাগ্য দায়িনী ।
সেহি হেতু তুৱা নাম ত্ৰিলোক পাৱনী ।।
জগতৰ হেতু মোৰ ব্যাকুলিত মন ।
ক্ষুধা দুখ শোকে চিন্তে মৰ্ত্তবাসীগন ।।
সম্পদ ৰূপিণী তুমি নাৰায়ণী ।
দয়া কৰি ৰক্ষা কৰা এহিসে ধৰণী ।।
মোহৰ সৃজিত এই যত চৰাচৰ ।
অন্নাভাৱে মৰে সবে দুখ লাগে বৰ ।।
এতেকে কহিলা যেবে দেৱ নাৰায়ণ ।
ধীৰে ধীৰে লক্ষ্মী দেৱী বুলিলা বচন ।।
সদা মইী দুঃখী মৰ্ত্তবাসীৰ কাৰণ ।
কোৱা প্ৰভু কি ভবে কৰো দুঃখ নিবাৰণ ।।
অনাচাৰ পূৰ্ণ হইবলা সকল ভূৱন ।
নিজ কৰ্ম্ম ফলে পায় দুঃখ নৰনাৰীগণ ।।
পাপপূৰ্ণ হৈ আছে সমস্ত ধৰণী ।
মৰ্ত্তবাসী পাই দুঃখ আপোনা আপুনি ।।
লক্ষ্মীৰ বচন শুনি দেৱ চক্ৰপাণি ।
বিষাদিত মনে কহে সকৰুণ বাণী ।।
কোৱা দেৱী সত্য কৰি স্বৰূপ কথন ।
কি কৰিলে সুখী হ’ব মৰ্ত্তবীসীগণ ।।
কোৱা দেৱী মোৰ আগে সৱ বিৱৰণ ।
কোন স্থানে হোৱয় তোমাৰ আগমন ।।
এহি সময়ত নাৰদ আহি ভৈলা উপস্থিত ।
যথাতে আছে নাৰায়ণ লক্ষ্মীৰ সহিত ।।
নাৰদে বোলন্ত শুনা জগতৰ আই ।
কি কাৰণে মৰ্ত্তবাসী বৰ দুঃখ পাইলা ।।
অনাচাৰ পূৰ্ণ হৈ আছে সমগ্ৰ ধৰণী ।
সেহি হেতু দুঃখ পায় মৰ্ত্ত্যবাসী নৰনাৰী ।।
যিবামতে হৈব শান্তি এহি সে ধৰাত ।
কহোঁ মই সেই কথা দুয়োৰে আগত ।।
অহংকাৰ পূৰ্ণ সব নৰনাৰীগণ ।
অনাচাৰে থাকে ৰত সদা সৰ্ব্বক্ষণ ।।
কদাপিতো নমানয় শাস্ত্ৰৰ বিচাৰ ।
নিজ ধৰ্ম্ম মাথোঁ কৰিছে পৰিহাৰ ।।
পতি প্ৰতি শ্ৰদ্ধা নকৰয় নাৰীগণ ।
নকৰয় কোন দিনে দেৱতা পূজন ।।
সন্ধ্যা কালে প্ৰদীপ নিদয়য় ঘৰে ।
দেৱদ্বিজে ভক্তি নাই অলপো অন্তৰে ।।
লক্ষ্মীদেৱী কহে মন দিয়া কৰ শ্ৰাৱণ ।
কোন কোন স্থানে মোৰ হোৱায় আগমন ।।
শুনা বাছা দেৱঋষি ব্ৰহ্মাৰ নন্দন ।
নাৰীৰ কৰ্ত্ত্যব্য মইহ কৰোহো বৰ্ণন ।।
গুৰুক প্ৰণামি নিজ শোৱা শয্যা এৰি ।
প্ৰাতঃকালে উঠয় যে সুলক্ষণা নাৰী ।।
মাৰ্জ্জনিৰে মাৰ্জ্জন কৰি ঘৰ বাট ।
গোবৰ পানীৰে সুদ্ধ কৰিব তাহাত ।।
মোচা কোচা কৰি ঘৰ দুৱাৰ সকল ।
ভোজন পাত্ৰ পখালিব আছে যিসকল ।।
স্নান কৰি বাসি বস্ত্ৰ জলযুক্ত কৰি ।
পৰিষ্কাৰ ধৌত বস্ত্ৰ পৰিধান কৰি ।।
শুদ্ধাচাৰে পূজে যেৱে আমাৰ চৰণ ।
সেহি নাৰী প্ৰিয় মোৰ জানা নাৰায়ণ ।।
দেৱতা সমান দেখে স্বামীক যিজন ।
সেহি নাৰী প্ৰিয় মোৰ কহিলো বচন ।।
গুৰুজন প্ৰতি যাৰ অচলা ভকতি ।
পতিব্ৰতা নাৰী সেই সুলক্ষণা সতী ।।
মন্দিৰ তুলসীতল লেপা-মোচা কৰি ।
প্ৰণামিবে গুৰুজন মনে ভক্তি কৰি ।।
শুদ্ধাচাৰে ৰন্ধন কৰিয়া ভাল মতে ।
কৰাবে ভোজন সকলোকে শুদ্ধ চিত্তে ।।
হাঁহি মুখে সকলোকে সন্তুষ্ট কৰিব ।
সব শেষে নিজে গৈ ভোজন কৰিব ॥
ভিক্ষাৰী অতিথিক মধুৰ বচনে ।
সমৰ্থ অনুসৰি দিব সুমিষ্ট ভাষণে ।।
ধীৰে ধীৰে গতি আৰু সদা মধুৰ ভাষিণী ।
কপালত সিন্দুৰ ফোট জানিবা সুলক্ষণী ।।
প্ৰফুল্লবদন যাৰ সৰ্ব্ব সুহাসিনী।
ই সব লক্ষণ মোৰ শুনা চক্ৰপাণি ।।
স্বামীৰ মংগল কামী যি নাৰী হয় ।
সদা সত্য আচৰণ সত্য কথা কয় ।।
পৰপুৰুষক যিটো পিতৃ হেন দেখে ।
পৰৰ দ্ৰব্যক যিটো লোষ্ট্ৰ যেন ভাবে ।।
নাভি সুগভীৰা আৰু স্বহাস্য বদনী ।
সুবেশা সুদীৰ্ঘকেশী মৰাল গামিনী ।।
দয়াৱতী নম্ৰভাষী অতি মনোৰমা ।
ইসৱ লক্ষণা নাৰী জানা মোৰ সমা ।।
ৰঙা হস্ত পদ মধ্যে ক্ষীণা অনুৰূপা ।
জানা সেহি নাৰী আমাৰ স্বৰূপা ।।
সেই নাৰী ধনে ধান্যে অতি ভাগ্যৱতী ।
অচলা হইহয়া থাকো তাহাত বসতি ।।
লক্ষ্মীক সম্বোধি সোধে প্ৰভু নাৰায়ণ ।
কিবা নাৰী পুৰুষক তুমি কৰাহা বৰ্জ্জন ।।
নাৰায়ণ আগে পুনু লক্ষ্মী বোলে বাণী ।
যি কুলক্ষণী নাৰীক ত্যজোহো চক্ৰপাণি ।।
কুৰ কুটা কেশ যাৰ আৰু উৰ্দ্ধস্তন ।
সেই নাৰী হয় প্ৰভু আমাৰ বৰ্জ্জন ।।
কদাকাৰ বেশ যাৰ মলিন বদন ।
সেই নাৰী হয় প্ৰভু আমাৰ বৰ্জ্জন ।।
স্বামী এৰিয়া কৰে পৰ পুৰুষক মন ।
সত্যে সত্যে মইৰ তাইক ত্যজোঁ নাৰায়ণ ।।
মল-মূত্ৰ মুখ ধুই পেলাই দুৱাৰ দ্বাৰে ।
সত্য কৰি কহো প্ৰভু নাযাও তাক ঘৰে ।।
পিংগল নয়ন যাৰ যাৰ কুৎসিত বদন ।
ধূলিমাটি ঘহে গাৱে কঠোৰ ভাষণ ।।
নক্ষত্ৰ নামিকা বেশ্যা সৰ্ব্ব কুলক্ষণী ।
তাইক ত্যাজোহো প্ৰভু শুনা চক্ৰপাণি ।।
খৰমীয়া ভৰি যাৰ মেটেলা কঁকাল হয় ।
পাৱে পাৱে ঘহি থাকে ধূলামাটি চয় ।।
খোজত চৰণ যাৰ চটচটী ফুটে ।
তাইৰ চৰিত্ৰে স্বামীৰ আয়ুস টুটে ।।
বিকৃত আকাৰ দাঁত উঠঙা কপাল ।
অসত্য ভাষিণী দুষ্টমতি চিৰকাল ।।
ভৰিত পানী দিলে শীঘ্ৰে শুকাই যায় ।
অৱশ্যে বিধৱা হৈবে দৈবে বাধা নাই ।।
উৰ্চ্চ কণ্ঠে কথা কয় গৰ্ব্বিত বচন ।
এহি সব নাৰীক ত্যজোহো নাৰায়ণ ।।
পিংগল বৰণ চুলি ধেমেচা কঁকাল ।
বিকৃতি নয়নাৰ সংগ এৰো চিৰকাল ।।
বাহী চোতালত মাৰ্জন যিবা নকৰয় ।
বাহী বস্ত্ৰে স্নান এৰি ভোজন কৰয় ।।
অমাৰ্জিত পাত্ৰে যিটো ভোজন কৰয় ।
মুখ ধুই দন্তে যিবা খৰিকা নলয় ।।
গুৰুজনৰ প্ৰতি যাৰ শ্ৰদ্ধা ভক্তি নাই ।
তাহাকে ত্যজোহো মই নাযাওঁ তাৰ ঠাই ।।
অন্ধকাৰে শোৱে আৰু তৃণ ছিঙে নখে ।
চিৰকাল তাহাৰ মাত্ৰ যায় দুঃখে ।।
বৃদ্ধ শশুৰ শাশুৰীক নকৰে পালন ।
কদৰ্থয় বোলো নানা কুবাক্য বচন ।।
মাৰ্জ্জন নকৰে ঘৰে শোৱে উলংগতে ।
এনেহে নাৰীৰ গৃহে নাযাও কোনোমতে ।।( Religious Studies )
অতি লোমা অলোমিকা যিবা নাৰী হয় ।
সেহি নাৰী নোহো ভাল কহিলো নিশ্চয় ।।
কৰ্ণৰ বাহিৰে যাৰ দুই গোটা ৰন্ধ্ৰ ।
দেই নাৰী নহে ভাল অতিশয় মন্দ ।।
সন্ধ্যাকালে প্ৰদীপ নেদেখো যাৰ ঘৰে ।
সত্য কৰি কহো প্ৰভু নাযাওঁ তাৰ ঘৰে ।।
লক্ষ্মীবোলে চিন্তাযুক্ত যি পুৰুষ থাকয় ।
মলিন বস্ত্ৰ পিন্ধে আৰু প্ৰভাতে শোৱয় ।।
অকুমাৰী নাৰী ৰমে পিন্ধে বাহী ফুল ।
অহংকাৰী অনাচাৰী চণ্ডালৰ তুল ।।
উচ্ছিষ্টৰ মাজে যিটো কৰয় ভোজন ।
স্নান কৰি তেল ঘহে ইসৱ বৰ্জন ।।
আপোনাৰ অংগ যিটো আপুনি বজায় ।
জুৱাখেলি সঞ্চিত ধনক যি কৰে ব্যয় ।।
উত্তৰ পশ্চিম শিৰে শোৱে যিটো জন ।
দক্ষিণে পশ্চিম মুখে দন্তক মাৰ্জ্জন ।।
নিজ হাতে তুলি পুষ্প শিৰত পিন্ধয় ।
আপুনি চন্দন ঘসি তিলক কৰয় ।।
মাটিত বহি খায় বাহী মুখে থাকে ।
গুৰুজন প্ৰতি নিন্দা কৰে যাকে তাকে ।।
অতিথি নামানে নিৰ্দ্দয় ব্যৱহাৰ ।
আনৰ অনিষ্ট কৰে ধনে লোভ আৰ ।।
এইসৱ পুৰুষক ত্যজোহো নাৰায়ণ ।
নিশ্চয় কহিলো প্ৰভু ইসৱ বচন ।।
কমলাৰ কথা শুনি কহে নাৰায়ণ ।
কহা প্ৰিয়ে আৰু নিষিদ্ধ ভোজন ।।
যিবা দিনে যিবা বস্তু খাইব নালাগে ।
বিবৰিয়া সেহি কথা কোৱা মোৰ আগে ।।
নাৰায়ণ কথা শুনি কহে লক্ষ্মী আই ।
সকলো কহিবো কথা তোমাত বৰ্ণাই ।।
প্ৰতিপদে কুষ্মাণ্ড গোমাংস তুল্য হয় ।
দ্বিতীয়াতে বহতী খাইবে নালাগয় ।।
তৃতীয়াতে পটোলতে হয় চকু শূল ।
চতুৰ্থীতে মূলা খালে হয় ধনৰ নিৰ্ম্মূল ।।
পঞ্চমীতে বেলফল কলংক আনয় ।
ষষ্ঠীত নিম্ব খাইলে নানা ৰোগ পায় ।।
নৱমীত কল খালে নানা দুঃখ হয় ।
দশমীতে কলমৌৱে ব্যথিক পাৱয় ।।
একাদশী তিথিত উৰহী খোৱাৰ বাধা ।
দ্বাদশী তিথিত পূৰৈশাক ৰোগ হয় জানা ।।
ত্ৰয়োদশী বেঙেনা খাইবে নালাগয় ।
চতুৰ্দ্দশীত মাটিমাহে কফৰোগ হয় ।।
পূৰ্ণিমা অমাৱস্যা আৰু সংক্ৰান্তিত ।
তৈলমত্স্য মাংস বাধা শাস্ত্ৰৰ বিহিত ।।
আৰু এক কথা প্ৰভু কহো তোমাৰ আগে ।
যিবা দিলে ক্ষৌৰ কৰ্ম্ম কৰিবাক লাগে ।।
মংগলবাৰ আগে পিছে ক্ষৌৰ কৰ্ম্ম হয় ।
অন্যবাৰে ক্ষৌৰ কৰ্ম্ম উচিত নহয় ।।
ৰবিবাৰ ধন হানি মংগলে আয়ুক্ষয় ।
বৃহস্পতিতে মান হানি শুক্ৰে শুক্ৰক্ষয় ।।
শনিতে ধন মান পুত্ৰ সকল বিনাশ ।
ক্ষৌৰ কৰ্ম্মেৰ কথা কহিলো প্ৰকাশ ।।
শুনা বাছা দেৱঋষি নাৰাদ তপোধন ।
কহিলো সকোলো কথা তোমাত বিদ্যমান ।।
মোৰ পূজা ব্ৰত পৃথিৱীৰ কৰিয়া বৰ্ণন ।
মৰ্ত্তবাসী যেন পায় সুখ কৰাহা বিধান ।।
লক্ষ্মীমায়ে প্ৰণামী নাৰদ দেৱঋষি ।
পূজা প্ৰচাৰিতে মৰ্ত্ত্যে চলিলা হৰিষি ।।
মৰ্ত্ত্যে গৈয়া দেখে এক বৃদ্ধা যে ব্ৰাহ্মনী ।
কান্ধে ভিক্ষা জুলি লৈয়া বিষাদ বদনী ।।
দেখিয়া নাৰদ জিজ্ঞাসে ব্ৰাহ্মণীৰে ।
কহিতে লাগিলা কথা সকৰুণ বাণী ।।
কুলিন বংশত জন্ম জাতিত ব্ৰাহ্মণ ।
আছিলো মোহোৰ স্বামী মহা ভাগ্যৱান ।।
গৰু গাই ধনে ধান্যে অতুল বৈভৱ ।
কি কহিবো প্ৰভু এবে সেই কথা সব ।।
তিনিজন পুত্ৰ জন্ম হইেল যৌৱন ।
তিনিওকো বিহাইলো বধু আনি তিনিজন ।।
ভাগ্যৱান স্বামী মোৰ গৈলা স্বৰ্গীয় হৈ ।
ভুগিছো দুৰ্গতি মইো অশেষ বিলাই ।।
তিনিও বোৱাৰী সদায় কন্দল কৰয় ।
নমানয় শাহু বুলি কুবাক্য বোলয় ।।
দূৰগৈলা ধন ধান্য অন্ন নাহি মিলে ।
নাপালোহো এহেন দুৰ্গতি কোন কালে ।।
সৰা মোচা নীতি ধৰ্ম্ম এৰিল সকলে ।
পূৰ্ব্বৰীতি ধৰ্ম্ম এৰে বোৱাৰীসকলে ।।
দেৱতা ব্ৰহ্মাণ গুৰু জনক নমানয় ।
কোনো দিনে সন্ধ্যা চাকি গৃহত নজ্বলয় ।।
বোৱাৰীৰ কথা মতে পুত্ৰ সব চলে ।
দেৱতা ঈশ্বৰক নুপুজে কোন কালে ।।
অনাচাৰে লক্ষ্মী ভ্ৰষ্ট হইল অভাগী ।
অনাহাৰে প্ৰান যায় ফুৰো ভিক্ষা মাগি ।।
নাৰদ বোলয় আই ভিক্ষা বৃত্তি এৰা ।
দূৰ যাইব দুঃখ শোক লক্ষ্মী ব্ৰত কৰা ।।
গৃহে বোৱাৰী সহিতে লক্ষ্মী ব্ৰত কৰি ।
সৌভাগ্য মিলিব আই মোৰ বাক্য ধৰি ।।
মাৰ্জ্জন কৰিয়া ঘৰ গোময়েৰে লিপি ।
ভক্তিমনে জলপূৰ্ণ ঘট এক স্থাপি ।।
ঘটৰ ওপৰে আমাৰ পল্লব একগোট ।
বস্ত্ৰে আচ্ছাদিয়া দিবা সেন্দুৰৰ ফোট ।।
তলে পঞ্চ শস্য ঘটে এক গুটি ফল ।
ধূপ দীপ ধূনা আদি নৈবেদ্যে সকল ।।
ঘটে সান্নিধানে দিবা লক্ষ্মীৰ আসন ।
বস্ত্ৰে সুশোভিতা কৰি দিয়া গুৱাপাণ ।।
পুষ্প দুৰ্ব্বা উপাচাৰে পূজিলা লক্ষ্মীৰে ।
দুৰ্ভাগ্য গুছিয়া হৈবো সৌভাগ্য অচিৰে ।।
ভক্তিভাৱে লক্ষ্মী আইক আৰাধিলে ।
সম্পদ মিলিব দুঃখ নোহে কোনো কালে ।।
নাৰদৰ বাক্যে বৃদ্ধা গৃহক চলিলা ।
বোৱাৰীৰ আগে গিয়া সকলো কহিলা ।।
শাহু বোৱাৰীয়ে কৰিলা পূজা আৰম্ভণ ।
পূজাৰ অন্তে কমলাৰে কৰিলা বন্দন ।।
সবে মিলি বিধিমতে লক্ষ্মী ব্ৰত কৰি ।
বাঢ়িলা সৌভাগ্য গৈল দুৰ্গতি আঁতৰি ।।
অতুল ঐশ্বৰ্য্য হেৰিয়া ।।
দেখি তাসম্বাৰ ভাগ্য প্ৰতিবেশী সবে ।
ভক্তিমনে লাগিলেক লক্ষ্মীক সেৱিবে ।।
লক্ষ্মীক ঘেৰি সৱে হৈলেক অঢ্যৱন্ত ।
লক্ষ্মীৰ মহিমা কহি কোনে পায় অন্ত ।।
লক্ষ্মীব্ৰত ফল দেখি সবে মুগ্ধ ভৈলা ।
এহিমতে মৰ্ত্ত্যে পূজা প্ৰচাৰ হৈলা ।।
বৃহস্পতিবাৰে যিবা লক্ষ্মী ব্ৰত কৰে ।
ধন ধান্যে গোমহিষে পৰিয়াল বাঢ়ে ।।
কমলাৰ পূজা কৰি পাঁচালী পঢ়িলে ।
দুঃখ শোক দৰিদ্ৰতা নোহো কোনো কালে ।।
যাৰ ঘৰে থাকে এই পাঁচালী ৰতন ।
লক্ষ্মীমায়ে কৃপা কৰে তাক অনুক্ষণ ।।
লক্ষ্মী নাৰায়ণ কথা কৰিলে শ্ৰৱণ ।
ধনে ৰত্নে সম্পদ বঢ়ায় অনুক্ষণ ।।
লক্ষ্মীব্ৰত কৰি পাচাঁলী পঢ়িলে ।
তুষ্ট হয় লক্ষমীমাই তাৰ সুখ মিলে ।।
কৰা সেৱা লক্ষ্মী মাৱে আলজাল এৰি ।
লক্ষ্মীনাৰায়ণ প্ৰিতে বোলা হৰি হৰি ।।
নমো নমো লক্ষ্মী দেৱী জগত মংগলা ।
সৰ্ব্বদোষ অপৰাধ ক্ষমিবা অচলা ।।
নাজানো মিনতি স্তুতি ভক্তি পূজা পাঠ ।
কায়বাক্যে দ্ৰব্যে স্থানে যত দোষ পাপ ।।
ক্ষমিবা সকলো যেন খাতিছো কাতৰ ।
নিজগুনে তুষ্ট হোৱা থাকিবা অন্তৰে ।।
ৰোগ শোক দুঃখ হৰা গুছোৱা দুৰ্গতি ।
বিঘিনি খণ্ডন কৰা দিয়া শুভমতি ।।
ত্ৰিজগত মাতা দেৱী আদ্যশক্তি তুমি ।
অসাধ্য তোমাৰ পূজা কিনো জানো আমি ।।
কৰো সেৱা সকাতৰে তোমাৰ চৰণে ।
দণ্ডৱতে কৰো মাতৃ ই নাম কীৰ্ত্তনে ।।( Religious Studies )
— শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ পাচাঁলী সমাপ্ত—
নয়ন জ্যোতি দাস
জ্যোতিষ ভাস্কৰ আৰ মা কত্যায়নী বঁটা প্ৰাপক 2023
M.A in Astrology,Vastu, Numerology & English .
Work's At India's Best Astrology App Astrosage .
Howly { Barpeta } & Nagaon Kaliyabor
🤳9854916006 ( WhatsApp)


No comments:
Post a Comment