শেহতীয়া লকডাউনৰ পিছত প্ৰথম বাৰৰ বাবে অহা ১জানুৱাৰীৰ পৰা ৰাজ্যৰ চৰকাৰী তথা ব্যক্তিগত সকলো বিদ্যালয় খোলাৰ ঘোষণা কৰিছে চৰকাৰে।অৱশ্যে বিদ্যালয় সমূহ খোলাৰ সন্দৰ্ভত অসম চৰকাৰৰ শিক্ষা বিভাগে কিছু কঠোৰ নীতি–নিৰ্দেশনা জৰি কৰিছে।নিৰ্দেশনা সমূহ তলত দিয়া ধৰনৰ-
১) প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে এদিন এৰি এদিন হ’ব পাঠদান। প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ’ব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শণিবাৰে।আনহাতে প্ৰতি সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে অনুষ্ঠিত হ’ব চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান।
২) প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল শ্ৰেণীকক্ষত উপস্থিতি থকাটো বাধ্যতামূলক নহ’ব। অভিভাৱকৰ সন্মতি সাপেক্ষেহে ছাত্ৰ-ছাত্ৰী সকলক উপস্থিত থাকা নথকাটো নিৰ্ধাৰণ কৰিব।
৩) পুৱা ৯বজাৰ পৰা আৰম্ভ হব প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান আৰু অন্ত পৰিব ১.৪৫বজাত। ১২.১৫ৰ পৰা ১২.৪৫লৈ থাকিব মধ্যাহ্ন বিৰতি।
৪) নিয়মীয়া পাঠদানৰ ওপৰিে প্ৰয়োজন সাপেক্ষে অনলাইন ক্লাছসমূহো চলাই যাব পাৰিব।
৫) কোনো ধৰনৰ সভা–সমিতি, সাংস্কৃতিক অনুষ্ঠান শিক্ষানুষ্ঠানৰ চৌহদত সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ।
৬) ৫ বছৰৰ তলৰ শিক্ষাৰ্থী বিদ্যালয়লৈ যোৱাত নিষেধাগ্য।
৭) বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীয়ে তথা মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়েও প্ৰতিমাহে কৰাব লাগিব ক’ভিড টেষ্ট।
৮) সপ্তাহটোৰ প্ৰত্যেক দেওবাৰে ছেনিটাইজ কৰিব লাগিব বিদ্যালয়।
৯) ষষ্ঠ আৰু সপ্তম শ্ৰেণীলৈ, নৱমৰ পৰা দশমলৈ আৰু একাদশ তথা দ্বাদশ পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ ১জানুৱাৰীৰ পৰা প্ৰতিদিনে খোলিব লাগিব। অৱশ্যে ইয়াতো উপস্থিতি বাধ্যতামূলক নহয় আৰু অভিভাৱকৰ অনুমতিৰ ইয়াতো প্ৰয়োজন।
১০) অভিযান্ত্ৰিক মহাবিদ্যালয়,পলিটেকনিক, স্নাতক মহাবিদ্যালয়, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰো নিয়মীয়া পাঠদান ১ জানুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব। অৱশ্যে চূড়ান্ত বৰ্ষৰ ছাত্ৰ–ছাত্ৰীৰ বাহিৰে হোষ্টেলত অন্যান্যসকল থাকিব নোৱাৰিব।
১১) সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানিহে খুলিব লাগিব বিদ্যালয় সমূহ।
No comments:
Post a Comment