গান জুবিন গাৰ্গৰ তেজত আছে
কপিল ঠাকুৰ
জুবিন শৈশৱতে আছিল বৰ চট্ফটীয়া । গানৰ প্ৰতি আকর্ষণ বেছি। কিতাপো পঢ়িছিল যথেষ্ট। গান তাৰ তেজত আছিল। জুবিন যেতিযা পানীকেঁচুৱা আছিল তেতিযা মই ৮০ টকা দি ফিলিপ্ কোম্পানীৰ বাহাদুৰ ৰেডিঅ' এটা আনি দিছিলো।( Zubeen Garg )
সেই সমযত বিবিধ ভাৰতীৰ 'বীণা কা গীত মালা' (অনাতাঁৰ কেন্দ্ৰ, তুৰা), গীতিমালিকা (গুৱাহাটী কেন্দ্ৰ) ৰ গীতেৰে সৰু কালটো পৰিপুষ্ট হৈছিল। পাঁচ বছৰমান হওঁতে তামুলপুৰত থাকোঁতে সৰু কী-ব'ৰ্ড এখন কিনি দিছিলো। আনুষ্ঠানিক সংগীত শিক্ষাৰ ক্ষেত্ৰত জুবিনে তবলা শিকে কৰিমগঞ্জত। ৰবীন বেনাৰ্জীৰ ওচৰত তবলা শিকে। বিজনীত থাকোঁতে হাৰমণিয়াম শিকিছিল গুৰু ৰমণী ৰয়ৰ ওচৰত। গুৰু ৰয়ৰ পৰাই গোৱালপৰীযা, কামৰূপীয়া আদি লোকগীতৰ পাঠ লৈছিল। সঁচা কথা ক'বলৈ গ'লে মাকেই হ'ল জুবিনৰ সংগীতৰ আদিগুক। কী-ব'ৰ্ডত আঙুলি বুলাবলৈ শিকিছিল জুবিনে নিজে। স্কুলৰ বিভিন্ন অনুষ্ঠানত সি তবলা বজাইছিল। যোৰহাটত থাকোঁতে বিভিন্ন ধৰণৰবাদ্যযন্ত্র সি নিজে বজাবলৈ শিকিছিল। সেই সময়ত জুবিনৰ সংগীতৰ ক্ষেত্ৰত কোনো আনুষ্ঠানিক শিক্ষা নাছিল। নিজৰ একাগ্রতা, নিষ্ঠা সংগীতৰ প্ৰতি ধাউতিৰ বাবেই কী-ব'ৰ্ড, গীটাৰ, তবলা, কংগো, নাল, চুলকী, ড্রাম.. আদি নিখুঁতকৈ বজাব পাৰিছিল। যোৰহাটৰ ঘৰখনত সেই সময়ত পূৱা-গধূলি সংগীতৰে চৰ্চা। জংকীয়ে সেই সময়ত গান গাই, সৰুজনী মমনে ভাৰত নাট্যম নাচে। ছোৱালী দুজনীকো মাকেই শিকাইছিল নৃত্য-গীত। গতিকে জুবিনে সৰুৰে পৰাই ঘৰখনত এক সংগীতৰ পৰিৱেশ পাই আহিছে।
মোৰ গীত-বৰগীত, কীর্তন-ঘোষাত ৰাপ আছিল। কিন্তু তাল-মান ৰাখিব নোৱাৰো। সেযে সংগীত শ্ৰৱণ আৰু সংগ্ৰহত মনোনিৱেশ কৰোঁ। জ্যোতি, বিষ্ণু, অম্বিকাগিৰী আদি বহু আপুৰুগীয়া গীতৰ সংগ্ৰহ আজিও মোৰ ঘৰত পাব।
১৯৭৬ চনৰ পৰা ১৯৮২ চনলৈ ছাব ডেপুটী কালেক্টৰ হিচাপে কৰিমগঞ্জত থাকোঁতে আমাৰ ঘৰখনৰ লগত শিল্পী অৰুণ দাসৰ লগত এক সান্নিধ্য গঢ়ি উঠিছিল।( Zubeen Garg )
অৰুণ প্রায়ে আমাৰ ঘৰলৈ আহে। নিশাৰ অতিথি হয়। কেতিযাবা তিনি চাৰিদিনলৈ আমাৰ ঘৰতে থাকে। গানৰ আড্ডা হয়। অৰুণ দাস মোৰ ভাইৰ নিচিনা। অৰুণৰ গান জুবিনে সৰুৰে পৰাই শুনিছে। অৰুণে গীটাৰ বজাই, জুবিনৰ মাকে গীত গায়।
তেতিয়া আমি আছিলো সকলো বাংলাভাষীৰ মাজত। ৰবীন্দ্র-নজৰুলৰ গীতৰ চৰ্চাই বিশেষ স্থান পাইছিল কৰিমগঞ্জৰ ঘৰখনত। অৰুণ দাস তেতিয়া আছিল বদৰপুৰত কৃষি সম্প্ৰসাৰণ বিষযা হিচাপে। গীতৰ চৰ্চা কৰিবলৈকে সি বদৰপুৰৰ পৰা কৰিমগঞ্জলৈ আহিছিল। সেই সময়ত 'ধর্মকায' ছবিৰ জযন্ত হাজৰিকাই গোৱা গীত এটি অৰুণে বৰ সুন্দৰকৈ গাইছিল। গীতটি আমাৰ বৰ প্ৰিয় আছিল। গীতটি হ'ল-
"ভৰিৰ তলুৱাৰ পৰা যদি
ধৰাখন খহি খহি
পৰা যেন লাগে
তিল তিলকৈ যদি
নিজৰেই ঘৰখন
কাৰোবাৰ ৰোষতহে ভাগে।
পুনৰ গঢ়িবা তুমিহে বান্ধৈ
পুনৰ গঢ়িবা তুমি.।।
এটা সময়ত মোৰ চৰ্চা বেছি আছিল কিতাপৰ লগত। প্ৰচুৰ কিতাপ পঢ়িলোঁজীৱনত। বহু কিতাপ সংগ্ৰহ কৰিলোঁ। মোৰ জন্মভূমি শিৱসাগৰৰ বৰহাট কলেজলৈ মই এটা লাইব্রেৰী দান দিলো। কলেজৰ লাইব্ৰেৰীলৈ মই প্রায় ৬০০ গ্রন্থ দান কৰিছিলো। বর্তমানো মোৰ ঘৰত সহস্রধিক মূল্যবান গ্রন্থ আছে। মই পাঁচটা ভাষাত কিতাপ পঢ়ো। সেইকেইটা হ'ল- ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, সংস্কৃত আৰু উর্দু। ইয়াৰে উর্দু কিতাপ পঢ়াটো ১৯৯৯ চনৰ পৰা বাদ দিলো। ইয়াৰ কাৰণটো হ'ল কিতাপ পাবলৈ নাই আৰু চৰ্চা কৰিবলৈ মানুহ নাই।
মই আগতেও কৈছো মই বহু গীতৰ এলবাম আৰু বহু মূল্যৱান গ্রন্থ সংগ্ৰহ কৰিছিলো। কিন্তু মোৰ জীৱনৰ এক দুর্ঘটনাৰ বাবে সেয়া ধ্বংস হ'ল। সেই দুর্ঘটনা হ'ল মোৰ জীৱনৰ এক ব্যক্তিগত দুর্ঘটনা। এগৰাকী মানুহে সেয়া ধ্বংস কৰিলে।...( Zubeen Garg )
অনুলেখন: মন্টু শইকীয়া


No comments:
Post a Comment