১০ বছৰে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা এগৰাকী চিকিৎসক: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 29, 2020

১০ বছৰে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা এগৰাকী চিকিৎসক:


 তিতাবৰৰ এই সহজ সৰল চিকিসৎক গৰাকী দৰিদ্ৰ ৰোগী সকলৰ বাবে ভগৱান স্বৰূপ,কাৰন আজি ১০ টা বছৰে তিতাবৰত সকলো ধৰনৰ ৰোগীকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰি মানৱসেৱা আগবঢ়াই অহিছে চিকিৎসকে গৰাকীয়ে।
চিকিৎসক গৰাকীৰ ক্লিনিকত প্ৰায়ে ভিৰ দেখিবলৈ পোৱা যায়,কাৰন তেখেতৰ চিকিৎসা সেৱাত নিৰাময় হয় প্ৰায় সমূহ ৰোগ। আহক আজি আপোনালোকক চিনাকি কৰি দিও তিতাবৰৰ হমিঅ' চিকিৎসক আসীম চন্দ্ৰ ফুকন ডাঙৰীয়াক।


সৰু কালৰে পৰা চিকিৎসা সেৱাৰ প্ৰতি অগাধ ৰুচি থকাৰ বাবে ফুকন ডাঙৰীয়াই হমিঅ' চিকিৎসা বিভাগত অধ্যয়ন কৰে যদিও পৰিস্থিতিৰ তাগিদাত তেওঁ অন্য এক কৰ্মত বৰ্তি হব লগা হয়।

অৱশ্যে তেওঁ ইউ বি আই বেংকৰ শাখা প্ৰবন্ধক হিচাপে চাকৰী জীৱনৰ পৰা অৱসৰ লৈ তিতাবৰ চাৰি আলিত বিগত ২০১০ চনত "বিকল্প স্বাস্থ্য সেৱা" নামে এক হমিঅ' ক্লিনিক আৰম্ভ কৰে।যিখন ক্লিনিকত তেওঁ আজি প্ৰায় ১০ টা বছৰে হাজাৰ হাজাৰ ৰুগীক বিনামূলীয়া স্বিকিৎসা সেৱা আগ বঢ়াই আহিছে আৰু তেখেতৰ পৰা স্বিকিৎসা সেৱা গ্ৰহণ কৰা সৰহ সংখ্যক ৰোগীয়েই ৰোগৰ পৰা উপশম পাই আহিছে।


বিশেষকৈ কণ-কণ শিশু সকলৰ বাবে চিকিৎসক গৰাকীয়ে প্ৰদান কৰা ঔষধ খোবেই ফলদায়ক।এখেতৰ চিকিৎসা লাভ কৰি নিসন্তান দম্পতীয়ে সন্তান লাভ কৰাৰো উদাহৰন আছে।ৰোগী চোৱাৰ বাবদ তেখেতে কোনো মূল্য নলয় কিন্তু ৰোগীক প্ৰদান কৰা ঔষধৰ বাবদ নিম্নতম ২০ ৰ পৰা ৬০ টকা মান আদাই লয় যদিও আজিৰ তাৰিখত সেই ধনৰ পৰিমাণ খোবেই নগন্য। আৰু মন কৰিব লগীয়া বিষয় যে,অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ৰোগীক তেওঁ চোৱাচিতা কৰাৰ লগতে ঔষধো বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে । যিটো সময়ত একাংশ চিকিৎসকে বিভিন্ন উজুহাত দেখোৱাই অতি চালনাৰে ৰোগীৰ পৰা হাজাৰ হাজাৰ গাঠিৰ ধন আত্মসাৎ কৰি আহিছে তেনে সময়তে এনেদৰে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই অসীম চন্দ্ৰ ফুকন ডাঙৰীয়াই যি মানৱীয়তাৰ সুন্দৰ নিদৰ্শন প্ৰদৰ্শন কৰিছে,সেয়া আমাৰ মানৱ সমাজৰ বাবে সচাই এক প্ৰশংসনীয় নিদৰ্শন।


আপোনলোকক জনাই দিব বিছাৰো যে,যিহেতু শেহতীয়া লকডাউনৰ বাবে তেখেতৰ ক্লিনিক বহু দিন ধৰি বন্ধ হৈ আছিল।আৰু যাৰ ফলত বিশেষকৈ দৰিদ্ৰ ৰোগীসকল যথেষ্ট সমস্যাত পৰিছিল।

এতিয়া অঞ্চলবাসীৰ বাবে সুখবৰ যে, অলপতে তেখেতৰ ক্লিনিক খন পুনৰ খোলা আৰম্ভ কৰিছে।গতিকে যিসকলে তেখেতৰ পৰা চিকিৎসা সেৱা লব বিছাৰে ক্লিনিকত আহিব পাৰে।তিতাবৰ চাৰিআলিৰ পৰা চৰাইপানী যোৱাৰ পথত প্ৰায় এশ মিটাৰ গলেই তেখেতৰ ক্লিনিক খন অৱস্থিত।দেওবাৰে ক্লিনিক বন্ধ থাকে।জনহিতাৰ্থে প'ষ্টটো শ্বেয়াৰ কৰি দিয়ে যেন,ধন্যবাদ।

No comments:

Post a Comment

Advertisement

Pages